ওৱেটাৰ’ৰ ভুলৰ বাবে গ্ৰাহকৰ মেজত দুষ্প্ৰাপ্য ‍‘ৱাইন !

মহাবাহু

মাঞ্চেষ্টাৰ (ইংলেণ্ড) : কোনো দামী পানশালাত প্ৰৱেশ কৰি আপুনি হয়তো ‍‘অৰ্ডাৰ’ দিছে অপেক্ষাকৃত সস্তা হুইস্কি, লগতে কিছু খাদ্য। আপুনি কল্পনা কৰিব পাৰেনে যে যি পানীয় আপুনি ‍‘অৰ্ডাৰ’ দিছে ‍‘ওৱেটাৰ’-এ ভুল কৰি আপোনাৰ খোৱা মেজখনত পৰিৱেশন কৰিছে অত্যধিক দামৰ পানীয়! হয়, এনে ধৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ইংলেণ্ডৰ মাঞ্চেষ্টাৰৰ এখন ৰেষ্টুৰেণ্টত। সেই ৰেষ্টুৰেণ্টত ভুলবশতঃ গ্ৰাহকক পৰিৱেশন কৰা হৈছে দুষ্প্ৰাপ্য ‍‘ৱাইন’। যি ‍‘ৱাইন’ এবটলৰ দাম ৫০০০ আমেৰিকান ডলাৰ (ভাৰতীয় মুদ্ৰাৰে প্ৰায় ৩,৬০,০০০ টকা)। এই ‍‘ৱাইন’ৰ বটলটো আছিল ফৰাছী ৱাইন, নাম—‍‘চ্যাত্যু লে পিন পমেৰল’। মহাৰ্ঘ ৱাইনখিনি বটলত বন্দী কৰা হৈছিল ২০০১ চনত। ৰেষ্টুৰেণ্টৰ ভাষাত, তেওঁলোকৰ ‍‘ওৱেটাৰ’-এ ‍‘কষ্টলি মিষ্টেক্’ (বহুমূলীয়া ভুল) সংঘটিত কৰিছে। এজন গ্ৰাহকে ২৯০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৩০০০০ টকা) মূল্যৰ এবটল ‍‘ৱাইন’ৰ ‍‘অৰ্ডাৰ’ দিছিল যদিও গ্ৰাহকৰ খোৱা মেজখনত যিটো বটল ভুলতে পৰিৱেশন কৰা হৈছিল, সেইটোৰ দাম প্ৰায় ৩,৬০,০০০ টকা। কোৱা বাহুল্য যে যিহেতু ভুল কৰাজন আছিল ৰেষ্টুৰেণ্টৰেই কৰ্মচাৰী, গতিকে গ্ৰাহকজনে নিজে দিয়া ‍‘অৰ্ডাৰ’ৰ মূল্যৰ বাহিৰে এটকাও অতিৰিক্ত হিচাপে পৰিশোধ কৰিবলগীয়া নহ’ল। গ্ৰাহকজনে সেই মহাৰ্ঘ বটলটো গলাধঃকৰণ কৰি বিল দিলে সেই ২৯০ ডলাৰ। ভদ্ৰলোকৰ কপালৰ ভাগ্যৰেখা নিশ্চিতভাৱে সোণোৱালী আছিল। ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষই প্ৰথমতে ঘটনাটোৰ বিষয়ে অৱগত হোৱা নাছিল, যেতিয়া বুজি পাইছিল—তেতিয়ালৈ বহু পলম হৈ গৈছিল। গ্ৰাহকৰ পেটত সোমাই গৈছিল সেই দুষ্প্ৰাপ্য ৱাইন। নিজৰ ভুল বুলি গম পোৱাৰ পিছত চৰম ভদ্ৰতাৰ পৰিচয় দি গ্ৰাহকজনক সেই সম্পৰ্কে এটা ‍‘টু’ শব্দও কোৱা নাছিল, আনকি একো বুজিবলৈও দিয়া নাছিল। গতিকে গ্ৰাহকজনে তাম কিনিবলৈ গৈ সোণ লভিছিল। গ্ৰাহকজন ৰেষ্টুৰেণ্টৰপৰা ওলাই যোৱাৰ পিছত ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষই তেওঁলোকৰ ‍‘টুইটাৰ হেণ্ডেল’ত সমগ্ৰ ঘটনাটো টুইট কৰি জনায়—কিদৰে তেওঁলোকৰ ‍‘মহাৰ্ঘ ভ্ৰান্তি’ হৈ গ’ল! ‍‘সৌভাগ্যৱান’ গ্ৰাহকজনক উদ্দেশ্য কৰিও কৰ্তৃপক্ষই কয় যে—আশাকৰো আপুনি ৱাইনৰ বটলটো আনন্দেৰে উপভোগ কৰিছে। আমাৰ তৰফৰপৰা যি ভুল হৈ গ’ল, সেয়া পাহৰি যাওক।

মাঞ্চেষ্টাৰৰ ৰেষ্টুৰেণ্টখনৰ নাম ‍‘হকসমুৰ’। মূলতঃ বিভিন্ন মাংসৰ কাবাব আৰু দামী দামী মদৰ বাবে বিখ্যাত। ৰেষ্টুৰেণ্টখনৰ মালিক উইল বেকেটে জনাইছে যে সেইদিনা সন্ধিয়া ৰেষ্টুৰেণ্টখনত খুব ভিৰ আছিল বাবে ভিৰৰ চাপত ভুলবশতঃ তেওঁলোকৰ এগৰাকী মহিলা ‍‘ওৱেট্ৰেছ’-এ মহাৰ্ঘ বটলটো পৰিৱেশন কৰে। ইয়াৰ বাবে অৱশ্যে কৰ্মীগৰাকীকো কৰ্তৃপক্ষই গালি-গালাজ কৰা নাই। বৰং ক্ষমা কৰি দিছে। সংবাদ মাধ্যমক বেকেটে কয় যে গ্ৰাহকজনে একো বুজা নাছিল। আমিও বিচৰা নাছিলো যে খোৱামেজত বহি কোনো গ্ৰাহক আমাৰ ভুলৰ বাবে অপ্ৰস্তুত হওক। গতিকে ঘটনাটোক লৈ আমিও পানী ঘোলা নকৰিলো।

‍‘ছ’চিয়েল মেডিয়া’ত ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ টুইটটো ‍‘ভাইৰেল’ হৈ পৰিছে। ২৫ ঘণ্টাৰ ভিতৰতেই ২৫০০০ ‍‘লাইক’ হৈছে। ‍‘নেটিজেন’সকল বেকেটৰ ‍‘ফেন’ হৈ পৰিছে। সকলোৱে কৰ্তৃপক্ষক দুহাত দাঙি প্ৰশংসা কৰিছে, শুভেচ্ছা-অভিনন্দন জ্ঞাপন কৰিছে। দুই-একে কৈছে যে—‍‘‍‘ইচ্ কেতিয়া বা আমাৰ স’তে এনে ‍‘ভুল’ হয়!?’’

Related Articles

Close