কিডনী আৰু দ্ৰোণ

টোকাবহীৰ পৰা : মহাবাহু

আকাশীপথেৰে ৫ কি.মি. দূৰত্ব দ্ৰোণে অতিক্ৰমি কঢ়িয়াই আনিলে ‘কিডনী’!

ৱাশ্বিংটন: আকাশীপথেৰে ৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ‘কিডনী’য়ে সময়মতেই চিকিৎসালয় পাবলৈ সক্ষম হ’ল দ্ৰোণৰ সহায়ত। প্ৰযুক্তিবিদ্যাক কামত খটুৱাই দ্ৰোণৰ মাধ্যমেৰেও যে কিডনী নিৰাপদে লৈ আহিব পাৰি, তেনে এক বিৰল ঘটনাৰ সাক্ষী পোনপ্ৰথমবাৰৰ বাবে হৈ ৰ’ল বিশ্বৰ চিকিৎসাবিজ্ঞানৰ সৈতে জড়িতসকল।
মেৰিলেন্ড বিশ্ববিদ্যালয়ৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ৪৪ বছৰ বয়সীয়া এগৰাকী মহিলাই বিগত ৮ বছৰ ধৰি কিডনীৰ সমস্যাৰে আক্ৰান্ত হৈ আছিল। ডায়ালাইচিছ প্ৰক্ৰিয়াৰ দ্বাৰা চিকিৎসা কৰি থকা হৈছিল যদিও মহিলাগৰাকীয়ে সকাহ পোৱা নাছিল। অৱশেষত চিকিৎসকসকলে কিডনী প্ৰতিস্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিশ্ববিদ্যালয়ৰ সূত্ৰ অনুসৰি মেৰিলেন্ড মেডিকেল চেন্টাৰৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ নিলগত এখন বেচৰকাৰী চিকিৎসালয়ত ৬০ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধৰ ‘ব্ৰেইন ডেথ’ হয় আৰু তেতিয়াই সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অতি দ্ৰুততাৰে কিডনী প্ৰতিস্থাপনৰ বাবে যাবতীয় ব্যৱস্থা লোৱা হব।
কিডনী প্ৰতিস্থাপনৰ বাবে ৰাজপথেৰে সেই কিডনী আনিবলৈ যিমান সময় লাগে, তাৰে এক-তৃতীয়াংশ সময়ত দ্ৰোণৰ সহায়েৰে আকাশীপথেৰে কিডনী আনিবলৈ সক্ষম হ’ল মেৰিলেন্ড মেডিকেল চেন্টাৰে। বিশ্ববিদ্যালয়ৰ সূত্ৰৰ পৰা জনা গৈছে যে ৫ কিলোমিটাৰ দূৰত্ব উৰি আহিবলৈ সময় লাগিল মাত্ৰ ১৬০ ছেকেণ্ড! কিন্তু ৰাজপথেৰে আনিলে সময় লাগিলহেতেন ৫ মিনিটৰ পৰা ৬৫ মিনিট। কিডনী প্ৰতিস্থাপনৰ দায়িত্বত থকা অস্ত্ৰোপচাৰবিদ জোছেফ স্কেলাই জনাইছে যে “আমাৰ হাতত মুঠ সময় আছিল মাত্ৰ ৩ মিনিট। এই ৩ মিনিটৰ ভিতৰতে ৪৪ বছৰীয়া ৰোগাক্ৰান্ত মহিলাৰ কিডনীক বিদায় দি নতুন কিডনী তেওঁৰ শৰীৰত স্থাপন কৰিব লাগিবই বাবে আকাশীপথেৰে কিডনী উৰুৱাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, কাৰণ ৰাজপথেৰে কিমান সময় লাগে ধৰিব পৰা নাযায়।” ১৯ এপ্ৰিল,২০১৯ তাৰিখে নিশা ১ বজাত ৪০০ ফুট উচ্চতাৰে দ্ৰোণে ১৬০ ছেকেণ্ডত মেৰিলেন্ড মেডিকেল চেন্টাৰৰ হেলিপেডত অৱতৰণ কৰিলে।
দ্ৰোণক চিকিৎসাবিজ্ঞানৰ কামত ব্যৱহাৰ কৰা উদাহৰণ আগতেও আছিল। ২০১৮ চনৰ ডিচেম্বৰ মাহত প্ৰৱল তুষাৰপাতৰ ফলত অষ্ট্ৰেলিয়াত হেলিকপ্টাৰৰ সংযোগ যেতিয়া সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছিল, তেতিয়া দ্ৰোণেই আছিল একমাত্ৰ ভৰষা। প্ৰায় ১৫ কিলোমিটাৰ পথ দ্ৰোণে কঢ়িয়াই নিছিল প্ৰয়োজনীয় ৰক্ত। কিন্তু প্ৰতিস্থাপন কৰিবলৈ দ্ৰোণৰ মাধ্যমেৰে কিডনী উৰুৱাই অনা ঘটনা এয়াই প্ৰথম। জোছেফে দাবী কৰিছে যে বৰ্তমানে দ্ৰোণে যি উন্নতিসাধন কৰি আছে, অদূৰ ভৱিষ্যতে মাত্ৰ ১০-১৫ কিলোমিটাৰ নহয়, চিকিৎসাৰ প্ৰয়োজনত ১০০ কিলোমিটাৰ দূৰৰ পৰাও দ্ৰোণে চিকিৎসাৰ সা-সৰঞ্জাম উৰুৱাই আনিব পাৰিব।
আমেৰিকাৰ প্ৰায় ১৫০০০০ মানুহ এতিয়াও অঙ্গ প্ৰতিস্থাপনজনিত সমস্যাত ভুগি আছে। অঙ্গৰ অভাৱৰ উপৰিও তৎকালীনভাৱে অঙ্গ স্থানান্তৰৰ সমস্যাও আছে। এনে ক্ষেত্ৰত দ্ৰোণৰ মাধ্যমেৰে উপকৃত হ’ব পৰা যাব বুলি চিকিৎসাবিজ্ঞানীসকলে আশা কৰিছে।

Related Articles

error: Content is copy right protected !!
Close