কাৰ্বন আহঁৰ ৰছী আৰু অসমস্থ ৰাজনৈতিক দল – অঞ্জন শৰ্মা

সমগ্ৰ বিশ্বতেই হয়তো গগনচুম্বী অট্টালিকা নিৰ্মাণ কৰা সম্ভৱপৰ নহ’লহেতেন বা ছয়-সাত মহলাতকৈ অধিক উচ্চতৰ অট্টালিকা নিৰ্মাণ নহ’লহেতেন, যদিহে মানুহক অট্টালিকাৰ ওপৰলৈ লৈ যাবলৈ বা ওপৰৰ পৰা তললৈ নমাই আনিবলৈ ‘লিফ্ট’ বা ‘এলিভেটৰ’ আৱিস্কাৰ নহ’লহেতেন। প্ৰকৃততে ডুবাইৰ ২৭১৬ ফুট (৮২৮ মিটাৰ) উচ্চতাৰ ‘বুৰ্জ খলিফা’ , ছাংহাইৰ ৬৩২ মিটাৰ উচ্চতাৰ ‘ছাংহাই টাৱাৰ’, ৬০১ মিটাৰ উচ্চতাৰ ছৌদি আৰবৰ ‘মক্কা ক্লক ৰয়েল টাৱাৰ’, অথবা ৪৫২ মিটাৰ উচ্চতাৰ কুৱালালামপুৰৰ ‘পেট্ৰ’নাছ টাৱাৰ্চ’-এ তথা অন‍্যান‍্য গগনচুম্বী অট্টালিকাই গগনক চুমা যাচিবলৈ সক্ষম হোৱাৰ মূলতেই হ’ল ‘লিফ্ট’ বা ‘এলিভেটৰ’। বিজ্ঞানৰ জয় হ’ল। কিন্তু বিজ্ঞানীসকল হাত সাৱটি বহি নাথাকিল। ‘লিফ্ট’ৰ দক্ষতা বৃদ্ধিৰ বাবে গৱেষণাগাৰত অহৰহ চেষ্টা চলি থাকিল। কাৰণ ভৱিষ‍্যতৰ পৃথিৱীত নিৰ্মাণ হ’বলগীয়া অধিক উচ্চতৰ অট্টালিকাবোৰৰ সৈতে ‘লিফ্ট’ৰ এক এৰাব নোৱৰা সম্পৰ্ক আছে।

ৰাষ্ট্ৰসংঘৰ শেহতীয়া সমীক্ষা অনুসৰি ২০৫০ চনলৈ পৃথিৱীৰ বক্ষত থকা মানুহৰ দহজনৰ সাতজনেই মহানগৰ, ডাঙৰ নগৰ-চহৰত বাস কৰিব আৰু গগনচূম্বী অট্টালিকাই হৈ পৰিব একমাত্ৰ সমাধানসূত্ৰ ( The United Nations estimates that by 2050 seven out of ten people on the planet will live in cities, and high rise buildings are seen as one way of coping increasing demand for housing and office space)। গতিকে গৱেষণাগাৰত ব‍্যস্ত হৈ পৰিল গৱেষকৰ দল। ১৮৫৩ চনত নিউয়ৰ্ক মহানগৰীত অনুষ্ঠিত বিশ্ব বাণিজ‍্য মেলাত ‘এলিছা অ’টিছ’ (Elisha Otis)এ প্ৰদৰ্শন কৰিছিল তললৈ নামি অহা ‘লিফ্ট’ এখনক কিদৰে স্বয়ংক্ৰিয় ‘ব্ৰেক’ৰ দ্বাৰা ৰখাই দিব পাৰি। ‘এলিছা অ’টিছ’ৰ আৱিস্কাৰ আছিল কালজয়ী। কিয়নো, এটা অট্টালিকাত উঠিলে কিমানটা খট্খটীত খোজ দিব লাগিব-সেই চিন্তাৰ পৰা এই আৱিষ্কাৰে মানুহক মুক্ত কৰিছিল। ইয়াৰে চাৰি বছৰ পিছতেই ‘অ’টিছ এলিভেটৰ কোম্পানী’য়ে মানুহ কঢ়িয়াবলৈ সক্ষম যাত্ৰীবাহী ‘এলিভেটৰ’ নিৰ্মাণ কৰিলে আৰু প্ৰথমখন ‘এলিভেটৰ’ লগোৱা হ’ল মানহাটানৰ ডিপাৰ্টমেন্টেল ষ্টোৰত। বিজ্ঞানীৰ দলে হাত সাৱটি নাথাকিল বাবেই এতিয়াৰে পৰা কিছু মাহ আগেয়ে ফিনলেন্ডৰ এলিভেটৰ নিৰ্মাণ কৰা কোম্পানী ‘ক’ন’ (Kone)-এ সদম্ভে ঘোষণা কৰিবলৈ সক্ষম হ’ল যে বৰ্তমান সময়ত পৃথিৱীত থকা গগনচুম্বী অট্টালিকাবোৰতকৈও দুগুণ পৰ্য্যন্ত ওখ অট্টালিকা নিৰ্মাণ কৰা সম্ভৱপৰ হ’ব–যিহেতু ‘ক’ন'(Kone)-এ ‘কাৰ্বন আহঁৰ ৰছী’ ( Carbob Fibre Rooe) আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল! গগনচুম্বী অট্টালিকাভিত্তিক অভিযান্ত্ৰিক ক্ষেত্ৰখনলৈ বৈপ্লৱিক পৰিবৰ্তনৰ সম্ভাৱনা কঢ়িয়াই অনা কাৰ্বনৰ আহঁৰ অত‍্যধিক  শক্তিশালী ৰছী ( যাৰ নামকৰণ কৰা হৈছে ‘Holy GrIl’ বুলি)ৰ  সহায়ত একেবাৰতে বিৰতিবিহীনভাৱে ১ মাইল পৰ্য্যন্ত ‘লিফ্ট’ বা ‘এলিভেটৰ’ক টানি লৈ যাব পাৰিব, অৰ্থাত ৮২৮ মিটাৰ ওখ ‘বুৰ্জ খলিফা’তকৈও অধিক উচ্চতালৈ । বিজ্ঞানীয়ে ঘোষণা কৰিছে, ” The development of a super strong carbon fibre rope is expected to revolutionise lift construction in skycrapers by replacing the steel cables used in buildings today. A carbon fibre rope developed for lifts has the potential to make the dream of a mile-high building a reality….’; অৰ্থাৎ আজি ইমানদিনে ‘লিফ্ট’ বা ‘এলিভেটৰ’ ওপৰলৈ উত্তোলন কৰোতে বা তললৈ নমাই দিওঁতে যি তীখাৰ ৰছী ব‍্যৱহাৰ কৰা হৈ আছে , সেই তীখাৰ ৰছীৰো নিজস্ব অত‍্যধিক ওজন থকা হেতুকে এক বিশেষ উচ্চতালৈহে ‘লিফ্ট’ক উত্তোলন কৰিব পাৰি। তদুপৰি তীখাৰ ৰছীৰ অত‍্যধিক ওজনৰ বাবে বিদ‍্যুতৰো ব‍্যৱহাৰ অতিমাত্ৰা হয়। উদাহৰণস্বৰূপে ২০৯৯ ফুট উচ্চতাৰ (৬৪০ মিটাৰ) এটা অট্টালিকাত যদি ১০ খন ‘লিফ্ট’ থাকে আৰু সেই আটাইকেইখন ‘লিফ্ট’ উঠোৱা-নমোৱা কৰিবলৈ যদি তীখাৰ ৰছী ব‍্যৱহাৰ কৰা হয়, তেনেক্ষেত্ৰত সেই ৰছীৰ ওজন হ’ব ১৮৬.৫ টন; আৰু বিদ‍্যুত শক্তিৰ প্ৰয়োজন হ’ব ১১৮০ মেগাৱাট/ঘন্টা (MWH)| কিন্তু তীখাৰ সলনি কাৰ্বনৰ আহঁৰ ৰছী ব‍্যৱহাৰ কৰিলে সেই ৰছীৰ ওজন হ’ব মাত্ৰ ১১.৭ টন , আৰু বিদ‍্যুত শক্তি ব‍্যৱহাৰ হ’ব মাত্ৰ ১.০৫ মেগাৱাট/ঘন্টা। গতিকে আমি অনুমান কৰিব পাৰো যে অনতিপলমেই ‘বুৰ্জ খলিফা’ক বাওনা কৰি আকাশলৈ ধাৱমান হ’ব অলেখ অট্টালিকা!

এনে যুগান্তকাৰী আৱিষ্কাৰৰ পটভূমিত মোৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে- অসমৰ সাম্প্ৰতিক পৰিস্থিতিত অসমৰ ৰাইজক লগত লৈ এক চকুত লগা উচ্চতালৈ আৰোহণ কৰাব পৰাকৈ তেনেধৰণৰ ‘লিফ্ট’ বা ‘এলিভেটৰ’ কিম্বা তেনে ‘লিফ্ট’ত সংযোগ কৰিব পৰাকৈ ‘কাৰ্বন আহঁৰ ৰছী’ অসমক অতি ভাল পাই কাণ-নাক-গাল কামুৰি ছিঙি থকা কোনোবাটো ৰাজনৈতিক দলে তৈয়াৰ কৰিব পাৰে নে? বা তেনে চিন্তা কৰিবলৈ চিন্তা কৰিম বুলি ক’ব পৰাকৈ শক্তি-সাহস-মেধা-সদিচ্ছা-সংকল্প আছে নে ??

Related Articles

Close