কাটালোনিয়াৰ “স্বাধীনতা”

দিগন্ত দৈমাৰী

শোষিত, বঞ্চিত, নিপীড়িত, লাঞ্চিত প্ৰান্তীয় জাতি এটাই ইস্পিত লক্ষ্যৰ বাবে সৰ্বস্ব ত্যাগ কৰিব পাৰে । তাৰেই এক নিদৰ্শন কাটালোনিয়া (Catalonia) । কাটালোনিয়া বার্সেলোনা,  গিৰোনা,  লেইদা আৰু তাৰাগোনা নামেৰে চাৰিখন প্রদেশেৰে গঠিত এক ৰাষ্ট্ৰ । কাটালোনিয়াৰ নিজস্ব ভাষা, সংস্কৃতি, পার্লিয়ামেন্ট, জাতীয় পতাকা আৰু জাতীয় সংগীত আছে । কাটালোনিয়াৰ ৰাজধানী বার্সেলোনা । কাটালোনিয়াৰ আয়তন ৩২,১১৪ বর্গ কিলোমিটাৰ, ইয়াৰ বৰ্তমান জনসংখ্যা ৭,৫৩৫,২৫১ ।
অষ্টাদশ শতিকাত ইবেৰিয়ান উপসাগৰীয় পাইৰিনেচ উপত্যকাৰ গোথিয়া আৰু হিস্পানিক অংশৰ সমগ্ৰ অঞ্চল জুৰি ফ্রান্স সাম্রাজ্য প্রতিষ্ঠিত হয় ।  মূলত এই সমূহ অঞ্চলত মুছলিম শাসকৰ আগ্রাসন ৰোধ কৰাৰ উদ্দেশ্য একেখন চহৰতে এক হৈছিল এটা ছাতিৰ তলত । পূৱ পাইৰিনেচ সংযুক্ত অংশটোক কোৱা হয় কাউন্ট অব বার্চেলোনা, পৰৱর্তী সময়ত কাটালোনিয়া । প্রাচীন কাটালোনিয়া ভূখণ্ডৰ ৰাজনৈতিক নাম আছিল ‘প্রিন্সিপালিটি অব কাটালোনিয়া’। ইয়াৰ মূখ্য চাৰিটা দ্বীপ বার্চেলোনা, গিৰোনা, অচোনা আৰু আর্জেল । দ্বিতীয় বোৰেল আছিল এই অঞ্চলৰ একমাত্ৰ অধিপতি । অলিখিত এই অধিপতি ফৰাচী ৰজা হিউ কপেৰ অধীনস্থ আছিল, সেই হিচাপে কাটালোনিয়া আছিল ফৰাচী ৰজাৰ উপনিবেশ । ৯৮৮ খ্রীষ্টাব্দত দ্বিতীয় বোৰেলে কাটালোনিয়াৰ পৰা ফ্ৰান্স সাম্ৰাজ্যলৈ যাত্ৰা আৰম্ভ কৰে । ১১৫০ চনত “কাউন্ট অব বার্চেলোনা” উপাধিধাৰী কাটালোনিয়া অধিপতি ৰামন বেৰেনগুয়েৰ আৰু পার্শ্বৱর্তী জলদস্যু অধ্যুষিত শক্তিশালী অাৰাগঁন দ্বীপৰ ৰাণী পেট্রোনিলিয়া বিবাহ পাশত আৱদ্ধ হৈ গঠন কৰে নতুন সংযুক্ত সাম্রাজ্যৰ ।
পৰৱর্তী সময়ত ১৬৪১ চনৰ ১৭ জানুৱাৰীত কাটালানত তৎকালীন আঞ্চলিক বিশেষ অধিকাৰ প্ৰাপ্ত ব্যক্তি পাও ক্লাৰিচে (Paw Klaris) কাটালোনিয়াক স্বাধীন প্রজাতন্ত্র (সেই সময়ত ফ্রান্সৰ এখন নগদ ৰাজ্য) হিচাপে ঘোষণা কৰে । কিন্তু এই ঘটনাত স্পেনৰ ৰজা চতুর্থ ফিলিপ ভীষণ ৰূপত ভাগৰি পৰিল । কাটালোনিয়া আক্রমণ কৰিবলৈ খঙেৰে ততাতৈয়াকৈ একদল সৈন্য পঠিয়াই দিয়ে । কিন্তু পঞ্চদশ লুইচেৰ ভয়ত তিনি ফ্রান্সৰ ৰজা সৈন্যৰ সতে পিছুৱাই যায়, আৰু সম্পূৰ্ণৰূপে স্বাধীনতা আৰু সার্বভৌমত্বক ফৰাচী ৰজাক সঁপি দিয়ে । এই নিমিত্তে ৰজা পঞ্চদশ লুইচক বাৰ্চেলোনাৰ অধিপতি ঘোষণা কৰে । আকৌ ১৭১২ চনত ব্ৰিটিছ ৰাজ্যৰ সতে অৰ্ন্তভুক্ত কৰাৰ দাবী উঠিছিল কাটালোনিয়াত ।
যি হওক, স্পেনীয় উত্তৰাধিকাৰী যুদ্ধৰ মাধ্যমে ১৭০৭ চনত ভালেঞ্চিয়া আৰু ১৭১৪ চনত কাটালোনিয়া স্পেনৰ অৰ্ন্তভুক্ত হয় আৰু ১৭১৫ পৰা বর্তমান মানচিত্রত আমি যি স্পেনক দেখা পাওঁ সেই স্পেনে নতুন ৰূপত যাত্রা আৰম্ভ কৰে । ১৮৭৩ চনত বার্চেলোনা প্রদেশক চৰকাৰৰ আদেশত কাটালোনিয়াক পুনৰ স্বাধীন প্রজাতন্ত্র ঘোষণা কৰে । তাৰ পাছত আকৌ পুনৰ স্পেনৰ অধীনলৈ আহে । ১৯৩১ চনৰ এপ্রিল মাহত কাটালানৰ শাসক ফ্রান্সেস্ক মাচিয়ে কাটালান প্রজাতন্ত্রক স্পেন-যুক্তৰাষ্ট্রীয় প্রজাতন্ত্রৰ এখন প্রদেশ হিচাপে ঘোষণা কৰে, য’ত ৰাজনৈতিক স্বায়ত্তশাসন থাকিব ।
১৯৩৪ চনৰ ৬ অক্টোবৰত পৰিস্থিতি নতুন দিশে গতি কৰে । কাটালানৰ ক্ষমতাহীন নেতা লুইচ কম্প্যানিচ উগ্র-দক্ষীণপন্থী ফেচীবাদী চৰকাৰৰ লগত একপ্রকাৰ তৎকালীন বিদ্রোহ কৰি কাটালোনিয়াক স্বাধীন ৰাষ্ট্র ঘোষণা কৰে । লুইচ কম্প্যানিচ আছিল বামপন্থী বিপ্লৱী, লেফট অব কাটালোনিয়া নামৰ দলৰ নেতা । তাৰ পাছত কেন্দ্রীয় চৰকাৰে দ্রুত গতিত পৰিস্থিতি নিয়ন্ত্রণ কৰি কাটালোনিয়াক পুনৰ দখল কৰে আৰু লুইসক জেললৈ প্ৰেৰণ কৰে ।
স্বায়ত্তশাসিত চৰকাৰৰ ক্ষমতা খর্ব কৰি কাটালোনিয়াৰ সার্বভৌমত্ব সম্পূৰ্ণ ৰূপে স্পেনৰ অধীন কৰে । ঠিক তাৰ দুবছৰ পিছত সাধাৰণ নির্বাচনৰ মাধ্যমেৰে কাটালান প্রদেশত পুনৰ বামপন্থী চৰকাৰৰ আহে । নির্বাচনৰ এই ফলাফলৰ প্রতি আদৰ দেখি কেন্দ্রীয় চৰকাৰ নমনীয় হয় । এই নমনীয়তাৰ ফলস্বৰূপে সাংবিধানিকভাবে কিছু অতিৰিক্ত স্বায়ত্তশাসনৰ অধিকাৰ দিয়া হয় ।
 ১৯৩৯ চনত স্পেনৰ গৃহযুদ্ধ সমাপ্ত হোৱাৰ পাছত কাটালোনিয়াত পূর্ণ নিয়ন্ত্রণ প্ৰতিষ্ঠাৰ লক্ষ্যৰে দমন-নীতি গ্রহণ কৰি জেনেৰেল ফ্র‍্যান্সিস্কো ফ্রাঙ্কো শাসনলৈ আহে । ফ্রাঙ্কো শাসনলৈ অহাৰ পাছত কাটালোনিয়াৰ ৰাজনৈতিক স্বায়ত্তশাসন বাতিল কৰি ইয়াক কেন্দ্রৰ অধীনলৈ অনাৰ লগে লগে ৩৫০০ কাটালানৰ জীৱন যায় । জেনেৰেল ফ্র‍্যান্সিস্কো ফ্রাঙ্কো শাসন কালতেই কাটালোনিয়ান বিদ্যালয় সমূহত তেওঁলোকৰ মাতৃভাষা নিষিদ্ধ কৰি “Hable el idioma del imperio” (Language of the empire বা সাম্রাজ্যৰ ভাষা) স্পেনিচৰ একমাত্র ৰাজ ভাষা ঘোষণা কৰি কাটালানেৰ ওপৰত জাপি দিয়া হয় ।
স্বৈৰাচাৰী ফ্রাঙ্কোৰ অপ্ৰয়োগীক শাসন কালত আছিল আত্মকেন্দ্ৰিকতা । ৰাজনীতি, ভাষা, সংস্কৃতি সকলো একবিন্দুতে যুক্ত কৰাৰ ধাৰণা । নানা নিপীড়নৰ ফলত সেই সময়ত ৪ লাখৰো অধিক লোকে মৃত্যুবৰণ কৰে । সংখ্যালঘু হিচাপে কাটালান সকলে বহুত দুখ-কষ্টৰ ভুক্তভোগী হৈছিল । ১৯৭৫ চনত ফ্রাঙ্কোৰ মৃত্যুৰ পাছত এই ভয়ানক পৰিস্থিতিৰ অৱসান ঘটে । ফ্রাঙ্কোৰ মৃত্যুৰ পাছত কাটালোনিয়া সকলৰ জাতীয়তাবাদ এক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হয় । সেই জাতীয়তাবাদে গণ আন্দোলনৰ ৰূপ লয় । যি আন্দোলনৰ উদ্দেশ্য আছিল কাটালোনিয়াত পুনৰ স্বায়ত্তশাসনৰ প্ৰতিষ্ঠা কৰা । অতি উচ্চপৰ্য্যায়েৰে স্বায়ত্তশাসনৰ প্ৰস্তাৱ অনা হয় । তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ৰূপ দেখি ১৯৭৭ চনত কাটালোনিয়াবাসীক পুনৰ ৰাজনৈতিক স্বায়ত্তশাসনৰ অধিকাৰ প্ৰদান কৰা হয় আৰু ১৯৭৮ চনত সংবিধান দ্বাৰা বিশেষ ক্ষমতা লাভ কৰে । তথাপিও ঔপনিৱেশিক ৰাষ্ট্ৰ স্পেনৰ সাংস্কৃতিক আগ্ৰাসনৰ লগতে অর্থনৈতিক বৈষম্যৰ স্বীকাৰ হৈয়ে থাকিল ।
সাংস্কৃতিক আগ্ৰাসনৰ লগতে অর্থনৈতিক বৈষম্যৰ বলি কাটালোনিয়াক ১৮ জুন ২০০৬ চনত স্পেনৰ সংসদত আৰু কিছু ক্ষমতা প্ৰদান কৰা হয় । কাটালেনিয়াক এটা ‘জাতি’ হিচাপে উল্লেখ কৰা হয় । কিন্তু সংবিধানে কাটালোনিয়াক প্ৰদান কৰা ক্ষমতা পৰৱৰ্তী সময়ত স্পেনৰ সাংবিধানিক আদালতত বাতিল কৰি কাটালোনিয়াৰ স্থানীয় কর্তৃপক্ষক ক্ষুব্ধ কৰি তোলে ।
ইয়াৰ ৪ বছৰ পাছত ২০১০ চনত স্পেনৰ সাংবিধানিক আদালতত এই অধিনিয়মে ১৪ টা ধাৰা পুনর্লিখন কৰে আৰু ২৭ টা ধাৰাৰ ব্যাখ্যা আৰোপ কৰে । উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে ব্যাপক গণ অসন্তুস্তিৰ সৃষ্টি কৰে । গণ অসন্তুস্তিৰ এক পর্যায়ত ২০১৪ চনত কাটালোনিয়াত এক প্রতীকী গণভোটৰ আয়োজন কৰে । ৮০% ভোট স্বাধীনতাৰ পক্ষত প্ৰদান কৰে ।
২০১৫ চনত কাটালোনিয়াৰ স্বাধীনতাৰ পক্ষৰ দলটো ক্ষমতালৈ আহে । এই দলটোৱে ৬ ছেপ্টেম্বৰ, ২০১৭ চনত এখন আইন অনুমোদন কৰে । কাটালোনিয়াৰ পার্লিয়ামেন্টে ৭২-৬৩ ভোটৰ ব্যবধানেৰে ঘোষণাপত্রটখন অনুমোদন দিয়ে । এই আইনত এক গণভোটৰ প্রস্তাৱ তোলা হয় য’ত প্রশ্ন ৰখা হয়,
“Do you want Catalonia to become an independent state in the form of a republic?”
ইয়াৰ উত্তৰ হিচাপে হয় অথবা নহয় প্ৰদানেৰে ভোটৰ সুযোগ ৰখা হয় । আইনত উল্লেখ কৰা হয় গণভোটৰ ৰায়দান পালন কৰি দুদিনত কাটালোনিয়াৰ স্বাধীনতা ঘোষণা কৰিব লাগিব । মাদ্রিদৰ কেন্দ্রীয় চৰকাৰে এই গণভোট বিলখন প্রত্যাখ্যান কৰে । সাংবিধানিক আদালতে এই গণভোট বিলখনকে বাতিল ঘোষণা কৰে । কাটালোনিয়াৰ গণভোটৰ আয়োজক নির্বাচনী কর্মকর্তাক গ্রেপ্তাৰ কৰা হয় । বেলট পেপাৰ জব্দ কৰা হয় । পুলিচ বাহিনীক কেন্দ্রীৰ নিয়ন্ত্রণলৈ অনা হয় । অধ্যক্ষই কাটালোনিয়াৰ চৰকাৰক de facto suspended the self-government of Catalonia and has applied a de facto state of emergency ঘোষণা কৰে । এই বিশৃঙ্খল অবস্থাৰ মাজত গণভোট অনুষ্ঠিত হ’ল । ২ অক্টোবৰ ২০১৭ চনত স্পেন অধিকৃত কাটালোনিয়াত স্বাধীনতাৰ সন্দৰ্ভত এক গণভোটৰ আয়োজন কৰা হয় । কেন্দ্রীয় চৰকাৰে ৮৪৪ জনৰ ওপৰত লাঠি চাৰ্জ কৰি আহত কৰিও গণভোট স্তব্ধ কৰিব নোৱাৰিলে । স্পেনৰ ১৯% জিডিপিৰ যোগানদাতা কাটালোনিয়াৰ স্বাধীনতাৰ প্ৰসংগত একেদিনাই এই পৰিস্থিতিৰ সৃষ্টি হোৱা নাই । বহু বছৰ পূৰ্বৰে পৰা কাটালোনিয়াৰ স্বাধীনতাৰ প্ৰসংগত অঞ্চলটো অশান্ত হৈ আছিল । কাটালোনিয়া স্বাধীনতাৰ পক্ষত ভোট পৰিল ৯০ শতাংশ। অর্থাৎ, গণভোট বিল অনুযায়ী অহা ০৩ অক্টোবৰ ২০১৭ চনৰ ভিতৰত স্পেন অধিকৃত স্পেনৰ উত্তৰ-পূর্বাঞ্চলৰ বিত্তশালী এটি অঞ্চল কাটালোনিয়াক স্বাধীনতা ঘোষণা কৰাৰ কথা । গণভোট বিল অনুযায়ী ০৩ অক্টোবৰ ২০১৭ চনৰ ভিতৰত কাটালোনিয়াক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগিছিল যদিও সন্মুখত ঠিয় দিয়া প্ৰত্যাহ্বানৰ বাবে কিছুদিন পলমকৈ হলেও ঔপনিৱেশিক ৰাষ্ট্ৰ স্পেনৰ পৰা সম্পূৰ্ণ পৃথক হৈ ২০১৭ চনৰ ২৭ অক্টোবৰত নিজকে স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে ।

Related Articles

error: Content is copy right protected !!
Close