কৃত্ৰিম ভ্ৰুণ

ড০ ৰাস্না ৰাজখোৱা

ডিম্বাণু আৰু শুক্ৰাণু অবিহনে গৱেষক সকলে ভ্ৰুণ সৃষ্টি কৰি চিকিৎসা বিজ্ঞানত জীৱ সৃষ্টিৰ ক্ষেত্ৰত এটা মহত্ত্বপূর্ণ অৱদান আগবঢ়াইছে৷ লণ্ডনৰ প্ৰসিদ্ধ কেমব্ৰিজ-বিশ্ববিদ্যালয়ৰ গৱেষক দল এটাই ডিম্বাণু আাৰু শুক্ৰাণু ব্যৱহাৰ নকৰাকৈ কেৱল শৰীৰৰ কোষ ব্যৱহাৰ কৰি নিগনিৰ সজীৱ ভ্ৰুণ সৃষ্টি কৰিছে৷
   কৃত্ৰিম ভ্ৰুণে গৱেষক সকলৰ মানৱ জীৱনৰ প্ৰাৰম্ভিক কালৰ ৰহস্য উদ্ঘাটন কৰিবলৈ মার্গ দর্শন কৰিব৷ কিন্তু তেওঁলোক এটা জৈৱ নীতিশাস্ত্ৰৰ বির্তকৰ (Bioethical debates)আৱর্তত সোমাই পৰিব৷
   গৱেষকসকলে কোষসমূহ সাৱধানৰে বিশেষ ধৰণৰ ত্ৰি-মাত্ৰিক আৱৰণ এটাৰ মাজত ৰাখি পর্যবেক্ষণ কৰে, মোহনীয়ভাৱে কোষবোৰে ইটোৱে সিটোৰ লগ-লাগি এটা স্পষ্ট বুলেট আকাৰৰ কেইবাদিনীয়া বয়সৰ নিগনিৰ ভ্ৰুণৰ সৃ্‌টি কৰে৷
   গৱেষক দলটোৰ মূৰব্বী মহিলা গৱেষক মেগডেলেনা যাৰনিকা গ’টযে এটা সাক্ষাতকাৰত কয়, ‘আমি জানো যে শৰীৰৰ কোষৰ এই কামটো কৰিবলৈ শক্তিশালী ক্ষমতা আছে৷ তথাপি আমি ভবা নাছিলো যে সিহঁতে নিজেই ইমান ধুনীয়াকৈ বা নিখুতভাবে সজ্জিত হ’ব পাৰিব৷
   যাৰনিকা গটযে কয় যে ‘সংশ্লেষিত ভ্ৰুণ নিগনিলৈ সম্ভৱ বৃদ্ধি নহ’ব৷ তথাপিও, এইটোৱে ইংগিত বহন কৰে যে সোনকালেই আমি ডিম্বাণু অবিহনেও স্তন্যপায়ী জীৱৰ সৃষ্টি কৰিব পাৰিম৷
    অৱশ্যে এইটোৱেই যাৰনিকা গটযৰ উদ্দেশ্য নহয়৷ তেওঁ অধ্যয়ন কৰিবলৈ বিচাৰে প্ৰাৰম্ভিক ভ্ৰুণৰ কোষবোৰে কি বিশেষ ভূমিকা গ্ৰহণ কৰে৷ তেওঁ কয় ইয়াৰ পিছৰ ধাপত, মিচিগান বিশ্ববিদ্যালয় আৰু ৰুকফেল্লাৰ বিশ্ববিদ্যালয়ত মানুহৰ শৰীৰৰ কোষৰ পৰা কৃত্ৰিম মানৱ ভ্ৰুণ তৈয়াৰ কৰিব৷
   সংশ্লেষিত মানৱ ভ্ৰুণ বিজ্ঞানীসকলৰ বাবে এটা উৎসাহপূর্ণ বিষয়৷ যিহেতু তেনেকুৱা ভ্ৰুণ, শৰীৰৰ কোষ সহজে সম্পাদিত কৰি আৰম্ভ বা সৃষ্টি কৰিব পাৰি৷ বিশ্ববিদ্যালয়ৰ লেবৰেটৰীত এই পৰীক্ষা-নিৰীক্ষাবোৰ সম্পন্ন কৰিব পৰাকৈ সম্পূর্ণ সঁজুলি মজুত আছে, যেনে—জিন সম্পাদন, সিহঁতৰ বৃদ্ধি নিৰীক্ষণ কৰা ইত্যাদি৷
   যিকি নহওঁক, কৃত্ৰিম ভ্ৰুণে নৈতিকতাৰ প্ৰশ্ন উত্থাপন কৰে৷ প্ৰকৃত ভ্ৰুণৰ লগত ইয়াৰ প্ৰভেদ থাকিবনে নেথাকে? সিহঁতে যান্ত্ৰনা ভোগাৰ আগতে লেবৰেটৰীত সিহঁতক কিমান দিন বৃদ্ধি কৰিব পৰা যাব? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জনাৰ পিছতহে এই পথত বিজ্ঞানীসকল আগবঢ়া ভাল বুলি জৈৱ নৈতিকতাই কয়৷
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close