কথাৰ মুৰৰ কথা : কিয় আৰু কেনেকৈ লিখে আপুনি ?

ডা° সুকৃতি চৌধুৰী

কবিতা বা গদ্য আপুনি যিয়েই নিলিখক, আপোনাক যদি প্ৰশ্ন কৰা হয় যে আপুনি কিয় লিখে আৰু কেনেকৈ লিখে, এই কথাৰ উত্তৰত আপোনাৰ ক’ব লগা খিনি কমেণ্ট বক্সত পঢ়িবলৈ পাম বুলি বৰকৈ আশা কৰিলো ৷ মই নিজকেও বহুবাৰ এই প্ৰশ্ন কৰিছো যে সীমাহীন ব্যস্ততাৰ মাজতো মই কিয় লিখো ? লিখাৰ সলনি মই চকুমুদি জিৰণিকে ল’ব পাৰো বা মোক আনন্দ দিব পৰা আন কামো কৰিব পাৰো ৷ মই লিখিলেও কাৰ কি উপকাৰ হ’ব বা নিলিখিলেও নো  কাৰ কি ক্ষতি হ’ব ? বহুতো সময়ত ভাগৰত লেবেজান দি টোপনিতে মোবাইলটো হাতৰ পৰা সৰি পৰে। চকুহাল মোহাৰি দোভাগ নিশা মই পুনৰ লিখাৰ চেষ্টা কৰো ৷ বহুতো  সময়ত একেৰাহে ৰোগীৰ সৈতে ব্যস্ত থাকি খন্তেক পৰ যেতিয়া হাত-ভৰি পোণাব পাৰো , তেতিয়াও চেষ্টা কৰো কিবা অলপ যেন লিখিম মাথো আপোনাৰ বাবেই ৷ মই আজিলৈকে কেতিয়াও অভিধান চাই  বা ব্যাকৰণৰ ভুল-শুদ্ধবোৰ তুলনা কৰি বা নোটবুক খুলি বা গুগুল খুচৰি লিখি পোৱা নাই ৷ এতিয়ালৈ যি শিকিলো বা বুজিলো বা জীৱনৰ পাৰ কৰি অহা সময়বোৰত যি অভিজ্ঞতা পালো তাকেই মই আপোনাৰ সন্মুখত বহি যেনেকৈ ক’লো হয়, থিক সেইদৰেই আপোনাৰ বাবে লিখি দিওঁ ৷ বিশ্বাস কৰক, মই ক’ৰ’বাত ব্যাকৰণগতভাৱে বা অভিধানগত ভাৱে ভুল কৰিব পাৰো ৷ কিন্ত মই আপোনাক কৈ শুনোৱা শব্দবোৰ মোৰ হৃদয়ৰ নিভাজ শব্দ।  আৰু একো নহয় ৷ এতিয়া কথা হ’ল মই কিয় লিখো ? ইয়াৰ উত্তৰত ক’বলৈ মই প্ৰথমে এটা কথাকেই ক’ম যে মই মানুহক মানে আপোনাক বহুত ভাল পাওঁ ৷ মোক গুলীয়াই হত্যা কৰিব খোজা শত্ৰুকো মই ক্ষমা কৰি দিছিলো ৷ কাৰণ মই এন্ ফ্ৰাংকৰ দৰেই বিশ্বাস কৰো যে –‘Men are really good’. মানুহ আচলতে বহুত ভাল ৷ মাথো পৰিস্থিতিয়ে মানুহক বেয়া কামত লিপ্ত কৰায় ৷ জন্মতে কোনো বেয়া হৈ নাহে ৷ সেয়ে মই সদায় আশাবাদী হৈ ৰওঁ যে এদিন এই পৃথিৱীৰ ভয়ানক অপৰাধীজনো যেন বহুত ভাল মানুহ হৈ উঠিব ৷ এয়া মোৰ কোনো ইউট’পিয়ান ড্ৰীম নহয় ৷ মই আচলতেই ইয়াকে কামনা কৰো ৷…বহু সময়ত জীৱনে আমাক বহুত দুখ দিয়ে  ৷ সেইবুলি আমি কেতিয়াও ৰৈ গ’লে নহ’ব ৷ চলি থকাটোৱেই জীৱন আৰু ৰৈ যোৱাটো মৃত্যু ৷ ….হাজাৰ লাখ মানুহে আকাশলৈ চাই বুকু ভৰা অভিমানেৰে প্ৰশ্ন কৰে—মোৰ লগতেই কিয় এনে হয় ? কিয় ময়েই হেৰুৱাব লগা হয় বাৰে বাৰে ? কিয় কিয় কিয় ? কিন্ত আকাশৰ পৰা কাহানিও একো উত্তৰ নাহে ৷ আমি উত্তৰৰ সন্ধান কৰিব লগা হয় এই পৃথিৱীত আমাৰ জীৱনৰ মাজতেই ৷ এগৰাকী চিকিৎসক হৈয়ো মই কিন্ত ঔষধতকৈ আপোনাৰ আত্মিক শক্তিৰ ওপৰত হে ভৰষা কৰো ৷ ঔষধ নহয় ৷  আত্মিক শক্তিহে আপোনাৰ জীৱনৰ আধাৰ। এনে বহু ৰোগী দেখিছো যি সকলে দুৰাৰোগ্য ৰোগৰ সীমাহীন যন্ত্ৰণা সহ্য কৰিও বৰ স্বাভাৱিক ভাৱেই জীৱনৰ কৰণীয় বোৰ কৰি গৈছিল ৷ কটন কলেজত ইংৰাজী পঢ়ুওৱা মাননীয় দেৱেন দত্ত ছাৰৰ পত্নী অৰুন্ধতী দত্ত বাইদেউ  ইয়াৰ এক উদাহৰণ।কেন্সাৰৰ দৰে দুৰাৰোগ্যৰ বিৰুদ্ধে যুঁজ দি বাইদেউয়ে কি যে আশাৰ সন্ঞ্চাৰ কৰিছিল। আন এগৰাকী মহীয়সী নাৰী স্বৰ্ণ বৰা বাইদেউ ৷ “ডিয়ুং নদীৰ গীত ” ৰ দৰে গ্ৰন্থৰ অমৰ স্ৰষ্টা স্বৰ্ণ বৰা বাইদেউৰ কোনো এক  দুৰসম্পৰ্কীয় নাতি-ছোৱালী মোৰ হায়াৰ চেকেণ্ডেৰী পঢ়া দিনত সহপাঠী হোৱাৰ বাবে তাইৰ মুখেৰে শুনি তবধ মানিছিলো কিদৰে কেন্সাৰে তিলতিলকৈ ক্ষয় কৰি অনা শৰীৰৰ অসহনীয় যন্ত্ৰণাক জয় কৰি বাইদেউয়ে  অসমীয়া সাহিত্যলৈ এটাৰ পাছত আনটো মহৎ অৱদান দি গৈছিল ৷ মই যদি ভুল কোৱা নাই বাইদেউৰ স্বামী দুতি বৰা নগাঁৱৰ ডচন স্কুলৰ অ’তিশয় কৃতী শিক্ষক আছিল ৷ মোৰ সৌভাগ্য যে স্বৰ্ণ বৰা বাইদেউৰ সৈতে ফোনেৰে কথা হৈছিলো ৷  অৰুন্ধতী বাইদেউক মই নীৰৱে সেৱা কৰি আহিছিলো ৷  আজি স্বৰ্ণ বাইদেউ আৰু অৰুন্ধতী বাইদেউ আকাশৰ তৰা হ’ল ৷ জীৱনত যেতিয়াই ঈশ্বৰৰ কাষত এবুকু অভিমান আৰু এবোজা অভিযোগ লৈ আকাশলৈ চাইছো তেতিয়াই এই মহান লোক সকলক তৰাবোৰৰ মাজত দেখা পাইছো আৰু এই পৃথিৱীত এই জীৱনৰ মাজতেই দুখ-যন্ত্ৰণাৰ সমাধানৰ পথবোৰ বিচাৰি ল’বলৈ তেওঁলোকে সোঁৱৰাই দিছে ৷ মনোবিজ্ঞানৰ জগত খনত বৈপ্লৱিক পৰিৱৰ্তন অনা ছিগমুণ্ড ফ্ৰয়েদক সামান্য পঢ়াশুনা কৰা মানুহ মাত্ৰেই জানে ৷ কিন্ত ছিগমুণ্ড ফ্ৰয়েদে তিল তিল কৈ ৰোগৰ যন্ত্ৰণা সহ্য কৰি কৰিও এটাৰ পিছত এটাকৈ মনোবিজ্ঞানৰ সূত্ৰ আৱিষ্কাৰ কৰি গৈছিল ৷ লিখি থাকিলে  অনেক উদাহৰণ ওলাব ৷ বাকী কেইটামান উদাহৰণ আপুনি দিব বুলি বাট চালো ৷ এতিয়া আহো লেখাৰ বিষয়ে আপুনি আৰু মই পাতি থকা কথাবোৰলৈ ৷ মই কোনো লেখত ল’ব লগা লেখিকা নহয় আৰু সাহিত্য সম্পৰ্কে মোৰ জ্ঞানো অতিশয় সীমাবদ্ধ ৷ তথাপিও মই কেনেকৈ লিখো বুলি সুধিলে মোৰ উত্তৰটো ইতিমধ্যে প্ৰথম পেৰেগ্ৰাফতে ক’লো ৷ এতিয়া আহো কিয় লিখো বুলি শুধা প্ৰশ্নটোলৈ —আচলতে মই মানুহক বৰ গভীৰ ভাৱে ভালপাওঁ ৷ বিস্ময়কৰ মানৱ সভ্যতা গঢ়ি তুলি এই পৃথিৱী নামৰ গ্ৰহটোক ধন্য কৰা মানুহৰ অপাৰ শক্তি আৰু সম্ভাৱণাৰ ওপৰত মোৰ অগাধ বিশ্বাস ৷ আপোনাৰ সৈতে  হৃদয়ৰ শব্দবোৰ বিনিময় কৰি মোৰ অনুভৱ হয় যেন মই মোৰ শব্দবোৰৰ জৰিয়তে আপোনালোকৰ মাজতেই আছো ৷ এদিন হয়তো মই নেথাকিম ৷ কিন্ত মোৰ শব্দবোৰ ৰৈ যাব আপোনালোকৰ মাজতেই ৷ হয়তো সোঁৱৰাই থাকিব –“ আমাৰ মাজতেই এজনী ছোৱালী আছিল যাৰ ইপিটাফ্ ত খোদিত আছে –‘Men are originaly good….’
এতিয়া কওকচোন আপুনি কিয় লিখে আৰু কেনেকৈ লিখে ??
•••••••••••••••মহাবাহু••••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!