||এযোৰ নিস্পাপ চকু : জীৱনৰ সচাঁ কথাবোৰ||

ডা° সুকৃতি চৌধুৰী

 বিচনাতে শুই থাকি মৰম লগা চাৱনিৰে ল’ৰাটোৱে একেথৰে চাই থাকে। বিচনা খনৰ কাষৰ বাৰ কেইডাল উঠাই ৰখা
হৈছে। ছিষ্টাৰে পানী সনা টাৱেল খনেৰে তাৰ চকুহাল আৰু মুখ খন মচি দিলে ৷ যন্ত্ৰণাকাতৰ মুখ খন …কিন্ত সেই একেই সৰল মৰমসনা চাৱনিৰে সি কিবা সন্ধান কৰে…..এয়া মেডিকেল কলেজৰ মানসিক ৰোগীৰ ৱাৰ্ড ৷ তেইশ বছৰীয়া মৰম লগা ল’ৰাটোৰ কেচ শ্বিটত তাৰ মানসিক ভাৰসাম্যতা নাই বুলি কোৱা হৈছে …….’Catatonic Schizophrenia’…উস্ একোটা মানৱ জীৱন…..কাৰোবাৰ একান্ত মৰম আৰু যত্নই তাক নোৱাৰিলে হেতেন নে বাৰু তাৰ স্বাভাৱিক ৰূপ  ঘুৰাই আনিব ? মোৰ মনে কয় যে সি ‘Severe Depression’  আৰু দুটামান ‘disorder’ ৰ চিকাৰ ৷ তাক দৰকাৰ আছিল বেলেগ থেৰাপীৰ হে ৷ হয়তো ধৈৰ্য্য সহকাৰে কৰা দীৰ্ঘ কাউন্সেলিংৰ ৷ কিন্ত বিজ্ঞানে যে প্ৰমাণ বিচাৰে ৷ পৃথিৱীখনত সকলো পায় ৷ টকা দি কিনো কিনিব নোৱাৰি ? কিন্ত সচাঁ মৰম আৰু হৃদয়ৰে লোৱা যত্ন জানো কিনিব পাৰি ? কিমান যে দুস্প্ৰাপ্য এই দুবিধ  ৷  পাৰবীন বাবীৰ দৰে অভিনেত্ৰী শেষ হৈ গ’ল ৷ অথচ এমুঠি মৰমে জীয়াই ৰাখিলেহেঁতেন পাৰবীন বেবীকো …..মইয়ো যদি দাদাক লগ নেপালো হয়, আজি মই মেডিকেল কলেজত নহৈ ক’ত থাকিলো হয় ? নাই নাই মই কি ভাবিছো এইবোৰ ৷ আজি তাৰ ‘Electroconvulsive Therapy’ বা সাধাৰণ ভাষাৰে মানসিক ৰোগীক দিয়া কাৰেণ্টৰ শ্বক্ -অৰ প্ৰথমটো তাৰিখ ৷ প্ৰয়োজনীয় সকলোবোৰ পৰীক্ষা তাক কৰা হৈ গ’ল ৷ ৱাৰ্ড বয় এজনে এখন হুইলচেয়াৰত তাক নিৰ্দিষ্ট ৰূমটোলৈ লৈ আনিলে ৷  ‘Theopental’ পদ্ধতিৰে কম সময়ৰ এনাস্থেচিয়াৰ  ব্যৱস্থা কৰা হ’ল ৷ মাংস পেশীৰ সংকোচন নহ’বলৈ ‘Suxamethonium’ দিয়া হ’ল ৷ শেষত Attropine দি ওখ বিচনা খনৰ নিৰ্দিষ্ট বেল্টবোৰেৰে তাক বান্ধি পেলোৱা হ’ল ৷ টিমটোত প্ৰফেছৰ শ্ৰীবাস্তৱ ছাৰৰ সৈতে মই থাকিব লগা হৈছিল ৷ এইবোৰ চিকিৎসা সাধাৰণতে ৰাতিপুৱাৰ ভাগত কৰাৰ দৰে সেইদিনাও ৰাতিপুৱাভাগতে কৰিবলৈ আগ বঢ়া হ’ল ৷ ‘ECT’ মেচিনটোৰ কপাট দুটা তাৰ কপালৰ সেই সুনিৰ্দিষ্ট ঠাইত লগাই থোৱা হ’ল ৷ সকলো সাজু ৷ প্ৰফেছৰ শ্ৰীবাস্তৱে থামছআপ কৰাৰ লগে লগেই প্ৰায় ৭০ ভল্টৰ বিজুলী তাৰ মগজুৰে কেইটামান চেকেণ্ডৰ বাবে দৌৰি গ’ল ৷ এক-দুই-তিনি …ছয় চেকেণ্ড সৰ্বাধিক ৷ আনহাতে বিজুলীৰ পৰিমাণ ১২০ ভল্টতকৈ বেছি হ’ব নোৱাৰে ৷ পাখী ভঙা চৰাইটোৰ দৰে সি ধপধপাই উঠিল ৷ কেইবাজনো লোকে তাক হেচুকি ধৰি থাকিল ৷ ধপধপাই ধপধপাই ল’ৰাটো শান্ত পৰিল ৷ তাৰ শৰীৰত আৰু প্ৰতিৰোধ কৰিব পৰা কোনো শক্তি নাছিল ৷ ৱাৰ্ড বয় কেইজনে ধৰাধৰিকৈ লাহেকৈ তাক তাৰ পৰা উঠাই চাপৰ বিচনা খনত শুৱাই দিলে ৷ এটা সময়ত সি সাৰ পালে ৷ কিন্ত কিবা ক’ব পৰা বা কৰিব পৰা একোৱেই নাছিল তাৰ…..সি যেন এটা জীৱন্ত মৃতদেহ…..মোৰ বাবেও এয়া নতুন অভিজ্ঞতাই আছিল ৷ মই তেতিয়াও ভাবি আছিলো যে তাক হয়তো কাউন্সেলিং আৰু ঔষধ দিয়েই ভাল কৰিব পৰা যাব ৷ এয়া মোৰ হৃদয়ৰ ভাৱ হে আছিল ৷ কিন্ত ইয়াৰ একো বৈজ্ঞানিক আধাৰ নাছিল……
পিছদিনা তাৰ দেউতাক আহিছিল ৷ মই বহুৱাই লৈ ল’ৰাজনৰ বিষয়ে খুচৰি খুচৰি বহুত কথা সুধিছিলো ৷ একেবাৰেই সৰু কালৰে পৰাই ৷ অৱশেষত মোৰ মনটো এটা পইন্টত ৰৈ গৈছিল ৷ তাৰ ঘৰৰ একেবাৰে কাষৰ মানুহ ঘৰৰ ছোৱালী জনী ৷ তাৰ সমনীয়া ৷ বুজ-জ্ঞান হোৱাৰ আগৰে পৰাই প্ৰাণভৰি ভাল পাইছিল তাইক সি ৷ এক মুহূৰ্তও যেন এৰি নিদিব ৷ শৈশৱৰ প্ৰাণৰ সখী যৌৱনত তাৰ প্ৰেয়সী হৈ উঠিল ৷ পিছে বিধিয়ে অলপ বেলেগাই লিখি থৈছিল তাৰ ভৱিষ্যত ৷ কিবা এটা টান অসুখত পৰি ছোৱালীজনীৰ হঠাতে মৃত্যু হ’ল ৷ তাৰ পিছত সি  উন্মাদ হৈ উঠিল ৷ বিশ্বাস নকৰে যে তাই আৰু নাই ৷ চিঞৰি চিঞৰি ছোৱালী জনীক মতা আৰু ঘৰৰ বস্তু ভঙা তাৰ নিয়মিত কাণ্ড-কাৰখানা হৈ পৰিল ৷ তাৰ কেচ শ্বিটৰ ক’তো এইবোৰ উল্লেখ নাছিল ৷ মই বুজি গৈছিলো মই কি কৰিব লাগিব ৷ তাৰপিছদিনা এপাহ সতেজ ৰঙা গোলাপ ফুল লৈ পুৱাতেই তাৰ কাষত থিয় হ’লো ৷ লাহেকৈ তাৰ হাতখন আনি ফুলপাহ তাৰ হাতত দিলো ৷ ক’ব নোৱাৰাকৈ সেই মুহুৰ্তত মোৰ ভিতৰৰ মাতৃৰূপী নাৰী জনীৰ মমতাই সাৰ পাই উঠিছিল ৷ সি যেন মোৰ ৰোগী নহয় মোৰ সন্তান হে ৷ সি চকুহাল বহলাই মেলি মোলৈ চাই থাকিল ৷ বোধকৰো ভয় খাইছিল ৷ পিছদিনা আকৌ সেই একে কামৰ পুণৰাবৃত্তি ৷ ৰঙা গোলাপ এপাহ লৈ তাৰ কাষত থিয় হওঁ ৷ কেইবাদিনো পাৰ হ’ল। এদিন সি লেবালেবিকৈ সুধিলে — “তুমি বাৰু শীতু হয় নে ” (তাৰ হিয়াৰ আমঠু ভালপোৱা মৃত ছোৱালীজনীৰ নাম শীতল আছিল যাক সি মৰমতে শীতু বুলি মাতিছিল ) ৷ মই তাক ক’লো –“ আৰে মোক দেখোন এই ফুলপাহ শীতুৱেই দি পঠাইছে তোমাৰ বাবে ” সি সুধিলে –“সচাঁই নে ? ” মই একো নকৈ মমতাৰে চাই থাকিলো ৷ সি ক’লে –“বহুত ভাল পাওঁ”….খবৰ কৰিবলৈ অহা দেউতাকক সি এবাকচ চকলেট আনি দিবলৈ ক’লে ৷ মই কোৱাত দেউতাকে তাক চকলেট আনি দিলেহি ৷ এতিয়া কথাটো এনে হৈ পৰিল যে মই তাক ৰঙা গোলাপ এপাহ দিওঁ আৰু সি মোক এটা চকলেট দিয়ে ৷ সুস্থতাৰ দিশত এয়া তাৰ প্ৰথম খোজ আছিল ৷  তাক মই যথেষ্ট সময় দি কাউন্সেলিং কৰিবলৈ ধৰিলো ৷ প্ৰফেছৰ শ্ৰীবাস্তৱে মোক কেইবাদিনো কৈছিল –“লাভ নাই সুকি (ছাৰে মোক মৰমতে সুকি বুলি মাতিছিল) ৷ সি এইবোৰ পৰ্যায় ইতিমধ্যে পাৰ কৰিছে ৷” —“ছাৰ মোক এটা লাষ্ট চান্স দিয়ক” —মই অনুৰোধ কৰিছিলো ৷ “ঠিক হে তেৰী মৰ্জি ” বুলি কৈ ছাৰ আঁতৰি গৈছিল ৷ লাহে লাহে তাক ৱাৰ্ড বয় এজনৰ হতুৱাই  হুইলচেয়াৰখনত বহুৱাই সন্মুখৰ ফুলনি খনলৈ নি  ফুলবোৰ দেখুৱাও ৷ আকাশ খন, ঘাহঁনি ডৰা আৰু চৰাইবোৰ চাবলৈ দিওঁ ৷ মই বিচাৰিছিলো সি পৃথিৱীখনক ভাল পাওঁক ৷ পৃথিৱীখনক ভাল পালে সি জীয়াই থাকিব খুজিব ৷ জীয়াই থাকিব খুজিলে তাৰ প্ৰবল আত্ম-শক্তিৰ জন্ম হ’ব ৷ এনেকৈ সুুস্থ হোৱাৰ পথৰে সি আগবাঢ়িব  ৷ কোৱা বাহুল্য যে তাৰ আনবোৰ চিকিৎসা চলি থাকিলেও তাৰ পৰিমাণ কমাই পেলোৱা হৈছিল ৷ কাৰণ ল’ৰাটো সুস্থতাৰ দিশেৰে অনুমান কৰাতকৈ বেছি বেগেৰে আগবাঢ়িছিল ৷ এদিন সি কথা ক’ব পৰা হ’ল ৷ হাঁহিব পৰা হ’ল ৷ উৰি যোৱা চৰাইবোৰ মোক দেখুৱাব পৰা হ’ল ৷ দুমাহমানৰ পিছত ঘৰৰ মানুহে তাক লৈ যাবলৈ আহিল ৷ সুস্থ হৈ উঠা ল’ৰাটোক হস্পিতালৰ পৰা  ডিচাৰ্জ কৰা হৈছিল সিদিনা ৷ সি মোক এৰি যাবই খোজা নাছিল ৷ মোৰ মনটো এই কাৰণেই ভাল লাগিছিল যে মই মোৰ হৃদয়ৰে অনুভৱ কৰা কাম এটাত সফল হৈছিলো ৷ ল’ৰাটোৰ দেউতাকে মোৰ ভৰি চুই সেৱা কৰিব খুজিছিল ৷ মই জোৰকৈ বাধা দিছিলো ৷ সজল চকুৰে তেওঁ মাথো কৈছিল –“মোৰ ল’ৰাটোক আপুনি নতুন জন্ম দিলে ৷”
••••••••••••মহাবাহু••••••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!