‘কেব’ৰ পৰা ‘কা’লৈ  ঘটনাক্ৰম

মৃদুল কুমাৰ সন্দিকৈ

নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবত ব্যাপক আন্দোলন হৈছিল। কিন্তু বিভিন্ন দল-সংগঠন তথা ৰাইজৰ এই প্ৰতিবাদলৈ কাণসাৰ নিদিলে কেন্দ্ৰীয় চৰকাৰে। ১৮ নবেম্বৰ, ২০১৯ত আৰম্ভ হৈছিল সংসদৰ শীতকালীন অধিবেশন।
সেইদিনাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ চমুকৈ কেবৰ বিৰুদ্ধে উত্তৰ-পূবজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল নেছ’কে ধৰি বহু জাতীয় দল-সংগঠনে। অসংবিধানিক আৰু অসাম্প্ৰদায়িক আখ্যা দি এই বিধেয়ক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিছিল নেছ’ই।
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ক লৈ হোৱা প্ৰতিবাদ আৰু আন ঘটনাক্ৰম এনে ধৰণৰ-
১ ছেপ্টেম্বৰ, ২০১৯ঃ বিতৰ্কৰ উৎকন্ঠা অন্ত পেলাই প্ৰকাশ পালে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪জনৰ নাম। চূড়ান্ত এন আৰ চিৰ পৰা কৰ্তন হ’ল ১৯,০৬,৬৫৭জনৰ নাম।
২২ ছেপ্টেম্বৰ, ২০১৯ঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠিত উচ্চস্তৰীয় কমিটীৰ বৈঠক। জাতি জনগোষ্ঠী আৰু জনজাতীয় সংগঠনৰ পৰামৰ্শ লৈ বিষয়টো আগুৱাই নিয়াৰ সিদ্ধান্ত বৈঠকত।
১ অক্টোবৰ, ২০১৯ঃ কলকাতাৰ এক সভাত অংশ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা গৃহ মন্ত্ৰী অমিত শ্বাহৰ ঘোষণা- নাগৰিকত্ব সংশোধনী বিধেয়ক এইবাৰ গৃহীত কৰিব। হিন্দু-বৌদ্ধ শৰণাৰ্থী কোনেও দেশ এৰি যাব নালাগে।
২ অক্টোবৰ, ২০১৯ঃ জাতিধ্বংসী বিধেয়ক প্ৰতিৰোধৰ সংকল্প অখিল গগৈৰ। ১১ অক্টোবৰৰ পৰা ৰাজ্যজুৰি কৃষক মুক্তি জন সজাগতা অভিযানৰ কথা ঘোষণা।
৪ অক্টোবৰ, ২০১৯ঃ ডিটেশ্যন শিবিৰত থকা হিন্দু বাংলাদেশীক দীৰ্ঘম্যাদি ভিছা দিয়াৰ সিদ্ধান্ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ।
১২ অক্টোবৰ, ২০১৯ঃ এন আৰ চিত নাম বাদ পৰা সকলৰ সন্দৰ্ভত কেন্দৰৰ অধীসূচনা। ১২০ দিনৰ ভিতৰত ন্যায়াধীকৰণলৈ নোযোৱা সকলক লৈ আৱেদন জনাব বাংলাদেশীয়ে।
১৩ অক্টোবৰ, ২০১৯ঃ বটদ্ৰৱাত কৃষক মুক্তিৰ সজাগতা সভা। জাতি মাটি ভেটিৰ ৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰী সোণোৱালক সমালোচনা কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাৰ। কৃষক নেতাজনৰ অভিযোগ নাগৰিকত্ব বিধেয়ক গৃহীত কৰি বিজেপিয় জাতি নিঃশেষ কৰিব খুজিছে।
কেবৰ পৰা অৰুণাচল প্ৰদেশক কিদৰে সুৰক্ষিত কৰিব পাৰি তাক লৈ চিন্তা চৰ্চা অৰুণাচল চৰকাৰৰ। এই বিধেয়কক লৈ কোনো আপোচ নথকা বুলি ঘোষণা অৰুণাচল। অৰুণাচল চৰকাৰৰ বিজেপি চৰকাৰে কেবৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি ৰাজ্যৰ ২৬টাৰো অধিক প্ৰধান জনগোষ্ঠী আৰু উপজনগোষ্ঠীৰ প্ৰতি আহিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ ওচৰত জোৰদাৰ দাবী অৰুণাচলপ্ৰদেশ চৰকাৰে খিলঞ্জীয়া চৰকাৰে পৰামৰ্শ তথা কমিটী গঠন কৰাৰ কথা ঘোষণা।
১৪ অক্টোবৰ, ২০১৯ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কৃষক মুক্তিৰ ৰাজ্যজুৰি প্ৰতিবাদ।বিধেয়কখনৰ বিৰোধিতাৰে মুক্তি সংগ্ৰাম সমিতিয়ে কয়- এনে বিধেয়ক কেতিয়াও গ্ৰহণ কৰা নহ’ব। সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে ডিব্ৰুগড়ৰ ৰাজপথত উত্তাল কৰে। খুমটাইত ধোদৰআলী ওপৰেৰে প্ৰতিবাদী সমদল বাহিৰ কৰে কৃষক মুক্তি আৰু চাহ শ্ৰমিক সংগ্ৰাম সমিতিয়ে।
তেজপুৰত অগপৰত প্ৰতিষ্ঠা দিৱস উদযাপন। ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ অগপ নেতা তথা বিধায়ক বৃন্দাবন গোস্বামীয়ে কয়- অগপৰ কেবৰ সন্দৰ্ভত পূৰ্বৰ স্থিতি সলনি নকৰে। প্ৰতি মূহুৰ্ততে কেবৰ বিৰোধিতা কৰি যাব অগপই।
কলিয়াবৰত অগপ প্ৰতিষ্ঠা দিৱসত অংশ লৈ দলটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মণিমাধৱ মহন্তৰ মন্তব্য- জাতিপ্ৰেম বিক্ৰী কৰি ৰাজনীতি কৰিছে একাংশ ৰাজনৈতিক দলে।
নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সংবাদমেল। সৰ্বসাধাৰণ ৰাইজৰ আশা আকাংক্ষা, ইচ্ছা-অনিচ্ছাক ভ্ৰূক্ষেপ কৰা নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। নিজৰ খেয়ালখুচি মতে কাম চলাবলৈ গৈ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ মুল কাঠামোত আঘাত হনা বুলি মন্তব্য কৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ অধ্যক্ষ ড০ হীৰেণ গোহাইয়ে।
১৫ অক্টোবৰ, ২০১৯ঃ হিন্দু ক্ৰান্তি দলৰ নলবাৰী জিলা সমিতি সংযোজক নিৰ্মল ৰাজবংশীৰ মন্তব্য- সমগ্ৰ অসমীয়া-খিলঞ্জীয়াৰ মুল ধ্বজ্জাক লৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী শুদ্ধীকৰণ কৰিহে কেব আনক।
১৮ অক্টোবৰ, ২০১৯ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ।
অমিত শ্বাহৰ ঘোষণা- সমগ্ৰ দেশতে চলিছে ডিটেনশ্যন শিবিৰ নিৰ্মাণ। সকলোতে হ’ব এন আৰ চি।
প্ৰতীক হাজেলাক অসমৰ ৰাজ্যিক এন আৰ চিৰ সমন্বয়ক পদৰ পৰা অব্যাহতি দি ইন্টাৰ কেডাৰ ডেপুটেশ্যনত মধ্যপ্ৰদেশলৈ বদলি। এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ।
ৰঙাপৰা বিধানসভা উপ নিৰ্বাচনৰ প্ৰচাৰ তুংগত। বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ হৈ প্ৰচাৰ চলাই বালিপাৰা বঙালী অধ্যূষিত অঞ্চল দীঘলীগাঁৱত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ। এই প্ৰচাৰত অংশ লয় অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা- হিন্দু বঙালী সকলৰ সুৰক্ষাৰ স্বাৰ্থত আমি কেব আনিমেই।
কেব বাতিলৰ দাবীত কাতি বিহুৰ দিনা আঠখেলীয়াত আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ মুল দ্বাৰ আৰু আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুল তোৰণত মানৱ শৃংখলৰ লগতে বন্তি প্ৰজ্বলন।
মেৰাপানীত কাতি বিহুত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বন্তি প্ৰজ্বলন কৰি এই বিধেয়ক মানি নলওঁ বুলি ঘোষণা কৰে।
১৯ অক্টোবৰ, ২০১৯ঃ মঙলদৈত মৌজাম্মিল হক স্মৃতিচাৰণ সভাত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতিৰ ভাষ্য- ভাষা নহ’লে জাতিৰ অস্তিত্ব নাথাকে। সম্প্ৰতী ভাষা সংকটলৈ চাই অসমীয়া জাতিৰ সংকট স্পষ্ট।
নুমলীগড় শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতা লাচিত সেনাৰ। অসমীয়াৰ আৱেগক লৈ খেলা নকৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়নি। দিল্লীত অসমৰ সাংসদক ঐক্যবদ্ধ প্ৰতিবাদৰ আহ্বান সংগঠনটোৰ।
২৪ অক্টোবৰ, ২০১৯ঃ জোনাই মুৰ্কংচেলকত ২৩ অক্টোবৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনষ্ঠিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা। দ্বিতীয়দিনাৰ কাৰ্যসূচীত অংশ লৈ ছাত্ৰ সন্থাৰ নেতৃত্বৰ ঘোষণা- জাতিৰ এই মহাসংকটৰ সময়ত অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব তথা ৰাজত্ব নিশ্চিত হ’ব লাগিব।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি ছাত্ৰ মুক্তিৰ বিক্ষোপ প্ৰদৰ্শন। ঠায়ে ঠায়ে মানৱ শৃংখল, ধৰ্মঘট আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰিলে ছাত্ৰ মুক্তিৰ সমৰ্থকে।
গোলাঘাটত কেব বাতিলৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰে মানৱ শৃংখল কাৰ্যসূচী।
চিলাপথাৰ, লখিমপুৰ, চাপৰ, যোৰহাট, ধুবুৰী আদি ঠাইতো ছাত্ৰ মুক্তিৰ প্ৰতিবাদ। এক বিবৃতিযোগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি জিতু সোণোৱাল, কাৰ্যকৰী সভাপতি মানৱ কোঁৱৰে কয়- ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও মানি নলয়।
২৭ অক্টোবৰ, ২০১৯ঃ জোনাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাত জাতীয় সমস্যাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু নদীবান্ধৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই মৰণপণ সংগ্ৰামৰ অংকিকা কৰে এই সভাত।
অসমৰ জাতীয় জীৱনলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পৰা বিৰত থাকিবলৈ বিজেপি চৰকাৰক সকীয়নি আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ। এই মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ বৰবৰা আৰু সদস্য সচিব লাচিত বৰদলৈয়ে এক বিবৃতিযোগে কয় যে- ইতিমধ্যেই অসমৰ দল মত নিৰ্বিশেষে ৰাইজে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে, প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহিছে। সম্ভৱত সেইবাবেই নিম্নসদনত গৃহীত কৰাৰ পাছতো উচ্চ সদনত প্ৰথম কাৰ্যকালত মোডী চৰকাৰে বিলখন উত্থাপন কৰাৰ পৰা বিৰত থাকে। কিন্তু দ্বিতীয় কাৰ্যকালৰ শাসনভাৰ লৈ পুনৰ বিধেয়ক খন উত্থাপন কৰা কাৰ্যত অসম অশান্ত হৈ পৰাৰ আগজাননী দিছে।
৩১ অক্টোবৰ, ২০১৯ঃ হিন্দু বাংলাদেশীক আদৰিব খোজা বিজেপি চৰকাৰক কঠোৰ সকীয়নি নেছ’ৰ। ১৮ নবেম্বৰত কেবৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থাই উত্তৰ-পূবৰ কেওখনো ৰাজ্যৰ ৰাজধানী বিক্ষোপ ধৰ্ণা কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটী পাৰ্ক কন্টিনেনটেল হোটেলত অনুষ্ঠিত নেছ’ৰ কাৰ্যকৰী সভাত এই সিদ্ধান্ত গ্ৰহণ।
২ নবেম্বৰ, ২০১৯ঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেব, নদীবান্ধৰ বিৰুদ্ধে হ’ব ধাৰাবাহিক আন্দোলন।
খানাপাৰাৰ অসম প্ৰশাসনীয় মহাবিদ্যালয়ত কেইবাটাও দল-সংগঠনৰ অসমচুক্তিৰ ৬ নং দফা কাৰ্যকৰীৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান।
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্মাৰকপত্ৰ প্ৰদান কৰি অসমক বিশেষ ৰাজ্য ৰূপে ঘোষণা কৰি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু অসমচুক্তিৰ ৬ নং দফা কাৰ্যকৰণৰ বাবে আহ্বান জনায়।কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে কেন্দ্ৰীয় চৰকাৰে যাতে সংবিধান সংশোধন কৰি অসমৰ সীমা, ভাষা, ভূমিৰ ওপৰত সিদ্ধান্ত ল’ব নোৱাৰে তাৰ ব্যৱস্থাৰ কাৰণেও দাবী। লগতে কেবৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে।
অসমত অতি শীঘ্ৰেই উচ্চ সদন গঠনৰ বাবেও দাবী জনাই কৃষক মুক্তিয়ে।
অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীৰ ওচৰত গণতম প্ৰদানৰ চতুৰ্থ দিনা কৃষক মুক্তিৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটী, এ আই ইউ ডি এফ, সদৌ অসম কৰ্মচাৰী পৰিষদ, চিপিআই, চিপিআই (এম)য়ে স্মাৰকপত্ৰ প্ৰদান কৰে।
ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত নিখিল ৰাভা মহিলা পৰিষদ, নিখিল ৰাভা ছাত্ৰ সন্থা, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা জাতীয় পৰিষদ আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনৰ নেতৃত্বই স্মাৰকপত্ৰ প্ৰদান কৰি খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে ভিত্তি বৰ্ষৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।
সান্মিলিত গণশক্তিৰ নেতা পৰমানন্দ ছাৰিঙে বিধানসভাত ৮০ শতাংশ আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ দাবী তোলে। লগতে খিলঞ্জীয়াৰ ভূমি অধিকাৰ নিশ্চিত কৰিবলৈও দাবী জনায়।
সদৌ অসম কৰ্মচাৰী পৰিষদে এক স্মাৰকপত্ৰ প্ৰদান কৰি অসমত কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ১০০ শতাংশ অসমীয়া লোকক নিযুক্তিৰ দাবী তোলে।
অধিবক্তা নেকিবুৰ জামানে অসমৰ থলুৱা মুছলমানক জনগোষ্ঠীয় মৰ্যাদা দিয়া উচিত বুলি মন্তব্য কৰে এই সমিতিৰ ওচৰত মতামত প্ৰদান কৰি।
অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক ভাস্তৰ দাহালৰ নেতৃত্বত অসম গোৰ্খা সন্মিলন, নেপালী সাহিত্য সভা, ভাৰতীয় গোৰ্খা পৰিসংঘ আৰু নেপালীভাষী কল্যাণ পৰিষদৰ পৰ্তিনিধি সকলে অসমীয়া জাতি-খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষা -সংস্কৃতি সংৰক্ষণৰ বাবে ১৯৫১চনক ভিত্তিবৰ্ষ ৰূপে লৈ সিদ্ধান্ত ল’লে আপত্তি নাই বুলি সমিতিক অৱগত কৰে।
অসম সচিবালয় সন্থায়ো অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত এই উচ্চস্তৰীয় সমিতিৰ সন্মুখত মতামত প্ৰদান কৰে।
৫ নবেম্বৰ, ২০১৯ঃ অসমৰ খিলঞ্জীয়াৰ ৰক্ষাকৱচক বিষয় হিচাপে লৈ দিল্লীত আলফা চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী এ বি মাথুৰৰ সৈতে আলফাৰ তিনিজনীয়া প্ৰতিনিধি দলৰ বৈঠক। আলফাৰ দলটোত আছিল সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু বিদেশ সচিব শশ চৌধুৰী।
৬ নবেম্বৰ, ২০১৯ঃ নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী আশ্ৰাদ মাদানীৰ সংবাদমেল। কন্সটিটিউশ্যন ক্লাৱত আয়োজন কৰা সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা বিজেপিৰ কৌশলক অসংবিধানিক আখ্যা ।
চিপিআই নেতা দেৱেন ভট্টাচাৰ্যৰ সংবাদমেল। অসমচুক্তিৰ ৬ নং দফা ৰূপায়নৰ সন্দৰ্ভত অসমীয়া আৰু খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নকৰাকৈ উচ্চস্তৰীয় কমিটীখনে খেলিমেলি আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ অভিযোগ। নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত ১৮ নবেম্বৰত চিপিআইৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা। দলৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন আৰু ৰাজ্যিক সম্পাদক মণ্ডলীৰ দুই সদস্য এই সংবাদমেলত উপস্থিত আছিল।
৯ নবেম্বৰ, ২০১৯ঃ এন আৰ চিৰ সমন্বয়ক পদৰ পৰা অব্যাহতি লৈ মধ্যপ্ৰদেশলৈ প্ৰতীক হাজেলা গুচি যোৱাৰ পাছত উক্ত পদত হিতেশ দেৱ শৰ্মাক নিযুক্তি ৰাজ্য চৰকাৰৰ।
১৩ নবেম্বৰ, ২০১৯ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত টিয়কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী।হাতে হাতে প্লে’কাৰ্ড লৈ এই বিধেয়ক বাতিল কৰাৰ দাবী প্ৰতিবাদকাৰীৰ।
১৫ নবেম্বৰ, ২০১৯ঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- সংসদত উত্থাপন কৰা হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯।
১৮ নবেম্বৰ, ২০১৯ৰ পৰা ১৩ ডিচেম্বৰ, ২০১৯লৈ সংসদৰ শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ গৃহীত কৰাবলৈ লোকসভাত উত্থাপন কৰাৰ বাবে নিম্ন সদনৰ কাৰ্যক্ৰমণিকাত বিধেয়কখন তালিকাভুক্ত কৰা হয়।ইয়াৰ লগে লগে এই বিধেয়ক লোকসভাত উত্থাপন কৰাটো নিশ্চিত হৈ পৰে। উল্লেখযোগ্য যে, দ্বিতীয়টো কাৰ্যকালৰ বাবে ক্ষমতালৈ অহা বিজেপি চৰকাৰে লোকসভাত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা থকাৰ উপৰিও ৰাজ্যসভাতো বিধেয়ক খন গৃহীত কৰিবলৈ প্ৰয়োজনীয় সাংসদৰ সমৰ্থন লাভ কৰিব বুলি বিশ্বাসী। ২৪৫খন আসন বিশিষ্ট ৰাজ্যসভাত এই দিনটোলৈকে এন ডি এৰ ১১৩জন সাংসদ থকাৰ বিপৰীতে ইউপিএৰ ৬৪জন আৰু অন্যান্য দলৰ ৬১জন সাংসদ আছে। ৭খন আসন খালী হৈ আছে আৰু এই খালী আসনসমূহৰ ভিতৰত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা অসমৰ কংগ্ৰেছ সাংসদ ভূৱনেশ্বৰ কলিতাৰ আসনখনো আছে।
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বিধেয়ক গৃহীত হ’লে ১.৯ কোটি হিন্দু বাংলাদেশীৰ বোজা লব লাগিব বুলি ঘোষণা কৰি জাতিক ৰক্ষা কৰিবলৈ পুনৰ যুদ্ধংদেহী ৰূপত অৱতীৰ্ণ হৈ প্ৰকৃত শৰাইঘাটৰ ৰণৰ বাবে অসমবাসীক সাজু হ’বলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, সংসদৰ বিজনেজ কমিটীৰ ১৬ নম্বৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় নাগৰিকত্ব সংশোধনী বিধেয়ক।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা তথা কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰগগৈয়ে অসমীয়া জাতিৰ অৱেগ-অনুভূতিৰ দাবী আৰু স্বাৰ্থক নস্যাৎ কৰি এই বিধেয়ক চৰকাৰে জাপি দিলে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সতৰ্ক কৰি দিয়ে।
সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক আগন্তুক শীতকালীন অধিবেশনত গৃহীত কৰিবলৈ চৰকাৰে চলোৱা প্ৰক্ৰিয়াক বিৰোধিতা কৰি কোনো পধ্যেই এই আইন মানি লোৱা নহয় আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰে।
১৬ নবেম্বৰ, ২০১৯ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ প্ৰতিক্ৰিয়া। অসম চুক্তিৰ ৬ নং দফা আৰু কেবক লৈ বিজেপিয়ে দুমুখীয়া স্থিতি গ্ৰহণ কৰা বুলি এ আই ইউ ডি এফৰ প্ৰতিক্ৰিয়া ।
কেব বিৰোধিতা হাস্যকৰ আৰু অৰ্থহীন আখ্যা দিছিল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে। শিলচৰৰ সাংসদগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ বিপৰীত অৱস্থান কৰি হিন্দু বাংলাদেশীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই বিধেয়কৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।
অসম চুক্তি লাঘৱ কৰিব পৰা কোনো কথা বা কাৰ্যই সমৰ্থন কৰিব নোৱাৰি বুলি অগপৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য।
নাগৰকিত্ব সংশোধনী বিধেয়ক ২০১৯ৰ সন্দৰ্ভত অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ ফুকনৰ সংবাদমেল সম্বোধন।ফুকনে এই সংবাদমেলত কয়- নাগৰকিত্ব আইন সংশোধনী বিষয়টো গুৰুত্ববিহীন কৰি দেখুৱাবলৈ ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিমন্ত বিশ্ব শৰ্মাই কেব বিষয়টো ৪-৫ লাখ লোকৰ সমস্যা বুলি ৰাজহুৱা কৰিছে। এই সংবাদমেলত ফুকনে ২০১১ লোকপিয়লৰ তথ্য উল্লেখ কৰি কৈছিল- ২০১১ৰ লোকপিয়লৰ মতে, অসমত ১,৫৩,১১,৩৫১জন অসমীয়া লোক থকাৰ বিপৰীতে বাংলা ভাষী লোকৰ সংখ্যা ৯০,২১,৫৩২জন। ১৯৭১ত ৬০.৮৯ শতাংশ অসমীয়া ভাষী লোক থকাৰ বিপৰীতে ২০১১চনত সেই সংখ্যা ৪৮.৩৮ শতাংশলৈ হ্ৰাস পাইছে।
১৮ নবেম্বৰ, ২০১৯ঃ খিলঞ্জীয়া ৰাইজৰ ভাষা-সাহিত্য, সংস্কৃতিৰ অস্তিত্ব ধ্বংস কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূবজুৰি নেছ’ৰ প্ৰতিবাদ।
সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱা দিনটোতে এই বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজধানী চহৰসমূহত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীত, সদৌ মণিপুৰ ছাত্ৰ সন্থাই ইম্ফলত, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই ইটানগৰত, খাচি ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাই শ্বিলঙত, মিজো-জিৰলাই পলে আইজলত, নগা ছাত্ৰ ফেডাৰেশ্যনে কহিমাত এই বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।
গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হায় হায়, গৃহমন্ত্ৰী অমিত শ্বাহ হায় হায়, অসমত খিলঞ্জীয়াৰ স্বাৰ্থ জ্বলাঞ্জলী দিবলৈ দিয়া নহ’ব আদি প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তুলিছিল। এই প্ৰতিবাদত অংশ লৈছিল আছুৰ সভাপতি দীপাংকৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু আছু-নেছ’ৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই।
মণিপুৰত এই প্ৰতিবাদৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মণিপুৰত ১৮ ঘণ্টা মণিপুৰ বন্ধ আহ্বান দিয়া হৈছিল।
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ৰ বিৰুদ্ধে অসমত বাওগণতান্ত্ৰিক মৰ্চা, অসমৰ অন্তৰ্ভুক্ত দল-সংগঠনসমূহে বিক্ষোপ ধৰ্ণা আদি কাৰ্যসূচী ৰূপায়ন কৰে। এই মঞ্চৰ অন্তৰ্ভুক্ত দলসমূহত আছিল চিপিআই(এম), চিপিআই, চিপিআই(এমএল), জনতা দল (এছ) , এন চি পি, অসম সংগ্ৰামী মঞ্চ, আম আদমি পাৰ্টি, লেবাৰেল ডেমক্ৰেটিক পাৰ্টি আদি।গুৱাহাটী ক্লাৱৰ সমীপৰ বেজবৰুৱা চকৰ ৰটাৰী পইন্টত দুঘণ্টা অৱস্থান ধৰ্মঘট কৰে এই সংগঠনসমূহে।
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ বাতিলৰ দাবীত ৰঙিয়াত চিপিআই(এম)ৰ সমদল। প্ৰতিবাদী সমদলৰ অন্তত হাইৱে চক্ৰত এখন পথ সভা আয়োজন কৰে । এই সভাত অংশ লয় চি পি আই(এম)ৰ ৰাজ্যিক সদস্য বাসুদেৱ কলিতা, কামৰূপ জিলা সমিতিৰ সম্পাদক মণ্ডলী সদস্য বিবেকানন্দ অধিকাৰী আদিয়ে।
তেজপুৰতো কেবৰ বিৰুদ্ধে বাওঁ গণতান্ত্ৰিক মৰ্চাৰ প্ৰতিবাদী কাৰ্যসূচী, কৰ্টপাঁচআলিত প্ৰতিবাদকাৰীয়ে অৱস্থান লোৱাৰ লগতে চহৰখনৰ মুল পথেৰে প্ৰতিবাদী সমদল বাহিৰ।
লখিমপুৰত বাওঁ গণতান্ত্ৰিক মৰ্চাই নগৰৰ মাজেৰে চৰকাৰ বিৰোধী শ্ল’গান দি প্ৰতিবাদী মিছিল বাহিৰ কৰে।
নলবাৰীত বাওঁ গণতান্ত্ৰিক মৰ্চাই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে এই বিধেয়ক গৃহীত নকৰাৰ আহ্বানেৰে নলবাৰীৰ ড০ ভূপেন হাজৰিকা উদ্যানত ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰি বিধেয়কৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল।
প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সমুজ্জ্বল ভট্টাচাৰ্যই মেঘালয়, মিজোৰামৰ মুখ্যমন্ত্ৰীৰ দৰে সাহসী পদক্ষেপ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছিল।
নেছ’ই আয়োজন কৰা প্ৰতিবাদী সভাত অংশ লৈ নেছ’ৰ সভাপতি ছেমুৱেল জেউৰাই উত্তৰ-পূবক অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয় বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কৈছিল- ‘অসম আন্দোলনৰ মাজেৰে অহা পাছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতি প্ৰেমৰ নিদৰ্শন দেখুৱাব পৰা নাই। দুদল্যমান স্থিতি এৰি অগপক ৰাইজৰ মাজলৈ অহাৰ আহ্বান জনাইছিল।
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জনসজগতাৰ সৃষ্টিৰ বাবে ৰাজ্যজুৰি মানৱ শৃংখল বাহিৰ কৰাৰ লগতে জণ সচেতনৰ বাবে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে। এই প্ৰচাৰ পত্ৰিকাত সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক দিল্লীৰ দাস আখ্যা দিয়ে।
গুৱাহাটীৰ চানমাৰীত ১১ বজাৰ পৰা সংগঠনটোৱে মানৱ শৃংখল গঢ়ি তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰচাৰ পত্ৰিকাত উল্লেখ কৰা হৈছিল যে, ১৯৭১চনৰ ২৪ মাৰ্চৰ পাছত অসমত অবৈধভাৱে প্ৰৱেশ কৰি বসবাস কৰা আনুমানিক ২০ লাখ হিন্দু বাংলাদেশীয়ে লগে লগে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। ২০১৫চনৰ ৭ ছেপ্টেম্বৰত বিদেশী সম্পৰ্কীয় জননীৰ ভিত্তি তাৰিখ সলনি কৰিয়েই বাংলাদেশত থকা সকলো হিন্দু বাংলাদেশীক ভাৰত তথা অসমলৈ অহা দুৱাৰ খুলি দিব পাৰিব। বাংলাদেশত বৰ্তমান ১কোটি ৭০ লাখ হিন্দু নাগৰিক আছে বুলি বাংলাদেশ ব্যুৰ অৱ ষ্টেটিকছে প্ৰকাশ কৰিছে। এই ১.৭০ কোটি হিন্দু বাংলাদেশী ভাৰতলৈ আহিলে মুলত অসমত প্ৰৱেশ কৰিব। গতিকে নাগৰিকত্ব সংশোধনী বিধেয়কে ২০ লাখ আৰু ১.৭০ কোটি হিন্দু বাংলাদেশীক অসমত ভাৰতীয় নাগৰিকত্ব পোৱাৰ সুযোগ দিব।
এই কাৰ্যসূচী মহানগৰীৰ চানমাৰীত নেতৃত্বত দিছিল কে এম এছ এছৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে। একেদৰে নগাঁও জিলা সদৰত ৰাজু বৰাৰ নেতৃত্বত, ৰহাত কৃষক মুক্তিৰ জিলাৰ নেতা জীতেন বৰাৰ নেতৃত্বত, কামৰূপ গ্ৰাম্যত কেন্দ্ৰীয় কমিটীৰ সভাপতি ৰাজু বৰাৰ নেতৃত্বত, বাইহাটাত কেন্দ্ৰীয় কমিটীৰ কাৰ্যবাহী সভাপতি অনিল বড়ো আৰু কৃষক মুক্তি সাধাৰণ সম্পাদক মুকুট ডেকাৰ নেতৃত্বত প্ৰচাৰ পত্ৰিকা আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল।
কৃষক মুক্তিৰ এই প্ৰতিবাদী কাৰ্যসূচী গোলাঘাটত দেৱব্ৰত শইকীয়াৰ নেতৃত্বত, ধুবুৰীত, বঙাইগাঁও, ওদালগুৰি, লখিমপুৰ, বিহপুৰীয়া, লালুক, ডিব্ৰুগড়, শিৱসাগৰৰ বানমুখত, প্ৰগতি চাৰিআলিত ৰূপায়ন কৰা হয়।
শিৱসাগৰৰ প্ৰগতি চাৰিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানৱ কোঁৱৰ , সাংগাঠিনিক সম্পাদক পৰাশৰ কোঁৱৰ, ৰিতুমণি হাজৰিকাৰ নেতৃত্বত প্ৰচাৰপত্ৰ বিতৰণ কৰা হৈছিল।
চৰাইদেউ জিলাৰ মৰাণত জিলা সভাপতি নীলাম্বৰ গগৈ, সম্পাদক চফিকুল ৰহমানৰ নেতৃত্বত কৃষক মুক্তিয়ে মানৱ শৃংখল আৰু প্ৰচাৰ পত্ৰিকা বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে।
তিনিচুকীয়াত চিপিআই (এমএল)ৰ তিনিচুকীয়া জিলা সমিতিয়ে এই বিধেয়ক বাতিল কৰাৰ দাবীত প্ৰধানমন্ত্ৰী মো়ডীৰ প্ৰতিকৃতি দাহ কৰে।
১৮ নবেম্বৰ, ২০১৯তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ বাতিলৰ দাবীত আছু আৰু ৩০ সংগঠনে আন এলানী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সেই অনুসৰি আছু তথা ৩০ জনগোষ্ঠীয় সংগঠনে ২১ নবেম্বৰ, ২০১৯ত অসমৰপ্ৰতিখন জিলা সদৰ স্থানত জোঁৰ লৈ শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লয়।
সদৌ ছাত্ৰ সন্থা, সদৌ অসম ট্ৰাইবেল সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ সদৌ মিছিং ছাত্ৰ সন্থা (টিএমপিকে), সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ মটক যুৱ ছা্ত্ৰ সন্মিলন, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা (কাৰ্বি আংলং) , অল ইণ্ডিয়া কাৰ্বি ষ্টুডেন্ট এছ’চিয়েশ্যন, সদৌ ডিমাছা ছাত্ৰ সন্থা, মিছিং মিমাগ কেবাং, সদৌ অসম ট্ৰাইবেল যুৱ নিৰিষ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম চুটীয়া ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰি ছাত্ৰ সন্থা, সদৌ অসম মদাহী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, এন চি হিলছ ইণ্ডিজিনিয়াছ ফ’ৰাম , সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, মেছ কছাৰী জাতীয় পৰিষদ, সদৌ অসম হাজং ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ সন্থা, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা, নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থা আৰু সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থাই ঐক্যবদ্ধ ভাৱে এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়ায়।
১৯ নবেম্বৰ, ২০১৯ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগালেণ্ড ছাত্ৰ ফেডাৰেশ্যনে ১৯ নবেম্বৰৰ গধুলি ৬ বজাৰ পৰা ২০ নবেম্বৰৰ দুপৰীয়া ১২ বজালৈ নগালেণ্ড বন্ধ কাৰ্যসূচী ৰূপায়ন কৰে। এই বন্ধ আহ্বান দিছিল নৰ্থ-ইষ্ট ফ’ৰাম ফৰ ইণ্ডিজিনিয়াছ পিপল নামৰ সংগঠনটোৱে। এই বন্ধৰ সময়ত নগালেণ্ডত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছিল।
২১ নবেম্বৰ, ২০১৯ঃ অবৈধ বাংলাদেশী ভোট বেংক নিশ্চিত কৰাৰ স্বাৰ্থত ক্ষমতাত থকা নৰেন্দ্ৰ মোডী চৰকাৰে অসম তথা উত্তৰ-পূবক বিদেশী নাগৰিকৰ বোজা জাপি দিব খোজাৰ বিৰুদ্ধে আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ জোঁৰসমদলেৰে বিক্ষোপ প্ৰদৰ্শন। গুৱাহাটীত এই জোঁৰ সমদলত নেতৃত্ব দিয়ে সমুজ্জ্বল ভট্টাচাৰ্য, দীপাংকৰ কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈয়ে। বাংলাদেশী ৰক্ষক কেবৰ বিৰুদ্ধে উত্তাল শ্ল’গান দিয়ে সমদলকাৰী সকলে।
যোৰহাট, গোলাঘাট, তিনিচুকীয়া, শিৱসাগৰ, নগাঁও, মঙলদৈ, মুচলপুৰ, ডিফু, মৰিগাঁও , ওদালগুৰি, ধেমাজি , লখিমপুৰ, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, তেজপুৰ আদিতো আছু তথা ৩০ সংগঠনৰ সমৰ্থকে অনুৰূপ জোঁৰ সমদলেৰে এই বিধেয়কৰ বিৰোধিতা কৰে।
সমগ্ৰ দেশৰ লগতে অসমতো আকৌ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত হ’ব বুলি ৰাজ্যসভাত অমিত শ্বাহৰ আনুষ্ঠানিক ঘোষণা। ইয়াক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া।
কেবৰ বিৰুদ্ধে প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি ঘোষণা কৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে।
উত্তৰ-পূবৰ চকীয় বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিবলৈ আৰু খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি জে ডি ইউৱে এই বিধেয়ক বিৰোধিতা কৰিছিল ৰাজ্যসভাত। দলটোৰ নেতা কে চি ত্যাগীয়ে এই বিধেয়কখন নতুনকৈ প্ৰস্তুত কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰি অঞ্চলটোৰ সকলো ছাত্ৰ তথা ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰি বিধেয়কখন প্ৰস্তুত কৰা পৰামৰ্শ আগবঢ়ায়। নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত দলটোৰ পূৰ্বৰ স্থিতি অটুট আছে বুলি তেওঁ সদৰী কৰে।
২৩ নবেম্বৰ, ২০১৯ঃ কেবৰ বিৰুদ্ধে ড০ হিৰেণ গোঁহাই সহ কেইবাজনো বুদ্ধিজীৱিৰ সংবাদমেল। এই বিধেয়কৰ বিৰুদ্ধে যিকোনো প্ৰকাৰে যুঁজ অব্যাহত ৰখাৰ কথা ঘোষণা । সংবাদমেলত উপস্থিত আছিল ড০ গোহাইৰ সৈতে হৰেকৃষ্ণ ডেকা, উদয়াদিত্য ভৰালীৰ সহ কেইবাজনো বুদ্ধিজীৱি।জাতিধ্বংসী এই বিধেয়ক কোনো পধ্যেই মানি নলওঁ বুলি ঘোষণা সংবাদমেলত। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত অসমৰ সকলো ৰাইজকে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান হিৰেণ গোঁহাইৰ।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত বিভিন্ন ৰাজনৈতিক দলৰ নেতাক সাক্ষাৎ কৰি সমৰ্থন বিচাৰি আছুৰ অভিযান। আছু আৰু নেছ’ৰ প্ৰতিনিধি দলে প্ৰথমে জে ডি ইউৰ নেতা কে চি ত্যাগীক সাক্ষাৎ কৰে। সাক্ষাৎৰ অন্তত নেছ’ৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই কয়- পূুৰ্বতকৈ এই বিধেয়ক সংসদত উত্থাপন তথা গৃহীত কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰয়াস চলোৱা সময়ত আছু নেতৃত্বই ইয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত সমৰ্থন গোটাবৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাক সাক্ষাৎ কৰাৰ কাৰ্যসূচী হাতত লৈছে।
জাতিধ্বংসী কেব বাতিলৰ দাবীত টিয়কত যুৱ ছাত্ৰৰ বিক্ষোপ।
কেবৰ সমৰ্থনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মন্তব্য। দাসে কয়- ধৰ্ম নিৰ্যাতনৰ বলি হোৱা পূৰ্ব অখণ্ড ভাৰতৰ লোকসকলক নিৰাপত্তা দিয়াতো আমাৰ মৌলিক কৰ্তব্য। কেবৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে কেবক সমৰ্থন কৰি এই মন্তব্য কৰে ৰঞ্জিত দাসে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত ৰাজ্যৰ পক্ষত থাকিব ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া। বাঘবৰৰ মিলিজুলি বজাৰত দলটোৰ উত্তৰ-পূবৰ দায়িত্বত থকা বিনোদ নিখালজীয়ে এই মন্তব্য কৰে।
২৪ নবেম্বৰ, ২০১৯ঃ কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব বুলি ঘোষণা ৰিপুন বৰাৰ। বিজেপিৰ অপশাসনৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে দিল্লীত ১৩ ডিচেম্বৰত কংগ্ৰেছে ধৰ্ণা দিব বুলি সদৰী কৰিলে এপিচিচিৰ সভাপতি ৰিপুন বৰাই।
কেবৰ বিৰুদ্ধে গোলাঘাটত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আমগুৰিত কেইবাটাও দল-সংগঠনত উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, টাই আহোম ছাত্ৰ সন্থা, আহোম জাতীয় গণমঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিয়ে।
কেবৰ বিৰুদ্ধে তেজপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। সংগঠনটোৱে তেজপুৰত আয়োজন কৰা কেন্দ্ৰীয় লাচিত দিৱসত এই ঘোষণা কৰে।
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰ কৰাৰ দাবী জনায়।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাই জোঁৰ সমদল কৰে।
লখিমপুৰৰ বঙালমৰাত সন্ধিয়া কোমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ উদ্যোগত এই বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল বাহিৰ কৰে।
কেবৰ বিৰুদ্ধে পাঠশালাত প্ৰতিবাদ। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সহযোগ আৰু পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।
২৫ নবেম্বৰ, ২০১৯ঃ কেব বিৰোধী আন্দোলনৰ ৰূপ দেখি আৰু এই বিধেয়ক সংসদত উত্থাপন কৰাৰ পূৰ্বেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ বৈঠক।এই বৈঠকত কেব উত্থাপনৰ পাছত অঞ্চলটোত হ’ব পৰা পৰিৱেশ, পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা চলোৱা হয়। বৈঠকত উত্তৰ-পূবৰ সকলো চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ লগতে আছাম ৰাইফল আৰু অৰ্ধসামৰিক বাহিনীৰ মুৰব্বী সকলে অংশ লয়। ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয়ে এই বৈঠক আয়োজন কৰিছিল।
সুবোধ বিশ্বাসৰ নেতৃত্বত বিনাচৰ্তে বঙালী হিন্দুক নাগৰিকত্ব প্ৰদানৰ দাবীত দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে নিখিল ভাৰত বঙালী উদ্বাস্ত সমিতিয়ে।
কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সৰৱ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে । আৱেলি কেবৰ সমৰ্থন কৰা প্ৰাক্তন কটনিয়ান তথা স্বাৰ্থলোভী নেতাসকলৰ সুমতি কামনাৰ্থে একাংশ কটনিয়ানে আয়োজন কৰে নাম-প্ৰসংগ।কটন বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত নাম-প্ৰসংগ কৰি কটনিয়ান সকলে কেব সমৰ্থন কৰাতো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ডিমৌ, যোৰহাট আৰু নাজিৰাত প্ৰতিবাদী কাৰ্যসূচী।ডিমৌ আৰু যোৰহাটত জোঁৰ সমদল বাহিৰ কৰাৰ লগতে তামুলপুৰত জ্যেষ্ঠ নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট। নাজিৰাতো প্ৰতিকৃতি দাহ মুখ্যমন্ত্ৰী সোণোৱালৰ।
দিল্লীত কেবৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত নেছ’ আৰু আছুৰ। সমাজবাদী পাৰ্টি, কংগ্ৰেছৰ সাংসদক সাক্ষাৎ কৰি কেবৰ বিৰোধিতা কৰিবলৈ আহ্বান প্ৰতিনিধি দলৰ। দুই দলৰ সাংসদৰ কেব বিৰোধিতাৰ আশ্বাস প্ৰদান।
লখিমপুৰৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত খিলঞ্জীয়া জনসমদলত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা অসম-মিঞা (অসমীয়া) পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম জি হাজৰিকাৰ।
২৯ নবেম্বৰ, ২০১৯ঃ দিল্লীত বাংলাদেশৰ উচ্চায়ুক্তৰ মন্তব্য- এন আৰ চি ভাৰতৰ আভ্যন্তৰীণ বিষয়। বাংলাদেশলৈ কাকো বিতাড়ণ নকৰে ভাৰতে। ভৱিষ্যতেও এনেদৰে কোনো লোকক বাংলাদেশলৈ পঠিওৱা নহয়।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ অৱসৰ। নতুন ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ভাস্কৰজ্যোতি মহন্তক নিযুক্তি।
কেব বাতিলৰ দাবীত দিল্লীৰ সংসদভৱনৰ বাহিৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদৰ বিক্ষোভ প্ৰদৰ্শন। ছেভ নৰ্থ-ইষ্ট, ছেভ ইণ্ডিয়া শ্ল’গান কংগ্ৰেছ সাংসদসকলৰ।
কেবক লৈ নতুন দিল্লীত অমিত শ্বাহৰ সৈতে বৈঠক। আছু, এপছু, নেছ’, ট্ৰাইবেল সংঘ, অসম সাহিত্য সভা, অসম গণ পৰিষদ, যুৱ ছাত্ৰ পৰিষদক এই বৈঠকলৈ নিমন্ত্ৰণ। এই বৈঠকলৈ নিমন্ত্ৰণ নজনালে কৃষক মুক্তিক। একাংশ দল-সংগঠনক আঁতৰাই ৰাখি বচা বচা দল-সংগঠনৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বৈঠকলৈ মতা বুলি সমালোচনা বিভিন্ন পক্ষৰ। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, আমছুকো এই বৈঠকলৈ নিমন্ত্ৰণ কৰা হৈছিল।
৩০ নবেম্বৰৰ পৰা এই বৈঠক অনুষ্ঠিত হ’ব। কংগ্ৰেছে এই বৈঠকত বহিবলৈ অমান্তি হয়। ৩ ডিচেম্বৰলৈকে নতুন দিল্লীত অসমৰ দল-সংগঠনৰ সৈতে আলোচনাত বহিব অমিত শ্বাহ।
ত্ৰিপুৰা আৰু মিজোৰাম চৰকাৰ তথা দল-সংগঠনৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ বৈঠক। অসমৰ তিনিওখন পাহাৰীয়া জিলাৰ এ এছ বি চিক কেবৰ সন্দৰ্ভত অনুষ্ঠিত এই বৈঠকলৈ নিমন্ত্ৰণ নকৰাত দলটোৰ প্ৰচাৰ সম্পাদক ডেনিয়েল টেৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁলোকৰ দৰে সংগঠন এটাক কেবৰ বিৰোধিতা কৰাৰ বাবেই অনুষ্ঠানলৈ নমতাৰ বাবো তোষামোদ কৰে।
কেব বিৰোধী প্ৰতিবাদ অব্যাহত কটন বিশ্ববিদ্যালয়ত জাতীয় স্বাৰ্থত সৰৱ হৈ এটা সপ্তাহত বিভিন্ন ধৰণৰ কেব বিৰোধী প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে হাতত প্লেকাৰ্ড আৰু মুখত ক’লা কাপোৰ লৈ কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পুৱা ১০ বজাৰ পৰা ২ বজালৈকে ছাত্ৰ-ছাত্ৰীসকলে প্ৰৱেশদ্বাৰত অৱস্থান ধৰ্মঘট কৰাৰ লগতে পৰৱৰ্তী সময়ত দীঘলীপুখুৰী পাৰে পাৰে কেব বিৰোধী শ্ল’গান দিয়ে।
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দাবী- মোডী চৰকাৰে দিল্লীলৈ সংগঠন মতা সলনি অসমলৈ আহি মতামত লওঁক।
উত্তৰ-পূৰ্বাঞ্চলৰ ১২গৰাকী সাংসদে পত্ৰ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীক কয়- কেবৰ পৰা বাহিৰত ৰাখক উত্তৰ-পূৰ্বাঞ্চলক।
কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ ক্ষোভ- জেল যাত্ৰাৰ ভয়তে কেবৰ পক্ষ লৈছে ক্ষমতা শালী মন্ত্ৰীয়ে।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত লালুক, ঘিলামৰা, চিলাপথাৰ, শিমলুগুৰি, বান্দৰদুৱাৰ, হাৰমতী, মাজুলী, তামুলপুৰুত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী। হাৰমতীত আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।…….(অসমাপ্ত)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close