কেম’ফ্লেজত সন্তানৰ ভৱিষ্যত আৰু ইচ্ছামৃত্যুৰ অনুমতি প্ৰত্যাশী এজন কিশোৰ…

কাবেৰী গোস্বামী

অলপতে এখন দৈনিক বাতৰি কাকতত প্ৰকাশিত এটি বাতৰি পঢ়িলো৷ বাতৰিটোৰ অনুসৰি বিহাৰৰ এজন পোন্ধৰবছৰীয়া কিশোৰে পিতৃ- মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈ মাননীয়  ৰাষ্ট্ৰপতিলৈ ইচ্ছামৃত্যুৰ অনুমতি বিছাৰি পত্ৰ প্ৰেৰণ কৰিছে৷ কিশোৰজনৰ পিতৃ ঝাৰখণ্ডত চৰকাৰী চাকৰীয়াল আৰু মাতৃ পাটনাৰ এটি বেংকৰ কৰ্মচাৰী৷ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা পত্ৰখন প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ (PMO) প্ৰেৰণ কৰা হয় আৰু PMO ৰ তৰফৰ পৰা বিহাৰৰ ভাগলপুৰ জিলা প্ৰশাসনক  উক্ত ঘটনা সন্দৰ্ভত তদন্ত চলাই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আহ্বান জনোৱা হৈছে৷ পত্ৰখনত কিশোৰজনে পিতৃ-মাতৃৰ মাজত মধুৰ সম্পৰ্ক নথকাৰ কথা উল্লেখ কৰাৰ  লগতে দুয়োজনৰ মাজৰ সঘন কাজিয়াই তেওঁৰ অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি কৰা বুলিও উল্লেখ কৰে৷ পূৰ্বতে ভাগলপুৰৰ কাহালগাঁৱত ককাকৰ লগত কটোৱা কিশোৰজনক পৰৱৰ্তী সময়ত পিতৃৰ সৈতে থাকিবলৈ দেওঘৰলৈ পঠোৱা হয়৷ আনবোৰ কাৰণৰ লগতে এই শেহতীয়া কথাটোতেই চৰম হতাশাত ভোগে কিশোৰজন৷
 পিতৃ- মাতৃৰ মাজত বাঢ়ি অহা দূৰত্বই সৃষ্টি কৰা  একাকীত্বই গ্ৰাস কৰা কিশোৰ কিশোৰীৰ মনোজগতৰ এয়া এক বাস্তৱ উদাহৰণ৷ সন্তান কেৱল ‘বায়’লজিকেল প্ৰডাক্ট’ হৈ পৰা একাংশ জন্মদাতা- জন্মদাত্ৰীৰ অৱহেলা অথবা অমনোযোগিতা অথবা আত্মকেন্দ্ৰিকতাই সন্তানৰ মনোজগতক কিদৰে যন্ত্ৰণাগ্ৰস্ত কৰে তাৰ কাহিনী আমি আজি পশ্চিমীয়া ছবি চাই, উপন্যাস পঢ়ি অনুভৱ কৰিব লগা নহয়, ভাৰতীয় পৰিয়াল কেতবোৰতো সেয়া ক্ৰমে স্বাভাৱিক হ’বলৈ লৈছে৷ পাৰ্থক্য এটাই, মানসিকভাৱে কষ্টকৰ হ’লেও পশ্চিমীয়া সমাজ-ব্যৱস্থাত হয়তো পৰিয়াল ভঙা- গঢ়া স্বামী- স্ত্ৰীৰ ঐচ্ছিকতা নিৰ্ভৰ হয়, কাৰণ সাধাৰণতে তেওঁলোকৰ সন্তান এটা বয়সৰ পাছত নিজৰ ভাগে থাকিবলৈ লয় (অৱশ্যে কোনো সন্তানেই তেওঁলোকৰ মাক- দেউতাকৰ সম্পৰ্কৰ ভাঙোন অথবা গৃহকন্দল নিশ্চয় আশা নকৰে যদিও এটা পৰ্যায়ৰ পৰা তেওঁলোকৰ বাবে সেয়া সাধাৰণতে সহনীয় আৰু লাহে লাহে স্বাভাৱিক হৈ পৰে)৷ কিন্তু ভাৰতীয় সমাজব্যৱস্থা পৰিয়ালকেন্দ্ৰিক৷ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ একেখন ঘৰতে অথবা একেখন চোতালতে কটোৱাটো আগৰ দিনৰ দৰে আজি সম্ভৱ নহ’লেও পাৰিবাৰিক টান এটাই পিতৃ-মাতৃ আৰু সন্তানৰ বান্ধটোৰ মজবুত ৰখাৰ কথাটো নুই কৰিব নোৱাৰি, বৰং যুগৰ লগত খাপ খুৱাই ঠাই লোৱা বৃদ্ধাশ্ৰমৰ দৰে ধাৰণাও গ্ৰহণ- বৰ্জনৰ দোমোজাতে আছে৷
অৱশ্যে পাৰিবাৰিক কথাৰ সিদ্ধান্ত পৰিয়ালৰ ব্যক্তিগত কথা, কিন্তু ইয়াৰ পৰা হ’ব পৰা সমস্যা বিশেষকৈ সন্তানৰ মনো- দৈহিক সমস্যা কিন্তু সামাজিক সমস্যা৷ কাৰণ কোৱা হয় আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক৷ সেয়ে এটি সুস্থ শৈশৱ, কৈশোৰ গৰকিব পৰাকৈ সন্তানটিক সুস্থ মানসিকতাৰে গঢ় দিয়াটো প্ৰতিজন অভিভাৱকৰ প্ৰথম আৰু প্ৰধান দায়িত্ব৷ ক’ৰবাত পঢ়িছিলো ঘৰেই শিশুৰ প্ৰধান শিক্ষাৰ ঠাই; পাৰিবাৰিক অসূয়া- অশান্তি, গৃহকন্দলে সন্তানক মানসিক ভাৱে অসহায় আৰু একাকী কৰি তোলে৷ ফলত তেনে শিশু কেতিয়াবা অস্বাভাৱিকভাৱে শান্ত অথবা বিপৰীতে উগ্ৰ/ অশান্ত/ চঞ্চল (হাইপাৰ এক্টিভ) হ’বও পাৰে৷ প্ৰাপ্তবয়স্কৰ দৰে কিশোৰ- কিশোৰী হতাশা, অস্থিৰতা, শংকা, উদ্বেগ চম্ভালিব পৰাকৈ পৰিপক্ক সাধাৰণতে নহয় (বিশেষকৈ যিহেতু কৈশোৰত কিশোৰ- কিশোৰীসকলৰ অনেকেই কিছুমান মনো- দৈহিক পৰিৱৰ্তনৰ বাবে অস্থিৰতাত ভূগি থাকে, এনেসময়ত অভিভাৱকৰ মনোযোগ, মানসিক সাহচৰ্যহে অত্যন্ত জৰুৰী), সেয়ে তেওঁলোক অপৰাধপ্ৰৱণ অথবা তেওঁলোকৰ দ্বাৰা কোনো চৰম ঘটনা সংঘটিত হোৱাৰো সম্ভাৱনা নোহোৱা নহয়৷ খলিল জিব্ৰানে কৈ গৈছে, আমি আমাৰ শিশুক জন্ম দিব পাৰোঁ, সিহঁতক আমাৰ মৰম দিব পাৰোঁ, কিন্তু সিহঁতৰ চিন্তাক (thoughts) নহয়৷ কথাষাৰ সঁচা, কিন্তু সুস্থ চিন্তাৰ মন এটা গঢ়ি উঠিব পৰাকৈ, সিহঁতৰ চিন্তাধাৰা/ মানসিকতাই সঠিক বাট ল’ব পৰাকৈ সুস্থ পৰিবেশ এটাৰ মাজত সিহঁতক ডাঙৰ কৰাটো হয়তো অভিভাৱক সকলৰ এক নৈতিক দায়িত্ব আৰু কৰ্তব্যও৷ ধনৰ অভাৱ ডাঙৰ কথা নহয়, সেয়া এটা পৰ্যায়লৈ স্বাভাৱিকভাৱেই সহনীয়৷ বহুসময়ত প্ৰাচুৰ্য্যৰ মাজৰ শূন্যতাইহে শিশুক বিমৰ্ষ কৰি তোলে৷
আমাৰ এঘৰ দূৰ সম্পৰ্কীয়ৰ ঘৰলৈ এবাৰ যাওঁতে দেখিছিলো মানুহজনে কামৰ পৰা আহোতে ডিঙিৰ গুৰিলৈ মদ খাই আহি ঘৰত অলপ দেৰিলৈ  আবোল  তাবোল বকি আছিল৷ পাঁচবছৰীয়া একমাত্ৰ শিশু পুত্ৰ জ্বৰ হৈ বিচনাত পৰি মা মা কৈ মাকক মাতি আছে, কাষতে সেইজন দেউতাকে নব্বৈৰ দশকৰ একচন হিন্দী ছবি এখন ফুল ভলিউমত চলাই নিৰ্বিকাৰ হৈ চাই আছে৷ যৌথ পৰিয়ালটোত গৰমৰ বন্ধত থকাকৈ জীয়ৰী- বোৱাৰী, নাতি- নাতিনীৰে ঘৰ ভৰি আছে৷ পুৰুষসন্থাৰ কোনোবাই ড্ৰয়িং ৰূমতে সুৰাৰ বটল খুলিও বহি গৈছে৷ এপাকত মাক অহাত ছিনেমাত ব্যস্ত দেউতাকে মাকক “ইয়াক বেলেগ ৰূমত থৈ আহা” বুলি কোৱা শুনি সমগ্ৰ কথা- কাণ্ড দেখি থকা মোৰ ধৈৰ্যৰ বান্ধটো বাৰুকৈয়ে ছিগিছিল, পিছে এবেলাৰ বাবে যোৱা আলহীয়ে তেনে এক আদৱ-কায়দাৰ ঘৰ এখনত ক’ব পৰাকৈ একোৱেই উপায় বিছাৰি নাপালো৷ সেই শিশুটিও এতিয়া ডাঙৰ হৈছে, জানিব পাৰোঁ ঘৰখনৰ পৰিবেশ আজিও একে আছে৷ হাইপাৰ এক্টিভ সেই শিশুটিৰ চঞ্চলতাৰ লগতে জেদী স্বভাৱ দেখি মই আছৰিত নহওঁ৷ সৰুৰে পৰাই সি কথাই কথাই গালি, খং- ৰাগ, মদাহীৰ মাতলামিয়ে দেখি আহিছে৷ নিৰৱে সকলো সহি সংসাৰখন ধৰি অহা মাকজনীয়ে ল’ৰাৰ অবাধ্যতাৰ গোচৰ দৈনিক শুনাৰ লগতে বাপেকেও কি ল’ৰা তুলিছা বুলি মদৰ ৰাগিত গালি- গালাজ কৰে, দেখি কেতিয়াবা ভাব হয় এয়া জানো এখন “ঘৰ” হ’ব পাৰে অথবা এনেদৰে এখন “সংসাৰ”!
কেতিয়াবা দেখা যায় ব্যস্ত পিতৃ-মাতৃৰ সন্তানলৈ সময় নাথাকে৷ কৰ্মব্যস্ততা বৃত্তিগত হ’লে সেয়া বুজা বুজিৰ মাজৰেও সমাধান হয়, আজিৰ যুগত তাৰবাবে কোনো দোষী নহয়, কাৰণ সংসাৰৰ ৰথখন টনাৰ দায়িত্ব দুয়োজনৰ বুজাবুজিত হ’লে তাত কষ্টৰ মাজতো আনন্দ থাকে, আৰু সেই আনন্দ সন্তানলৈও সোঁচৰে৷ আনন্দৰ সংক্ৰমণ পৰিয়ালত খুবেই জৰুৰী৷ সুখৰ কথা আনন্দৰ পাছতহে আহে, আগত নহয়৷ কৰ্মব্যস্ত দিন এটাৰ শেষত ঘৰখনলৈ সোমাওঁতে হাঁহিমুখৰ পোহৰখিনিয়েই ঘৰ এখন পোহৰাই ৰাখিবলৈ যথেষ্ট৷ কাৰণ আনন্দত সুখ আছে কিন্তু সুখত আনন্দ নাথাকিবও পাৰে৷
তদুপৰি কেতিয়াবা সন্তানৰ সাফল্যক ‘ষ্টেটাছ ছিম্বল’ হিছাপে ব্যৱহাৰৰ আশাৰে শৈশৱ কাঢ়ি কেৱল নিজৰ ইচ্ছা- আকাংক্ষা জাপি দি সন্তানক ‘ৰেছৰ ঘোঁৰা’ কৰিব খোজা অভিভাৱকো সংখ্যাত কম নহয়৷ বয়সোচিত ৰং- ধেমালিৰ পৰা আঁতৰি বাধ্যত পৰি সন্তানটিয়ে এদিন হয়তো তেওঁলোকৰ আশা পূৰণ কৰিব, কিন্তু তাৰ পৰৱৰ্তী কালত তেনে সন্তান অনুভূতিহীন ৰবট হৈ পৰিলে তাৰ কাৰখানাও পিছে সেই ঘৰখনহে হ’ব আৰু বাৰ্ধক্যলৈ গতি কৰা পিতৃ- মাতৃয়ে তেনে ৰবটৰ পৰা মানৱীয় সংবেদনশীলতা আশা কৰি হয়তো হুমুনিয়াহ কঢ়াৰ বাহিৰে আন উপায় নাথাকিব৷
অলপতে এটা বিদেশী ভিডিঅ’ত কোনো এক এয়াৰপৰ্টত এগৰাকী মাতৃয়ে ক্ৰন্দনৰত শিশু সন্তানক তলৰ মজিয়াত শুৱাই দীৰ্ঘসময় মোবাইলফোনত ব্যস্ত থকা দেখিলো৷ অথচ ভাৰ্ছুৱেল পৃথিৱীৰ ব্যস্ততা কি সন্তানতকৈও জৰুৰী! নিজে এটা স্মাৰ্টফোন লৈ সেই ব্যস্ততাত ব্যাঘাত নজন্মিবলৈ সন্তানকো আন এটা স্মাৰ্টফোনত গেম, ভিডিঅ, কাৰ্টুন চাবলৈ এৰি দিয়া অভিভাৱকেই সন্তানৰ মানসিক পংগুত্বৰ আৰু মোবাইল ফোন অথবা গেম আদিৰ আসক্তিৰ তথা তাৰ পৰিণতিৰ বাবে জগৰীয়া আৰু ই অপ্ৰিয় সত্য৷
চৰাই এটাইয়ো উৰিব নোৱাৰালৈ পোৱালিক ডেউকাৰে আৱৰি ৰাখে, ঘৰৰ গাইজনী অথবা বনৰ বাঘটোও এইক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ সেয়ে চৰাইৰ পোৱালী চৰাই, গৰুৰ পোৱালি গৰু, বাঘৰ পোৱালি বাঘ৷ কেৱল আজিৰ মানুহৰহে একাংশৰ বাবে সন্তান কেৱল বায়’লজিকেল প্ৰডাক্ট অথবা এৰাব নোৱাৰা ৰেছপনচিবিলিটী৷ সেয়ে মানুহৰ সন্তান সদায় মানুহ হ’বই বুলি ক’ব নোৱাৰি, আৰু ইয়াৰ বাবে সেই নিৰ্দোষ নিষ্পাপ একোটা জীৱ মানুহৰ শৰীৰৰে জন্ম ল’লেও পশুৰ সংগত প্ৰতিপালিত হোৱাৰ বাবেই suffer অথবা survive কৰিবলৈ সেই পৰিবেশৰে camouflage ল’বলৈ বাধ্য হয়৷ অনুগ্ৰহ কৰি তেনে জন্মদাতাই নিজৰ বাহিৰেও এটা বয়সলৈ নিজৰ সেই নিৰ্দোষ সন্তানটিৰ কথাও এবাৰ চিন্তা কৰক… ইচ্ছামৃত্যুৰ কামনা কৰিব পৰাকৈ সন্তানৰ জীৱন বিষময় কৰি তোলাৰ অধিকাৰ কাৰো নাই!

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close