কুঁহিৰ হোলি

মৌলি ধৰ

কুঁহিৰ বাবে এইবাৰৰ হোলি আনবাৰতকৈ অলপ বেলেগ | বেলেগ ঠাই, মানুহবোৰো নতুন  | কিন্তু হোলিৰ উচাহ অলপো কম নহয় | নগাঁওত তাই ককা- আইতা, বৰমা-বৰদেউতা, ৰিকিদাদা, নিনিবা সকলোৰে সৈতে হোলি খেলিছিল | মাকৰ চাকৰিটো সুদূৰ দিল্লীলৈ বদলি হোৱা বাবে তাইও মৰমৰ ঘৰখন এৰি আহিবলগীয়া হ’ল | তথাপি ইয়াৰ মাজতো তাইৰ বাবে ভাল লগা কথাটো হ’ল কুঁহিৰ অতিকৈ মৰমৰ মুন আন্কলক পোৱাটো | আজি তাই মুন আন্কলৰ লগত হোলি খেলিব ওলাল | কুঁহিৰ মুন আন্কল ওৰফে মৃগেন গগৈ, কুঁহিৰ মাক জাহ্নবীৰ বহুত আগৰে পৰা চিনি পায় | কুঁহিৰ বৰদেউতাকৰ লগত একেটা বিভাগতে চাকৰি কৰা মৃগেন গগৈৰ জাহ্নবী বিয়া হৈ সেইখন ঘৰলৈ যোৱাৰ আগৰে পৰা ঘৰখনত মৃগেনৰ অহাযোৱা | বিয়াখন ঠিক হওতে মৃগেনৰ পৰাই ঘৰখনে জাহ্নবীৰ বিষয়ে খবৰবোৰ লৈছিল | ‘বহুত ভাল ছোৱালী জাহ্নবী’ একেষাৰতে উত্তৰ দিছিল মৃগেনে | আবিয়ৈ বায়েক, বুঢ়া বাপেকৰ দায়িত্ব লওতে লওতে মৃগেনৰো বিয়াৰ বয়স প্ৰায় ওকলিল | আবিয়ৈ ছোৱালী থকা ঘৰত যে ছোৱালী দিবলৈ কোনেও সন্মত নহয় | যোৱা বছৰেই বদলি হৈ তেখেত দিল্লীলৈ আহিছে | কুঁহিক লগ পাই তেওঁৰো মনটো ভাল লাগি গ’ল |
        এইয়া কি! তাই সঁচাকৈ আচৰিত হ’ল | জন্ম হবৰে পৰা এই পাঁচটা বছৰত তাই মাকক যি সাজত দেখিছে, দিল্লীত দেখুন প্ৰায় সকলোবোৰ মানুহেই একে সাজতেই হোলী খেলিব ওলাইছে! শুভ্ৰ বগা | তাইতো আগতে কাকো নতুন বগা কাপোৰ পিন্ধি হোলী খেলা দেখা নাই | কি অদ্ভুত বাৰু ছোৱালীবোৰ, বগা ছেলোৱাৰ পিন্ধি হোলী খেলিছে | কিন্তু মাকক কেতিয়াও তাই হোলী খেলা দেখা নাই | মাৰ গাত হোলীৰ ধুনীয়া ৰং লাগিলেহে চাগে মায়ে অন্য ৰঙৰ কাপোৰ পিন্ধিব পাৰিব | কুঁহি কুঁহিকৈ মাতি মাক ওলায় অহা দেখি তাই সৰু হাতৰ মুঠিৰেই অলপ অলপকৈ সাতটা ৰঙেৰে মাকক ৰঙীনকৰি তুলিলে | চকুৰে নিগৰি অহা পানীখিনি মচি মাকে তাইৰ সৰু, কোমল মুখখনলৈ চাই সৰুকৈ ক’লে – নাপায় কুঁহি | অবুজ সৰু ছোৱালীজনী নুসুধি নোৱাৰিলে ,,’কিয় মা?’ অস্পষ্ট সুৰত জাহ্নবী কৈ গ’ল ” তোমাৰ দেউতা নাই যে, সেইবাবে |”
        ইমান পৰে ওচৰতে ৰৈ থকা মৃগেন গগৈ আৰু ৰৈ থাকিব নোৱাৰিলে | দোপট্টাখনেৰে মুখত লাগি থকা ৰঙবোৰ মচিব লোৱা জাহ্নবীৰ হাতখন সজোৰে ধৰি তেখেতে কৈ গ’ল ” তোমাৰ এতিয়াই বিবৰ্ণ হোৱাৰ বয়স হোৱা নাই জাহ্নবী | যদি মোক তোমাৰ উপযুক্ত বুলি ভাবা, তেনেহ’লে তোমাৰ জীৱনটো পুনৰ ৰঙেৰে ভৰাই তোলাৰ অধিকাৰ মোক দিবানে?” আকাশ, বতাহ সকলোটি ফাগুনৰ মলয়া বতাহ আৰু হোলীৰ ৰঙে জীপাল কৰি তুলিলে | এমুঠি ৰঙা আবিৰ মৃগেনে জাহ্নবীৰ মুখখনত বুলাই দিলে | সেইয়া আবিৰ নাছিল, আছিল প্ৰতিশ্ৰুতি | ওচৰতে কৰবাত জোৰেকে বাজি উঠিল “হোলী কে দিন দিল খিল যাতেহ্য ৰংগো ম্যে ৰং মিল যাতেহ্যে……” |

Related Articles

error: Content is copy right protected !!
Close