কচৰৎ, ফেচবুক কচৰৎ

নীহাৰিকা গোস্বামী

অকণ আজৰি সময় পালেই ম’বাইলটো পিটিকি পিটিকি থকা এটা যেন স্বভাৱ হৈ পৰিছে বৰ্তমান আমাৰ সকলোৰে বাবে। স্বভাৱ বুলি কোৱাতকৈও প্ৰাত্যহিক জীৱন-যাত্ৰাৰ এটি অন্যতম অংগ বুলি ক’লেও চাগে’ মোৰ বোধেৰে বঢ়াই কোৱা নহ’ব। কাৰণ এইবিধ নহ’লে আমি ৰাতিপুৱা সাৰ পাব নোৱাৰো, আনহাতে শান্তিৰে এঘুমটি মাৰিবও নোৱাৰো। মানসিক সুখ-দুখ, এৰা-ধৰা, মৰম-ভালপোৱা; উৎসৱ-আনন্দ আটাইবোৰ যেন এই বৈদ্যুতিক সঁজুলিটিৰ ভিতৰতেই আবদ্ধ। আগতে অকণমান আজৰি সময় পালেই কিতাপ বা বাতৰি-কাকতখন হাতত লৈছিলো, আজিকালিচোন গম নোপোৱাকৈয়ে হাতখনে ম’বাইলটোৱে তুলি লয়। ফেচবুকৰ নিউজ ফীডটো ওপৰ-তল কৰি মনৰ ভিতৰতে কথাবোৰ মই পাগুলি আছো। আচলতে ফেচবুকলৈ আহো মই নতুন জ্ঞানৰ খোৰাক বিচাৰি, দেশ-বিদেশৰ চুক-কোণৰ ন-ন তথ্য, খবৰৰ সন্ধানত। এই পৰ্যন্ত তেনে একো বিচাৰি উলিয়াব পৰা নাই বাবেই অযথা কথাৰে মগজুৰ কচৰৎ কৰি আছো! মই মোৰ বন্ধুৰ তালিকাখনো সেই ধৰণে সজাই-পৰাই তুলিবলৈ অহৰহ যত্ন কৰো। স্ক্ৰ’ল আপ-ডাউন কৰাৰ মাজতেই এটি খবৰত মোৰ আঙুলিটো ৰৈ গ’ল, চকু দুটিও নিবদ্ধ হোৱাৰ লগতে মগজুৱেও যেন কিছু সময় টোপোকা  মাৰিলে নিৰৱে।

এয়াই আমি একবিংশ শতিকাৰ আধুনিক মানৱ। হাতত নিত্য-নতুন ইলেকট্ৰনিক গেজেট, ঘৰৰ চৌহদৰপৰা বাথৰুম-লেট্ৰিনলৈ আভিজাত্যৰ চানেকি। অথচ আমাৰ মগজুবোৰ? এতিয়াও সাতামপুৰুষীয়া অবিজ্ঞানসন্মত চিন্তা-চৰ্চাৰ মামৰবোৰ আধুনিক, খবৰ, অত্যাধুনিক সা-সঁজুলিয়ে এৰুৱাব পৰা নাই আমাৰ মন-মগজুৰপৰা! এনেদৰেই যুগে যুগে আমি প্ৰবল দাবীদাৰ হৈ আহিছো জীৱশ্ৰেষ্ঠ মানৱ বুলি। হায়! আমাৰ আধুনিক সমাজ-জীৱন। নিজৰে কিবা বুজাত ভুল হ’ল বুলি মই আকৌ এবাৰ নিৰ্দিষ্ট খবৰটোৰ ওপৰত দৃষ্টি-মন-মগজু আবদ্ধ কৰিলো। নাই মই ঠিকেই বুজিছো—‍‘‍‘বামুণ-চামুণ সব মাৰি পেলাব লাগে। মই বামুণ, মই লগুণ নাই পিন্ধা…।’’ ঠিকেইতো কৈছে শিল্পীজনে। বৰ্ণবাদ, ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা কৰিছে। জাত-পাতৰ কিবা বাস্তৱিক ভিত্তি আছে জানো? বহু উন্নত ৰাষ্ট্ৰইচোন এইবোৰৰ শূন্য অস্তিত্বৰ কথা কামে-কাৰ্যই প্ৰকাশ কৰি আছে। নিউজ ফীডটোৰ যিমান তললৈ গৈছো সিমানেই স্পষ্টৰূপত দেখিছো শিল্পীজনলৈ অপ্ৰাসংগিক হুংকাৰ এচামৰ, লগতে যেন মৰ্মে মৰ্মে উপলব্ধি কৰিছো আমাৰ শিক্ষাব্যৱস্থা, সমাজ ব্যৱস্থাৰ কেৰোণসমূহ। অৱশ্যে শিল্পীগৰাকীৰ কথাৰ অন্তৰ্নিহিত অৰ্থ উপলব্ধি কৰিব পৰা কেইটামান পোষ্টো দেখিলো যদিও বিপৰীত স্থিতিত অৱস্থান গ্ৰহণ কৰা লোক গৰিষ্ঠসংখ্যক। এয়াই হয়তো আমাৰ আধুনিক সমাজৰ নগ্নৰূপ।

মনলৈ বাৰে বাৰে আহিছে বৰদেউতাই প্ৰায়ে কৈ থকা কেইটামান কথা—‍‘‍‘জাত-পাত, ধৰ্মীয় ব্যৱস্থা এইবোৰ আচলতে শোষণৰ একো-একোটা হাথিয়াৰ, ব্যৱসায়। তাৰ বাহিৰে একো নহয়।’’ হয়তো, স্কুলত পঢ়া দিনত সেই সময়ত সমাজ অধ্যয়নতে অন্তৰ্ভুক্ত ইতিহাসৰ পৃষ্ঠাবোৰেওতো আমাক তাৰেই আভাস দিয়ে। বিভিন্নজনে, বিভিন্ন সময়ত ৰাজত্ব কৰা আমাৰ এই ভাৰত, অসম পুণ্যভূমিত শোষকৰ অত্যাচাৰ, নিপীড়নৰপৰা ৰেহাই পাবলৈ যিয়ে যেনে ধৰণে পাৰে স্বনিৰাপত্তাৰ খাতিৰত ধৰ্ম-জাতিৰ আশ্ৰয় লৈছিল। আৰে! এইজন দেখোন সেইজন খুৰা, যিয়ে ৰাজহুৱা মেল-মিটিঙত গলত গামোচা আঁৰি লৈ ঘণ্টাই ঘণ্টাই সাৰুৱা ভাষণ আগবঢ়ায় ৰাইজলৈ। তেৱেঁই আকৌ বিষয়টো সম্পৰ্কত মন্তব্য দিছে, ‍‘‍‘মদাহী ক’ৰবাৰ, সুৰাৰত্ন পাবি তই এইবাৰ।’’ আজি বুজিলো আচলতে তেওঁ ভাষণ নিদিয়ে, কথাৰ ‍‘টেক্কা’ মাৰে। বীতশ্ৰদ্ধ হৈ নাক-মুখ কুঁচি আহিল তেওঁৰ সংকীৰ্ণ মানসিকতাত। এক ধৰণৰ শংকাও উপজিল মোৰ মন গহনৰ। ৰাজহুৱা কাম-কাজৰ নেতৃত্ব বহন কৰা এইচামৰ নেতৃত্বত বহল মনৰ সমাজ এখন গঠননো সম্ভৱ হ’ব কেনেকৈ? এই ধৰণৰ সংকীৰ্ণ মানসিকতাৰ মানুহবোৰে এতিয়া আমাৰ অঞ্চলৰ সমাজ-সংস্কৃতিৰ পূজাৰী।

আহ! এয়াইতো আমাৰ সমাজ। এইখন সমাজৰপৰাই প্ৰগতিশীল চিন্তা-চৰ্চাৰে নিজক উন্নত কৰি সমাজ ৰূপান্তৰৰ সপোন দেখিছিল হেমাংগ বিশ্বাস, জ্যোতি-বিষ্ণুৱে। তেওঁলোকৰ জন্ম-মৃত্যু তিথিৰ চান্দা তুলি তুলি পতা জাক-জমকীয়া অনুষ্ঠানেৰেই আমি এতিয়া তেওঁলোকক জীয়াই ৰাখিছো! আদৰ্শবোৰৰ প্ৰতি আমাৰ যেন নাই কোনো আন্তৰিকতা অথবা দায়বদ্ধতা। বিভিন্ন চিন্তাৰ দিশে মোৰ মন-মগজুত ঠেলি-হেঁচুকি ধৰিছে। আচলতে সমাজখনৰ কিছু তথাকথিত ভব্য–গব্য ব্যক্তিৰ বৰ্ণবাদী চিন্তাৰ এই নৰূপটো মই হয়তো হজম কৰিব নোৱাৰি এইদৰে অন্তৰ্দ্বন্দ্বত ভুগিছো। দেউতাই এষাৰ কথা প্ৰায়ে কোৱা শুনো মোক উদ্দেশ্যি অথবা সভাত উপস্থিত ৰাইজক উদ্দেশ্যি—‍‘‍‘আনুষ্ঠানিক শিক্ষা আৰু ব্যৱহাৰিক শিক্ষাৰ মাজত আজিও বহুত তফাৎ। অনাখৰী লোকজন জীৱনৰ বাস্তৱ শিক্ষা, উপলব্ধিৰে যিমান শিক্ষিত, নামৰ আগে-পিছে এসোপা বিশেষণ লগাব পৰাজনৰ সেইখিনি নাথাকিবও পাৰে।’’

সঁচাকৈ, এই সামাজিক মাধ্যমবোৰত ভাব প্ৰকাশৰ স্বাধীনতা থকা বাবেই আজি মই যেন বহু ভাৱৰীয়াৰ প্ৰকৃত মুখখন আৱিষ্কাৰ কৰিব পাৰিলো। মাৰি-মৰকৰদ্বাৰা সমাজত সংস্কাৰ আনিব নোৱাৰি অথবা প্ৰগতিশীল ভাবৰ ধাৰাত বোৱাব নোৱাৰি। মাটিৰ গোন্ধ থকা আৱেগিক শিল্পীজনৰ ‍‘‍‘…মাৰি পেলাব লাগে’’ কথাখিনিৰ ওপৰত যেন সকলো নিশ্চুপ! আটাইৰে এটা শব্দতেই দুটি আবদ্ধ ‍‘‍‘বামুণ’’। নতুন দৃষ্টিকোণ এটি আগবঢ়োৱাৰ উদ্দেশ্যৰ লগতে হাৰ্টথ্ৰুবগৰাকীৰ সাহসী স্থিতিৰ সমভাগী হ’বলৈ ময়ো আঙুলিৰে চুই দিলো ৰাজহুৱা পৃষ্ঠা এটাৰ মন্তব্য বাকচটোৰ। এনেতে মায়ে মোক মাতি থকা শুনি মন্তব্যটো ৰাইজলৈ আগবঢ়াই বহাৰপৰা উঠিলো। মনৰ অজ্ঞাতে গুণগুণাই থাকিলো—‍‘‍‘শগুনে সদায় সভাকে পাতে ভাষণ পৰি ৰ’ল…।’’

Related Articles

error: Content is copy right protected !!
Close