কভিড-১৯-ৰ চিকিৎসা

ড০ ৰাস্না ৰাজখোৱা

ইতিমধ্যে সমগ্ৰ বিশ্বকে কভিড-19 মহামাৰীয়ে চানি ধৰিছে। নিতৌ নতুন নতুন সংক্ৰণৰ ঘটনা, মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ আছে। কিন্তু এতিয়ালৈকে কভিড-19 -ৰ পৰা উপশম পাবলৈ সহায় কৰা কিছুমান চিকিৎসাৰ বাহিৰে নিৰ্দিষ্ট কোনো চিকিৎসা কভিড-19 ৰ কাৰণে নাই। প্ৰাথমিক ৰোগ বিষয়ক অধ্যয়নত দেখা গৈছে যে অন্য বেমাৰৰ কাৰণে ইতিমধ্যে ব্যৱহাৰ কৰি থকা কিছুমান দৰৱে উপশম ঘটোৱাৰ লক্ষণ দেখা গৈছে। ৰোগী বিষয়ক পৰীক্ষণ হিচাপে অথবা ৰোগীৰ কষ্ট লাঘব কৰিবলৈ এই দৰৱবোৰ ব্যৱহাৰ কৰা হৈছে। কিন্তু বিশেষজ্ঞসকলে চিন্তা ব্যক্ত কৰিছে যে, এই ঔষধবোৰ  প্ৰকৃততে কভিড-19 ৰোগীক চিকিৎসা কৰিবৰ বাবে উপযুক্ত হয় নে নহয়, সেইটো প্ৰমাণিত হ’বলৈ এতিয়াও বাকী আছে।

   2019 চনৰ ডিচেম্বৰৰ মাজভাগৰ পৰা 2020  চনৰ 25 এপ্ৰিল পৰ্যন্ত কভিড-19 ৰোগটো সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাচে 213 খন দেশৰ প্ৰায় 27, 24, 809 জন মানুহক আক্ৰান্ত কৰিছে আৰু 1,87,847 তকৈ অধিকলোকৰ মৃত্যু ঘটিছে। দিনক দিনে এই সংখ্যা বৃদ্ধি পায় গৈ আছে।

      এটা ভেকছিন বা নতুন চিকিৎসা সম্পূৰ্ণ ক্ৰিয়াশীল হিচাপে উদ্ভাৱন কৰিবলৈ কেইবা বছৰ পৰ্যন্ত লাগিব পাৰে, কিন্তু বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization)-য়ে শেহতীয়াকৈ বিদ্যমান চাৰিটা ৰোগোপচাৰ পৰীক্ষা কৰিবলৈ বিশাল আৰ্ন্তজাতিক পৰীক্ষণ, যাক কোৱা হয় ‘চলিডাৰটি’ (Solidarity) আৰম্ভ কৰিছে।  গতিকে ‘চলিডাৰটি’ হৈছে কভিড-19-ৰ কাৰণে, বিদ্যমান ঔষধৰ আৰ্ন্তজাতিক ৰোগ বিষয়ক পৰীক্ষণ। ঔষধসমূহ হ’ল মেলেৰিয়া ঔষধৰ লগত নিবিড় সৰ্ম্পক থকা ‘ক্লৰ’কুইন’ আৰু ‘হাইড্ৰ’ক্সিক্লৰ’কুইন’, প্ৰতিভাইৰাচ ঔষধ ৰেমডেচিভিৰ (ইবোলা চিকিৎসাৰ কাৰণে উদ্ভাৱন কৰা ঔষধ),  প্ৰতিভাইৰাচ জনিত ঔষধ লোপিনাভিৰ আৰু ৰিট’নাভিৰ (এইচ আই ভি-ৰ কাৰণে ব্যৱহাৰ কৰা ঔষধ)-ৰ সংযোজন; আৰু এই দুবিধ ঔষধৰ লগত প্ৰদাহ বিৰোধী কম প্ৰ’টিনযুক্ত ‘ইণ্টাৰফেৰন বিটা’ (interferon beta)। আমেৰিকাকে ধৰি বিভিন্ন দেশত কভিড-19 ৰোগৰ চিকিৎসাৰ বাবে ৰোগ বিষয়ক বিভিন্ন পৰীক্ষণ আৰু অন্য কিছুমান চিকিৎসা চলি আছে।

      ‘সহানুভূতি-ব্যৱহাৰ’ (compassionate-use) প্ৰট’কলৰ অধীনত দ্য ইউ এছ ফুড এণ্ড ড্ৰাগ এডমিনিচষ্ট্ৰেচন (The U.S. Food and Drug Administration) চমুকৈ এফ ডি এ (ণ্ঠড্ডট্ট)-য়ে কভিড-19  ৰোগীক চিকিৎসা কৰিবলৈ ‘ৰেমডেচিভিৰ’  (remdesivir) অনুমোদন জনাইছে। এজেন্সীটোৱে ‘ক্লৰ’কুইন’ (chloroquine) আৰু ‘হাইড্ৰক্সিক্লৰ’কুইন (hydroxychloroquine)-‘জৰুৰীকালীন ব্যৱহাৰ অনুমোদন’(emergency use authorization)-ৰ অধীনত অনুমোদন কৰিছে, য’ত অনা অনুমোদিত ঔষধ জৰুৰী অৱস্থাত ব্যৱহাৰ কৰিব পাৰিব।

   আইৱআ বিশ্ববিদ্যালয়ৰ মাইক্ৰবায়’লজি আৰু ইমিউন’লজি বিভাগৰ অধ্যাপক ষ্টেনলে পাৰ্লমেনে (Stanley Perlman)কয় যে, “কোনোটো চিকিৎসাই প্ৰমাণিত নহয়।” তেওঁ আৰু কয় যে, “এইয়া কেবল ঔষধবোৰে কাম কৰে নে নকৰে সেইয়া যাদৃচ্ছিকভাবে ৰোগ বিষয়ক পৰীক্ষণৰ ফলাফল।”

        মৃত্যুজনিত সংক্ৰমণ, কভিড-19 ৰোগত ব্যৱহাৰ কৰা এইকেইটা অগ্ৰণী ঔষধৰ প্ৰভাৱৰ বিষয়ে আমি বাৰু কিমান জ্ঞাত?

ক্লৰ’কুইন আৰু হাইড্ৰ’ক্সিক্লৰ’কুইনঃ  কভিড-19  ৰোগটোৰ চিকিৎসাত ক্লৰ’কুইন আৰু হাইড্ৰ’ক্সিক্লৰ’কুইনে কাম কৰিছে নে নাই প্ৰমাণিত নোহোৱা সত্বেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড  ট্ৰাম্পে মেলেৰিয়া ৰোগৰ এই ঔষধ দুবিধক ৰোগটোৰ ক্ৰিয়াশীল ঔষধ বুলি বাৰে বাৰে কৈ আছে। ৰাষ্ট্ৰপতিৰ মন্তব্যই চিকিৎসক আৰু ৰোগীৰ মাজত ঔষধটো পাবলৈ সংঘৰ্ষৰ সৃষ্টি কৰিছে, যিটো ঔষধ সাধাৰণতে স্ব-প্ৰতিৰোধ ৰোগ যেনে বাত বিষ (rheumatoid arthritis), প্ৰদাহজনিত ৰোগ লুপাচ (lupus)-ত ব্যৱহাৰ কৰা হয় আৰু বৰ্তমান আমেৰিকাত এই ঔষধবিধৰ যথেষ্ট অভাৱ। এই ঔষধবোৰ স্বাস্থ্যবান ব্যক্তি এজনৰ বাবে কিন্তু বিপদজনক। আৰিজ’ৱানাত, ক্লৰ’কুইন জাতীয় ঔষধ (যিটো সাধাৰণতে মানুহক ব্যৱহাৰ কৰিবলৈ অনুমোদন কৰা নহয়) থকা ফিচ-টেংক ক্লিনাৰ ব্যৱহাৰ কৰাৰ পিছতেই এজন মানুহ মৃত্যু মুখত পৰিছিল।

        24 মাৰ্চত (2020 চন) আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিচষ্ট্ৰেচনে ক্লৰ’কুইন বা হাইড্ৰ’ক্সিক্লৰ’কুইনক জৰুৰী অৱস্থাত ব্যৱহাৰ কৰিবলৈ অনুমোদন জনাইছে। কিন্তু বহু বিশেষজ্ঞৰ মতে এই ঔষধবোৰৰ ব্যাপক ব্যৱহাৰ অসাময়িক (premature)। “ঔষধ দুবিধৰ ৰোগ বিষয়ক সমৰ্থন অত্যন্ত কম। ৰোগ ভাল হোৱাৰ ক্ষেত্ৰত প্ৰবল সাক্ষ্য দেখুওৱা নাই। ” — এনেদৰে কয় জন হপকিন্স বিশ্ববিদ্যালয় স্কুলৰ মেডিচিন বিভাগৰ অধ্যাপক মেৰিয়ম কেচট্‌কৰ জৰ’মিয়ে (Maryam Keshtkar-Jahromi), যি কিছুমান প্ৰাথমিক ৰোগ বিষয়ক অধ্যয়নত প্ৰকাশ কৰিছে যে এই ঔষধবোৰে নেভল ক’ৰ’ণা ভাইৰাচ (আনুষ্ঠানিক নাম SARS-CoV-2) সংক্ৰমণক বাধা দিব পাৰে, কিন্তু ৰোগ বিষয়ক পৰীক্ষণৰ পৰা দেখা গৈছে যে কভিড-19 ৰোগ হোৱাৰ পিছত ৰোগীৰ ক্ষেত্ৰত খুব কমেকৈহে ইয়াৰ প্ৰভাৱ দেখুৱাই।

    “চীনৰ প্ৰি-প্ৰিণ্ট (Pre-print)অধ্যয়নত  প্ৰকাশ কৰিছে যে কভিড-19 ৰোগী হাইড্ৰ’ক্সিক্লৰ’কুইনৰ দ্বাৰা উপকৃত হৈছে, কিন্তু ইয়াত মহত্বপূৰ্ণ কাৰ্যপ্ৰণালীৰ  (significant methodology) সমস্যা আছে।” — এনেদৰে কয় কেচট্‌কৰ জৰ’মিয়ে।

         এই সমস্যাটো এটা বিৰ্তকিত বিষয়। যিকি নহওঁক, কিছু সংখ্যক বিজ্ঞানীয়ে কয়, ক্লৰ’কুইন ব্যৱহাৰৰ সমৰ্থনত যথেষ্ট সবল প্ৰাথমিক ৰোগ বিষয়ক সাক্ষ্য আছে। ইটালীৰ পলেম’ বিশ্ববিদ্যালয়ৰ এনাছথেচিয়া আৰু  ইনটেনচিভ কেয়াৰ বিভাগৰ গৱেষক এণ্ডি কৰ্টেজিয়ানিয়ে কয়, “আমি জানো ভাইৰাচৰ বিৰুদ্ধে কোষীয় স্তৰত ই কেনেকৈ কাম কৰে, আমাৰ প্ৰাথমিক ৰোগ বিষয়ক প্ৰমাণ আছে। দ্বিতীয়তে, এই ঔষধৰ দাম কম আৰু বিশ্বৰ সকলো দেশতে ইয়াক পোৱা যায়।”

    বহু বিশেষজ্ঞই মত প্ৰকাশ কৰে যে তেওঁলোকে হাইড্ৰ’ক্সিক্লৰ’কুইন, ক্লৰ’কুইন ব্যৱহাৰ কৰিবলৈ বাধা প্ৰদান কৰা নাই, কিন্তু এই ঔষধে কেনেকৈ কাম কৰে ভালকৈ বুজিবলৈ অধিক তথ্যৰ প্ৰয়োজন।

ৰেমডেচিভিৰঃ  এই ঔষধবিধ ইব’লা চিকিৎসাৰ কাৰণে ভাইৰাচৰোধী হিচাপে উদ্ভাৱন কৰা হৈছিল আৰু ই মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাত নিৰাপদ বুলি প্ৰমাণিত। নিউৱৰ্কৰ এলবাৰ্ট আইনষ্টাইন কলেজ অৱ মেডিচিনৰ অধ্যাপক বেৰী জিংগমেনে কয়, “এই মূহুর্ত্তত আমাৰ হাতত কোনো তথ্য নাই যে ‘ৰেমডেচিভিৰ’ক মানুহৰ কভিড-19 ৰোগত ব্যৱহাৰ কৰিব পাৰি।” তেওঁ আৰু কয় যে “কভিড-19 ৰোগীৰ সংখ্যা ইমান বেছি আৰু যাদৃচ্ছিক যে আমি এই মূহুর্ত্তত ক’ব নোৱাৰো, কোন ৰোগীয়ে কেৱল এই ঔষধ গ্ৰহণ কৰিছে আৰু কোন ৰোগীয়ে ইয়াৰ উপৰিও ভেষজ ঔষধ লৈছে। আমি দেখিছো যে কিছুসংখ্যক ৰোগী উল্লেখনীয়ভাবে সুস্থ হৈছে।”

       ‘চাইনটিফিক আমেৰিকান’ জাৰ্নেলত ইতিমধ্যে প্ৰকাশ হোৱা প্ৰতিবেদনত কোৱা হয় যে ৰিমডেচিভিৰ (remdesivir)-য়ে এটা এনজাইমক যাক আৰ এন এ বুলি কোৱা হয়, তাক বাধা দিয়াৰ কাম কৰে। ই আৰ এন এ বহুযোগী (RNA polymerase)-ৰ ওপৰত নিৰ্ভৰশীল, যি বহু আৰ এন এ ভাইৰাচ  য’ত SARS-CoV-2 ভাইৰাচও অৰ্ন্তভুক্ত –সিহঁতৰ জিনগত উপাদান প্ৰতিলিপি ব্যৱহাৰ কৰে। নৰ্থ কেৰ’লিনা বিশ্ববিদ্যালয়ৰ গৱেষক টিম’থি চিহান আৰু তেওঁৰ সহকৰ্মীসকলে দেখুৱাইছে যে এই ঔষধটো ক’ৰ’ণা ভাইৰাচ (যি শ্বাস-প্ৰশ্বাসজনিত ৰোগ severe acute respiratory syndrome (SARS) and Middle East respiratory syndrome (MERS)-ৰ কাৰক)-ৰ বিপক্ষে ক্ৰিয়াশীল ।  এই গৱেষকৰ দলটোৱে SARS-CoV-2 ভাইৰাচৰ বিপক্ষে ঔষধসমূহৰ কাৰ্যক্ষমতা পৰীক্ষা কৰি আছে। এটা শেহতীয়া অধ্যয়নত 53 জন কভিড-19 ৰোগীৰ ক্ষেত্ৰত remdesivir ব্যৱহাৰ কৰি 63%  ৰোগীৰ স্বাস্থ্য উন্নত হোৱা দেখা গৈছিল, কিন্তু ই যাদৃচ্ছিক নিয়ন্ত্ৰক পৰীক্ষণ (randomized controlled trial) নাছিল।  বহুসংখ্যক বিশেষজ্ঞৰ মতে এই ঔষধটোৱে কাম কৰাৰ সম্ভৱনা আছে যদিহে ৰোগটোৰ প্ৰাৰম্ভিক পর্যায়তে ব্যৱহাৰ কৰা হয়।

ৰিট’নাভিৰ আৰু লোপিনাভিৰঃ  এইচ আই ভি ৰোগৰ ঔষধ ৰিট’নাভিৰ (ritonavir) আৰু লোপিনাভিৰ (lopinavir)-ক কেইটামান ৰোগ বিষয়ক পৰীক্ষণত কভিড-19-ৰ বিপৰীতে পৰীক্ষা কৰা হৈছে। প্ৰাৰম্ভিক তথ্যই, ইহঁত ক্ৰিয়াশীল বুলি দেখুওৱা নাই। যিকি নহওঁক, ‘নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিন’-ত প্ৰকাশ কৰা এখন গৱেষণা পত্ৰত প্ৰকাশ কৰিছে যে, মানদণ্ডৰ সাৱধানতা অৱলম্বন কৰা সত্বেও কোনো লাভালাভ প্ৰদৰ্শন নকৰিলে।

প্ৰতিৰোধ প্ৰণালীৰ অৱৰোধক (Immune system inhibitors): কভিড-19 ৰোগটোৱে মানুহৰ আভ্যন্তৰীণ প্ৰতিৰোধ ক্ষমতা বহুত বেছিকৈ কমায় পেলায়। গৱেষকসকলে অন্য কিছুমান চিকিৎসাও তেওঁলোকৰ বিবেচনালৈ আনিছে।  হাওঁফাওঁত প্ৰতিৰোধজনিত কোষৰ বান (flood of immune cells)যাক ‘চাইট’কাইন ধুমুহা’ (cytokine storm) বুলি জনা যায়, ই মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। গুৰুতৰভাৱে আক্ৰান্ত হোৱা বেছিভাগ ৰোগীৰ প্ৰদাহী প্ৰটিন, যাক ইণ্টাৰলিউকিন-6 (interleukin-6 , চমুকৈ IL-6) বুলি কোৱা হয়, তাৰ স্তৰ বেছি থাকে। চীনৰ এটা গৱেষণাৰ পৰা জনা গৈছে যে, ৰুছ দেশে প্ৰস্তুত কৰা Actemra (tocilizumab) (116 খন দেশে ‘বাত বিষ’ চিকিৎসা কৰিবলৈ এই ঔষধবিধ অনুমোদন জনাইছে) ঔষধবিধে আই এল-6-ক ৰোধ কৰে। গতিকে ৰুছৰ এই ঔষধবিধ কভিড-19 ৰোগৰ বিপক্ষে প্ৰতিশ্ৰুতিসম্পন্ন আৰু চীনৰ প্ৰশাসনে এই ঔষধবিধক কভিড-19 ৰোগৰ চিকিৎসাৰ বাবে অনুমোদন জনাইছে।

স্বাস্থ্য পুনৰুদ্ধাৰকাৰীৰ প্লাজমা (Convalescent Plasma): কভিড-19 ৰোগৰ চিকিৎসা হিচাপে অন্য এট চিকিৎসা পদ্ধতি অতি সম্প্ৰতি চৰ্চালৈ আহিছে। সুস্থহৈ উঠা কভিড-19 ৰোগীৰ ৰক্ত প্লাজমা, আক্ৰান্ত ৰোগীৰ শৰীৰত ইনজেকশ্বনৰ দ্বাৰা প্ৰৱেশ কৰোৱা হয়। শেহতীয়াকৈ আমেৰিকাৰ এফ ডি এয়ে ‘অনুসন্ধানমূলক ব্যৱহাৰ’ হিচাপে ‘স্বাস্থ্য পুনৰুদ্ধাৰকাৰী প্লাজমা’-ৰ বাবে অনুমোদন জনাইছে। এই প্লাজমা ক’ৰ’ণা ভাইৰাচ এণ্টিবডিযুক্ত আৰু এই পদ্ধতিৰ ৰোগ বিষয়ক পৰীক্ষণ চলি আছে। কৰ্টেজিয়ানীয়ে কয় যে, “যিকি নহওঁক, ইয়াত এটা সমস্যা আছে, বিজ্ঞানীসকলে নেজানে মানৱ শৰীৰত SARS-CoV-2 বিপক্ষে সবল প্ৰতিৰোধকাৰী উদ্ভৱ হৈছেনে নাই আৰু যথেষ্ট এণ্টিবডি থকা প্লাজমা সংগ্ৰহ কৰা সহজ নহয়। অন্য এটা সমস্যা হ’ল– উপযুক্ত দাতাৰ অভাৱ।”

         কিছুমান ক’ম্পেনীয়ে এণ্টিবডি কৃত্ৰিমভাৱে উৎপাদন কৰিবলৈ বিচাৰিছে। বহুসংখ্যক হস্পিতালে স্ব-ইচ্ছাই প্লাজমা দান কৰা দাতাৰ অনুসন্ধান কৰিছে। ক’ৰ’ণা ভাইৰাচৰ প্ৰতিষেধক ঔষধ উদ্ভাৱন কৰিছে আৰু চীন-বিট্ৰেনত মানৱ দেহত ইতিমধ্যে পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ হৈছে। একেই পৰীক্ষা আৰম্ভ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰও।  কিন্তু কোনো সুফল এতিয়ালৈকে ওলোৱা নাই।

      ওপৰত উল্লেখ কৰা কোনোটো চিকিৎসা পদ্ধতিয়ে কভিড-19 ৰোগৰ চিকিৎসা বুলি এতিয়ালৈকে প্ৰমাণিত হোৱা নাই। কিন্তু কিছুমান উত্তৰ হয়তো অনাগত কেইটামান সপ্তাহ বা মাহত পোৱা যাব যাৰ ফলত ৰোগ বিষয়ক পৰীক্ষণ ওলাব। তেতিয়ালৈকে কোনেও ক’ব নোৱাৰে অন্য পদ্ধতিতকৈ ঔষধেই বেছি প্ৰতিশ্ৰুতিসম্পন্ন বুলি। আমি কেৱল ক’ব পাৰো, এই ভাইৰাচৰ প্ৰতি সকলো সচেতন আৰু সাৱধান হোৱা উচিত।

•জামুগুৰিহাট, শোণিতপুৰ

••মহাবাহু•••

Show More

Related Articles

Back to top button
error: Content is copy right protected !!