ঔপনিৱেশিকতাৰ দালালহঁত থৰহৰি কম্পমান

কনকসেন ডেকা

পৃথিৱীত এনে এখন দেশ আছেনে য’ত গণতন্ত্ৰ নামধাৰী এখন চৰকাৰ আছে, অথচ শিখণ্ডীস্বৰূপ সেই চৰকাৰৰ সমুখেৰেই তাৰ সম্পদসমূহ বাহিৰলৈ লৈ যোৱা হয়? থলুৱা লোকক বঞ্চিত কৰি বাহিৰত উদ্যোগ স্থাপন কৰা নীতি সম্পূৰ্ণভাৱে ঔপনিৱেশিক আৰু ব্ৰিটিছে আফ্ৰিকা আৰু এছিয়াত এই পদ্ধতিৰে শোষণৰ গতি অব্যাহত ৰাখি প্ৰজাৰ ওপৰত স্বৰ্গদেউহঁতৰ শাসন চলাইছিল; কিন্তু গণতন্ত্ৰৰ নামত এই ধৰণৰ নীতি আজিও কেৱল অসম লেখীয়া ৰাজ্যতহে সম্ভৱ হৈছে। ৰাজনীতি আৰু কানিৰ বেপাৰৰ মাজত পাৰ্থক্য নৰখা এচাম দালালৰ বাবেই অসম এনেকুৱা এখন ৰাজ্যত পৰিণত হ’ল য’ত লক্ষ লক্ষ বিদেশীয়ে শাসক দলক ভোট দিয়াৰ প্ৰতিশ্ৰুতিত নাগৰিকত্ব লাভ কৰিলে। এই ধৰণৰ কাৰ্য পৃথিৱীৰ ভিতৰত একমাত্ৰ অসমতহে সম্ভৱ হৈ আহিছে। অসমৰ মাটিত তেল ওলাব, শোধন কৰিব বিশেষজ্ঞৰ হাক বচন নুশুনি বাহিৰত, চাহপাতৰ নিলাম বজাৰখনো পাতিব বাহিৰত, অসমৰ মৰাপাটেৰে কল চলে ৰাজ্যৰ বাহিৰত, ইয়াৰ বাঁহৰ মণ্ডেৰে কাগজ কল চলে শ্ৰীৰামপুৰত। কিন্তু বাহিৰৰ শিল্পজাত সামগ্ৰীৰ বজাৰখন হ’লে ইয়াত খোলা আছে। আলপিনটোৰপৰা ঘড়ীটোলৈ শিল্পজাত সামগ্ৰীসমূহৰ প্ৰতিটোৱেই আহে বাহিৰৰপৰা। ঔপনিৱেশিক শোষণ যদি ইয়াকেই নকয় আৰু তাৰ যদি আন কিবা সংজ্ঞা আছে তেন্তে সি আমাৰ বোধগম্যতাৰ বাহিৰত। এই শতিকাৰ আৰম্ভণিতেই সম্পূৰ্ণ স্বাৱলম্বী আৰু স্বয়ংসম্পূৰ্ণ হৈ থকাৰ যোগ্যতা অৰ্জন কৰা গঞা ৰাইজক পংগু কৰি তুলিলে কোনে? ইয়াৰ বাবে জগৰীয়া অসমৰ গাঁৱত বাস কৰা লোকসকলেই নে? এসময়ত সকলো দিশতে পাৰ্গত অসমীয়া লোকক ইংৰাজ বেপাৰীয়ে কানি খুৱাই নিহাল দি ৰখাৰ পিছত স্বাধীন চৰকাৰে জগাই তুলিবলৈ চেষ্টা কৰা নাছিল কিয়? কাৰণ ইয়াৰ স্পষ্ট। ইংৰাজ বণিকৰ ঐতিহ্য বহনকাৰী ভাৰতীয় বেপাৰী আৰু সিহঁতৰ দালালহঁতে আগতকৈও অধিকতৰ আগ্ৰাসী ভূমিকা লৈ অসমবাসীক সৰ্বস্বান্ত কৰাত লাগি গ’ল। আনকি অসমীয়াসকলৰ জ্ঞান অৰ্জনৰ মাধ্যমো হ’লগৈ পুঁজিপতিৰ পৰিচালিত বাহিৰৰ বাতৰি কাকতবোৰহে। কিন্তু অসমৰ সাম্প্ৰতিক গণজাগৰণে পোনপ্ৰথম বাৰৰ বাবে ন্যস্ত স্বাৰ্থান্বেষী দালালহঁতৰ বুকু কঁপাই তুলিছে। তেওঁলোকে স্পষ্টভাৱে লক্ষ্য কৰিছে যে অসমৰ জনগণে আজি সাৰ পাই উঠিছে আৰু সেয়ে যিকোনো প্ৰকাৰেই এই আন্দোলন দমন কৰি ঔপনিৱেশিক শোষণ অব্যাহত ৰাখিব লাগিব আৰু তাৰ বাবেই স্থিতাৱস্থা অটুট ৰাখিবলৈ চেষ্টা চলাইছে।
সৌ সিদিনা কাপুৰুষ হৰিশ্চন্দ্ৰ চাৰিণে অসমৰ সংগ্ৰামী মহিলাৰ সন্দৰ্ভত অশোভনীয় মন্তব্য কৰি পিছত সেই উক্তি কৰা নাই বুলি স্পষ্টীকৰণ দিছে। কিন্তু প্ৰকৃতপক্ষে চাৰিণে সেই মন্তব্য কৰাটো সঁচা, কিয়নো স্পষ্টীকৰণত তেওঁ কৈছে যে জনতা দলৰ সদস্যসকলৰ সৈতে বিস্তৃতভাৱে হোৱা আলোচনাত সৰু ল’ৰা-ছোৱালী আৰু মহিলাৰ যোগদানৰ প্ৰসংগই ঠাই পাইছিল। তেওঁ উল্লেখ কৰিছিল যে সৰু ল’ৰা-ছোৱালীহঁতৰ ৰখীয়া হৈহে মাকহঁত সত্যাগ্ৰহীৰ লগ লাগিছিলগৈ। এই স্পষ্টীকৰণৰদ্বাৰা চাৰিণৰ হীনমন্যতা আৰু তেওঁৰ কু-অভিপ্ৰায় অধিক স্পষ্ট হৈ পৰে। ইয়াৰদ্বাৰা তেওঁ সংসদী সদস্যসকলক পতিয়ন নিয়াব বিচাৰিছে যে অসমৰ সাম্প্ৰতিক আন্দোলনত কেৱল নাবালক ল’ৰা-ছোৱালীয়েহে যোগদান কৰি আনন্দ উপভোগ কৰিছে। তেওঁৰ এই বক্তব্যই সাম্প্ৰতিক গণজাগৰণৰ প্ৰতি উপহাসৰ স্বাক্ষৰ বহন কৰিছে। দ্বিতীয়তে আন্দোলনটো কোনোপধ্যেই শান্তিপূৰ্ণ নহয় আৰু সেই হেতুকেই ল’ৰা-ছোৱালীহঁতৰ কোনোবাই বিপদৰ সন্মুখীন হ’ব পাৰে বুলি মাকহঁত লগত গৈছে। তৃতীয়তে লক্ষ লক্ষ মহিলাই সত্যাগ্ৰহত যোগদান কৰিবলৈ যোৱাটো সঁচা নহয়। চতুৰ্থতে এইটো প্ৰমাণ কৰিবলৈ বিচৰা হৈছে যে আন্দোলন কৰাৰ যোগ্যতা অসমীয়া মহিলাৰ নাই। (দহ জুলাইত চাৰিণে অসমীয়া মহিলাৰ সন্দৰ্ভত অশোভনীয় মন্তব্য কৰাটো সত্য বুলি স্বীকাৰ কৰে।)
অসমৰ সাম্প্ৰতিক আন্দোলনক এইদৰে উপহাস কৰাৰ অধিকাৰ হৰিশ্চন্দ্ৰ চাৰিণৰ দৰে আমোলা এজনে পালে কেনেকৈ? তেওঁ প্ৰকৃততে গণতন্ত্ৰত বিশ্বাসী নে? ‘‘টাটা আইৰণ এণ্ড ষ্টীল কোম্পানীৰ’’ অন্যতম ডাইৰেক্টৰ চাৰিণে ধাৰণা কৰে যে ভাৰতীয় গণতন্ত্ৰ এক প্ৰহসন মাত্ৰ আৰু তেওঁৰ ধাৰণা ৰাজনৈতিক নেতাসকলৰ পুঁজিপতিৰ হাতৰ পুতলা। অসমৰ মহিলাৰ প্ৰতি কৰা অশোভনীয় উক্তিৰদ্বাৰা তেওঁ প্ৰধানমন্ত্ৰীকো প্ৰকৃতাৰ্থত অপমান কৰিছে। ইংৰাজ আমোলাসকল এসময়ত এই দেশৰ অধিপতি তথা প্ৰশাসক আছিল। আমোলাৰ কথাৰেই তেতিয়াৰ দেশৰ প্ৰশাসনৰ চাবি ঘূৰাব পাৰিছিল। হৰিশ্চন্দ্ৰ চাৰিণৰ দৃষ্টিভংগীও যে তেনেকুৱাই সেই কথা ইতিমধ্যে প্ৰমাণিত হ’ল। কিন্তু চাৰিণে মনত ৰখা উচিত যে তেওঁ এইখন ৰাজ্যৰ শাসনকৰ্তা নহয়, কেন্দ্ৰৰদ্বাৰা নিয়োজিত অসমৰ ৰাজ্যপালৰ এজন উপদেষ্টা মাত্ৰ। আনকি তেওঁ উপদেশ দিয়া ৰাজ্যপালগৰাকীৰ শাসনো অসমত চিৰকাল নচলে,—খুব বেছি অহা ডিচেম্বৰলৈকেহে ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তিত হৈ থাকিব। তেনেস্থলতো অসমৰ মহিলাসকলৰ সন্দৰ্ভত অশোভনীয় মন্তব্য কৰিবলৈ তেওঁ অধিকাৰ পালে ক’ত? উল্লেখযোগ্য যে হৰিশ্চন্দ্ৰ চাৰিণ এক প্ৰতীক মাত্ৰ যদিও আজিৰ ভাৰতীয় শাসন ব্যৱস্থাৰ পূৰ্ণ অভিব্যক্তি তেওঁৰ জৰিয়তে প্ৰকাশ পালে। তেওঁ ভালদৰে জানে যে বৃহৎ পুঁজিপতি আৰু শাসনাধিষ্ঠিত নেতাসকলৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক বিদ্যমান আৰু দুইপক্ষৰেই স্বাৰ্থ ব্যাহত নকৰিবলৈ হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ শোষণ অব্যাহত থকা প্ৰয়োজন। চাৰিণৰ দৰে আমোলাহঁতে ধাৰণা কৰিছে যে অসমৰ সাম্প্ৰতিক আন্দোলনে উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ চকু মেল খুৱাই দিছে আৰু ভৱিষ্যতে এই গতিত শোষণ চলোৱাটো হয়তো সম্ভৱ হৈ নুঠিব। সেইবাবেই সিহঁতৰ স্বাৰ্থতেই সাম্প্ৰতিক আন্দোলনকাৰীৰ ওপৰত অপযশ জাপি দি ইয়াক কলিতে মষিমূৰ কৰিবলৈ চেষ্টা কৰিছে। সেইবাবেই সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ চলোৱা এই আন্দোলনত সিহঁতে কল্পনাপ্ৰসূত বিচ্ছিন্নতাবাদ, বিদেশীৰ হস্তক্ষেপ ইত্যাদিৰ ছাঁ বিচাৰি পাইছে। অথচ প্ৰকৃত বিদেশীক বিতাড়ন কৰিবলৈ আগবাঢ়িব পৰা নাই। অসমক এক ঔপনিৱেশিক ৰাজ্য বুলি ভবাটো অকল চাৰিণৰে দৃষ্টিভংগী নহয়, ই কম-বেছি পৰিমাণে প্ৰায়বোৰ সৰ্বভাৰতীয় আমোলাৰে ধাৰণা।
অসমৰ সাম্প্ৰতিক আন্দোলনৰ নেতৃত্বত কোনো পেশাদাৰী ৰাজনৈতিক দল নাই, প্ৰকৃতাৰ্থত ইয়াৰ গুৰি ধৰিছে ৰাজ্যখনৰ যুৱ-ছাত্ৰ সমাজে। ইয়েই পুঁজিপতিহঁতৰো মূৰৰ বিষৰ কাৰণ হৈ পৰিছে। পেশাদাৰী ৰাজনৈতিক দলক কিনি পেলোৱাটো পুঁজিপতিহঁতৰ পক্ষে মুঠেও টান নহয়, কিন্তু যুৱ-ছাত্ৰৰ নেতৃত্বত গঢ় লোৱা জনজাগৰণক টকাৰ বলেৰে দমন কৰাৰ দৃষ্টান্ত বিৰল। এই জনজাগৰণে যদি পিছলৈ কুটীৰ শিল্প, ক্ষুদ্ৰ শিল্প আদিৰ জৰিয়তে অসমৰ জনগণক স্বাৱলম্বী কৰি তোলে, তেন্তে পুঁজিপতিৰ বজাৰখনত কিছু পৰিমাণে হ’লেও আঘাত নপৰাকৈ নাথাকে।
অসমৰ সাম্প্ৰতিক আন্দোলনত সমাজবাদৰ লেবেল নাই সঁচা, কিন্তু ই বাহিৰৰ শোষণযন্ত্ৰত আঘাত কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু সেই বাবেই ন্যস্ত স্বাৰ্থ জড়িতমহল তৎপৰ হৈ উঠিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বৃহৎ পুঁজিপতিহঁতে নিজ স্বাৰ্থ অটুট ৰাখিবৰ হকে বহুল প্ৰচাৰিত কাকতবোৰৰ মালিক হৈ পৰিছে আৰু অসমৰ গণজাগৰণক মষিমূৰ কৰিবলৈ আৰম্ভণিৰেপৰাই এক কাকতবোৰে চেষ্টা চলোৱাটো তাৎপৰ্যপূৰ্ণ। কিন্তু দহ মাহতো সাম্প্ৰতিক আন্দোলনৰ সামৰণি নপৰাত বৃহৎ পুঁজিপতি পৰিচালিত কাকতবোৰে অসমৰ গণজাগৰণৰ ওপৰত মনেসজা কেতবোৰ অপযশ জাপি দি ইয়াক বিপথগামী কৰিবলৈ উঠি পৰি লাগিছে।
তাদুপৰি সাম্প্ৰতিক গণজাগৰণে ভাষিক সম্প্ৰসাৰণবাদীহঁতৰ মুখা খুলি পেলোৱাত সিহঁতৰ মূৰত বিনামেঘে বজ্ৰপাত পৰাৰ লেখীয়া হৈছে। সম্পসাৰণবাদীৰ কৱলৰপৰা মুক্তি লাভ কৰি নিজৰ ভাষা-সংস্কৃতিৰ বিকাশ ঘটাবলৈ ত্ৰিপুৰা, উত্তৰ বংগ আদিতো উঠি-পৰি লাগিছে, ঐতিহাসিক কাৰণতেই আজি উত্তৰ-পূব ভাৰতৰ শোষিত জনগণ একত্ৰিত হৈ পৰিছে আৰু ইয়াৰ বিপৰীতে ন্যস্ত স্বাৰ্থ জড়িত মহল হৈ পৰিছে ত্ৰস্তমান আৰু যিকোনো প্ৰকাৰে এই জনজাগৰণ নিৰ্মূল কৰিবলৈ উঠি-পৰি লাগিছে। কিন্তু তেওঁলোকৰ চেষ্টা যে ব্যৰ্থ হ’ব তাত কাৰো সন্দেহ নাই।
(মহাবাহু, ১৯৮০)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close