|| কচ্ছপ-কথা ||

বুবুল শৰ্মা

ঘৈনীয়েকে গিৰিয়েকক খঙতে ক’লে – “তুমি গাঁতৰ ভিতৰত সোমাই থকা কাছ৷” গিৰিয়েকে প্ৰত্যুত্তৰত ক’লে – “মই যদি কাছ, তুমিও কাছৰ ঘৈনী ৷ কাছৰ ঘৈনীয়েকক কি বুলি কয় কোৱা? আৰু এই উত্তৰ যদি আজিৰ ভিতৰত দিব নোৱাৰা, তেন্তে কথা কিন্ত বেয়া হৈ যাব৷”
কাষৰ কোঠাটোৰ পৰা ভাঢ়াঘৰৰ মালিক-মালিকনীৰ কাজিয়াখন শুনি মইয়ো তবধ মানিলোঁ৷ মনে মনে ভাবিলোঁ – গিৰিয়েক যদি কাছ, ঘৈনীয়েকক কি বুলি ক’ব?
অৱশেষত মই ডায়েৰীখনত কাছৰ ৰচনা এখনেই লিখাৰ সিদ্ধান্ত ল’লোঁ৷ তাতে আজি ২৩ মে, বিশ্ব কাছ দিৱস হেনো!
কাছ এটি সৰীসৃপ প্ৰাণী৷ কাছৰ স্ত্ৰী লিংগ কাছনী৷ নখ থকা চাৰিখন ভৰিৰ ওপৰত নিৰ্ভৰ কৰিয়েই মাটিয়ে-বোকাই চলা-ফূৰা ৷ অৱশ্যে ইহঁত উভচৰ আৰু মানুহ জাতিৰ দৰেই  কিছুমান কাছ সৰ্বভক্ষী৷ বিশাল নদী, বিশাল সাগৰত থকা কাছও কিন্ত কণী পাৰিবলৈ মাটিলৈ উঠি আহিব লগা হয়৷ যিদৰে ওখ ওখ অট্টালিকাত বাস কৰা নেতাইও নিৰ্বাচনী সময়ত ভোট গোটাবলৈ,কেঁচা মজিয়াত বহি শ্ৰমিকৰ সৈতে ভগাই খাব পৰা হয় ৰুটি!
কিছুমান কাছ ১৫০ বছৰতকৈও বেছি দিন জীয়াই থাকে৷ সাধাৰণতে পুখুৰী,নদী,জলাশয় আদিৰ কাষত থকা ঘাঁহ-বনৰ মাজত বা জংঘলৰ মাজত বা বাঁহবাৰীত গাঁত খান্দি, হেমন্ত কালত কাছই কণী পাৰে৷ কণীবোৰ গোল গোল, বগা বগা, পিংপং বলৰ নিচিনা৷বহুতে কাছৰ কণী খাই আৰু মাংসও খায়৷ আমি কিন্ত কেতিয়াও নাখাওঁ৷
অসমীয়া মানুহত কৈ কাছৰ আত্মসন্মান বেছি হ’লেও, কম নহয়৷ থাকে, সেইবাবেই কাছই মাজে মাজে শহাৰ সৈতে ৰেছটো ভাগ ল’ব লগা হয়৷ এই ক্ষেত্ৰত কাছ অসমীয়া মানুহতকৈ কম এলেহুৱা বা সোৰোপা৷ কাছই এবাৰেই মাত্ৰ তেনে এক ৰেছ জিকিছিল৷ সেই জয়ে সমগ্ৰ কাছ জাতিৰ মন আৰু মগজুত কাছ হোৱাৰ গৌৰৱ প্ৰতিষ্ঠা কৰিলে আৰু সেই ঘটনাই কাছক আজিও স্মৃতিবিলাসী জীৱ কৰি ৰাখিছে৷ অসমীয়া মানুহৰ এইখিনিতে কাছৰ সৈতে মিল থকা দেখা গ’ল৷
একাংশ জেষ্ঠ নাগৰিকে পঢ়ি থকা  যুৱক-যুৱতীক লগ পালেই,নিজকে ৰেছত জিকা কাছ আৰু নতুন প্ৰজন্মৰ কাছৰ হাতত পৰাজয় হোৱা শহা বুলি জ্ঞান কৰে আৰু নিজৰ গৌৰৱোজ্জল অতীত বখানি বখানি আনক ইতিকিং কৰিবলৈ আৰম্ভ কৰে৷ এনে আচৰণত বহু যুৱক-যুৱতী বিৰক্ত হৈ পৰে৷ আৰু তেনে জেষ্ঠ নাগৰিকক আঁতৰত দেখিলে কামোৰ বুলি পলায়৷ কিন্ত বয়সস্হ কাছই ডেকা কাছহঁতক কথাই প্ৰতি অতীতৰ কথা কৈ কেটেৰা-জেঙেৰা নামাৰে৷ সেয়ে কাছ সেই দিশৰ পৰা সকলোৰে প্ৰিয় প্ৰাণী৷ কাছ কামোৰ প্ৰাণী নহয়৷
অৱশ্যে কাছৰ দাঁত নাথাকিলেও, কাছই নাকামোৰে বুলি কোনোবাই কাছৰ মুখত আঙুলি সুমুৱাই কাছৰ ধৈৰ্য পৰীক্ষা কৰিবলৈ নোযোৱাটো মংগলজনক,কিয়নো কাছৰো ধৈৰ্যচ্যুট ঘটিব পাৰে৷
অৱশ্যে কাছৰ অজস্ৰ গোত্ৰ, প্ৰজাতি থকাৰ পিছতো, কাছৰ সমাজত- অসমৰ কাছ, বাংলাদেশৰ কাছ,চীনৰ কাছ,পাকিস্তানৰ কাছ ইত্যাদি ইত্যাদি বিষয়লৈ বা তৃণভোজী-মাংসভোজী আদি বিষয়বোৰ লৈ নিজৰ মাজতে কাজিয়া কৰি বিপন্ন হ’ব লগা হোৱা নাই৷  মানুহৰ কিন্ত জাতি,ধৰ্ম,খোৱা-বোৱাক লৈ অলেখ বিতৰ্ক৷ নিজৰ আৱাসস্থলীতে যিদৰে কাছ বিপন্ন, অসমত খিলঞ্জীয়া মানুহৰো অৱস্থা একে৷
কাছ পৰিশ্ৰমী হ’লেও, অলস প্ৰাণী আৰু কিছু বিলাসীও৷ অসমীয়া মানুহবোৰে কাছৰ এই তিনিটা গুণ আয়ত্ত কৰিবলৈ সক্ষম হৈছে৷  শীতকালত কাছই ৰ’দ লৈ বিলাসী জীৱন কটোৱাৰ দৰেই, অসমীয়া মানুহেও,গৰমৰ দিনত বাঁহনীৰ তলত বা বিজুলী পাংখাৰ তলত আৰু ঠাণ্ডা দিনত জুই পুৱাই, গল্প মাৰি ভাল পায়৷
নিজৰ শৰীৰটোৱেই হেনো কাছৰ ঘৰ৷ সেয়ে খুব সতৰ্কতাৰে কাছই চলা-ফূৰা কৰে৷ লাহে লাহে মূৰটো খোলাৰ ভিতৰৰ পৰা উলিয়াই৷ খুব সন্তপৰ্ণে চাৰিওফালে চাই আৰু নিৰাপত্তা অনুভৱ কৰিলেহে আগুৱাই যায়৷ আৰু হঠাৎ বিপদৰ উমান পালেই, মূৰটো নিজৰ খোলাৰ ভিতৰত সুমুৱাই লয়৷ বহুসময়ত কাছই খোলাত মূৰটো সুমুৱাই লৈ বিপদমুক্ত হ’লোঁ বুলি সন্তোষ ল’ভে৷ কিন্ত বেছিভাগ সময় কথাবোৰ সঠিক নহয় গৈ৷ ই কাছৰ মধ্যবিত্তীয় চৰিত্ৰ৷ অসমীয়াৰ মাজত কাছৰ কদৰ নাথাকিলেও, অসমীয়া মানুহৰ মাজত কাছৰ এই গুণবিধৰ কদৰ দেখা যায়৷ কাছৰ মাজত থকা মধ্যবিত্তীয় চৰিত্ৰ আৰু স্মৃতিবিলাসী চৰিত্ৰটো পূৰামাত্ৰাই অসমীয়া মানুহে আহৰণ কৰিবলৈ সমৰ্থবান হ’ল৷ অসমীয়া জাতি স্মৃতি বিলাসী হৈ, কেৱল স্মৃতিচাৰণতে দিনে-ৰাতিয়ে ব্যস্ত হৈ থাকিল৷ অসমীয়া জাতিয়ে সোতৰ বাৰ মোগলক খেদিছিল হয়,এৰাতিৰ ভিতৰত গড় বান্ধিছিল, জয়সাগৰ পুখুৰী খান্দিছিল, কিন্ত সেই অসমীয়া আৰু অসমীয়াৰ নেতাই আজিলৈকে দেশৰ সীমাও চীল কৰিবলৈ সমৰ্থ নহ’ল৷ সেনাপতি লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকৰ ডিঙি কাটি পেলোৱা জাতিটোৱে, অসমীয়াই জাতিত ,ভাষাতকৈ ধৰ্ম, মন্দিৰ,মছজিদ ডাঙৰ বুলি নিজৰেহে ডিঙি কাটিবলৈ উদ্যত হ’ল৷
অসমখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ আৰু চহকী; অসমত জন্মিয়েই মানুহে লাভ কৰে এবিঘাকৈ মাটি ইত্যাদি ইত্যাদিৰ স্মৃতিচাৰণ কৰোতেই বহিৰাগত কোম্পানীয়ে আহি গাঁৱৰ মাটিডৰাও দখল কৰা দেখা গ’ল৷
অসমৰ মানুহ স্মৃতি চাৰণ কৰি সন্তুষ্ট হৈ থাকোতেই, অসমৰ খনিজ তেলেৰে বাৰাণসীত শোধনাগাৰ প্ৰতিষ্ঠা কৰা হ’ল, চাহপাতৰ নিলাম কেন্দ্ৰ কলিকতালৈ গ’ল ৷ এপদ এপদকৈ ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণ হ’ল! সোতৰ বাৰ মোগল খেদা অসমীয়া মানুহৰ হাতৰ পৰা নিজৰ বাৰীৰ  মাটিকণো হেৰাই যাবলৈ ওলাল৷ কাছৰো নিজৰ আৱাসস্থলীতে ঠাই নোহোৱা হ’ল!
কাছই নিৰাপদ অনুভৱ নকৰিলে,সুযোগ বুজি দলবদ্ধভাৱে পানীলৈ নামি যায়৷  কিন্ত অসমীয়া মানুহে কাহানিও দলবদ্ধ হ’বলৈ নিশিকিলে৷ কেৱল স্মৃতি আৰু ইতিহাসৰ কোমল খোলাটোৰ মাজতে জী থকাৰ সপোন দেখিলে৷
খোলাৰ অবিহনে কাছ জীয়াই থাকিব নোৱাৰে৷ অসমত ভূমি,ভাষা আৰু সংস্কৃতিৰ অবিহনে জাতিটো এটা খোলাবিহীন কাছ৷ কাছ প্ৰাগঐতিহাসিক জীৱ হৈও,আজি বিশ্বৰ বুকুত বিপদাপন্ন ৷ অসমীয়া জাতিও অসমৰ খিলঞ্জীয়া মানুহ হৈও, আজি অসমৰ বুকুতে বিপদাপন্ন জাতি৷
প্ৰাকঐতিহাসিক জীৱ কাছক সংৰক্ষণ দিব লাগিবই৷ অসমীয়া জাতিকো কৰ্মী আৰু কমঠ জাতি হিচাপে জীয়াই ৰাখিব লাগিব!
(বুবুল শৰ্মা, কাজিৰঙা,)
•••••••••মহাবাহু••••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!