ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পৰ্যটন

গৌতম শৰ্মা

প্ৰকৃতিৰ বিচিত্ৰ শ্যামলীমাৰে ৰঞ্জিত অসমৰ অৰণ্যভূমি। পশু-পক্ষীৰ সমৃদ্ধিশালীৰে সু-গঠিত অপূৰ্ব নৈসৰ্গিকতাৰ পূৰ্ণ লীলাভূমি, নানান আপুৰুগীয়া সম্পদেৰে ভৰপুৰ। এইক্ষেত্ৰত মিনি কাজিৰঙা হিচাপে খ্যাত তথা কাজিৰঙাৰ ক্ষুদ্ৰ সংস্কৰণি বুলি জনাজাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনো ব্যতিক্ৰম নহয়। অবিভক্ত দৰং জিলা আৰু বি.টি.এ.দি. এলেকাত অৱস্থিত এই অৰণ্যখনিৰ অন্য এক বিশেষ নাম হৈছে “ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান”। সম্প্ৰতি অসম গৌৰৱ এশিঙীয়া গঁড়ৰ লগতে অন্যান্য বহু গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী আৰু প্ৰাকৃতিক সম্পদেৰে সুশোভিত এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ বৰ্তমান মুঠ মাটিকালীৰ পৰিমাণ ৭৮ বৰ্গকিলোমিটাৰ।
ইতিহাসৰ পাতত ওৰাঙৰ ইতিহাস বিচাৰিলে আমি পাওঁ যে, ১৬-১৭ শতিকাত এই অঞ্চলটোত ভূঞাসকলৰ অধীনত আছিল। চুতীয়াসকলেও এসময়ত এই অঞ্চলটোত ৰাজত্ব কৰিছিল বুলি কোনো কোনোৱে ক’ব খোজে।  ১৮৮০-১৯০০ চনৰ মধ্যচোৱাত নিৰ্মিত ওৰাং শিৱ মন্দিৰৰ ভগ্নাৱশেষ এই অঞ্চলটোত আজিও দেখা পোৱা যায়। এইসমূহৰ ওপৰত ভিত্তি কৰি এটা সময়ত যে এই অঞ্চলত বহু মানুহেৰে পৰিপূৰ্ণ কেতবোৰ গাঁও আছিল সেই কথাও জনা যায়। হয়তো ব্ৰহ্মপুত্ৰৰ বানপানী বা মহামাৰীৰ মহাপ্ৰলয়ত এই মানুহখিনি আৰু গাঁওসমূহ ইয়াৰপৰা কালক্ৰমত নিঃচিহ্ন নতুবা অন্য কোনোঠাইলৈ স্থানান্তৰিত হৈছিল। অৰণ্যখনিৰ অভ্যন্তৰত শিৱ মন্দিৰৰ লগতে বহুকেইটা পুখুৰীৰ ভগ্নাৱশেষো আবিষ্কৃত হৈছে। যিবোৰ তথ্যই পূৰ্বে ই যে এক জন বসতিপ্ৰধান অঞ্চলেই আছিল বুলি তাকেই প্ৰমাণ কৰে।
ঔপনিবেশিক শাসনকালতেই ওৰাঙৰ বনভূমি, জৈৱ বৈচিত্ৰ্যতাই সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ১৯১৫ চনত ব্ৰিটিছসকলে অৰণ্যখনক “গেম ৰিজাৰ্ভ” তথা “মৃগয়া বন” হিচাপে ঘোষণা কৰি ১৯৩১ চনত ইয়াক মুকলি কৰি দিয়ে। অৱশ্যে ওৰাং সংৰক্ষণৰ প্ৰকৃত ইতিহাস স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়তহে আৰম্ভ হৈছিল। ১৯৬৯ চনত এই অৰণ্যখনক সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষণা কৰি ১৯৮৫ চনৰ ২০ ছেপ্টেম্বৰত FRS/133/85/5 নিৰ্দেশনাৰ দ্বাৰা ওৰাঙক অভয়াৰণ্য বুলি ঘোষণা কৰা হয়। ইয়াৰ পৰৱৰ্তীকালত ১৯৯২ চনত ওৰাঙক ৰাজীৱ গান্ধী বন্যপ্ৰাণী অভয়াৰণ্য হিচাবে নামকৰণ কৰা হৈছিল যদিও সেই নামকৰণে সৰ্বসাধাৰণৰ মাজত তেতিয়াৰেপৰা আজিলৈকে বহু বেমেজালি, বিতৰ্ক সৃষ্টি কৰি আহিছে। যি নহওক, সদৌশেষত ১৯৯৯ চনৰ ৮ এপ্ৰিলত FRW/28/90/154 নিৰ্দেশনাৰ জৰিয়তে ওৰাঙক অভয়াৰণ্যৰ শাৰীৰপৰা ৰাষ্ট্ৰীয় উদ্যানৰ শাৰীলৈ উন্নীত কৰা হয়।
বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ গঁড়ৰ বাবে সংৰক্ষিত এই অৰণ্যখনত গঁড়ৰ সংখ্যা কাজিৰঙাৰ ঠিক পাছতেই। ইয়াৰোপৰি হাতী, বাঘ, হলৌ বান্দৰ, মলুৱা বান্দৰ, ম’হ, বন গাহৰি, উদ, বনৰৌ, খুটিয়া পহু, শৰ পহু, কেটেলা পহু, বন মেকুৰী, শিয়াল, জহামাল, নেউল আদি বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীসমূহে ওৰাঙক অত্যন্ত চহকী কৰি ৰাখিছে। অজগৰ, ফেঁটী, গোম, গুৱালা আদি সাপৰ লগতে গুঁই, ভিন্ন প্ৰজাতিৰ কাছ আদি সৰীসৃপবোৰো ইয়াত পোৱা যায়।
ক্ৰান্তীয় সেমেকা জলবায়ুৰ প্ৰভাৱেৰে প্ৰভাৱিত কৰা ওৰাংখন ভিন্ন প্ৰজাতিৰ উদ্ভিদেৰে সমৃদ্ধ। প্ৰাকৃতিকভাৱে ইয়াত পোৱা উদ্ভিদৰ পৰিমাণ ২.৬০% অৰ্থাৎ ১.৯৪ বৰ্গকিলোমিটাৰ। অৰণ্যখনৰ প্রায় ১৩.৬০% অৰ্থাৎ ৯.৮৩ বৰ্গকিলোমিটাৰ অঞ্চল বনানীকৰণ কৰা হৈছে। ইকৰা আৰু খেৰণিৰে প্ৰায়  ২৪.৬০% অৰ্থাৎ ১৯.২৭ বৰ্গ কিলোমিটাৰ আবৃত হৈ আছে। তদুপৰি ১১.৯৫% অৰ্থাৎ ৯.৩৪ বৰ্গকিলোমিটাৰ অঞ্চল চাপৰিৰে আৰু ১২.৬০% অৰ্থাৎ ৯.৫৩ বৰ্গকিলোমিটাৰ অঞ্চল জলাহভূমিৰে পূৰ্ণ হৈ আছে। ওৰাঙত পোৱা ভিন্ন প্ৰজাতিৰ উদ্ভিদসমূহৰ ভিতৰত শাল, চেগুণ, ডিমৰু, কাঞ্চন, ঝাও, খোকণ, জামু, এজাৰ, ঔটেঙা, আমলখি, চতিয়না, শিমলু, ওদাল, চিচু, খয়েৰ, ভাতঘিলা ইত্যাদি। ইয়াৰোপৰি নল, ইকৰা বিৰিণা, খাগৰি, কঁহুৱা, দূবৰি, উলুখেৰ, বৰতোখেৰ আদি ভিন্ন প্ৰজাতিৰ ঘাঁহনিৰ লগতে জলাহ অঞ্চলবোৰত ভেট, পদুম, দল, কলমৌ, হেলচী, বৰপুনি, সৰুপুনি, মেটেকা আদিবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায়।
পশুৰ লগতে পক্ষীৰো এক উল্লেখযোগ্য আবাসস্থল হৈছে ওৰাং। বিভিন্ন স্থানীয় আৰু পৰিভ্ৰমী পক্ষীৰ সমাহাৰে ওৰাঙৰ নৈসৰ্গিক পৰিৱেশক সদায় অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। অৰণ্যখনত ভিন্ন প্ৰজাতিৰ চৰাই যেনে- শগুণ, চিলনী, হাইঠা, গোধা, ধনেশ, শামুকভঙা, শৰালি, ঘিলাহাঁহ, দিনকণা, বালিঘোঁৰা, হেতুলুকা, ৰামপাৰ, গংগা চিলনী, শিলকপৌ, বুলবুলি, বালিমাহী, মৌপিয়া, দলপুৰা, দলম’ৰা, বাঢ়ৈটোকা, উকহ, শেন, পখৰা শেন, ধৃতৰাজ, পানী কাউৰী, মণিয়ৰী, বৰবগ, মাজুবগ, পানীবগ, গোবগ, টেলিয়া সাৰেং, কৰুৱা, কনামুচৰী, ভেলা, পানীডুবি, কুকুহা, হদু, ঢ়েকৰ, মাছৰোকা, ফেঁচু, ভিন্ন শালিকা, কুলি, কেতেকী আদিবোৰ ব্যাপক হাৰত পোৱা যায়। ২৬ টা পুখুৰী আৰু ১২ খন বিলেৰে ওৰাঙৰ পক্ষীকূলৰ অস্তিত্বলৈ যথেষ্ট অনুকূলতা প্ৰদান কৰি আহিছে।
প্ৰকৃতিৰ অনুপম সৃষ্টি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বহু সম্ভাৱনা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। কিয়নো নৈসৰ্গিকতাৰ উৎকৃষ্ট নিদৰ্শন ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকসকলক সদায় আকৰ্ষণ কৰি আহিছে। নৱেম্বৰৰ পৰা মাৰ্চ মাহৰলৈকে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া এই উদ্যানখনলৈ যাবলৈ যথেষ্ট সু-ব্যৱস্থা আছে। গুৱাহাটীৰ পৰা পূবে প্ৰায় ১২০ কিলোমিটাৰ আৰু ইতিহাসপ্ৰসিদ্ধ তেজপুৰ চহৰৰ মাজমজিয়াৰপৰা মাত্ৰ  ৩২ কিলোমিটাৰ দূৰত্বত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যাবলৈ সুন্দৰ যাতায়ত ব্যৱস্থাসমূহ আছে। গৈ তাত থাকিব পৰাকৈও ওৰাঙত বন বিভাগৰ এটি অতিথিশালা, উদ্যানখনৰ ভিতৰৰ সাতে শিমলুত অন্য এক অতিথিশালা আৰু নীলবাৰীত এটা “ডৰমিটৰী” আছে। উদ্যানখনিত উপস্থিত হৈ বন বিভাগৰ অনুমতি আৰু সহযোগত উদ্যানখন পৰিভ্ৰমণ কৰিব পৰাৰ সুন্দৰ ব্যৱস্থাসমূহ আছে। অন্যহাতেদি, কেতবোৰ জটিল সমস্যাই অৰণ্যখনিক সদায় বহু জুৰুলা কৰি আহিছে। প্ৰধানতঃ চোৰাং চিকাৰীৰদ্বাৰা ওৰাঙত সঘনে চলি অহা  গঁড় নিধন যজ্ঞই আমালৈ বহু দুসংবাদ কঢ়িয়াই আনিছে। ইয়াৰ অনুৰূপধৰণে ব্ৰহ্মপুত্ৰৰ প্ৰবল বান আৰু তীব্ৰ খহনীয়াই ওৰাঙৰ অস্তিত্বলৈ ক্ৰমশঃ প্রচণ্ড ভাবুকি কঢ়িয়াই আনিছে। এনেবোৰ ভয়ংকৰ সমস্যাৰপৰা ওৰাঙক আমি যিমান সোনকালে পাৰোঁ মুক্ত কৰিব পাৰিবই লাগিব। অৰণ্যখনিৰ সুৰক্ষা, সংৰক্ষণ তথা দীৰ্ঘস্থায়িত্বৰ স্বাৰ্থত দৃঢ় পদক্ষেপসমূহ হাতত ল’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আমি সবিনয়ে আহ্বান জনালোঁ।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!