কিহৰ বাবে জয়ধ্বনি

অঞ্জন শৰ্মা

কিহৰ বাবে জয়ধ্বনি?

আজিকালি মোৰ স’তেই মোৰ
সাক্ষাৎ নহয়
দাপোণৰ সন্মুখত থিয় হৈ নিজেই
নিজক চাবলৈও
নিজৰ কথা ভাবিবলৈও
নিজৰ চকুত চকু মিলাবলৈও মই
সময় নাপাও নিজেই নিজলৈ চাই
মিচিকিয়াবলৈ
চকু টিপিয়াবলৈ
মই মোৰ পৰাই এতিয়া আতৰি গৈছো
বহু দূৰলৈ, মই
পাহৰি পেলাইছো আমি শিক্ষালাভ কৰা
পাঠশালাৰ নাম              সময়
পাহৰিছো আমি য’ত দগ্ধ হও অবিৰাম
তাৰো নাম                      সময়
চাবলৈ
বুজিবলৈ মোৰ সময় ইচ্ছা একো নাই
মানুহৰ বিশ্বাসৰ মথাউৰিবোৰ হেনো
উটিবলৈ ধৰিছে
ভাঁহিবলৈ ধৰিছে
মই দেখা নাই, মই বানৰ প্ৰচন্ড
শব্দও শুনা নাই মই
মোকেই চাবলৈ সময় উলিয়াব পৰা নাই
চৌদিশে এতিয়া মই মাথো মই, মোৰেই
হাঁহি থকা মুখৰ শত সহস্ৰ ছৱি
দুয়োখন কাণৰ কাষত অহৰহ শুনো মই
মোৰেই জয়জয়কাৰ
জয়ধ্বনি
বিজয়ৰ তোপধ্বনি!
আজি একেবাৰে ভাল লগা নাই মন
দেহৰক্ষী, স্তাৱক, বিষয়াই মোক আৱৰি আছে যদিও
মোৰ বুকুত যেন একো নাই, শূণ‍্যতা, মই
মোৰ পৰাই এতিয়া বহু আতৰত মই মোকেই
কৈ আছো বাৰম্বাৰ –
      বাৰবণিতাইও নিজৰ স্তন নিজে নকৰে মৰ্দন
      আত্মৰতিত কোনো বাৰাঙ্গনাও নহয় মগন!
মই মোকেই সুধি আছো অবিৰাম-
      কিয় ওলোমোৱা ছৱি?
      কিহৰ বাবে জয়ধ্বনি ?

                              

Show More

Related Articles

Back to top button
error: Content is copy right protected !!