কি দৰে  গঢ় দিয়া উচিত শিশুৰ মানসিকতা ?

অংশুমান হাজৰিকা

নাই, কোনেও নাজানে, কি দৰে গঢ় দিলে আপোনাৰ শিশু এজন সুস্থ মানসিকতাৰ প্ৰাপ্ত বয়স্কলৈ ৰূপান্তৰ হব এদিন! , নাজানে কোনেও ডাঠি কব কি দৰে ডাঙৰ দীঘল কৰিলে আপুনি বিচৰা ধৰণে আপোনাৰ শিশু ডাঙৰ হৈ আহিব ! কোনেও কব নোৱাৰে, কিয়? কিয়নো মানুহ ভেদে মন বেলেগ বেলেগ আৰু এজন শিশু ডাঙৰ হোৱাৰ লগে তেওঁৰ মানসিকতাত কেৱল ঘৰৰ মানুহে নহয়, কাষৰ মানুহ খিনিয়ে, কি চাই কি খাই কেনে দৰে গৰম দিন কেনেদৰে ঠাণ্ডা দিন পাৰ কৰি ডাঙৰ হৈছে, সেই সকলো খিনি কত্হায়ে প্ৰতক্ষ অথবা পৰোক্ষ ভাবে প্ৰভাব পেলায় আহিব । গতিকে আপুনি যদি আপোনাৰ শিশুক  আপুনি ভবা ধৰণে এক যুক্তি বাদী সুস্থ মানসিকতাৰ ব্যক্তি ৰূপে ভৱিষ্যতে চাব বিচাৰি তাৰ বাবে লগা মন্ত্ৰ জাতীয় সাধনাৰ গুপুত শৈলী কিবা পাম বুলি এই লেখা টি পঢ়িবলৈ লৈছে, তেন্তে আৰু আগ নবঢ়ঈ শ্ৰেয় । কিয়নো আমি আজি তেনেকুৱা একো সৰু সহজ ৰাষ্টাৰ বিষয়ে গম নলও, আমি মাত্ৰ অনুভৱ কৰিম । কি অনুভৱ কৰিম? সেইয়া তললৈ আগ বাঢ়ি যোৱাৰ লগে লগে অনুধাৱন কৰিব পাৰিম ।

        এজন শিশুক ভৱিষ্যতৰ বাবে মানুহ হিচাপে তৈয়াৰ কৰাত আটাইতকৈ কাৰ হাত বেছি থাকে ভাবি চাওনে আমি ? হয়, ঘৰ খনৰ, সমাজ খনৰ, শিক্ষক সকলৰ, পৰিৱেশৰ সকলোৰে নিজৰ নিজৰ অংশ থাকে, কিন্তু প্ৰত্যেক জন ব্যক্তিয়েই মানিবলৈ বাধ্য হব মাকতকৈ বেছি কাৰো এই দায়িত্ব নাথাকে । দেউতাকৰ ভূমিকা থাকে, ঠিক সেই দৰে ককাক আইতাক অথবা ঘৰ খনৰ আন সদস্যৰো থাকে, কিন্তু কয় নহয়- ‘নৈৰ সমান বব কোন, আইৰ সমান হব কোন’ মাক এগৰাকীয়ে কেৱল নমাহ গৰ্ভত ধাৰণ কৰি জন্ম দিয়াই নহয়, সন্তান টিক ডাঙৰ দীঘল কৰি এজন সুস্থ মানসিকতাৰ ব্যক্তি হিচাপেও গঢ় দিয়ে । তেন্তে কি দৰে ৩-৪ বছৰ বা মাত ফুটিবলৈ আৰম্ভ কৰাৰ পৰাই এগৰাকী মাতৃয়ে সেই কাম কৰা উচিত ? নাই, এই অভাজনৰ সিমান খিনি জ্ঞান নাই, মাত্ৰ জীৱনত হোৱা যি দুই এটা অভিজ্ঞতা হৈছে তাৰ পৰা হে এই লিখা টি আগবঢ়াইছো –

    একেবাৰে সাধাৰণ কৈ কবলৈ গলে আমাৰ সমাজ খনত বৰতমান দুই ধৰণৰ ঘৰ থাকে, এক য’ত কেৱল মাক দেউতাক আৰু সন্তান আৰু দুই য’ত ককাক আইতাক বা ঘৰ খনৰ পৰিয়ালৰ আন সদস্য । ঘৰ খনত মাক দেউতাকৰ বাদে ককাক আইতাক অথবা আন থাকিলে শিশুটি ভালদৰেই বৰ বেছি এটা চিন্তা নকৰাকৈয়ে ডাঙৰ হৈ আহে । অভিজ্ঞ ককাক বা আইতাকে কিমান মৰম নাতিনীক কৰে সেইয়া সকলোৱে অনুভৱ কৰে । কিন্তু কামৰ তাগিদাতে হওক অথবা পৰিস্থিতিৰ বাবেই হওক, যেতিয়া কেৱল মাক দেউতাকে সন্তান টিক ডাঙৰ দীঘল কৰিব লগা হয়, বহু ক্ষেত্ৰত মাক গৰাকীয়ে বিভিন্ন ধৰনৰ short-cut  লব লগীয়া হয় । ভূল কাৰো নাই – চাকৰীৰ বাবেই হওক বা আন কিবা কাৰণতেই, কাম কৰা, ল’ৰা ছোৱালী চোৱা মহিলাৰ হাততো বহু শিশু ডাঙৰ হয়, অথবা এনেকুৱাও হয় বহু মাকে শিশু টিক ঘৰত অকলে এৰিয়ে চাকৰিলৈ যাব লগীয়া হয় – উপায় নোহোৱা হয় আৰু তেনেকৈয়ে মিলাব লগীয়া হয় সেই সময়ত । তেতিয়া লৈকে সকলো ঠিকেই থাকে, আচল সমস্যা আহে যেতিয়া শিশু টি অলপ ডাঙৰ হয় অৰ্থাৎ বুজন হয়। এক কথাত কবলৈ গলে যেতিয়া শিশুটিয়ে যুক্তিকৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে । দ্বিতীয় তৃতীয় শ্ৰেণীত উঠাৰ লগে লগে এই সময় আৰম্ভ হৈ আহে । আৰু এই সময়ৰ পৰাই শিশুটিৰ প্ৰতক্ষ্য মানসিক বিকাশ হবলৈ ধৰে । আখৰো ভালদৰে বুজি পোৱা হয় গৈ । বৰ্তমানে কি দেখা যায় এই বয়সলৈ প্ৰায় শিশুটিয়ে মোবাইল ভালদৰে চলাবলৈ শিকি যায় ।  আমিও দেৰ বছৰ মানৰ পৰাই কান্দিলে মোবাইলৰ ভিদিও দেখুৱাই ক্ষান্ত কৰাৰ নিচিনা সহজ উপায় হওতে কিয়নো বেলেগ কষ্ট কৰিব লাগে বুলি ভাবি আগ বাঢ়ি যাও, ভবাই নহয় এই বিষয়ে বেছি কৈ । অথচ এই সৰু কাম টিয়েই প্ৰথমেই শিশু টিক কিতাপত্কৈ অন্য বস্তুৰ প্ৰতি বেছি আকৰ্ষিত কৰিলে, যিয়ে এটাৰ পৰা আন টো লৈ সলনি হৈ শেষত শিশু টিৰ মানসিকতাত প্ৰভাব পেলায় গৈ । দিয়ক মোবাইল, লাগেও জানিব, নহলে বান্ধি থোৱা গৰু এৰি দিলে যেনে অৱস্থা হয়, তেনে হয় , কিন্তু প্ৰথম চিনাকী সকলো শিশুৰে কিতাপ খনৰ সৈতে হব লাগে । তাৰ পিছত বাকী সকলো। এতিয়া কব আপুনি -কিতাপ দেখোন পঢ়িয়েই থাকে, ইমান ডাঙৰ কিতাপ, ‘ক্লাচ 3’ টেই টিউচন দিব লগা হৈছে দেখোন । নহয় সেইয়া কিতাপ, সেইয়া পাঠ্য পুথি হে । তৃতীয় শ্ৰেণীৰ শিশু এজনক, যি মাধ্যমতেই নপঢ়ক কিয় বিদ্যালয়ত ৰংমন খন আনি দিব চোন, চাব পঢ়িব নোৱাৰিলেও ভালকৈ ফটো খিনিকে চাব অধীৰ অগ্ৰহেৰে । ইংৰাজী মাধ্যমত পঢ়িলে বুলি ৰংমন খন দিলে আপুনি সৰু হৈ নাযায় (সেইটো ভবা টোও মূৰ্খামি মাত্ৰ)। এতিয়া সুধিব পাৰে ‘কিয় ৰংমন? কিয় বেলেগ কিবা নহয় ? কিয় ইংৰাজী কমিক্চ নহয় ? ’ উত্তৰ একেটায়ে  – ইংৰাজী মাত্ৰ এটি বিষয়, কিন্তু অসমীয়া আমাৰ , ইংৰাজী আমি নহলেও চলি থাকিব আৰু সময় আৰু পৰিৱেশ সাপেক্ষে আপোনাৰ শিশুটিয়ে সেই ভাষা আয়ত্ব কৰিবই, কিন্তু অসমীয়া ভাষাটি? নাই, কথা কোৱাৰ বাদে আন ব্যৱহাৰ কমি আহিব। আজিৰ কৈশোৰ প্ৰজন্মৰ কিমান জনে বাহিৰা অসমীয়া কিতাপ পঢ়ে, ভাবি গাৰ নোম শিয়ৰি উঠে । মাতৃ ভাষাটিক পাঠ্য পুথি হিচাপে পঢ়িবলৈ টান পোৱা কিশোৰ জনে ডাঙৰ হৈ নিজৰ ভাষাটোৰ কথা ভাবিব বুলি ভাবিছে নে আপুনি ? সেইবাবেই ৰংমন পঢ়িবলৈ দিয়ক প্ৰথমে । ৬-৭ বছৰ বয়স লৈকে মোবাইলৰ ব্যৱহাৰ বহুল ভাবে কৰিবলৈ নিদিয়াটো কোনো অযুক্তিকৰ কথা নহয় । তেনে এটি পৰিৱেশত ডাঙৰ হৈ যেতিয়া প্ৰথম খন ৰংমন পঢ়িব, দ্বিতীয় খন আৰু তৃতীয় খং ৰংমন পঢ়িব, চতুৰ্থ খনৰ পৰা আৰু আপুনি নিজে আনিব লগীয়া নহয়। শিশুটিয়ে হে ,মনত পেলাই দিব এইমাহৰ ৰংমন খন কিয় অনা নাই বুলি এতিয়ালৈকে ! লাহে লাহে চতুৰ্থ শ্ৰেণী পোৱালৈ নতুন আৱিস্কাৰ, ৰংমেলা , তেনে কিতাপো আনি দিলে পঢ়ি বুজিবলৈ লোৱা হব, আপোনাক তাগিদা দিবলৈ লব । কেৱল শিশু টিৰে নে ? আপোনাৰ লগতে সেই দোকানী জনৰো মুখ খনলৈ চাব চোন, আলোচনী কেইখন আপোনাৰ সন্তানৰ হাতত তুলি দিওতে কি এক প্ৰশান্তি ভৰা মুখ দেখিবলৈ পাব । লাহে লাহে ভোক বাঢ়িবলৈ ললে মহৎ লোকৰ জীৱনী, সাধু, গল্প সকলো খিনি অলপ অলপ কৈ সময় মতে দি যাবলৈ ললে যি টো মন গঢ় লব সেই শিশু টিৰ, আৰু সেইটো মনে কেনে দৰে পিছৰ জীৱনত হাজাৰ বাধাৰ মাজতো সহায় কৰি সাহস দি যাব আপুনি মই আজিৰ দিনটোত কল্পনাও কৰিব নোৱাৰো । ডেল কাৰ্ণেগীৰ অসমীয়া অনুদিত কিতাপ সমূহৰ স্বাদ দিয়াও এইটোৱেই আটাইতকৈ উপযুক্ত বয়স । সাতৰ পৰা বাৰ বছৰ বয়সলৈকে অসমীয়াত থকা সেই মহৎ লোকৰ জীৱনী সমৃদ্ধ কিতাপ সমূহ, প্ৰতি মাহে তিনি খন কৈ আলোচনী, ডেল কাৰ্ণেগী, ড০ পাৰ্থ চট্টোপদ্ধায়ৰ অসমীয়া অনুদিত কিতাপ সমূ্হ, লক্ষ্মীনাথ বেজবৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, নিৰ্মল প্ৰভা বৰদলৈ, হোমেন বৰগোহাঞী দেৱকে ধৰি আন লেখক সকলে লিখা কালজয়ী শিশু সাহিত্য সমূহ পঢ়িবলৈ পোৱাৰ পিছত সেইজন শিশু কেতিয়াও মাত্ৰ এজন ১০ বছৰীয়া শিশু হৈ নাথাকে । (বিনম্ৰ অনুৰোধ – বিদ্যালয়ৰ পঢ়া বহুত বাবে বাহিৰা কিতাপ পঢ়িবলৈ সময় নাপায় বুলি কৈ বা ভাবি নিজক মূৰ্খ নসজাব) । এনেদৰে ডাঙৰ হৈ সপ্তম অষ্টম শ্ৰেণী পোৱালে আপোনাৰ সন্তানে গল্প পঢ়ি শেষ কৰি উপন্যাস পঢ়িবলৈ লব গৈ । একাদশ, দ্বাদশ পোৱালৈ সেই সন্তান টিয়েই তত্ব গধুৰ লেখা পঢ়ি বুজি পোৱাই নহয়, লাহে লাহে লিখিবলৈও আৰম্ভ কৰিব গৈ  । চাওঁক চোন – এবাৰ মাত্ৰ ৰংমন খন আনি দিয়াৰ বাবেই আজি ক’ৰ পৰা আপোনাৰ সন্তান ক’লৈ পালেহি ! মাতৃ হিচাপে ভাবিয়েই আপোনাৰ এতিয়া বুকু খন ফুলি উঠিছে, তেন্তে সচাঁকৈ সেইখিনি হোৱাৰ পিছত সেইজন আত্ম বিশ্বাসেৰে ভৰপূৰ সন্তানৰ মাক –দেউতাক বুলি কবলৈ আপোনাৰ কেনে অনুভৱ হব!

হয়, কিছু শিশুৱে পঢ়ি বেয়া পায় বুলি মাক দেউতাকে কয় । আচলতে কিন্তু শিশু টিয়ে পঢ়ি বেয়া নাপয়, কোনেও পঢ়ি বেয়া পাব নোৱাৰে । শিশুটিয়ে নিজে ভাল পোৱা বিষয় টিৰ বিষয়ে হে আচলতে পঢ়া নাই, যাক আমি পঢ়ি বেয়া পোৱা বুলি ভাবি ভূল কৰো । সকলোৱে কিবা নহয় কিবা ভাল পায়, সেই বিষয় টোৰ ওপৰত পঢ়িবলৈ দিলে কোনেও বেয়া পাব নোৱাৰে। যি দৰে খাই কোনেও বেয়া পাব নোৱাৰে, মাত্ৰ পছন্দকৰ খাদ্য খোৱা নাই বাবে হে বেয়া পায়, তাৰ সৈতে কথাটো একেই । আমি সৰুৰে পৰা শিশু টিক পুষ্টিকৰ আহাৰ খোৱাবৰ বাবে যত্ন কৰো, হৰলিকক্স, চেৰেলেক্স আৰু কত যে কি!, কিন্তু শিশু টিৰ মানসিক আহাৰৰ বাবে  আমি বৰ এটা যত্ন কৰা পৰিলক্ষিত নহয় । কথাতেই কয় ‘আগ হাল যেনি যায়, পাছ হালো তেনি যায়’- আমি পাহৰি যোৱা উচিত নহব যে, শিশুটিয়ে সৰুৰে পৰা মাক দেউতাকক দিনটোত ঘৰত থকা সময়ত সকলোকে একেলগে খোৱা দেখিছে নে নাই, খোৱাৰ সময়ত টি ভি চাই, মোবাইল টিপি ভাত খাইছে নে হাহি মাতি কথা পাতি ভাত খাইছে, ঘৰ খনত শিশুটিয়ে খুলি কথা কব পৰাকৈ মুক্ত এটি পৰিৱেশ পাইছে নে নাই – এই সকলো খিনি কথাই প্ৰতক্ষ্য আৰু পৰোক্ষ দুই ভাবেই মানসিক গঠনত প্ৰভাব পেলায় । ‘মূৰত থলে ওকনিয়ে খাব, মাটিত থলে পৰুৱাই খাব’ বুলি ভাবি যদি আপুনি ১০-১১ বছৰ বয়সৰ পৰাই শিশু টিক ঘৰত কুটা এগছো গছকিবলৈ নিদিয়ে, তেন্তে ডাঙৰ হৈ আপোনাৰ ল’ৰা টোৱে যেতিয়া ‘কমলা পছন্দ (কে.পি.) খাই আহি ঘৰৰ ভিতৰৰ বেচিনত পেলাই চাফা নকৰাকৈ আতৰি যাব, তেতিয়া কিন্তু আপুনি তাক গালি দি ভাল কৰিব নোৱাৰিব। তেতিয়ালৈ ভাগ্যক ধিয়াই তাল ফাল লগোৱাৰ বাদে একো বাকী নাথাকিব আপোনাৰ ওচৰত ।

        ল’ৰা ছোৱালী আজিৰ যুগত সমান বুলি সকলোৱে সমান বুলি কয়। কিন্তু , ল’ৰা টোৱে দশম – একাদশ শ্ৰেণী লৈ উত্তীৰ্ণ হৈও ভাত কেইটা যে বনাবলৈ নিশিকিলে, কি ভাবি ? পিছত ঘৈণীয়েকে বনাই খোৱাব বুলি ভাবি সেইখিনি শিক্ষা আপুনি মাক হিচাপে নিদিলে নে আন কিবা ভাবি? আকৌ একে বয়সৰ ছোৱালী জনীয়েও যে ভাত কেইটা বনাবলৈ নিশিকিলে, সেইটো ল’ৰাৰ লগত খোজত খোজ মিলাই চলাৰ বাবে নিশিকাকৈ থাকিল নে আন কিবা কাৰণত? মাক  হিচাপে এই খিনি জ্ঞান সময়মতে দি কোনটো বয়সত সন্তানক বন্ধুৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা উচিত, সেইটো জনাটো বৰ গুৰুত্বপূৰ্ণ ।

ল’ৰা ছোৱালী ডাঙৰ কৰা টো একেবাৰে সহজ কথা নহয় । আমি কেৱল নিজৰ সন্তান ডাঙৰ কৰা নাই, আমি ভৱিষ্যতক ডাঙৰ কৰিছো। গতিকে কি ধৰনে সমাজ খনৰ ভৱিষ্যতৰ মনস্কতা গঢ় লৈ উঠে, সেই খিনি বৰ্তমানৰ ওপৰতে সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰে । এটি সন্তান জন্ম দিয়া মানে আমি সম্পূৰ্ণ ৰূপে এক নতুন ব্যক্তিত্বক জন্ম দিছো, আন এজন মানুহক জন্ম দিছো। আমি আমাৰ পূৰণ নোহোৱা সপোন খিনি পূৰাবলৈ সন্তান টিক জন্ম দিয়া নাই । আমাৰ মানসিক অৱস্থা আমাৰ সন্তানৰ মাজত প্ৰতিফলিত হব, সেইটো সচাঁ, কিন্তু আমি মনে বিচৰা ধৰণে গঢ় লৈ আমি ভবা সপোন খিনি পূৰণ নকৰিবও পাৰে সন্তানে । সেইটোৰ বাবে প্ৰতি মূহুৰ্তে আমই নিজক সাজু ৰখা উচিত। ইয়াত ভূল একো নাই, সৰুৰে পৰা যেতিয়া আমি আমাৰ সন্তান টিক কিতাপ পঢ়ি ভাবিবলৈ শিকাই ডাঙৰ কৰিছো,  সচাঁ আৰু মিছাৰ পাৰ্থক্য নিজে কৰিবলৈ শিকাইছো, নিজৰ বিবেকক প্ৰাধান্য দি জীৱনত আগ বাঢ়িবৈলৈ শিকাইছো, তেনে ক্ষেত্ৰত আমাৰ সন্তানে আমি কৰিবলৈ কোৱা, আমি ভাবি থোৱা মতে ডাঙৰ নহব পাৰে, সেই সময়ত সন্তানটিয়ে ভূল পথত গৈছে নে নাই, সেই বিষয় টোত হে প্ৰাধান্য দিয়া উচিত । যি শিশুয়ে সৰুৰে পৰাই কিতাপ পঢ়িবলৈ শিকে, সেই সন্তান ভূল পথত নাযায়, যাবলৈ বিচাৰিলেও সেই মহান লোক সকলৰ জীৱনীয়ে প্ৰতি মূহুৰ্ততে বাধা দি সঠিক পথত ৰাখে, প্ৰয়োজনৰ সময়ত আপুনি নজনাকৈয়ে প্ৰেৰণা যোগায় । কিন্তু মাক দেউতাকৰ অপূৰণীয় সপোন বোৰ পূৰণ কৰিবলৈ বুলি কিবা এটা জাপি দি জোৰ কৈ কৰিবলৈ দিলে, ই হিতে বিপৰীত হে হয় গৈ । সৰু কালৰ পৰাই যদি সেই কাম খিনি সময় মতে দ্বায়িত্ববোধ ৰাখি কৰিছে, তেন্তে নিশ্চিন্ত মনে থাকক, সময় মতে সকলো খিনি হৈ উঠিব, যদি হৈ উঠা নাই, তেন্তে সময় আহি পোৱা নাই। গতিকে হতাশ হোৱাৰ সলনি প্ৰেৰণা যোগাই জীৱন টোত যুক্তিৰে নিজে সমস্যাৰ সমাধান কৰিবলৈ শিকাই সন্তান টিক আগ বাঢ়িবলৈ শিকাওক, দেখিব সমাজৰ ভৱিষ্যত আপোনাৰ হাততেই সুৰক্ষিত হৈ উঠিছে  ।

মাতৃত্ব হোৱাৰ সৌভাগ্য সকলোৰে নাথাকে। সন্তানক সফল ভাবে ডাঙৰ দীঘল কৰি ভৱিষ্যত সমাজৰ ধৰোহৰ হিচাপে গতাই দিয়াৰ সৌভাগ্য টো তাতোতকৈ বহু কম জনৰ হে থাকে । ভাগ্যবান সেইসকল যি সকলে এই সৌভাগ্য লাভ কৰে।  সৌভাগ্যৰ লগতে ই এক গধূৰ দায়িত্বও। গতিকে এই দায়িত্ব সফল ভাবে, সক্ষম ভাবে পালন কৰি আমি কি দৰে আমাৰ ভৱিষ্যতক সমাজৰ মাজলৈ লৈ যাও, সেইয়া মাত্ৰ আমাৰ ওপৰত হে নিৰ্ভৰ কৰিব ।

Related Articles

error: Content is copy right protected !!
Close