কমেণ্ট, এক্সপাৰ্ট কমেণ্টৰ ফায়াৰিং ৰেঞ্জত প্ৰাত্যহিক জীৱন… 

কাবেৰী গোস্বামী

গাঁৱৰ ঘৰৰ চোতালত বা কোনো তিনিআলিৰ দোকানৰ সমুখত যেতিয়া কেৰম খেলা হয়, প্ৰায়েই দেখা যায় খেলুৱৈৰ লগতে দৰ্শকো থাকে৷ খেলুৱৈয়ে খেলি থাকোতে তেওঁলোকলৈ অযাচিতভাৱেই সেই উৎসুক দৰ্শকগণৰ মাজৰ পৰা অনেক দিহা-পৰামৰ্শ, আদেশ- উপদেশ, মন্তব্য আহি থাকে৷ এনে মন্তব্যবোৰ সাধাৰণতে দুই ধৰণৰ, একাংশ এক্সপাৰ্ট কমেণ্ট, আৰু আনবিধ এনেই ক’ব লাগে কাৰণে ওপৰতে কৈ দিয়া ধৰণৰ, যিজনে সেয়া কয় তেওঁ নিজেও হয়তো বৰ্ডখনত ষ্ট্ৰাইকাৰটো লৈ কি কৌশলৰে খেলখন নিজৰ আয়ত্তলৈ আনিব পাৰি সেই সম্পৰ্কে নিশ্চিত নহয়৷ এইক্ষেত্ৰত খেলুৱৈৰ বাবে প্ৰথমবিধৰ গুৰুত্ব আছে যদিও দ্বিতীয়বিধ উপেক্ষা কৰাই শ্ৰেয়৷ আচলতে সম্পূৰ্ণ মনোযোগ দি খেলিবলগীয়া খেলখনত চৌদিশৰ পৰা অহা শব্দবোৰৰ মাজৰ পৰা গ্ৰহণ কৰিবলগীয়া আৰু উপেক্ষা কৰিবলগীয়াখিনিক বাচি লৈ বা নোলোৱাকৈও নিজৰ বিচাৰ বুদ্ধিৰে বৰ্ডখনৰ নিৰ্দিষ্ট সীমাৰেখা আৰু নিৰ্ধাৰিত নিয়মৰ ভিতৰত আঙুলি সঞ্চালন কৰি ষ্ট্ৰাইকাৰটোৰ জৰিয়তে গুটিকেইটা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাৰ ওপৰতে গেমটো নিৰ্ভৰ কৰিব (অৱশ্যে নিশ্চয়কৈ আনুষংগিক কাৰক/ কাৰকসমূহো থাকিবই)৷
কেৰম খেলখনত যিদৰে দৰ্শকৰ এক্সপাৰ্ট কমেণ্ট কিছুক্ষেত্ৰত সহায়ক হ’ব পৰাৰ থল থাকে, একেদৰে উপৰুৱাকৈ কোৱা কেতবোৰ মন্তব্য খেলুৱৈৰ বাবে distraction হৈ পৰে, যাৰবাবে তেওঁৰ বহুসময়ত focus হেৰাই যায়, আৰু ভবা ধৰণে নহয়৷ সেয়ে খেলুৱৈগৰাকীৰ বাবে সেয়া উপেক্ষা কৰাৰ বাহিৰে আন উপায় নাথাকে৷ বাস্তৱ জীৱনটো কোনো ঘটনা বা বিষয়ক কেন্দ্ৰ কৰিও অনেক চৰ্চা বা আলোচনা চলা দেখা যায়, ক্ৰিয়াৰ প্ৰতিক্ৰিয়াৰ দৰেই  বহুক্ষেত্ৰত এয়া স্বাভাৱিকো৷ কিন্তু ব্যাখ্যাতকৈ অপব্যাখ্যা নিশ্চয়কৈ বিৰক্তিকৰ আৰু অস্বস্তিকৰ৷ একেদৰেই ব্যক্তিগত আৰু সামাজিক জীৱনৰ ঘটনাসমূহৰ আলোচনাতো আমি এইদৰে আনৰ মন্তব্যসমূহৰ বিচাৰ কৰিব পাৰো৷ পাৰিবাৰিক জীৱনতো এনে পৰিস্থিতি আহিব পাৰে৷ য’ত নিজৰ ধৰণৰে কাম কৰি যোৱা বা কৰিব খোজা এজনক তেওঁক লক্ষ্য কৰি থকা পৰিয়ালৰ একাংশই ফায়াৰিং ৰেঞ্জৰ শ্বুটিং অবজেক্ট হিচাপে টাৰ্গেট কৰিবলৈ সততে সাজু থাকে৷ যাতে এটামান ভুল হ’লেই কথাৰ গুলিৰে তেওঁক থকা- সৰকা কৰিব পৰা যায়৷
ক’ৰবাত কোনোবাই কোৱা শুনিছিলো যে, “শুনিবা সকলোৰে, কিন্তু কৰিবা নিজৰ মতে৷” লগতে ইণ্টলিজেঞ্চ ব্ৰাঞ্চৰ বিষয়া ককাইদেউ এজনেও এদিন কথা প্ৰসংগত কৈছিল যে, “Suspect all, respect all…”৷ প্ৰাত্যহিকতাত সকলো কথাকে suspect কৰাটো উচিত নহয় যদিও, এই দুয়োষাৰ কথা মিলাই ক’ব পাৰো যে, সম্ভৱপৰখিনি শুনি, শুনাখিনিকে চকু মুদি মানি লোৱাৰ সলনি তাৰ যুক্তিযুক্ততা নিজৰ বোধৰে বিচাৰ কৰি নিজৰ মতে কৰণীয়খিনি কৰি যোৱাটোৱেই হয়তো উচিত হ’ব৷
তেতিয়া অন্ততঃ আনৰ হয়ত হয়ভৰ দিয়াৰ বা দোমোজাত পৰাৰ সলনি বিচাৰবোধৰ ষ্ট্ৰাইকাৰটো নিজৰ হাতত ৰাখি  মূৰ তুলি জীয়াই থকাৰ অভ্যাসে গঢ় ল’ব পাৰে৷
আকৌ বহুসময়ত মানুহক মনৰ বাঘেও খায়৷ নিজৰ মনত চলি থকা অন্তৰ্দ্বন্দ্বইও অনেকক জুৰুলা কৰে৷ মন আৰু মগজুৰ এই অহৰহ যুঁজখন সম্পূৰ্ণ মানসিক যদিও ইয়াৰ শাৰিৰীক আৰু ব্যক্তিত্বত পেলোৱা  ক্ষতিকাৰক প্ৰভাৱো যথেষ্ট৷ অশান্ত বা অস্থিৰ মানসিক অৱস্থাত দেহৰ গ্ৰন্থি সমূহৰ পৰা  নিঃসৰিত হোৱা হ’ৰমনৰ প্ৰভাৱ  আৰু সুখী অৱস্থাত নিঃসৰণ হোৱা হ’ৰমনৰ প্ৰভাৱ বিশেষজ্ঞসকলে অধ্যয়ন কৰি এই কথা পাইছে যে ইয়াৰ মাজত বিস্তৰ পাৰ্থক্য আছে৷ অসুখী মন বহুসময়ত নানা শাৰীৰিক ৰোগৰ কাৰক হোৱাৰ লগতে ব্যক্তিত্বতো ই প্ৰভাৱ পেলায়৷
সকলো বিষয় সকলোৱে জনাতো সম্ভৱ যিদৰে নহয়, একেদৰে হকে বিহকে সকলোতে মাত মাতি নিজক জাহিৰ কৰাৰ প্ৰৱণতাও সঠিক নহয়৷ অলপতে কথা প্ৰসংগত নিতুদা (নিতুমনি ভূঞা)ই ‘অজ্ঞতাই দিব পৰা সুখ’ সম্পৰ্কে সুন্দৰকৈ কৈছিল৷ তেওঁৰ মতে নিৰক্ষৰ এজনে সৰলভাৱেই ‘এনাউন্স’ শব্দটো এলাউন্স বুলি বাৰে বাৰে আনৰ আগত কৈও সহজ হৈয়ে থাকিব পাৰে৷ কিন্তু জনা এজনে এবাৰমান  জিভা পিছলি শব্দ এটাৰ ভুল উচ্চাৰণ কৰিলে তেওঁ অপ্ৰস্তুত হয় (বহুসময়ত তেখেতৰ এনে অৱস্থাক লৈ সামাজিক মাধ্যমত তৰল হাস্যৰস(?)ৰ বাবে মিম বনোৱা বা ট্ৰলিঙৰ চিকাৰ হোৱাও দেখা যায়)৷ কিছু ক্ষেত্ৰত কেতবোৰ নেতিবাচক কথা বা ঘটনা নজনাকৈ থকাটো নিজৰ মানসিক স্বাস্থ্যৰ পক্ষেই হয়তো হিতকাৰী, এনেও সকলো জানিবই লাগিব বুলিতো কথা নাই৷ নহ’লে  গান্ধীৰ তিনিটা বান্দৰৰ বিষয়টো প্ৰাসংগিক নহ’লহেতেন৷
আছলতে সকলো আনৰ কথামতেই কৰি যাবলৈ হ’লে, বা সকলোৰে কথাক সমানে গুৰুত্ব দিবলৈ গ’লে পিতা-পুত্ৰ আৰু এটা গাধৰ সেই প্ৰাচীন সাধুটোৰ দৰে অৱস্থা হোৱাৰ থল থাকে৷ য’ত কামত সহায় হ’বলৈ কিনি অনা গাধটোক প্ৰত্যেকজন বাটৰুৱাৰ কথা শুনিবলৈ গৈ গৰাকীয়ে শেষত নিজৰ কান্ধতহে কঢ়িয়াই নিব লগা হয়৷
**মহাবাহু**
Show More

Related Articles

Back to top button
error: Content is copy right protected !!