কুমাওঁ ভ্ৰমণৰ মনোমোহা অভিজ্ঞতা

ভৱেশ শৰ্মা

কেপ্টেন জন হেনৰি সেভিয়াৰ আৰু মিসেস শাৰ্লট এলিজাবেথ সেভিয়াৰ আছিল লন্ডনৰ বাসিন্দা। আধ্যাত্মিক জীৱনৰ প্ৰতি আস্পৃহা দুয়োজনৰে আছিল অতিকৈ প্ৰবল। পাশ্চাত্যৰ ভোগ বিলাস কেন্দ্ৰিক জীৱনৰ প্ৰতি তেওলোকৰ জন্মিছিল তীব্ৰ অনীহা। বহু চেষ্টা আৰু অধ্যয়নৰ পাচতো তেওলোকে  নিজৰ মনে বিচৰা জীৱনৰ সঠিক পথ এটা বিচাৰি নাপাই একপ্ৰকাৰ হতাশ হৈয়েই পৰিছিল।
১৮৯৬ চনৰ এপ্ৰিল মাহত স্বামী বিবেকানন্দ যেতিয়া দ্বিতীয় বাৰৰ বাবে লন্ডনলৈ গৈছিল, তেতিয়া স্বামীজীৰ গভীৰ উদ্দীপনাময়ী আৰু তেজস্বী বক্তৃতা শুনি সেভিয়াৰ দম্পতী গভীৰ ভাবে অনুপ্ৰাণিত হৈ পৰিছিল। স্বামীজীয়ে ব্যাখ্যা  কৰা প্ৰাচ্যদৰ্শণৰ মাজত তেওলোকে নিজৰ ইপ্সিত পথৰ সন্ধান পাইছিল। বিচাৰি পাইছিল জীৱনৰ প্ৰকৃত শান্তি, আনন্দ আৰু মুক্তিৰ পথ। বিলম্ব নকৰি দুয়োজনেই স্বামীজীৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। প্ৰথম দৰ্শণতেই স্বামীজীয়ে মিসেস সেভিয়াৰক ‘মা’ বুলি সম্বোধন কৰিছিল। মিসেস সেভিয়াৰ সেয়েহে পিচলৈ ‘মা’ অথবা ‘মাদাৰ’
নামেৰেহে পৰিচিত হৈ পৰিছিল।
সেইবছৰৰে জুলাই মাহত স্বামীজী ইউৰোপ ভ্ৰমণলৈ ওলাইছিল। সেভিয়াৰ দম্পতী এই যাত্ৰাত সৰ্বক্ষণ স্বামীজীৰ লগে লগে আছিল। স্বামীজীৰ এটা দীৰ্ঘদিনীয়া সপোন আছিল ভাৰতবৰ্ষত হিমালয়ৰ নিৰ্জন প্ৰকৃতিৰ মাজত আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ হিচাপে এখন আশ্ৰম স্থাপন কৰাৰ। এই আশ্ৰম হব লোকালয়ৰ পৰা সম্পূৰ্ণ আতৰত যাক পাৰ্থিব জীৱনৰ কোলাহলে ঢুকি নাপাব।তুষাৰাবৃত হিমালয়ৰ অনিৰ্বচনীয় শোভা এই আশ্ৰমৰ পৰা সততে দৃশ্যমান হব।এই আশ্ৰমত কোনো পূজা পাতল বা ধৰ্মীয় আচাৰ বিধি নচলিব। কেবল ধ্যান আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ এই আশ্ৰমখন  হব প্ৰাচ্য আৰু পাশ্চাত্যৰ শিষ্য সকলৰ মিলন স্থল যৰ পৰা বেদান্তৰ বানী প্ৰচাৰ হব সমগ্ৰ বিশ্বত।
সুইজাৰলেন্ডৰ বৰফাবৃত আল্পস পৰ্বতমালা দেখি স্বামীজীয়ে তেখেতৰ এই সপোনৰ কথা সেভিয়াৰ দম্পতিৰ আগত পুনৰ দোহাৰিছিল। সেভিয়াৰ দম্পতিয়েও সংকল্প লৈছিল স্বামীজীৰ এই স্বপ্ন বাস্তবত ৰূপায়িত কৰাৰ।
ইংলেন্ডৰ স্থাবৰ অস্থাবৰ সকলো সম্পত্তি বিক্ৰী কৰি পা-পইচা গোটাই লৈ সেভিয়াৰ দম্পতী ভাৰতবৰ্ষলৈ আহি আশ্ৰমৰ বাবে স্থান বিচাৰিবলৈ আৰম্ভ কৰিছিল। স্বামীজীয়ে এই আশ্ৰম খন আলমোৰাৰ আশে পাশে হোৱাটো বিচাৰিছিল।সেই বাবেই সেভিয়াৰ দম্পতীয়ে আলমোৰাৰ ওচৰ পাজৰৰ সকলো সম্ভাব্য স্থল চাই চলাথ কৰি ফুৰিছিল।
অৱশেষত বিচৰা ঠাইখনৰ সন্ধান পোৱা গৈছিল।আলমোৰাৰ পৰা ৫০ মাইল দূৰত অনিন্দ্যসুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত আছিল এখন চাহ বাগান। বাগান খনৰ মালিক জেনেৰেল ডব্লিউ. জে. মেকগ্ৰেগৰ চাহাবে বাগান খন বিক্ৰী কৰি ইংলেন্ডলৈ ঘূৰি যাবলৈ বিচাৰিছিল।  কেপ্টেন সেভিয়াৰে বাগানখন কিনি লৈছিল। যুদ্ধকালীন ক্ষিপ্ৰতাৰে আৰম্ভ হৈছিল আশ্ৰম নিৰ্মাণৰ কাম।
এনেদৰেই ১৮৯৯ চনত ‘মায়াবতী’ আশ্ৰম প্ৰতিষ্ঠা হৈছিল।
২০১৪ চনৰ এপ্ৰিল মাহত মধ্য প্ৰদেশৰ ভূপালৰ ওচৰৰ বীনা নামৰ ঠাই খনত অলপ আগতীয়াকৈ কৰ্ম জীৱনৰ সামৰণি মাৰি মই অসমলৈ ঘূৰি আহিছিলো।
অৱসৰ জীৱনটো বেচ ভাল লাগিছিল মোৰ। নাই কোনো উচ্চাকাংক্ষা, নাই কোনো প্ৰতিযোগিতা অথবা বাধ্যবাধকতা।নাই কোনো ধৰা বন্ধা আমনিলগা দৈনিক ৰুটিন। মন গলেই যেতিয়াই তেতিয়াই গুচি যাব পাৰো যলৈকে মন যায়। কেতিয়াবা সাগৰ তীৰত, কেতিয়াবা মৰুৰ মাজত কিম্বা কোনো পৰ্বতৰ শিখৰত। কি যে সুন্দৰ জীৱন !
তেনে সময়তে অকস্মাৎ এদিন ইন্টাৰনেটৰ জৰিয়তে মায়াবতী আশ্ৰমৰ কথা জানিব পাৰিছিলো। লগে লগেই মন স্থিৰ কৰিছিলো–শাৰদীয় দূৰ্গা পূজাৰ মনোৰম সময়খিনি এইবাৰ তাতেই কটাম।
আশ্ৰমৰ স্বামীজীলৈ ই-মেইলৰ জৰিয়তে অনুৰোধ কৰিছিলো পূজাৰ সময়ত মোক সপৰিয়ালে এসপ্তাহ আশ্ৰমত কটাবৰ অনুমতি দিবলৈ। পিচদিনাখনেই ই-মেইলৰ উত্তৰ আহিছিল। আমাক অক্টোবৰৰ ১ তাৰিখৰ পৰা তিনি দিন থকাৰ অনুমতি দিয়া হৈছিল। লগতে ইয়াকো কোৱা হৈছিল যে বাহিৰা দৰ্শণাৰ্থীক আশ্ৰমত তিনি দিনতকৈ অধিক কাল থাকিব দিয়াৰ নিয়ম নাই।
দিল্লীৰ পৰা নিশাৰ ৰেলেৰে আহি চেপ্তেম্বৰৰ ২৯ তাৰিখে ৰাতিপুৱাই আমি কাঠগোদাম স্টেচনত নামিছিলো।এই পথত কাঠগোদামেই অন্তিম স্টেচন । ইয়াৰ আগলৈ আৰু ৰেলৰ লাইন নাই। থকাটো সম্ভৱো নহয় । স্টেচনৰ অলপ আতৰৰ পৰাই আৰম্ভ হৈছে কুমাও হিমালয়ৰ সুউচ্চ পৰ্বত শ্ৰেণী । .
দিল্লীৰ পৰা আহি কাঠগোদাম স্টেচনত নামিয়েই খুব ঠান্ডা অনুভৱ হৈছিল। স্টেচনটো চাই মই মুগ্ধ হৈ পৰিছিলো। কোনো ধৰণৰ ব্যস্ততাহীন এই সৰু স্টেচনটো ইমান সুন্দৰ, ইমান পৰিপাটি আৰু চাফ চিকুন !
স্টেচনৰ ওচৰতে থকা Kumaon Mandal Vikash Nigam (চমুকৈ KMVN) ৰ অতিথিশালাত কোঠা এটা মই আগতেই বুক কৰি থৈছিলো। এইখিনিতে বন্ধু বান্ধবী সকলক কথা এটা কৈ থও। উত্তৰাখন্ডৰ কুমাও অন্চললৈ ভ্ৰমণ কৰিব গলে পৰাপক্ষত  KMVN ৰ অতিথিশালাত থকাই শ্ৰেয়। মই এতিয়ালৈকে যিমান দেখিছো তেওলোকৰ  অতিথিশালা বোৰ বেচ পৰিস্কাৰ পৰিচ্ছন্ন, অবস্থান সদায়েই অতি সুন্দৰ ঠাইত,খোৱা লোৱা আদি ঘৰুৱা ধৰণৰ আৰু সৰ্বোপৰি দাম বোৰো বৰ গাত লগা বিধৰ নহয় । ঠিক তেনেদৰে গাড়োৱাল অন্চললৈ ফুৰিব গলে Garowal Mandal Vikash Nigam  অৰ্থাৎ GMVN ৰ অতিথিশালাত থকাই বুদ্ধিমানৰ কাম।
অতিথিশালাত গা পা ধুই উঠি সুন্দৰকৈ ৰাতিপুৱাৰ জলপান খাই আজৰি হৈ মই অকলেই ওলাই পৰিছিলো এই মনোমোহা সৰু চহৰখন ভালদৰে চাই  লবলৈ।
কুমাওঁ হিমালয়ৰ পাহাৰ শ্ৰেণীৰ ঠিক পাদ দেশতেই অবস্থিত এই কাঠগোদাম চহৰখনৰ এটা অংশ পাহাৰীয়া যদিও তাৰ বিপৰীত ভাগ তেনেই সমতল।স্থলপথ আৰু ৰেলপথেৰে এই চহৰখন দেশৰ বাকী অংশৰ লগত ভালদৰেই সংযুক্ত। সেই হেতু উত্তৰাখন্ডৰ পৰ্য্যটন মানচিত্রত কাঠগোদামৰ গুৰুত্ব খুবেই বেছি।অতি মনোৰম জলবায়ু এই চহৰখনৰ আন এক আকৰ্ষণ। শীতকালত উত্তৰাখন্ডৰ আন আন উল্লেখনীয় পৰ্য্যটন স্থল সমূহৰ দৰে ইয়াত উৎকট ঠান্ডা তেনেকৈ নপৰে। গৰমৰ দিনত পিচে  ইয়াৰ শীতল আৱহাৱা ভ্ৰমণাৰ্থী সকলৰ বেচ উপভোগ্য হৈ পৰে।
সময় বাগৰাৰ লগে লগে কাঠগোদামৰো ৰূপ সলনি হবলৈ লৈছে।গাড়ী মটৰৰ আধিক্য ঘটিছে।জনসংখ্যা বাঢ়িছে।ইয়াৰ মনোৰম জলবায়ু আৰু শান্তিপূৰ্ণ বাতাবৰণৰ বাবে আন ঠাইৰ পৰাও মানুহ আহি ইয়াত থাকিবলৈ লৈছে। দিনে দিনে নতুন নতুন আৱাসিক এলেকা গঢ় লৈ উঠিছে।বিকাশ, বিবৰ্তন আৰু আধুনিক যান্ত্রিক সভ্যতাৰ ছাপ সৰ্বত্র পৰিবলৈ লৈছে। কিন্তু মুখ্যত: এই সকলোবোৰ ঘটিছে পাচ কিলোমিটাৰ দূৰৈত নতুনকৈ গঢ় লৈ উঠা হালদৱানি (Haldwani) চহৰত। দৰাচলতে হালদৱানি চহৰখন কাঠগোদামৰেই এক সম্প্ৰসাৰণ বুলি কব পাৰি।সময়ৰ সোতত আহি পৰা সমস্ত পৰিবৰ্তনৰ বোজা হালদৱানিৰ ওপৰতে জাপি দি কাঠগোদাম চহৰখনে নিজৰ শান্ত সমাহিত ৰূপ অক্ষুন্ন ৰাখি হিমালয়ৰ চৰণত মূৰ গুজি নিশ্চিন্তমনে এই পৰিবৰ্তনৰ আলেখ লেখ চাই ৰৈছে।
 অক্টোবৰ মাহ কুমাওঁ ভ্ৰমণৰ  বাবে বেচ অনুকুল সময়। ৰাস্তাত ইতিমধ্যেই দেশী বিদেশী পৰ্য্যটকৰ সমাগম আৰম্ভ হৈ গৈছে। বজাৰ সমাৰ কৰিবলৈ কুমাওঁনী পুৰুষ মহিলা সকলো এইখিনি সময়তে ওলাই আহিছে। কাঠগোদামৰ পৰা হালদৱানি যাবৰ বাবে বাচ, টেক্সি, অটো, ৰিক্সা আদি কোনোটোৰেই অভাব নাই। মই পিচে এই সুন্দৰ পৰিবেশত খোজ কাঢ়ি যাবলৈহে পচন্দ কৰিলো।হালদৱানিৰ বজাৰ বেচ জমজমাট। দোকানবোৰত দেশী বিদেশী পৰ্য্যটকৰ ভীৰ। ভ্ৰমণাৰ্থী সকলৰ ক্ৰমবৰ্দ্ধমান চাহিদাৰ হেতু ইয়াৰ বজাৰত গৰম কাপোৰ, শ্বল, চুৱেটাৰ, জেকেট, ঊলৰ টুপী, ঊলৰ মোজা আদিৰ বিশাল পয়োভৰ।লগতে পৰ্বতাৰোহন অভিযানত প্ৰয়োজন হোৱা সা-সজুলি, টেন্ট আদিও ইয়াত সুলভ।
পাহাৰত ভ্ৰমণ কৰোতে প্ৰয়োজন হোৱা বস্তু দুই এপদ কিনি মই অতিথিশালালৈ উভটিলো। নিশাটো তাতে কটাই পিচদিনাখন ৰাতিপুৱা গাড়ী এখনেৰে গৈ দুপৰীয়াৰ আগে আগে লোহাঘাট পালোগৈ।লোহাবতী নদীৰ পাৰত অবস্থিত লোহাঘাট এখন সৰু মনোৰম  জনপদ। চৌদিশে পাইন আৰু দেওদাৰ গছৰ অৰণ্যৰে পৰিবেষ্টিত এই শান্ত  জনপদৰ পৰিবেশ কবলৈ গলে নান্দনিক। ইয়াৰ পৰা মায়াবতী আশ্ৰম মাত্র ন কিলোমিটাৰ দূৰত।
মূল জনপদৰ পৰা অলপ নিলগৰ সৰু টিলা এটাৰ ওপৰৰ সমতল ভূমি এটুকুৰাত অতি মনোমোহা পৰিবেশত অবস্থিত KMVN ৰ অতিথিশালা। ইয়াতো মই এদিনৰ বাবে কোঠা এটা বুক কৰি ৰাখিছিলো। ওপৰ মহলাৰ সমুখৰ বাৰান্দাৰ লগৰ কোঠা এটা পাই বেচ আনন্দই পালো।
বাৰান্দাত বহি চৌদিশৰ পাইন আৰু দেওদাৰ গছৰ অৰণ্যৰ নান্দনিক ৰূপসুধা পান কৰি থাকোতে দিনটোযে কেনেকৈ পাৰ হৈ গল তৰ্কিবই নোৱাৰিলো।
-“আজি কাৰেন্ট নাই। ৰাতি নাহিবই চাগে। ৰাতিৰ খানা আজি সোনকালেই খাব লাগিব, চাৰ।”– অতিথিশালাৰ সহজ সৰল হাহিমুখীয়া পৰিচাৰকজনে আহি কলে।
-“ঠিক আছে। কিন্তু খাবলৈ কি দিবা”- মই সুধিলো।
-“ৰুটী,ভাত দুয়োটাই হব। ডাল, চবজীতো থাকিবই । আপুনিয়ে কওক আৰু কি খাব। মাটন নে চিকেন?”
ৰন্ধা বঢ়াত কিন্তু ওস্তাদ দেই এই কমবয়সীয়া পাহাৰী লৰা জন। ইমান জুতিলগা খানা । তৃপ্তিৰে খাই বৈ
সোনকালেই শুই পৰিলো।
পিচদিনা ৰাতিপুৱা সোনকালে গা পা ধুই গৰম গৰম ৰুটী চবজীৰে পুৱাৰ জলপান খাই আমি সৰু গাড়ী এখনেৰে যাত্রা কৰিলো মায়াবতী আশ্ৰমলৈ বুলি।
বেলুড় মঠৰ শ্ৰীৰামকৃষ্ণ মিছনৰ তত্বাৱধানত পৰিচালিত এই মায়াবতী আশ্ৰমখনৰ পৰিচালনা আৰু দৈনন্দিন সেৱাৰ কামত নিয়োজিত হৈ থকা  সংসাৰত্যাগী সাধক সকলক আমি স্বামীজী নামেৰে জানো।তেখেত সকলৰ থকাৰ ব্যবস্থা আছিল আশ্ৰমৰ মূল ভৱনটোৰে ওপৰ মহলাত।তলৰ মহলাত আছিল আশ্ৰমৰ অফিচ, ৰান্ধনিঘৰ, ভোজন গৃহ আৰু অইন কৰ্মচাৰী সকলৰ থকাৰ কোঠা।
খোৱা লোৱাৰ বাবে আমি অতিথিশালাৰ পৰা আশ্ৰমৰ মূল ভৱনলৈ দৈনিক পাচবাৰকৈ অহা যোৱা কৰিব লাগিছিল।ৰাতিপুৱাৰ চাহ, ৰাতিপুৱাৰ জলপান, দুপৰীয়াৰ আহাৰ, আবেলিৰ চাহ আৰু নিশাৰ আহাৰ — মুঠতে পাচবাৰ। প্ৰথম প্ৰথম এই আধা কিলোমিটাৰৰ থিয় পথ বগাই ওপৰলৈ যাবলৈ বৰ কষ্ট হৈছিল। এবাৰ দুবাৰ অহা যোৱা কৰাৰ পিচত অভ্যস্ত হৈ পৰিছিলো।পিচলৈ এই পাচবাৰৰ উপৰিও দিনটোৰ ভিতৰত কাৰণে অকাৰণে আশ্ৰমলৈ কেবাবাৰো অহা যোৱা কৰাটো মোৰ অভ্যাসত পৰিনত হৈছিল।সমস্যাটো হৈছিল পিচে নিশাৰ ভাগলৈহে।কুমাওঁৰ এই পাহাৰীয়া অৰণ্যত হিংস্ৰ জন্তু বিশেষকৈ লেপাৰ্ড আৰু চিতা বাঘৰ সংখ্যা তেনেই কম নাছিল। মাজে মাজে সিহতে অৰণ্যৰ দাতিকাষৰীয়া ঠাইৰ গাও ভূইৰ মানুহৰ অনিষ্ট সাধন কৰাৰ কথা শুনিব পাইছিলো।আমি গৈ পোৱাৰ দিনাখনেই আশ্ৰমৰ হস্পিটেলৰ ওচৰত লেপাৰ্ডৰ আবিৰ্ভাব হোৱা বুলি অতিথিশালাৰ চকীদাৰজনে কৈছিল।হিংস্ৰ জন্তু বোৰক বিদূৰ কৰি ৰাখিবলৈ এই আধা কিলোমিটাৰৰ পথচোৱা উজ্বল ফ্লাড লাইটেৰে ৰাতি আলোকিত কৰি ৰখা হৈছিল।তথাপিও আমি আস্বস্ত হব পৰা নাছিলো। নিশাৰ ভাগত অতিথিশালাৰ সমস্ত আবাসী একেলগ হৈ দল পাতিহে আহাৰ খাবলৈ আশ্ৰমলৈ গৈছিলো। তেনেদৰেই খোৱা লোৱাৰ পাচত সকলো একেলগে উভটিছিলো।
আশ্ৰমৰ নিৰামিষ আৰু আড়ম্বৰহীন খোৱালোৱা বোৰ  আছিল পিচে অতিকৈ সুস্বাদু।ৰাতিপুৱাৰ জলপানত সাধাৰণতে ৰুটী তৰকাৰী নাইবা পুৰি ভাজি পৰিবেশন কৰা হৈছিল।দুপৰীয়া আৰু নিশাৰ আহাৰত ভাত, ৰুটী আৰু ডাইলৰ লগতে দুবিধ তৰকাৰী দিয়া হৈছিল। গাখীৰ আৰু দৈ আছিল উভৈনদী।যাৰ যিটো মন যায় খালেই হল। সবৰে শেষত আহিছিল  অতি সুস্বাদু মিঠাই ।
 সকলোৰে থালত খোৱা বস্তু দিয়া হোৱাৰ পাচত ভোজন গৃহত প্ৰবেশ কৰিছিল স্বামী মাধূৰ্য্য মহাৰাজ। তেখেতে মন্ত্র এটা পাঠ কৰিছিল। তেখেতৰ লগে লগে আমিবোৰেও সেই মন্ত্র আওৰাব লাগিছিল। মন্ত্রটোৰ যোগেদি ভগবানক কৃতজ্ঞতা জনাই আৰু  খাদ্য দ্ৰব্য সমূহ ভগবানক উচৰ্গা কৰি খোৱাৰ নিয়ম আছিল। সমুখৰ নিৰ্দিষ্ট ঠাই এডোখৰত বহি স্বামীজীয়ে নিজেও আমাৰ লগতে খাইছিল। খোৱাৰ পাচত কাহি বাটী গিলাচ আদি নিজে পৰিস্কাৰকৈ ধুই যথাস্থানত থৈ দিব লাগিছিল।
আশ্ৰমৰ সেৱাত নিয়োজিত আটাইকেইগৰাকী সাধকৰে ব্যক্তিত্ব সমানে আকৰ্ষণীয় নাছিল। দুই এজন গোমোঠা মুখৰ আৰু অনাকৰ্ষণীয় ব্যক্তিত্বৰ সাধকো মোৰ চকুত পৰিছিল। হলেও অতি আকৰ্ষণীয় চেহেৰাৰ সৰবৰহী কমবয়সীয়া ডেকা
মাধূৰ্য্য মহাৰাজৰ  মধূৰ ব্যবহাৰ আৰু বন্ধুত্বপূৰ্ণ  আচৰণে সকলো দৰ্শণাৰ্থীৰে হৃদয় জয় কৰিছিল। হাহি মুখীয়া আৰু ধেমেলীয়া স্বভাবৰ এই সাধক জনৰ লগত প্ৰথম দৰ্শণৰ পৰাই মোৰ সম্পৰ্ক গাঢ় হৈ পৰিছিল। আজৰি পৰত তেখেতৰ ওচৰলৈ গৈ কথা পাতি মই খুব ভাল পাইছিলো।
-” ইয়াৰ পৰিবেশ অতি সুন্দৰ যদিও দীৰ্ঘ দিন এনেদৰে নিসংগ হৈ থাকি কেতিয়াবা আপোনাৰ মন বেয়া নালাগেনে বাৰু ?”– চেগ বুজি এদিন মই তেখেতক প্ৰশ্ন কৰিছিলো।
-“মোৰ নিজৰ মন বুলি কোনো বস্তুৱেই নাই। কেতিয়াবাই তাৰ বিলুপ্তি ঘটিছে।”– হাহি হাহিয়েই তেখেতে উত্তৰ দিছিল।
অবাক হৈ মহাৰাজৰ চকুৰ পিনে চাই মই এই কথাষাৰৰ তাৎপৰ্য্য বুজিবৰ চেষ্টা কৰিছিলো।
কোলকাতাৰ পৰা অহা উৎসাহী ডেকা দৰ্শণাৰ্থী এজনে এদিন মহাৰাজৰ অতীত পৰিচয় সম্বন্ধে প্ৰশ্ন কৰিছিল। কথাটো বৰ ভাল হোৱা নাছিল নেকি !সদায়ে হাহি থকা মহাৰাজৰ মুখ খনো ক্ষন্তেকৰ বাবে গহীন হৈ গৈছিল। চমুকৈ তেখেতে মাথো কৈছিল -” বৰ্তমানৰ পৰিচয়েই মোৰ একমাত্র পৰিচয়।মোৰ অতীতৰ ইতিমধ্যেই মৃত্যু হৈছে।”
তাৰ পাচত মহাৰাজৰ অতীত জীৱন সম্বন্ধে কোনো প্ৰশ্ন সুধিবলৈ আমি কোনেও সাহস কৰা নাছিলো।
পাহাৰৰ মাজৰ এক বিস্তীৰ্ণ এলেকা জুৰি আছিল মায়াবতী আশ্ৰমৰ পৰিসৰ। আশ্ৰমখন বহু ক্ষেত্রতেই আছিল স্ব-নিৰ্ভৰশীল। দৰ্শণাৰ্থী সকলকে আদি কৰি আশ্ৰমৰ সৈতে জড়িত সকলো লোকৰে খোৱা লোৱাৰ বাবে প্ৰয়োজন হোৱা খাদ্য শস্য, শাক পাচলি আদি আশ্ৰমৰ নিজৰ কৃষিভূমিতেই উৎপন্ন কৰা হৈছিল।আশ্ৰমৰ নিজস্ব গোশালাৰ পৰা প্ৰতিদিনে ৰাতিপুৱা বুজন পৰিমানৰ গাখীৰ ৰান্ধনিশাল আহি পাইছিল। হিমালয়ৰ উৰ্বৰ বুকুত লহপহকৈ বাঢ়ি অহা শাক পাচলিৰে ভৰপূৰ বাগিচা বোৰ আছিল সচাকৈয়ে চাবলগীয়া।
আশ্ৰমৰ সমস্ত কাম কাজ নিয়াৰিকৈ চলাবৰ বাবে বেচ কিছু সংখ্যক কৰ্মচাৰী আৰু শ্ৰমিকৰ দৰ্কাৰ হৈছিল। তাৰ বাবে পিচে লোকৰ অভাব নহৈছিল।কুমাওঁৰ মনোৰম পাহাৰীয়া বনান্চলৰ মাজত লুকাই থকা সৰু সৰু গাওঁ বোৰৰ অধিবাসী এই সহজ সৰল কুমাওঁনী লোক সকল আছিল আৰ্থিক দিশৰ পৰা অতিকৈ নিস্ব।স্বাধীন ভাৰতবৰ্ষই লাভ কৰা প্ৰগতিৰ সকলো সা-সুবিধাৰ পৰাই তেওলোক হৈ আছিল বৰ দুখ লগাকৈ বন্চিত। আশ্ৰমৰ সেৱাৰ কামৰ মাজত নিজৰ জীৱিকাৰ সন্ধান পোৱাটো সেয়েহে এনে লোক সকলৰ বাবে হৈ পৰিছিল পৰম সৌভাগ্যৰ বিষয়।আশ্ৰমৰ ওপৰত এই লোক সকল আৰু তেওলোকৰ পা-পৰিয়াল হৈ পৰিছিল সম্পূৰ্ণভাবেই নিৰ্ভৰশীল।আশ্ৰমৰ স্বামীজী সকলক তেওলোকে ভগবানৰ পাচতেই স্থান দিছিল।ব্যক্তিগত জীৱনৰ যিকোনো সমস্যা, দুখ দুৰ্দশা আদিৰ সময়তো তেওলোক লৱৰি আহিছিল স্বামীজী সকলৰ ওচৰলৈ– সমাধান আৰু উপদেশ বিচাৰি।আশ্ৰম আৰু ইয়াৰ স্বামীজী সকলৰ প্ৰতি তেওলোকৰ অন্তৰ যে বিশ্বাস আৰু কৃতজ্ঞতাৰে পৰিপূৰ্ণ সেইটো তেওলোকৰ কথা বতৰা আৰু চাল চলনত ভালকৈয়ে পৰিস্ফুট হৈ পৰিছিল।
এনে বহু পাহাৰীয়া গাওঁলৈ তেতিয়ালৈকে বাট পথ হৈ উঠাই নাছিল।চিকিৎসাৰ বাবে চৰকাৰৰ ফালৰ পৰা লোৱা কোনো ব্যবস্থাই তেতিয়ালৈ এই লোক সকলক সাঙুৰি লব পৰা নাছিল। মায়াবতী আশ্ৰমৰ হস্পিটেলখনেই হৈ পৰিছিল দূৰ দূৰণিৰ এনে বহু গাওঁৰ দৰিদ্ৰ লোক সকলৰ বেমাৰ আজাৰৰ চিকিৎসাৰ একমাত্র নিৰ্ভৰযোগ্য স্থল।
আমাৰ অতিথিশালাৰ কাষৰ সমতল ভূমি খনতো নানা তৰহৰ শাক পাচলিৰ খেতি কৰা হৈছিল।তাতে খেতি বাতিৰ কামত নিয়োজিত হৈ থকা পাহাৰীয়া লোক সকলৰ লগত আমি গৈ কামৰ মাজে মাজে নানা কথা পাতিছিলো।
-“তোমালোক ইমান ভাগ্যবান। ইমান সুন্দৰ ঠাইত থাকিবলৈ পাইছা।”– কামৰ মাজত আমাৰ কাষতে বহি  অলপ জিৰণি লব খোজা কমবয়সীয়া পাহাৰী লৰা জনক মোৰ শ্ৰীমতীয়ে কৈছিল।
-“নহয় দিদি। ঠান্ডাৰ দিনত আমাৰ ইয়াত বৰ কষ্ট হয়। ইমান বেচি বৰফ পৰে ইয়াত। ঠান্ডাত হাত ভৰি ঠেৰেঙা লাগি যায়।সেইবুলিতো কাম নকৰিলে নচলিব।জুইত হাত ভৰি সেকি নললে আঙুলি এটাও লৰাব নোৱাৰা অবস্থা হৈ যায়।”
এই অক্টোবৰ মাহতে মায়াবতী আশ্ৰমত যি হাড় কপোৱা জাৰৰ প্ৰকোপ পাইছিলো তাৰ পৰা সেই কথা অনুমান কৰিবলৈ মোৰ কষ্ট হোৱা নাছিল।
মূল আশ্ৰমৰ পৰা অলপ নামনিত অবস্থিত মায়াবতী আশ্ৰমৰ হস্পিটেলখন। প্ৰত্যাশিত ভাবেই হস্পিটেলখনৰ সমস্ত চৌহদ আছিল অতিকৈ পৰিস্কাৰ।আশ্ৰমৰ মূল ভৱনৰ সমুখৰ ফুলৰ বাগিচাখনৰ কাষৰ পৰাই  আৰম্ভ হোৱা কংক্ৰীটৰ খটখটীৰে নামি যাওতে ওপৰৰ পৰা সুদৃশ্য আটোম-টোকাৰি হস্পিটেলখন দেখি কোনো এক বিলাসী ৰিচৰ্ট যেনহে মোৰ অনুভৱ হৈছিল।
ত্রিশখন বিচনা যুক্ত এই আধুনিক হস্পিটেলখন আছিল “অপাৰেশ্যন থিয়েটাৰ”কে আদি কৰি চিকিৎসাৰ সকলো ব্যবস্থাৰে সুসমৃদ্ধ । দুজনকৈ ডাক্তৰক তাত সকলো সময়তে পোৱা গৈছিল।এই ডাক্তৰ দুজনে সকলো ধৰণৰ সাধাৰণ বেমাৰ আজাৰৰ চিকিৎসা কৰিছিল।স্পেচিয়েলিষ্ট ডাক্তৰ নাইবা শল্য চিকিৎসক(surgeon) ৰ প্ৰয়োজন আহি পৰিলে লগে লগেই বেলুড় মঠৰ শ্ৰী ৰামকৃষ্ণ মিশ্যনলৈ খবৰ পঠোৱা হৈছিল। সেই মতেই কোলকাতাৰ পৰা প্ৰয়োজনীয় চিকিৎসক  সকল তাৎক্ষনিক ভাবেই আহি পৰিছিল।
লোকচক্ষুৰ অন্তৰালত দৰিদ্ৰ নিস্ৱ জনৰ সেৱাৰ মাজেৰে নীৰবে নিজৰ সাধনাত ব্ৰত এই প্ৰচাৰ বিমুখ ডাক্তৰ আৰু স্বামীজী সকলৰ প্ৰতি কৃতজ্ঞতাৰে মোৰ অন্তৰ উপচি পৰিছিল।
হস্পিটেলৰ চৌহদত ঘূৰি ফুৰাৰ সময়তে মোৰ ডাক্তৰ গুপ্তাৰ লগত চিনাকি হৈছিল।
ডাক্তৰ গুপ্তা আছিল বৰ সৰবৰহী আৰু উৎসাহী স্বভাবৰ লোক।  মোৰ সমবয়সীয়াই হব।ঘৰ লক্ষ্নৌত। পৰিয়াল তাতেই থাকে।জীয়ৰী দুগৰাকী। দুয়োগৰাকীয়ে নিজৰ নিজৰ জীৱনত সুপ্ৰতিষ্ঠিতা।ডাক্তৰ গুপ্তাই মাহটোৰ পোন্ধৰ দিন লক্ষ্নৌৰ নিজৰ চেম্বাৰত বহে। বাকী পোন্ধৰ দিন কটায় মায়াবতী আশ্ৰমত– ৰোগাক্ৰান্ত আৰ্ত জনৰ দুখ দুৰ্দশা মোচনত নিজৰ নিস্বাৰ্থ সেৱা আগবঢ়াবলৈ।
মোক লগ পাই তেখেতে ভাল পোৱা যেন বোধ হৈছিল। মোৰ বিশদ পৰিচয় লৈছিল। মই অতিথিশালাৰ কোনটো ৰুমত আছো তেখেতে জানি লৈছিল। কৈছিল- “কামৰ পৰা আজৰি হলেই মই গৈ ওলামগৈ আপোনাৰ ওচৰত।”
দুপৰীয়াৰ আহাৰ খাই উঠাৰ পাচত আবেলি পৰত অতিথিশালাৰ সমুখতে চকী এখনত বহি ৰদৰ কোমল উম গাত লৈ থাকোতে আমেজত মোৰ তন্দ্ৰাভাৱ হৈছিল হবলা। ডাক্তৰ গুপ্তাৰ মাতত সাৰ পাই খপজপকৈ থিয় হলো।
-“ইমান আৰাম কৰি থাকিলে নচলিব শৰ্মাজী। মোৰ পিনে চাওক। হস্পিটেলৰ পৰা আহি এতিয়া জীনচ আৰু স্পোৰ্টচ ছু পিন্ধি আহিছো- ফুৰিবলৈ যাবৰ বাবে।”
ডাক্তৰ গুপ্তাক মই ৰুমলৈকে লৈ গৈছিলো। আমাৰ লগতে অহা মোৰ শাহু আইৰ উচ্চতাজনিত জটিলতা(high altitude sickness)ৰ লক্ষণ দেখা দিছিল। শ্বাস প্ৰশ্বাসত কষ্ট হৈছিল। ডাক্তৰ গুপ্তাই তেখেতৰ স্ৱাস্থ্য পৰীক্ষা কৰিছিল।কৈছিল–“বিশেষ চিন্তা কৰিব লগা কথা নাই। high altitude ত বয়সস্থ মানুহৰ এনে হোৱাটো একো অস্বাভাবিক নহয়।মই দৰব এটা লিখি দিছো। ভাল পাই যাব। দৰব আনিবলৈ আপুনি আকউ ইমান কষ্টেৰে উঠা নমা কৰি হস্পিটেল যাবৰ দৰ্কাৰ নাই।এটা কাম কৰিম। ৰাতি ভাত খাবলৈ আহোতে দৰবটো ময়েই লগত লৈ আহিম। আপুনিতো ভাত খাবলৈ আশ্ৰমলৈ আহিবই। তেতিয়াই দৰবটো আপোনাক দি দিম। হবনে ?”
কৃতজ্ঞতাৰে মই মূৰ দুপিয়াইছিলো। সচাকৈ অতি মৰমীয়াল এই ডাক্তৰ ৰূপী সাধকজন।
-“এতিয়া আপুনি ওলাওক। স্পোৰ্টচ ছু পিন্ধি লওক।মই আপোনাক ফুৰাই আনিম অৰণ্যৰ ভিতৰৰ পৰা।”
-“এই অসময়ত অৰণ্যৰ মাজলৈ। ভয়েই লাগে দেখোন। বনৰীয়া জীৱ জন্তু নাই জানো।”– অলপ ইতস্ততাৰে কৈছিলো মই।
-“ডাক্তৰ গুপ্তা লগত থাকিলে কোনো চিন্তা নাই। মোক ইয়াত বনৰীয়া জীৱ জন্তুৱেও চিনি পায়। ডাক্তৰৰ বেজীক সিহতেও বৰ ভয় কৰে, বুজিছে ।”
মোৰ এই নতুন বন্ধু জনক নিৰুৎসাহ কৰিবৰ মন নগল। মই জোতা পিন্ধিবলৈ আৰম্ভ কৰিছিলো।
-“তুমি অকলে গলে হব নেকি ? মই কিয় নাযাম?”–শ্ৰীমতীয়ে কৈ উঠিছিল।
ডাক্তৰ গুপ্তা, মই, দীপ্তি দেবী– তিনিওজনে আগবাঢ়িছিলো বহু হিংস্ৰ জন্তু অধ্যুষিত কুমাওঁৰ পাহাৰৰ গহীন অৰণ্যৰ মাজে মাজে।
-“এটা চিন্তা মোৰ মনলৈ আহিছে, ডাক্তৰ।”- নীৰবতা ভংগ কৰি এটা সময়ত মই কৈছিলো।
-“কিহৰ চিন্তা ?”- আগে আগে গৈ থকা ডাক্তৰ গুপ্তাই ঘুৰি চাইছিল।
-“ডাক্তৰৰ বেজীক ভয় কৰা জীৱ জন্তু বোৰে অৱসৰ প্ৰাপ্ত ইন্জিনীয়াৰ এজনক ভয় নকৰিবও পাৰে।”
হাহিত একেবাৰে ফাটি পৰিছিল ডাক্তৰ গুপ্তা। হাহি শেষ হোৱাৰ পাচত কৈছিল–“চিন্তা নকৰিব ইন্জিনীয়াৰ মহাশয়। আপোনালোকক তেনেকুৱা বিপদ সংকুল ঠাইলৈ মই লৈ নাযাও। মই প্ৰথমতে আপোনালোকক দেখুৱাব খুজিছো আমাৰ আশ্ৰমৰ সুন্দৰ গোশালাটো। তালৈ যাবলৈ গাড়ী মটৰ  যোৱা ৰাস্তা আছে। পিচে বহুত ঘূৰি যাব লাগে। মই আপোনালোকক অৰণ্যৰ মাজেৰে একেবাৰে চমু পথেৰে লৈ আহিছো। এতিয়াই পামগৈ।”
ডাক্তৰ গুপ্তাৰ লগত আশ্ৰমৰ গোশালা, কৃষি উদ্যান আদি চাই চাই অতিথিশালালৈ ঘূৰি আহো মানে সন্ধিয়া লাগি আহিছিল।
কোৱা মতেই ৰাতি ভাত খাবলৈ আহোতে ডাক্তৰে দৰবটো লৈ আহি মোক দিছিল।দৰব খাই পিচদিনালৈ মোৰ শাহু আইয়েও যথেষ্ট সকাহ পাইছিল।
মনৰ শান্তি,আনন্দ আৰু অনাবিল সৌন্দৰ্য্যৰ মাজত তিনিটা দিন আশ্ৰমত যে কেনেকৈ পাৰ হৈ গৈছিল খবৰেই নাছিল। তৃতীয় দিনাখন সন্ধিয়াহে মোৰ হুচ আহিছিল– কাইলৈ ৰাতিপুৱাই আশ্ৰম এৰি যাব লাগিব।মনটো বিষাদেৰে ভৰি পৰিছিল।
-“ইয়াত থাকি ইমান ভাল লাগিছিল মোৰ। আকৌ আহিবৰ মন আছে।”–স্বামী মাধূৰ্য্য মহাৰাজক মই কৈছিলো।
-“ঠাকুৰে নিশ্চয় আনিব।”- স্বভাৱসূলভ মোহনীয়তাৰে মহাৰাজে আশ্বাস দিছিল।
পিচদিনা ৰাতিপুৱাৰ জলপান খাই উঠি আমি যাত্রাৰ বাবে সাজু হৈছিলো।মায়াবতী আশ্ৰমত থকা খোৱা আদিৰ ব্যবস্থা সম্পূৰ্ণভাবেই বিনামূলীয়া। ঘূনাক্ষৰেও ইয়াত টকা পইচাৰ কোনেও নাম নলয়।দৰ্শণাৰ্থী সকলে নিজ ইচ্ছাৰে কিবা দান বৰঙনি আগবঢ়াব খুজিলে তাৰ বাবে লগে লগেই স্বামীজীয়ে ৰচিদ কাটি দিয়ে।টকা পইচাকে আদি কৰি সকলো বৈষয়িক কথাতেই স্বামীজী সকলক দেখিছিলো সম্পূৰ্ণ নিৰ্বিকাৰ। কোনোবাই এশ টকাই দিয়ক বা একলাখ টকাই দিয়ক– নাছিল কোনো ভাবান্তৰ।যেন তাতকৈ অদৰ্কাৰী কথা পৃথিবীত একোৱেই নাই।
আমাৰ বাবে স্বামী মাধূৰ্য্য মহাৰাজে লোহাঘাটৰ পৰা গাড়ী মতাই আনি থৈছিল। এক অবিস্মৰনীয় অভিজ্ঞতাৰে অন্তৰ পৰিপূৰ্ণ কৰি আমি গাড়ীত বহিছিলো।
ঠিক দুপৰীয়াৰ সময়ত আমি গৈ পাইছিলো কৌসানি (Kausani)। কুমাওঁ হিমালয়ৰ কোলাত অপূৰ্ব সৌন্দৰ্য্য  সম্ভাৰ লৈ জিলিকি থকা এক অতীব সুন্দৰ পাহাৰী  ৰাণী ।
কৌসানিৰ সবাতোকৈ ওখ পাহাৰটোৰ ওপৰত অতি মনোমোহা স্থানত অবস্থিত ‘অনাসক্তি আশ্ৰম’।আশ্ৰম খনৰ এতিয়া যিটো মূল ভৱন,সেইটো দৰাচলতে আছিল এজন ইউৰোপীয়ান চাহাবৰ বিলাসী বাসভৱন। সেয়া আছিল দেশ স্বাধীন হোৱাৰ আগৰ কথা। এদিনীয়া ভ্ৰমণসূচী লৈ মহাত্মা গান্ধী আহিছিল কৌসানিলৈ। গান্ধীজীৰ থকা খোৱাৰ ব্যবস্থা কৰা হৈছিল এই ভৱনত। ইয়াৰ পৰা হিমালয়ৰ অপূৰ্ব সৌন্দৰ্য্য দৰ্শণ কৰি গান্ধীজী ইমানেই অভিভূত হৈ পৰিছিল যে এদিনৰ ঠাইত একেলেথাৰিয়ে তেৰ দিন তেখেত ইয়াতে ৰৈ গৈছিল। এইখিনি সময়তে তেখেতে ‘অনাসক্তি যোগ’ নামৰ কিতাপ খনো লিখি উলিয়াইছিল।
দেশ স্বাধীন হোৱাৰ পাচত ভাৰত চৰকাৰে ভৱনটোৰে সৈতে সমগ্ৰ চৌহদটোৰেই মালিকানা ‘উত্তৰ প্ৰদেশ গান্ধী স্মাৰক সমিতি’লৈ হস্তান্তৰ কৰিছিল। এই সমিতিৰ পৃষ্ঠপোষকতাত ইয়াতে আশ্ৰম গঢ় লৈ উঠিছিল। গান্ধীজীয়ে ইয়াতে বহি লিখা ‘অনাসক্তি যোগ’ কিতাপখনৰ নামৰ পৰাই আশ্ৰমখনৰ নাম হৈ পৰিছিল অনাসক্তি আশ্ৰম।হলেও স্থানীয় সকলো লোকেই ইয়াক ‘গান্ধী আশ্ৰম’ নামেৰেহে জানিছিল।
এই আশ্ৰমখনতে মই আমাৰ বাবে ৰুম এটা আগেভাগে সংৰক্ষণ  কৰি ৰাখিছিলো।আশ্ৰমৰ পৰিচালনাৰ দায়িত্বত আছিল ‘মিশ্ৰজী’।উত্তৰ প্ৰদেশ গান্ধী স্মাৰক সমিতিৰ সৈতে আজীৱন জড়িত হৈ থকা চিৰকুমাৰ মিশ্ৰজী আছিল মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত এজন একনিষ্ঠ প্ৰবীন সেৱক।তেখেতৰ কথা বাৰ্তা, বেশ ভূষণ, চাল চলন আদি সকলোতে  গান্ধীবাদী আদৰ্শৰ প্ৰতিফলন ঘটিছিল।অতি সাধাৰণ খদ্দৰৰ কূৰ্তা, পায়জামা আৰু লগতে এখন শ্বল– এয়াই আছিল মিশ্ৰজীৰ নিত্য নৈমিত্তিক বেশ। ৰাতিপুৱা গধূলি অবশ্যে ঠান্ডাৰ বাবে মূৰত ঊলৰ টুপী এটা পিন্ধিছিল।
গান্ধী আশ্ৰমৰ অতিথিশালা যে সাধাৰণ আৰু আড়ম্বৰহীন হব সেইটো মই আগতেই অনুমান কৰিছিলো।তৎস্বত্বেও  মায়াবতী আশ্ৰমৰ অতিথিশালাৰ ফু মাৰি ভাত খাব পৰা পৰিস্কাৰ পৰিবেশৰ পৰা আহি প্ৰথমতে মই ইয়াত অলপ অস্বস্তি পাইছিলো।ৰুমৰ বিছনা পাতি, বাথ ৰুম আদিৰ পৰিচ্ছন্নতাৰ মানদন্ড বৰ উন্নত পৰ্যায়ৰ নাছিল। আমি পিচে  এনেকুৱা অবস্থাৰ বাবে প্ৰস্তুত হৈয়েই গৈছিলো। লগে লগেই কামত লাগি গৈছিলো। বাথৰুমটো ধুই পখালি নিজেই চাফা কৰি লৈছিলো।  ঘৰৰ পৰা লৈ যোৱা নিজৰ বেড চিট আৰু গাৰুৰ কভাৰে ৰুমৰ পৰিবেশটোৱেই সলনি কৰি দিছিল।ৰাতি শোৱাৰ সময়ত লেপৰ তলত লবলৈ একোখনকৈ অতিৰিক্ত বেড চিট তাৰ পাচতো আমাৰ হাতত মজুত আছিল।ইমানখিনি কৰিও এই আশ্ৰমত থাকিব খোজাৰ একমাত্র কাৰণ আছিল ইয়াৰ সুন্দৰ অবস্থানৰ অনবদ্য আকৰ্ষণ ।ইয়াৰ পৰা তুষাৰাবৃত হিমালয়ৰ নৈসৰ্গিক শোভা যিমান সুন্দৰ ভাবে দৃশ্যমান হয় সেয়া কৌসানিৰ বাকী কোনো ঠাইৰে পৰা সম্ভৱ নহয়।এই সকলোবোৰ কথা মই ইন্টাৰনেটত পঢ়ি আগেয়ে জানিব পাৰিছিলো।সেইদিনা পিচে বতৰ ডাৱৰীয়া হৈ থকা বাবে হিমালয়ৰ শোভা দৰ্শণৰ পৰা আমি বন্চিত হব লগাত পৰিছিলো।
আশ্ৰমৰ অতিথিশালা দৰ্শণাৰ্থীৰে সততে ভৰি থকা দেখিছিলো। স্থানৰ অভাবত বহু আগ্ৰহী দৰ্শণাৰ্থীকো মিশ্ৰজীয়ে বিমুখ কৰিব লগা হোৱা দৃশ্য মোৰ কেবাদিনো চকুত পৰিছিল। অতিথি সকলৰ ভিতৰত বুজন সংখ্যকেই আছিল পশ্চিম বংগৰ পৰা আহা বঙালী লোক।
নিশা খাই বৈ সোনকালে শুই পৰাৰ বাবে পিচদিনা ৰাতিপুৱা চাৰি বজাতেই মোৰ টোপনি ভাঙিছিল। গৰম কাপোৰেৰে  সৰ্বাংগ আবৃত কৰি লৈ মই বাহিৰলৈ ওলাই আহিছিলো।বাহিৰত তেতিয়াও নিশাৰ ঘোপমৰা অন্ধকাৰ।চৌদিশ নিমাত নিতাল। সকলো অতিথি শেষ নিশাৰ শীতৰ আমেজভৰা টোপনিত লালকাল।
আশ্ৰমৰ চোতালত ভৰি দিয়েই মোৰ বাহিৰেও আৰু এজনৰ অস্তিত্বৰ উমান পাইছিলো। শ্বল এখনেৰে সৰ্বাংগ ঢাকি লৈ বাহৰ ঝাড়ু এটাৰে একান্ত মনে আশ্ৰমৰ চোতাল সাৰি থকা মানুহ জনক দেখি মই আশ্ৰমৰ ছুইপাৰ বা তেনেকুৱাই কোনোবা এজন হব বুলি অনুমান কৰিছিলো। ওচৰ পালত মানুহজনে মূৰ ডাঙি মোক সম্ভাষণ জনোৱাতহে মই চিনি পালো। সেয়া আছিল আশ্ৰমখনৰ মূৰব্বী মিশ্ৰজী।মিশ্ৰজীৰ প্ৰতি মোৰ শ্ৰদ্ধা হাজাৰ গুণে বাঢ়ি গৈছিল।
অন্ধকাৰত দূৰলৈ যাবৰ সাহস নোহোৱাৰ বাবে মই আশ্ৰমৰ প্ৰশস্ত চোতাল খনতেই খোজ কাঢ়িব আৰম্ভ কৰিছিলো। আন্ধাৰ বোৰ লাহে লাহে পাতলিবলৈ লৈছিল। পূবৰ আকাশ খন ফৰকাল হব ধৰিছিল।
এটা সময়ত আন্ধাৰ সমূলি বিদূৰ হৈছিল।নিৰ্মল ৰাতিপুৱাৰ কোমল মিঠা  আভাই চৌদিশ পোহৰাই তুলিছিল। বতৰটোও আছিল বেচ ফৰকাল। হঠাতে সমুখৰ পিনে চাই বিস্ময় আৰু আনন্দৰ আতিশয্যত মই শ্বাসৰুদ্ধ হৈ পৰিছিলো। মোৰ সমুখত উন্মোচিত হৈ পৰিছিল অনুপম স্বৰ্গীয় সৌন্দৰ্য্যৰ এক বিৰল দৃশ্য।
দিগন্তৰ আধাখিনি জুৰি বিস্তৃত হিমালয়ৰ চিৰ তুষাৰাবৃত মোহনীয় পৰ্বতশ্ৰেনীয়ে মোক এটা সুন্দৰ নতুন দিনৰ সম্ভাষণ জনাইছিল।দাৰ্জিলিং আৰু চিকিমৰ পৰা বৰফে ঢকা কান্চনজংঘাৰ মোহনীয় ৰূপ মই ইতিপূৰ্বেই দৰ্শণ কৰিছো। কিন্তু এনে এক সুবিশাল তুষাৰাবৃত পৰ্বতশ্ৰেণী আছিল মোৰ কল্পনাৰো অতীত।ইমানবোৰ ওখ ওখ পৰ্বত। সকলোৱে যেন বৰফৰ শুভ্ৰ মুকুট পিন্ধিহে ৰৈ আছে।ভগবানৰ এই অনুপম সৃষ্টিৰ ৰূপ সুধা আকন্ঠ পান কৰি মোৰ ক্ষুদ্ৰ মানব জীৱন ধন্য হৈ পৰা বুলি মৰ্মে মৰ্মে অনুভব কৰিছিলো।
মিশ্ৰজী মোৰ ওচৰলৈ আগবাঢ়ি আহিছিল। অভিজ্ঞ মিশ্ৰজীয়ে এটা এটাকৈ মোক শৃংগ বোৰৰ সতে পৰিচয় কৰাই দিছিল। নীলকন্ঠ, ত্রিশূল, চৌখাম্বা, নন্দাদেবী,গংগোত্রী,পন্চশূলী আৰু কত কি !
হঠাতে সম্বিত ঘূৰি আহিছিল মোৰ। এই অনুপম সৌন্দৰ্য্য দৰ্শণৰ সৌভাগ্যৰ পৰা শ্ৰীমতী আৰু শাহুআইক কোনোমতেই বন্চিত কৰিব নোৱাৰি।তেওলোকক মাতি আনিবলৈ মই ৰুমৰ পিনে ঢাপলি মেলিছিলো।
ৰাতিপুৱাৰ চাহ দিবলৈ অহা আশ্ৰমৰ লগুৱাজনে ইতিমধ্যেই অতিথিশালাৰ কৰিডৰত থিয় হৈ টেটুফালি চিঞৰিবলৈ আৰম্ভ কৰিছিল–“বতৰ খুলি গল। উঠক,উঠক। হিমালয় দৰ্শণ কৰি ধন্য হওক।”
ধম ধম শব্দ কৰি ৰুমৰ দৰ্জা বোৰ খুলি গৈছিল। আমেজভৰা টোপনিৰ পৰা নিদ্ৰালস চকুৰে খপজপকৈ  উঠি আহিছিল পুৰুষ, মহিলা, বুঢ়া, বুঢ়ী, লৰা,ছোৱালী সমন্বিতে সকলোবোৰ। কোনোবাই  গৰম কাপোৰ এখনকে গাত লৈ আহিছিল। লৰালৰিৰ কোবত কোনোবাজনে আকউ ৰাতি লৈ থকা লেপখনকে গাত মেৰিয়াই আহিছিল। ইমান সময় ধৰি বিৰাজ কৰা ৰাতিপুৱাৰ নিস্তব্ধ পৰিবেশ নিমিষতে অন্তৰ্ধান হৈছিল।
-“ওৰেবাবা ! কি দাৰুণ ! এই, তাপস, দেখ না, কি চমৎকাৰ । মাগো ! সত্যিই কি সুন্দৰ ! আমাৰ কেমেৰাটা কোথায় গেলো ? এই মিঠু , এই বাপি, এখানে আয়। এখানে থেকে দেখ, কত সুন্দৰ !”- উ: ইমান যে কোঢ়াল । যেন কাউৰীৰ বাহতহে জুই লাগিছিল। মানুহ বোৰে নীৰবে এই শোভা উপভোগ কৰিব নোৱাৰেনে ? মই বেচ বিৰক্ত হৈছিলো।
কৌসানিত সেইবাৰ আমি ছয় দিন আছিলো।সেয়া আছিল মোৰ জীৱনৰ অন্যতম মধূৰতম সময়।সকলো ধৰণৰ পাৰ্থিব চিন্তাৰ পৰা মুক্ত হৈ সেই ছয়টা দিনৰ সম্পূৰ্ণ অলস জীৱন এটা মই প্ৰাণভৰি উপভোগ কৰিছিলো।
পাহাৰীয়া উঠা নমা ৰাস্তাৰে ৰাতিপুৱা মই নিয়মিত ভাবে এঘন্টা খোজ কাঢ়িছিলো। আশ্ৰমলৈ ঘূৰি আহি গা পা ধুই ন মান বজাৰ ভিতৰত ৰাতিপুৱাৰ জলপান খাই একেবাৰে আজৰি হৈ লৈছিলো। কাম বুলিবলৈ তাৰ পাচত আৰু একোৱেই নাছিল।আশ্ৰমৰ চোতাল খনতে ৰদত চকী এখন পাৰি লৈ তাতে বহি মই ঘন্টাৰ পিচত ঘন্টা পাৰ কৰি দিছিলো। সমুখৰ হিমালয় খন চাই চাই মই ভাবত বিভোৰ হৈ পৰিছিলো। মাজে মাজে তাতেই টোপনিও গৈছিলো হবলা।
শ্ৰীমতীয়ে এদিন ৰাতিপুৱা প্ৰস্তাব দিছিল –“আহিছো যেতিয়া কৌসানি খনৰ আশে পাশে একপাক ঘূৰি নাহো কিয় !খোজ কাঢ়িয়েই যাম।”
বৰ সুন্দৰ প্ৰস্তাব। একেকোবেই মই মান্তি হৈছিলো।
কৌসানিৰ নিচিনা সুন্দৰ পাহাৰীয়া ঠাই এখনত উদ্দেশ্যহীন ভাবে ঘূৰি ফুৰাতো এক আনন্দ আছে। খুব ভাল লাগিছিল মোৰ। কৌসানিৰ বজাৰ খন আছিল একেবাৰে সৰু। কেইখনমান মাথো দোকান পোহাৰ, এখন ফাৰ্মাচী, এটা এ.টি.এম — মোটামুটিকৈ সিমানেই।
দূৰৈত পাহাৰৰ দাতিৰ এঢলীয়া মাটিত গঢ় লৈ উঠা এক মনোৰম জনবসতি চকুত পৰিছিল। বোধকৰো স্থানীয় কুমাওনী লোকৰ গাওঁ। আমি সেইফালেই খোজ লৈছিলো।
পাহাৰীয়া এই মনোৰম গাওঁখনৰ জনবসতি আছিল তেনেই সেৰেঙা। মুঠ পোন্ধৰ ঘৰ মান মানুহহে হব।
 নতুনকৈ বনোৱা সুশ্ৰী আৰ.চি.চি. ঘৰ এটাৰ সমুখত ৰৈ থকা আদহীয়া কুমাওঁনী মহিলা এগৰাকীয়ে আমাৰ পিনে চাই অতি আপোন জনৰ দৰে হাহি মাৰিছিল।দুআষাৰ কথাকে পাতো বুলি গেট খুলি আমি দুয়ো সোমাই গৈছিলো।আমি যোৱা দেখি মহিলা গৰাকীয়ে কাৰোবাক নাম ধৰি চিঞৰি মাতিছিল। ঘৰৰ ছাদত কাম কৰি থকা তেখেতৰ বৰপুত্র লৰালৰিকৈ নামি আহিছিল। আদৰ সাদৰ কৰি আমাক মাতি নি বহিবলৈ চকী আগবঢ়াই দিছিল।
পৰিচয় পৰ্ব আৰম্ভ হৈছিল। তেখেতৰ নাম বিনোদ সিং নেগী। আৰ্মীত কাম কৰি ইতিমধ্যেই অৱসৰ লৈছে। এতিয়া ঘৰৰ খেতি বাতিৰ কামতেই মনোনিবেশ কৰিছে।
আমি অসমৰ পৰা অহা বুলি শুনি আনন্দত নেগী চাহাবৰ চকু মুখ উদ্ভাসিত হৈ উঠিছিল। কৈছিল-“অসমৰ মানুহ মোৰ খুব প্ৰিয়। অসমৰ বিহু গীত আৰু বিহু নাচ মোৰ ইমান ভাল লাগে।”
এই অপ্ৰত্যাশিত অসম প্ৰীতিৰ উৎস জানিবলৈ বিচৰাত নেগী চাহাবে কৈছিল–“আৰ্মীৰ আমাৰ ইউনিটত অসমৰ লৰা দুজন মান আছিল।অসমৰ বিহুৰ গীত মাতৰ লগত সিহতৰ যোগেদিয়েই মোৰ চিনাকি। মই নিজেও খুব ভাল বিহু নাচিব জানো।”
ইতিমধ্যে আশ্ৰমৰ দুপৰীয়াৰ খোৱাৰ সময় ওচৰ চাপি আহিছিল।নেগী চাহাবৰ বিহু নাচ এই যাত্রাত নোচোৱাকৈয়ে আমি বিদায় লব লগাত পৰিছিলো।
মায়াবতী আশ্ৰমৰ নিচিনা অনাসক্তি আশ্ৰমৰ থকা খোৱা  বিনামূলীয়া নাছিল। হলেও নামমাত্র মূল্যৰ বিনিময়তে এই সকলো সুবিধা উপলব্ধ হৈছিল। অনাসক্তি আশ্ৰমৰ সহজ আড়ম্বৰহীন নিৰামিষ খাদ্যৰ সোৱাদ পাহৰিব পৰা বিধৰ নহয় । অতি সুস্বাদু আৰু লোভনীয়।
প্ৰতিদিন গধূলি ছয় বজাত আশ্ৰমৰ মূল ভৱনত ধ্যান আৰু প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছিল। অতিথিশালাৰ সকলো আৱাসীৰ বাবেই তাত যোগ দিয়াটো বাধ্যতামূলক বুলি কোৱা হৈছিল যদিও বহু আৱাসীয়ে ইয়াক সততে উলাই কৰি চলা মই দেখা পাইছিলো। মই পিচে সদায় ধ্যান আৰু প্ৰাৰ্থনা সভাত যোগ দিছিলো। ধ্যান আৰু প্ৰাৰ্থনাৰ অন্তত দৰ্শণাৰ্থী সকলৰ মাজৰ পৰা ইচ্ছুক সকলক ভক্তিমূলক গীত মাত পৰিবেশন কৰিবলৈ সদায়েই উৎসাহ যোগোৱা হৈছিল। কোলকাতাৰ পৰা অহা বঙালী দৰ্শণাৰ্থী সকলে এই ক্ষেত্রত সদায়েই আগ ভাগ লৈছিল। মিশ্ৰজীৰ অনুৰোধত মইও এদিন এটা ভক্তিমূলক লোকগীত পৰিবেশন কৰিছিলো।
ছয়টা দিনৰ আনন্দময় জীৱনেৰে সতেজ হৈ পৰা দেহ মন লৈ আমি কৌসানিৰ পৰা উভতিছিলো। পাহাৰৰ বুকুৰ সৰ্পিল পথটোৰে আমাৰ গাড়ীখন ধীৰ গতিত আগবাঢ়িছিল— এইবাৰ আলমোৰালৈ বুলি।
স্বামী বিবেকানন্দৰ সৈতে বৃটিচ সুন্দৰী ‘মিস মাৰ্গাৰেট নোবল’ৰ সাক্ষাৎ হৈছিল লন্ডন চহৰত ১৮৯৮ চনত। স্বামীজীক তেতিয়াই তেখেতে আচাৰ্য্য ৰূপে বৰণ কৰিছিল। স্বামীজীৰ আহ্বান ক্ৰমে ভাৰতীয় নাৰী সকলৰ শিক্ষা আৰু সংস্কাৰৰ কামত নিজৰ জীৱন উৎসৰ্গা কৰাৰ সংকল্প লৈ তেখেতে ইংলেন্ডৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰি ভাৰতবৰ্ষ আহি পাইছিল। ১৮৯৮ চনৰ ২৫ মাৰ্চ তাৰিখে স্বামীজীয়ে মিস মাৰ্গাৰেট নোবলক ব্ৰহ্মচৰ্য্য ব্ৰতত দীক্ষা দিছিল। নাম দিছিল ‘নিবেদিতা’। ‘চিস্টাৰ নিবেদিতা’ নামেৰে তেখেতে পিচলৈ সমগ্ৰ ভাৰতবৰ্ষতেই সৰ্বজন পৰিচিতা হৈ পৰিছিল।
দীক্ষা গ্ৰহন কৰাৰ পাচত চিস্টাৰ নিবেদিতাই থাকিবলৈ লৈছিল আলমোৰা চহৰৰ পাৰ্শ্ববৰ্তী এলেকাৰ ‘ওকলে হাউস’ নামৰ বঙলা এটাত । চহৰৰ কেন্দ্ৰস্থলৰ পৰা দুই কিলোমিটাৰ আতৰত এই প্ৰাচীন বঙলাটো এতিয়াও বিৰাজমান। ইয়াৰ পৰা আৰু আধা কিলোমিটাৰ আগবাঢ়ি গলেই পোৱা যায় এক মনোৰম ভিউ পইন্ট– নাম ব্ৰাইট এন্ড কৰ্ণাৰ (Bright End Corner)। এইখিনি ঠাইতেই থিয় পাহাৰৰ এঢলীয়া গাত খলপা খলপে গঢ় লৈ উঠিছে শ্ৰীৰামকৃষ্ণ মিশ্যনৰ আলমোৰা আশ্ৰম –আমাৰ এই যাত্রাৰ অন্তিম গন্তব্যস্থল। আমাৰ গাড়ী আহি এইখিনি ঠাইতে ৰখিছিল।
গাড়ীৰ পৰা বয় বস্তুৰে সৈতে নামাৰ পাচতেই আশ্ৰমখনৰ ভৌগোলিক অবস্থান দেখি আমি দুশ্চিন্তা আৰু শংকাৰ সাগৰত পৰি গৈছিলো। আশ্ৰমখনৰ সমস্ত চৌহদটোৱেই গঢ় লৈ উঠিছিল থিয় পাহাৰৰ এঢলীয়া গাত। সমতল বুলিবলৈ তাত এচিকূট মানো ঠাই নাছিল। ৰাস্তাৰ কাষৰ পৰাই অন্তহীন চিৰিবোৰ তললৈ অকাই পকাই নামি গৈছিল। আশ্ৰমৰ অফিচ অথবা মূল ভৱনৰ তাৰ পৰা ছাটোকে দেখিবলৈ পোৱা নগৈছিল।উপায় নাপাই বয় বস্তু তাতে এৰি থৈ মই অকলে চিৰিৰে তললৈ নামিছিলো। চিৰি বোৰ যেন শেষেই হব খোজা নাছিল। অৱশেষত পাহাৰ খনৰ একেবাৰে তলত আশ্ৰমৰ অফিচৰ অস্তিত্বৰ উমান পাই অলপ হলেও সকাহ পাইছিলো।অফিচৰ লগতেই সংলগ্ন হৈ আছিল প্ৰাৰ্থনাগৃহ,ৰান্ধনিশাল আৰু ভোজন কক্ষ।
আশ্ৰমৰ স্বামীজীৰ পৰা ৰুমৰ চাবি লৈ মই আকউ সমস্ত চিৰি বগাই ওপৰলৈ আহিব লগা হৈছিল। একেবাৰে ওপৰত ৰাস্তাৰ কাষতে থকা ১নম্বৰ অতিথিশালাতেই আমাৰ বাবে ৰুমৰ আবন্টন দিয়া হৈছিল। পৰিচ্ছন্ন আহল বহল ৰুমটো আমাৰ ভালেই লাগিছিল।হলেও বয় বস্তু ৰুমলৈ কঢ়িয়াই নিয়াৰ পাচত ভাগৰত মই একেবাৰে লেবেজান হৈ পৰিছিলো।
-“পৰিবেশটো খুব ভাল লাগিছে। কিন্তু মোৰ হাৰ্টৰ এই অবস্থাত ইমানগাল চিৰি বগাই দিনে চাৰি পাচ বাৰকৈ অহা যোৱা কৰিব পাৰিম জানো !”–খুব চিন্তিত মনে শ্ৰীমতীয়ে কৈছিল।
২০০৯ চনতে angioplasty হৈ যোৱা মোৰ শ্ৰীমতীৰ কথা ভাবি মইও ইতিমধ্যেই চিন্তাৰ সাগৰত পৰিছিলো।বহু ভাবি চিন্তি শেষত দুয়ো সিদ্ধান্ত লৈছিলো–আহিলো যেতিয়া কষ্টে মষ্টে আজিৰ নিশাটো আশ্ৰমতে কেনেবাকৈ কটাই দিও। কাইলৈ ৰাতিপুৱাৰ ভাগতেই কোনোবা এখন ভাল হোটেল নাইবা গেস্ট হাউচত উঠিমগৈ।
হোটেল বিচাৰি মই বেচি দূৰলৈ যাব লগা হোৱা নাছিল।আবেলি পৰত আলমোৰা চহৰৰ পিনে খোজ কাঢ়ি ওলাইছিলো। অলপ দূৰ আগবাঢ়িয়েই ৰাস্তাৰ কাষৰ টিলা এটাৰ ওপৰত  KMVN ৰ ধুনীয়া অতিথিশালাটো চকুত পৰিছিল। আগবাঢ়ি গৈ মই ৰুমবোৰ চাইছিলো। পছন্দ নোহোৱাৰ কোনো কাৰণেই নাছিল।ৰুমৰ বহল বহল খিৰিকীয়েদি দেখা বাহিৰৰ হিমালয়ৰ দৃশ্য কৌসানিৰ নিচিনা অতুলনীয় নহলেও বেচ মনোমোহা আছিল।পিচদিনা ৰাতিপুৱাই আহিম বুলি মনতে থিৰাং কৰি মই তাৰ পৰা বিদায় লৈছিলো।
আশ্ৰমৰ দৈনন্দিন জীৱনৰ প্ৰতিটো কামৰে সময় সূচী আছিল সুনিৰ্দিষ্ট । ৰাতিপুৱা ছয় বজাত আৰম্ভ হৈছিল ধ্যান আৰু প্ৰাৰ্থনা।পাচ বজাতেই শুই উঠি গা পা ধুই সাজু হৈ শ্ৰীমতীৰ সৈতে মই আশ্ৰমলৈ নামি গৈছিলো।দৰ্শণাৰ্থীৰ সংখ্যা বৰ বেছি নাছিল। আমাক বাদ দি মুঠ তিনিটা পৰিয়ালহে সেই সময়ত তাত আছিল।
আমি প্ৰাৰ্থনা গৃহত প্ৰবেশ কৰিছিলো।আহল বহল অতি পৰিচ্ছন্ন আৰু পৰিপাটী প্ৰাৰ্থনা গৃহৰ ভিতৰত  বিৰাজ কৰিছিল অখন্ড নীৰবতা। একেবাৰে সমুখত সোমাজতে আছিল শ্ৰী ৰামকৃষ্ণ পৰমহংস দেবৰ প্ৰতিচ্ছবি। বাওফালে স্বামী বিবেকানন্দ আৰু সোফালে মা সাৰদাৰ প্ৰতিচ্ছবি ৰাখি থোৱা হৈছিল।বহিবৰ বাবে সমুখত সুন্দৰ দলিচা পাৰি থোৱা আছিল। দলিচাত বহিবলৈ অসুবিধা পোৱা সকলৰ বাবে পিছফালে চকী কিছুমান শাৰী শাৰীকৈ পাতি থোৱা হৈছিল।
আচৰিত এক অনুভূতি হৈছিল মোৰ।বহিৰ্বিশ্বৰ সকলো চিন্তা মনৰ পৰা নিমিষতে নাইকিয়া হৈছিল।প্ৰাৰ্থনা গৃহৰ ভিতৰৰ এই স্বৰ্গীয় পৰিবেশত দেহ মনত  সঞ্চাৰ হৈছিল এক দিব্য আনন্দ আৰু এক গভীৰ প্ৰশান্তি।
চফল ডেকা স্বামীজী এগৰাকী আহি প্ৰাৰ্থনাত আমাৰ লগত বহিছিলহি। তেখেতে ভজন গাইছিল। কন্ঠস্বৰ যে ইমান কোমল আৰু শুৱলা আছিল তেখেতৰ ! অন্তৰৰ আবেগ ঢালি তেখেতে গাইছিল –“ডাকো,ডাকো,ডাকোৰে মাকে-পৰাণ ঢেলে মাকে ডাকো…….”।গানটোৱে আমাক যেন অন্য এখন সুন্দৰ জগতলৈ লৈ গৈছিল।স্বৰ্গৰ দেৱ দেৱী সবেও যেন গান শুনিবলৈ আহি ইয়াতে ভীৰ কৰিছিল।
ভজন আৰু প্ৰাৰ্থনাৰ অন্তত আধা ঘন্টাৰ বাবে ধ্যান কৰা হৈছিল।ভজনৰ সুমধুৰ মূৰ্চ্ছনাৰ ৰেশ তেতিয়ালৈ মাৰ যোৱাই নাছিল। তাৰ মাজতেই আৰম্ভ হোৱা সমূহীয়া ধ্যানৰ সময়ছোৱাত সমগ্ৰ পৰিবেশটোৱেই এক গভীৰ ৰহস্যময় নীৰবতাত ডুব গৈছিল।
ধ্যানৰ শেষত প্ৰাৰ্থনা গৃহৰ পৰা ওলাই আহিহে মই বহিৰ্বিশ্বৰ চেতনা ঘূৰাই পাইছিলো। KMVN ৰ অতিথিশালালৈ যাবৰ বাবে সোনকালে জলপান খাই আজৰি হবলৈ শ্ৰীমতীক কৈছিলো।
-“ইয়াৰ পৰা কলৈকো নাযাও দিয়া। এনে পৰিবেশনো আৰু কত পাম !”-মোক আচৰিত কৰি শ্ৰীমতীয়ে কৈ উঠিছিল।
-“কিন্তু ইমান উঠা নমা !”
-“অনায়াসে পাৰিম। একো অসুবিধাই নহয়। অলপ লাহে লাহে উঠিলেই হল।”
শ্ৰীমতীয়ে এনেই কোৱা নাছিল। তিনিটা দিন দৈনিক চাৰিবাৰকৈ মোৰ সতে সেই পাহাৰ খনত উঠা নমা কৰিছিল।এই ওখ পাহাৰ খনত উঠা নমা কৰোতে ভাগৰ লগাটো তেনেই স্বাভাবিক কথা। তাৰ বাহিৰে কিন্তু তেওৰ আন একো অসুবিধা হোৱা নাছিল।
কুমাওঁ ভ্ৰমণৰ মনোমোহা অভিজ্ঞতাৰে অন্তৰ পৰিপূৰ্ণ কৰি লৈ আমি এইবাৰ ঘৰলৈ উভতিছিলো। বেৰিলীৰ পৰা গুৱাহাটীলৈ আমাৰ ট্ৰেইনৰ টিকেট কাটি থোৱাই আছিল। আলমোৰাৰ পৰা গাড়ীৰে বেৰিলী পাবলৈ আমাৰ চাৰি ঘন্টা মান লাগিছিল হবলা।
(সমাপ্ত)

Related Articles

error: Content is copy right protected !!
Close