কুঁ‌ৱলীৰ মাজে মাজে ভুমুকি- ৰম্য ৰচনা

পাপৰি বৰ্মন

ভগৱান কৃষ্ণই চিন্তিত বদনে সৰগৰ পাৰিজাত ফুলৰ মাজত ঘূৰি ফুৰিছে । লগুৱা লিগিৰীবোৰে খুব আচৰিত পালে কি হল এইবাৰ আমাৰ বাহীবাদক প্ৰেমিক ভগৱান দেৱৰ । কৃষ্ণই চিন্তিত হৈ পুনৰ খোজ পেলালে ৰাধা দেৱীৰ স্নানাগাৰৰ ওচৰলৈ । ৰূপৰ দুৱাৰখনত টুকুৰিয়াই কলে , ” ৰাধে শুনাচোন মোৰে প্ৰিয়া । সাজিকাচি সুন্দৰী হৈ মত্যলৈ বলা । ভাৰতৰ উত্তৰ  পূৰ্বত থকা অসমত প্ৰতিবাৰৰ দৰেই এইবাৰো ভোগালী বিহু খাবলৈ  যাওঁ বলা । সৰস্বতী পূজাও আহি আছে , সুন্দৰী ৰমণীয়ে ভিৰ কৰিবহি তাত । হেঁ‌পাহ নপালাব মোৰ সুন্দৰীৰ মধুৰ হাঁ‌হি চাই চাই ।  “

            স্নানাগাৰৰ ভিতৰৰ পৰা ৰাধাৰ চিঞৰ , ” মত্যত গলে তাতে মন বহি যায় মোৰ। কি আধুনীকতাৰ পলশ ! পিতাশ্ৰীৰ পৰা “পপ” ৰ প্ৰত্যাগমণ । নানা প্ৰশাধনৰ সুগন্ধিৰে বিৰাজমান ফুৰফুৰিয়া গোন্ধবোৰে বতাহৰ পৰা “ফেচবুক” , “হোৱাট আপৰ” মেচেজতো থেলাথেলি হেচাহেচি কৰেহি । মই ইমান সুন্দৰী হৈ কি পালো আপোনাৰ পৰা  ! হুক , হুক । আপোনাৰ পাল্লাত পৰি আজিলৈ গোলাপৰ পাহিৰে জল বনাই গা ধুই থাকিলো । চন্দনৰ কাঠটুকুৰাকে ঘহি পিহি গাত লেপিলো । মত্যত কিমান ভাল । মবাইলৰ নেটৱৰ্ক আছে , ভিডিঅ কলিং কৰিব পাৰি । অনলাইনত কি কি কৰিব নোৱাৰি ! আপোনাৰ ভূৱন ভুলুৱা হাঁহিটো চাই মোৰ কি ফৌ ফৌ হৈছে । যাহ মুখৰ দাড়িখিনিও খুৰুৱা নাই । পুৰণি জামানাৰ সৰু চুৰিখনে ব্যৱহাৰ কৰি থাকক দাড়ি কাটিবলৈ । আজিকালি দাড়ি চুলি কাটিবলৈ কত কিমান সজুলী ওলাল , ফুৰুতকৈ কটা যায় । ঠাণ্ডা নাই গৰম নাই মহাভাৰত নাই ৰামায়ণ নাই শ্ৰী কৃষ্ণৰ ধাৰাবাহিক নাই সকলোতে  মত্যৰ দূৰদৰ্শনত ভুমুকি মাৰোতে মাৰোতে আপোনা সৱেতো গেন্জি , পিৰন নিপিন্ধিলেয়ে আমাকো চিভলেচ ব্লাউচ পিন্ধাই হায়ৰাণ কৰি খালে । আজিও মনত পৰে মোৰ , আই ঔ দ্ৰোপদীৰ অৱস্থা তাহানিৰ সৌদিনা আপোনাৰ দাড়িকটা চুৰিখনেৰে ……. সাজিকাচি মহাভাৰতত চিভলেচ ব্লাউচ পিন্ধি ওলাইছিলহে বেচেৰীয়ে ; আইও খুজুৱটিত ৰব পৰা নাছিল দেহাজনীয়ে। সুহ …..। হুক , হুক ।”

উপায় অন্তৰ হৈ কৃষ্ণই বুজালে , ” ৰাধে ওলোৱা স্নানাগাৰৰ পৰা । ভোগালী বিহু খাবলৈ  ওলোৱা , চাও মোৰ ধুনুজনী । “

ৰাধাই ও চকুলো মচি চিঞৰিলে , ” আপোনাৰ বাবেই সুন্দৰী নহওঁ মহাৰাজ । যাম মই অসম ভূমিত আপোনাৰ সতে । ঠায়ে ঠায়ে মূৰ্ত্তিবোৰ চাম । কৰবাত দখনা পিন্ধাব মোক , কৰবাত শাৰী , কৰবাত মেখেলা চাদৰ , কৰবাত ঘাগৰা । এতিয়া মত্যত নিজৰ ফেচনৰ ড্ৰেচ এযোৰোতো কৰিব নোৱাৰো মই । ফেচনৰ নামতো আজিকালি মই পৰাধীন মত্যত । মত্যৰ মানুহ মখাৰ উৎপাতত ৰব নোৱাৰা হৈছো ।

কৃষ্ণই দুখেৰে কলে , ” ৰাধে প্ৰিয়া মোৰ , তোমাৰতো কপাল ভালে তুমি সদায় শাৰী পিন্ধিয়ে থাকিবা । মই পিছে নিশ্চিত দহ বিশ বছৰ পিছত ভাৰতৰ অসমভূমিত সিহঁতে মোক দশোদিশে বাংলাদেশী লুঙিৰ ৰূপত সজাব । ” ( বেকগ্ৰাউনত আধামৰা দুখৰ সুৰ এটি)

ৰাধাই স্নানাগাৰৰ পৰাই সাউতকৈ ওলাই আহি মিচিকিয়াই হাঁহি মাৰি কলে , ” গোঁ‌সাই ঘৰত বা মন্দিৰত একা । “

সেইটো মই ভবায়ে নাছিলোঁ , ” ৰাধা প্ৰিয়া মোৰ , তেতিয়া বাংলাদেশীৰ উৎপাটত অসমীয়া মানুহ অসম এৰি নগলে ভাবিম কথাটো । সোণ জনী মোৰ , নাকান্দিবা দেই কেতিয়াও  । ধেইট মোৰ আজলী মাইনাজনী । মিচিকিয়াই হাঁহি দিয়া । বলা এতিয়া ৰাসলৈ ওলোৱা ।”

ৰাধাইও সুযোগ বুজি কলে , “অসমলৈ যাম কিন্তু এটা চৰ্ততহে ।”

কৃষ্ণই  বেলিটো খুজিলেও আনি দিম ভাবত বুকুখন ফুলাই ৰাধাৰ চকুত চকু থৈ চন্ছল হৈ গল ।

ৰাধাই কলে , ” আপুনি মোক ভোগালী বিহুৰ সকলো জলপাণ খুৱাব লাগিব আৰু ভেলা ঘৰ আৰু মেজি দেখুৱাব লাগিব । “

কৃষ্ণই চিন্তিত বদনে , ” ভোগালী বিহুৰ জলপাণ আজিকালি পেকেটতে পাই অ । বেচিভাগ অসমীয়াই পেকেটবোৰ কিনি আনি ঘৰৰ চীনা মাটিৰ থালত আলহীক সজাই দিয়ে । আগৰ দৰেই আজিকালি কাৰো সময় নাই , সান্দহ গুড়ি খুন্দিব , চিৰা বনাব , বৰা চাউলৰ জলপাণ আলহীক যাচিবলৈ , পিঠা পণা বনাবলৈ । আজিকালিৰ বোৱাৰী , জীয়ৰী ব্যস্ত থাকে নিজৰ নিজৰ কামত ।”

ৰাধাই  কৃষ্ণৰ কথা শুনি সন্মতিসূচক লাজকুৰীয়া হাঁহিটো মাৰি কলে , ” হওক দিয়ক ,

আইতাৰ আখলৰ পৰা বজাৰৰ পেকেটত হলেও বস্তুবোৰৰ মূল্য সকলোৱে মূল্যলে কিনি বুজিছে । নহলে যিহে পুৰুষ মানুহবোৰে নাৰীৰ কষ্টক কেতিয়াও স্বীকৃতি নিদিয়ে । ভালে পাইছো । নাৰীয়ে বনাব পাৰে । পিছে ঘৰৰ আখলতকৈ কিনি খালেহে জুতি পাব আপোনালোকে । কথাতে কয় নহয় , কিনা হাঁ‌হৰ ঠোটলৈকে মঙহ । “

***

     ৰাধে প্ৰিয়াৰ লগত তৰ্ক বিতৰ্ক কৰাতকৈ বাসুদেৱে ও উপায়ন্তৰ হৈ সাজি কাচি অসমলৈ ৰথ চলাই ভাবিলে , ” সৰস্বতী পূজাত সুন্দৰীবোৰ চাব পালে হল মোৰ । কি ধুনীয়া অসমৰ ছোৱালীবোৰ ! “

ৰাধা দেৱীৰ কথাত কৃষ্ণ ভগৱানে তৰ্ক বিতৰ্ক নকৰা দেখি ৰাধা দেৱীয়ে উৎফুল্লিত হৈ  মাত লগালে , ” হেৰা দেৱ , ইমান চিন্তা কিহৰ বাবেই । ৰথত তো পেট্ৰোল , ডিজেল একো নালাগে । “

কৃষ্ণই ৰাধা দেৱীলৈ চাই কলে , ” ৰাধে প্ৰিয়া মোৰ , ৰোড টেক্সৰ জ্বলাত পৰিলেও পৰিলো বাৰু পিছে এটা কথা হল এইকেইদিন  অসমৰ ডেকা বুঢ়া সকলোৱে যিহে ফুৰ্তি পানী সোপাকে খাই বাহন চলাইছে , তাৰে উৎপাতত আমি দুয়ো উফৰি নপৰিলে হল । কুঁ‌ৱলী পৰিলেও বাহন ৰখোৱাৰ ইচ্ছা নকৰি ভো ভোৱাই কুঁ‌ৱলীক খেদিব গৈ , অলাগতিয়াল বিৰত্ত দেখাই নিচাত বাহন চলাই নিজেতো ইহলীলা সম্বৰণ কৰেয়ে ; লোককো খুন্দিয়াই মাৰে । কাৰ কাৰ ঘৰ কত কত উজাৰি যায় , কোন কোন মাক দেউতাকৰ বুকু সুধা কৰি যায় ঠিকনা নাই ! দেখিলে ভয় লগা অৱস্থা হৈছে । পিকনিকয়ে হওক বা পুহমহীয়া ঠাণ্ডা বুলি পাৰ্টিয়ে কৰক । ফুৰ্তিপানী আৰু বিদ্যুৎসম গতিত চলোৱা বাহনবোৰৰ মৃত্যমুখী গতি ।”

ৰাধাই গৰ্বৰে কলে , ” চয়ং ভগৱানৰ লগত মোৰ নাম জড়িত হৈ আছে । এনে মোহিনী বান মাৰিম আপোনাৰ চিন্তা দূৰ হৈ যাব আৰু মোৰ প্ৰেমত পুনৰ থেকেচা খাই পৰিব আপুনি । অসমৰ উতনুৱা ফুৰ্তিপানী খোৱা আৰু দ্ৰুতবেগী বাহন চলোৱা সমাজখনক কিবা কৰি বুজাওকচোন । সিহঁতবোৰে শুনিলে তেতিয়া বুজিব আপুনি স্বৰ্গৰ পৰাই মত্যলৈ ৰথ চলাই আহোঁতে উতনুৱা সমাজখনৰ উপকাৰৰ বাবেও আহিছে  । আপুনি ভাল কথা এটা কওঁ‌কচোন সিহঁতবোৰক , সিহঁতে নিজৰ জীৱনৰ লগতে অইনৰ জীৱনৰ কথা ভাবি আগলৈ ফূৰ্তিপানী খাই লিভাৰ , কিডনী নষ্ট নকৰিব আৰু মৃত্যুমুখী পথত যাবলৈ দ্ৰুতবেগী বাহন নচলাব ।  ঘোষণা কৰক মনুস্যৰ হিতৰ বাবেই দুষাৰী বাক্য ।তেতিয়া আমাৰ প্ৰেমৰ শপত ইয়াৰ পিছত আপোনাক আৰু মত্যলৈ ৰথ চলাই কষ্ট কৰিব নিদিওঁ‌ । ৰথ মই নিজে চলাম । কাৰণ মত্যত নাৰী পুৰুষ সদায় সমান ।”

ভগৱান কৃষ্ণই ও ফুৰ্তি পাই কব নোৱাৰা হৈ স্বৰ্গ আৰু মত্যত ঘোষণা কৰিলে , ” ভাল কামত মোৰ ধৰ্ম সদায় আগত । কাৰণ মই মনুষ্য জাতিৰ ভাল হোৱাটো বিচাৰো । গতিকে অসমত এই কুঁ‌ৱলীপৰা দিনবোৰত মনুস্যজাতিয়ে সাৱধানে বাহন চলাব । দ্ৰুতবেগত তো “উহু” । দ্ৰুতবেগী বাহন চলোতাজনে বিবেকেৰে এবাৰ ভাবি চাওক ” কি অদ্ভুত পৰিনাম হব পাৰে !” যদি চলিত বাহনত বাহনচালকজনৰ টোপনিৰ আমেজ লাগে তেতিয়া বাহনৰ পৰা নামি চকুত পানী মাৰি কিবা চাহ একাপ বা চুংগাম জাতীয় কিবা এটা চোবাই টোপনিৰ আমেজকণক পৰাজয় কৰিব আৰু সেইখিনি সময়তে সংসাৰী সোপাই সংসাৰখনৰ কথা আৰু ডেকাসোপাই  মবাইলত প্ৰাণৰ গোপিনীৰ লগত চেলফি উঠি আৰু ভিডিও কলিং কৰি “লাভ ইউ” কোৱা কথাটোলৈ মনত কৰিব আৰু ঘৰত ৰৈ থকা মাতাশ্ৰী , পিতাশ্ৰী আৰু অন্যান্য সম্পৰ্কীয় সকললৈ মনত কৰিব ।”

উক্ত কথাখিনি স্বৰ্গৰাজ্যৰ পৰা মত্যলৈ আহি থাকোতে ঘোষণা কৰি কৃষ্ণই মনতে মিচিকিয়াই হাঁ‌হিটো মাৰি ৰাধালৈ চাই কলে , ” প্ৰিয়ে তুমি বেয়া নাপাবা সোণপাহী  , মই একেবাৰে সৰস্বতী পূজা চাই আহিম । বলা প্ৰিয়ে তুমি ভোগালী বিহু খাবা আৰু মই সৰস্বতী পূজা চাম । সুন্দৰী ৰমণীবোৰৰ সৈতে চেলফি উঠিম । “

ৰাধাই ফুৰ্তিমনে হাঁহিলে এনেও তো কৃষ্ণদেৱৰ অনেক গোপীনীৰ লগত সম্পৰ্ক থকা বুলি বদনাম এটা আছেয়ে । বদনাম বদনামে সদায় । এজনীৰ লগত ওলালে যি বদনাম , এশজনীৰ লগত ওলালেও একেই বদনাম ।

ৰাধা সুন্দৰীয়েও ৰোমাণ্টিক হাঁহি এটা মাৰিলে , ভাবিলে ফেচনৰ নামত মত্যৰ ডেকাবোৰো পিছ পৰি থকা নাই । সুন্দৰ ডেকাবোৰ আৰু সিহঁতৰ ফেচন । ইচ চুলিয়ে চাবানে ? টেতুয়ে চাবা ? নে কাণফুলি , চেলাউৰি ফুলিয়ে চাবা ? তথাপি মনৰ কথা মনতে ৰাখি ৰাধা সুন্দৰীয়ে কৃষ্ণক কলে , ” বুজিছে প্ৰিয়ে মত্যত নাৰী পুৰুষ সদায় সমান । “

Related Articles

Check Also

Close
Close