কৃতিত্ব কৃতীৰ !

শিলাদিত্য গুহ ৰয়

(হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলাইছে। এটা টিভি চেনেলে ১ম, ২য় আৰু ৩য় স্থান প্ৰাপ্তৰ সাক্ষাৎকাৰ লৈ আছে। লাইভ অনুষ্ঠান।)
সঞ্চালক- অভিনৱ বৰুৱা, হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি প্ৰথম স্থান দখল কৰিছা। তুমি নিশ্চয় ভীষণ উচ্ছ্বসিত। কেনে লাগিছে?
প্ৰথম- I am not soo excited, কাৰণ মই জানিছিলোৱে যে ময়েই প্ৰথম হ’ম। মই আনন্দিত। Its good news for me…
সঞ্চালক- উপাসা শইকীয়া, দ্বিতীয় স্থান পাই তোমাৰ কেনে লাগিছে? কোৱা…
দ্বিতীয়- ভাবিছিলোঁ rank পাম, but 2nd position was not in my thinking…আচলতে স্কুলত মই কেতিয়াও 2nd হোৱা নাই। সদায় প্ৰথম হওঁ। Its first time for me…
সঞ্চালক- এইবাৰ ৩য় স্থান প্ৰাপ্ত… স্বপ্নীল দত্ত, তোমাৰ কেনেকুৱা লাগিছে কোৱা…
তৃতীয়- ভাল লাগিছে। মা ভীষণ সুখী হৈছে। ছাৰ বাইদেউসকলৰ পৰিশ্ৰম আৰু আশীর্বাদ সাৰ্থক হৈছে। এয়াই…
সঞ্চালক- বাৰু প্ৰথমে অভিনৱক সুধিছোঁ- তুমি এই পৰীক্ষাৰ বাবে কিদৰে  প্ৰস্তুতি লৈছিলা, যদি অকনমান আমাৰ দৰ্শক সকলক কোৱা….
প্ৰথম-  Actually, it was very tougher way that I had to cross it to get my success. দিনত বহুত কোচিং ক্লাচ, ৰিমেডি ক্লাচ কৰিব লগা হৈছিল…সেয়ে ৰাতি জাগি পঢ়া-শুনা কৰিবলগীয়া হৈছিল। ১৭ ঘণ্টাকৈ পঢ়িব লগা হৈছিল প্ৰায়েই। খোৱাৰ সময় পোৱা নাছিলোঁ, সেয়ে পাপাই fruit juice আনি ৰাখিছিল। তাকেই sip  কৰিছিলোঁ।
সঞ্চালক- সঁচাকে ভীষণ পৰিশ্ৰম কৰিব লগীয়া হৈছিল। গল্পৰ কিতাপ পঢ়িবলৈ,  গান শুনিবলৈ, খেলাধূলা কৰিবলৈ সময় পাইছিলা নে?
প্ৰথম- নাই নাই! সেইবোৰ কৰিবলৈ সময় ক’ত? গল্পৰ কিতাপ-পত্ৰ পঢ়ি কি হ’ব? মিছামিছি সময় নষ্ট মাত্ৰ। আৰু গান…মাজে মাজে…ইংলিচ গান অলপ শুনো অৱশ্যে…অলপ নিউৰোফ্ৰেচ কৰাৰ বাবে। আৰু পথাৰত গৈ খেলাধূলা কৰাৰতো কোনো প্ৰশ্নই নুঠে। ঘৰত ভিডিঅ’ গেমেই যথেষ্ট। পথাৰত গৰু-ছাগলীবোৰে চৰে। সেইবোৰ মোৰ ভাল নালাগে…
সঞ্চালক- (ইতস্ততঃ) আচ্ছা দ্বিতীয়… উপাসা…তুমি কেনেকৈ প্ৰস্তুতি চলাইছিলা…আৰু তোমাৰ কি কি কৰি ভাল লাগে…যদি কোৱা….
দ্বিতীয়- মই আচলতে পঢ়াত বাহিৰে তেনেকৈ সময় পোৱা নাছিলোঁ… দহটা প্ৰাইভেট কোচিং। অঙ্ক আৰু ইংৰাজীত দুটাকৈ টিউচন লৈছিলোঁ। স্কুল অফ কৰিব লগা হৈছিল। ইফালে টপ কৰাৰো ভোক। মই দিনে ষোল্ল ঘণ্টা কিতাপৰ লগতেই আছিলোঁ। আৰু হবি টবি তেনেকুৱা একো নাই। মাম্মাৰ লগত মাহত এবাৰ দুবাৰ পাৰ্লাৰলৈ যাওঁ, মাচাজ লৈ ফ্ৰেচ হৈ যাওঁ। Just it…
সঞ্চালক- (স্মিত হাঁহিৰে)…এইবাৰ তৃতীয় স্বপ্নীল…তোমাৰ পঢ়া শুনা কেনেদৰে আগুৱাই নিছিলা…সেয়া যদি অকনমান কোৱা…তোমাৰ ভাল লগাবোৰ…?
তৃতীয়- আচলতে মোৰ কোনো প্ৰাইভেট কোচিং নাছিল…মোৰ মায়ে বহুত কষ্ট কৰি মোক পঢ়ুৱায়। সেয়ে পঢ়াৰ মোৰ অগাধ সময়। নিজৰ মনৰ মতে ৰুটিন বনাই লৈ পঢ়িছিলোঁ। যেতিয়া যেনেকৈ ইচ্ছা হৈছিল। বেছি পঢ়িবলৈ ভাল লগা নাছিল। বৰ বেছি ছঘণ্টা পঢ়িছিলোঁ। মোৰ ককাই কয়, পঢ়াশুনা আনন্দৰে enjoy  কৰিবা। তাকে কৰিছিলোঁ। ড° ভূপেন হাজৰিকাৰ গীত শুনিছিলোঁ। সময় পালে চিনেমাও চাইছিলোঁ, অৱশ্যে যদিহে কাষৰ ঘৰত চায় তেতিয়াহে। আবেলি পথাৰত গৈ মন খুলি খেলিছিলোঁ। সন্ধিয়া মা ঘূৰি আহিলে খাই লৈ পঢ়িবলৈ বহিছিলোঁ। ককা ওচৰতে থাকে। কিমান যে ভাল লাগিছিল পঢ়িবলৈ…কিতাপৰ প্ৰতিটো পৃষ্ঠা লুটিয়াই ভাবিছিলোঁ ইয়ে মোৰ পৰম বন্ধু…মোৰ ভৱিষ্যতৰ পথ…কেতিয়া যে ডাঙৰ হৈ মাক ভালে ৰাখিম…! জানেনে মায়ে ঘৰে ঘৰে গৈ মুড়ি বিক্ৰী কৰে…ৰাতি যেতিয়া শোওঁ…গোটেইদিন খাটি আহিও মোৰ পিঠিত হাত বুলাই দিছিল। মই বাগৰ সলাই নিঃশব্দে কান্দি পেলাইছিলোঁ, কাৰণ মুড়িৰ বস্তা টানি টানি মাৰ গোটেই হাতৰ তলুৱাত যে কৰ বান্ধিছিল সেয়া গম পাইছিলোঁ। …বিদ্যালয়ৰ শিক্ষক সকলে ভীষণ মৰম কৰিছিল মোক। বিনা পইচাই মাজে মাজে ঘৰলৈ মাতি নি পঢ়ুৱাইছিল। তেওঁলোকৰ আশীৰ্বাদেই মোৰ শক্তি।
সঞ্চালক- (বিস্মিত হৈ)…তোমাৰ ৰুটিন বনোৱাৰ পদ্ধতিটোৰ বিষয়ে যদি অকনমান কোৱা…মোৰ আচৰিত লাগিছে…কোনো প্ৰাইভেট কোচিং নোলোৱাকৈ তুমি কেনেকৈ…ইমান ভাল ফল দেখুৱালা…?
তৃতীয়- মোৰ ককাই কয… “পৃথিৱীত সেইজনেই সকলোতকৈ শক্তিশালী, যিয়ে নিজৰ দুৰ্বলতা কি জানে।” আমি সকলোৱে কি ভালকৈ পাৰো তাকেই আগতে কওঁ….বা কোনটো বিষয়ত আমি ভাল সেইটোৱে আমি আগতে ভাবো। মোৰ ককাই কৈছিল… “আগতে তুমি এইটো ভাবা…কোন বিষয়ত তুমি আটাইতকৈ বেছি দুৰ্বল…সেই অনুযায়ী তুমি বিষয়ৰ তালিকা প্ৰস্তুত কৰা…তাৰ পিছত সেই অনুযায়ী ৰুটিন।”
সঞ্চালক- (আচৰিত হৈ) কথাখিনি অলপ ভাল দৰে বুজাই ক’লে ভাল হয়…
(প্ৰথম আৰু দ্বিতীয় দুয়ো গৰাকীয়ে কিছু অস্বস্তিৰে চায়, তৃতীয়ই যেন অলপ বেছিকৈয়ে প্ৰাধান্য পাইছে।)
তৃতীয়- ধৰক, মোৰ সাতটা বিষয়। সকলোতকৈ কঠিন লাগে অঙ্ক, তাতকৈ অলপ কম কঠিন লাগে ইংৰাজী, তাৰ পিছত ইতিহাস, তাৰপিছত ভূগোল…এনে দৰে…আটাইতকৈ ভাল লাগে বা সহজ লাগে  অসমীয়া। এখন তালিকা এনেকৈ কৰিলোঁ-
১. অঙ্ক
২. ইংৰাজী
৩. ইতিহাস
৪. ভূগোল
৫. ভৌত বিজ্ঞান
৬. জীৱ বিজ্ঞান
৭. অসমীয়া
মই দিনত ছঘণ্টা পঢ়োঁ। তাতকৈ বেছি মোৰ পঢ়াৰ সময় নাই। কাৰণ মাৰ লগত মুড়িৰ পেকেট বনোৱাৰ কামটো ৰাতিতেই কৰি শেষ কৰিব লাগে। পুৱা ২ ঘণ্টা পঢ়িছিলোঁ। এটা এটাবিষয় এঘণ্টাকৈ। মানে পুৱা দুটা বিষয় পঢ়িছিলোঁ। সেই দুটা slot -ৰ এটাত মই অসমীয়া আৰু জীৱ বিজ্ঞান পঢ়িছিলোঁ। অৰ্থাৎ এদিন অসমীয়া এদিন জীৱ বিজ্ঞান।পুৱাৰ দ্বিতীয়টো ঘণ্টাত সদায় অঙ্ক কৰিছিলোঁ। তাৰপিছত স্কুললৈ যাব লাগিছিল। কাৰণ প্ৰাইভেট কোচিং নাই, সেয়ে স্কুল ক্ষতি কৰা নাযাব। আৰু স্কুল মানেই মোৰ বাবে অনাবিল আনন্দ। প্ৰতিটো মুহূৰ্ত celebration ।
স্কুলৰ পাছত আবেলি খেলপথাৰত প্ৰাণভৰি খেলো। ককাই কয়… নেখেলিলে হেনো মগজু খোল নাখায়…আৰু সঁচাকে সেয়াই হয়। খেলি আহি পঢ়োতে খুব মন বহিছিল। সন্ধ্যাবেলা তিনি ঘণ্টা পঢ়িছিলোঁ। ৬ বজাৰ পৰা ৯ বজালৈ। এই তিনি ঘণ্টাত তিনিটা slot -ত তিনিটা বিষয় পঢ়িছিলোঁ। এটা slot -ত ভৌত বিজ্ঞান আৰু ভূগোল alternate day  হিচাপে,আৰু বাকী দুটাত ইংৰাজী আৰু ইতিহাস সদায়। তাৰপিছত ৰাতিৰ আহাৰ খোৱাৰ পিছত চাৰে নবজাৰ পৰা দহ বজালৈ ককাৰ লগত কেতিয়াবা ড° ভূপেন হাজৰিকাৰ গীত শুনিছিলোঁ, কেতিয়াবা ককাৰ সৰু কালৰ সাধু শুনিছিলোঁ, স্বদেশী বিপ্লৱী সকলৰ গল্প শুনিছিলোঁ…আৰু যে কত কি…! তাৰ পিছত দহ বজাৰ পৰা এঘাৰ বজালৈ সদায় এঘণ্টা অঙ্ক কৰিছিলোঁ। তাৰ পিছত মাৰ লগত মুড়িৰ পেকেট প্ৰস্তুত কৰিছিলোঁ। আৰু এনেকৈয়ে মোৰ সকলো বিষয় পঢ়া হৈ গৈছিল।
সঞ্চালক- (হতবাক)…বাহঃ…বঢ়িয়াতো! আচ্ছা প্ৰাইভেট কোচিং নথকা বাবে  মকটেষ্ট দিয়াৰ সুযোগ পোৱা নাই তুমি। তেনে ক্ষেত্ৰত তোমাৰ কোনো সমস্যা হোৱা নাছিলনে?
তৃতীয়- মই নিজেই নিজৰ টেষ্ট লৈছিলোঁ। কেতিয়াবা কোনো বন্ধুক লগত লৈ লৈছিলোঁ। সেয়াও এটা প্লেন।
সঞ্চালক- হয় নেকি! সেয়া কেনেকৈ?
(প্ৰথম আৰু দ্বিতীয় দুয়োজনেই ভীষণ হতচকিত, কিন্তু কৰিবলৈ একোৱে নাই, সিহঁতৰো শুনাৰ ইচ্ছা বাঢ়ি গৈছে।)
তৃতীয়- প্ৰথম প্ৰথম নিজেই নিজৰ পৰীক্ষা লৈছিলোঁ। নিৰ্দিষ্ট দিনত, নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট বিষয়ৰ পৰীক্ষা দিয়াৰ বাবে টেষ্ট পেপাৰৰ পৰা পৃষ্ঠা লটাৰী কৰি উলিয়াই লৈছিলোঁ। তাৰ পিছত পৰীক্ষা দিছিলোঁ সময় জুখি। তাৰ পিছত স্কুলত শিক্ষকসকলৰ ওচৰলৈ গৈ সেই খিনি চাই দিবলৈ অনুৰোধ কৰিছিলোঁ। বহুতেই ভাল পাই চাই দিছিল। কোনোৱে কোনোৱে মাননি সহ ঘৰলৈ পঢ়িবলৈ যাবলৈ কৈছিল। তাৰ পিছত ভাবিলোঁ মই নিজেই কিবা এটা কৰিব লাগিব। চুবুৰীৰে এজন বন্ধুক ক’লোঁ একেলগে মিলি মকটেষ্ট কৰিম। পদ্ধতিটো হ’ল এনেকুৱা—মই আৰু মোৰ বন্ধুৱে দুজনে দুয়োজনকে নজনোৱাকৈ নিৰ্দিষ্ট বিষয়ৰ এটা পৃষ্ঠা টেষ্টপেপাৰৰ পৰা বাচি ৰাখিলোঁ। সেই প্ৰশ্নৰ কপি খামত ভৰাই বন্ধ কৰি দুয়োজনে দুয়োজনকে দিলোঁ। দুয়োজনেই নাজানো খামৰ ভিতৰত কি প্ৰশ্ন আছে। নিজৰ সময় সুবিধা মতে নিজৰ ঘৰত বহি খামৰ চীল ভাঙি সেই প্ৰশ্নৰ সৎ ভাৱে পৰীক্ষা দিছিলোঁ। তাৰপিছত সেই প্ৰশ্নোত্তৰৰ বহী আকৌ প্ৰশ্নৰে সৈতে খামত ভৰাই ইজনে সিজনক দিছিলোঁ। এইবাৰ দুজনেই দুজনৰ প্ৰশ্নোত্তৰ চেক কৰিছিলোঁ। তাৰ বহীখন চেক কৰিবলৈ সেই প্ৰশ্নৰ উত্তৰবোৰ ময়ো ভালকৈ পঢ়ি তৈয়াৰ কৰিব লগা হৈছিল। আকৌ মোৰ বহীখন সি ভালকৈ চাইছে নে নাই সেইটো চাবলৈও মই নিজে দিয়া পৰীক্ষাৰ প্ৰশ্নপত্ৰৰ উত্তৰবোৰো তৈয়াৰ কৰিব লগা হৈছিল। এনেকৈয়ে মোৰ মকটেষ্ট হৈ গৈছিল।
এটা কথা কোৱাটো জৰুৰী, মই কোনো বিষয় এঘণ্টা পঢ়াৰ slot -ত আধা ঘণ্টা পঢ়িছিলোঁ আৰু আধা ঘণ্টা সেইখিনিকে লিখিছিলোঁ, ককাই কৈছিল “এবাৰ লিখা মানে দহবাৰপঢ়াৰ সমান, লিখি লিখি পঢ়িলে মগজু আৰু হাতৰ  co-ordination  ভালকৈ তৈয়াৰ হয়”… আৰু পঢ়িবলৈ বহি কেতিয়াও ভবা নাছিলোঁ আজি দহটা পৃষ্ঠা পঢ়িমেই বুলি, যিমান খিনিলৈকে পঢ়িবলৈ ভাল লাগিছিল, সিমান খিনিলৈকেই পঢ়িছিলোঁ…আৰু সিমান খিনিয়ে লিখি প্ৰস্তুত কৰিছিলোঁ। সময় সেই এঘণ্টাই।
সঞ্চালক- (বিস্মিত) অসাধাৰণ লাগিল…সঁচাকৈয়ে এগৰাকী কৃতীৰ যাত্ৰাপথ হয়তো এনেকুৱাই হয়।
(আনপিনে প্ৰথম আৰু দ্বিতীয় দুয়োজনেই হতভম্ব..)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close