কেঁচা অমিতাৰ মহিমা

ডাঃ ৰেইনী দেৱী

☘️☘️ অমিতা আমি  দুই ধৰণে সেৱন কৰো, এবিধ কেঁচাকে আৰু আনবিধ পকাকৈ। পকা অমিতা অতি সুস্বাদু আৰু পুষ্টিকৰ ফল । কিন্তু কেঁচা অমিতা আমি চবজি বা আঞ্জা কৰিহে খাওঁ । তেতিয়া ইয়াক পাচলি বুলিহে গণ্য কৰা হয়। অমিতা দি বনোৱা লোকেল মুৰ্গীৰ জোল, অমিতা দিয়া দাইল , কলখাৰ দি বনোৱা অমিতাৰ খাৰ আদি অমিতাৰ বিবিধ  ব্যঞ্জন। খাচী মাংস বনাওঁতে কেঁচা অমিতা দিলে মাংস সোনকালে সিজি পৰে । থাইলেণ্ডত কেঁচা অমিতাৰ চালাড খুবেই জনপ্রিয় । সেইবোৰ দেশত কেঁচা বা কমকৈ সিজা পাচলি বেছি প্ৰচলিত। আমি পিছে কেঁচা অমিতা সিজাইহে খাওঁ । দেখাত তেনেই সাধাৰণ এই কেঁচা অমিতাৰো যে বহুতো উপকাৰীতা আছে ভাবিয়েই আচৰিত লাগে।  ভিটামিন, এন্টিঅক্সিডেন্ট, এনজাইম, ফলেট, আঁহ আদিৰে ভৰপূৰ এই কেঁচা অমিতাই  আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে চাওঁচোন আহক।
🍀☘️ হজমী শক্তি বৃদ্ধি কৰাত ( promotes digestion) কেঁচা অমিতা অতি উপকাৰী। কেঁচা অমিতাত পেপেইন ( papain), কাইম’পেপেইন ( chymopapain) আদি বিভিন্ন এনজাইম আছে যিয়ে কাৰ্বহাইড্ৰেট, স্নেহ আৰু প্ৰটিনৰ বিপাকত সহায় কৰে। কেঁচা অমিতাৰ চবজি মাজে মাজে খালে আমাৰ পাঁচনতন্ত্ৰৰ কাৰ্য্য সুন্দৰ ভাবে চলি থাকে।
☘️🍀 কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত কেঁচা অমিতা উপকাৰী। ইয়াত থকা আঁহে পেট পৰিস্কাৰ কৰে। অৰ্শ ৰোগীয়ে নিয়মিতভাৱে কেঁচা অমিতাৰ আঞ্জা বা চবজি খালে ভালেখিনি উপশম লাভ কৰে।
☘️🍀 আমাৰ শৰীৰত নানা ধৰণৰ বিপাকীয় কাৰ্য্য চলি থাকে(metabolism) যিবোৰত বহুতো অলাগতিয়াল বৰ্জিত পদাৰ্থ বা তকচিন্স( toxins) উৎপন্ন হয়। এইবোৰ শৰীৰৰ জমা হৈ গ’লে আমাৰ  এলাৰ্জি, ছালৰ সমস্যা আদি নানান ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সেয়েহে সময়ে  খাদ্য বা ঔষধিৰ দ্বাৰা এইবোৰ নিষ্কাষণ কৰিবলৈ চেষ্টা কৰা উচিত। শৰীৰৰ শোধন বা বডী দিতক্স ( body detox) কৰাত কেঁচা অমিতা অতি উপকাৰী। খাৰধৰ্মী হোৱা বাবে ( alkaline) আৰু ইয়াত থকা এনজাইম আৰু আঁহে ( fiber) শৰীৰৰ শোধন কৰে।
☘️☘️ গেছ, বদহজম, বুকু জ্বলা পোৰা, IBS আদিৰ সমস্যাতো কেঁচা অমিতা উপকাৰী।
☘️☘️ কলেষ্টৰল সমস্যাত কেঁচা অমিতা উপকাৰী। ই হাৰ্টৰ সুৰক্ষা কৰে। সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে সময়ে কেঁচা অমিতাৰ আঞ্জা খাওক।
🍀🍀 প্ৰসূতি স্ত্ৰীৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰাত কেঁচা অমিতা উপকাৰী। কিছুমান দুগ্ধৱতী  মহিলাৰ দুগ্ধ উৎপাদন কম হয়। তেওঁলোকে  অমিতাৰ খাৰ, অমিতা দিয়া মুৰ্গী মাংসৰ জালুকীয়া আঞ্জা নাইবা অমিতাৰ চবজি বনাই খালে সুফল পায়।
☘️🍀 কেটেৰেক্ট বা বয়সস্থ লোকৰ হোৱা চকুৰ বিভিন্ন সমস্যাতো কেঁচা অমিতা উপকাৰী।
🍀🍀 হাপানী, ব্ৰংকাইটিছ, কাহ, জ্বৰ আদিত কেঁচা অমিতা উত্তম পথ্য।
🍀🍀 তনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতো খাৰ দি বনোৱা কেঁচা অমিতাৰ ব্যঞ্জন অতি উপকাৰী।
☘️☘️  মহিলাৰ মাহেকীয়া সময়ত হোৱা বিষত (dysmenorrhea) কেঁচা অমিতাৰ  চবজি অতি উপকাৰী।
🍀🍀 বাতবিষ, অষ্টিওআৰথ্ৰাইটিছ ( osteoarthritis), গাউত  (gout) আদি বিভিন্ন সমস্যাত কেঁচা অমিতা উপকাৰী।
☘️🍀 খাৰধৰ্মী হোৱা বাবে প্ৰসাৱৰ বেক্টেৰিয়াজনীত সংক্ৰমণত ( UTI) ই উপকাৰী।
☘️☘️ ওজন কমোৱাতো কেঁচা অমিতাই সহায় কৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে । ডায়েট প্লেনত থকা সকলে মাজে সময়ে কেঁচা অমিতাৰ চবজি খোৱা উচিত।
🍀☘️  সুন্দৰ স্বাস্থ্যউজ্জ্বল ছালৰ ৰহস্য আমাৰ খাদ্যাভ্যাসত নিহিত থাকে। পিম্পলছ, ক’লা  দাগ, এলাৰ্জি আদি ছালৰ সমস্যা থকা লোকে কেঁচা অমিতাৰ চবজি মাজে মাজে সেৱন কৰিলে সুফল পায়। ই পাঁচনতন্ত্ৰ পৰিষ্কাৰ কৰে, তেজৰ পৰিষ্কাৰ কৰে আৰু খাৰধৰ্মী হোৱাৰ বাবে ছালৰ সমস্যাত কেঁচা অমিতা উপকাৰী।
🍀🍀ডায়েবেটিচ ৰোগীৰ বাবেও কেঁচা অমিতা উত্তম পথ্য।
আমাৰ সৰ্বসাধাৰণৰ দৃষ্টিত অমিতা এলাগী পাচলি। বজাৰৰ ৰঙ বিৰঙী সতেজ যেন লগা পাচলিবোৰৰ মাজত অমিতাই যেন ফেৰ মাৰিব নোৱাৰা হৈছে। কিন্তু ই যে ঔষধিগুণসম্পন্ন সেয়া আমি পাহৰিয়েই যাওঁ। স্বাস্থ্যবান হৈ থাকিব খোজা প্ৰতিজন ব্যক্তিয়েই এই থলুৱা পাচলিবোৰ নিশ্চয় আদৰি লৈছে বুলি আশা কৰিছো।
 ☘️☘️ বি:দ্ৰ: গৰ্ভৱতী মহিলাৰ বাবে অমিতা অপকাৰী। তেওঁলোকে অমিতা সেৱন কৰিলে গৰ্ভপাত হোৱাৰো আশংকা থাকে।
[ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close