এমিবায়’ছিছ, এমিবিক ডিচেণ্ট্ৰী, গ্ৰহণী বা একেবাৰে নামনি অসমৰ আমাশা

ডাঃ হেমন্ত কুমাৰ নাথ

এই ৰোগবিধ (যি নামেৰে জনা নাযাওক কিয়) এণ্টমিবা হিষ্ট’লাইটিকা বা তেনে গ্ৰুপৰ পৰজীৱী এমিবাৰ দ্বাৰা হয়। এই বীজাণু মূলত: মানুহে খোৱা খাদ্যদ্রব্যৰ লগত মুখেৰে পেটৰ ভিতৰলৈ গৈ বংশবৃদ্ধি হৈ কেতিয়াবা পেটৰ বিষ, অতিসাৰ (ডায়েৰিয়া), ৰক্তাতিসাৰ (তেজ হাগনি), জ্বৰ, শৌচৰ লগত শাঁও পৰা আদি একক বা মিশ্রিত লক্ষণযুক্ত ৰোগৰ সৃষ্টি কৰে। অতিমাত্রা হ’লে ই খাদ্যনলীৰ ভিতৰৰ কলা বা কোষৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে বা খাদ্যনলী ফুটাই পেলাই ৰোগীক মৃত্যুমুখত পেলাব পাৰে। বহুদিন ধৰি ভোগা ৰোগীৰ ৰক্তাল্পতা হব পাৰে। খাদ্যনলীৰ বাহিৰেও যকৃতক আক্ৰমণ কৰি যকৃতৰ পচন ঘটাব পাৰে।

কিদৰে বিয়পে :- 

আক্রান্ত ব্যক্তিৰ শৌচৰ লগত এইবিধ বীজাণু ওলাই আহি মাটি-পানী আদিৰ সংস্পৰ্শলৈ আহি দূষিত কৰি পেলায়। পিছত খাদ্যদ্রব্যৰ লগত বা খোৱাপানীৰ মাধ্যমেদি ভাল মানুহৰ পেটলৈ গ’লে তাত বংশবৃদ্ধি হয় আৰু সংক্রমণ ঘটায়। উল্লেখ্য যে শৌচৰ লগত ওলাই মাটিৰ লগত মিহলি হৈ ই প্রায় এমাহ পৰ্যন্ত জীৱিত অৱস্থাত থাকিব পাৰে। আকৌ আক্রান্ত ব্যক্তিৰ নখতো প্রায় ৪৫ মিনিটলৈ জীৱিত থাকিব পাৰে। যদি আক্রান্ত ব্যক্তিয়ে শৌচ কৰাৰ পিছত ভালকৈ হাত নোধোৱাকৈ ৰন্ধা-বঢ়া, ফল-মূল, চালাড্ আদি কটা কাম কৰে তেন্তে সেই মাধ্যমেদি আন এজনৰ দেহলৈ বীজাণু বিয়পিব পাৰে। কেতিয়াবা মাখিয়েও আক্ৰান্ত ব্যক্তিৰ শৌচৰপৰা বীজাণু কঢ়িয়াই খাদ্যবস্তুৰ সংস্পৰ্শলৈ আনি দূষিত কৰিব পাৰে।

কিদৰে হাত সাৰি থাকিব পাৰি :-

১. বাহিৰত ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত –

* কোম্পানীৰ ছীল থকা নুখুলা বটলৰ বীজাণুমুক্ত পানী (মিনাৰেল ৱাটাৰ) হে খাব। কেতিয়াও টেপৰ পানী নাখাব।

* ৰাস্তাত মুকলিকৈ বিক্ৰী কৰা ফলৰ ৰস বা পানীয় আদি নাখাব।

* পানীয়ৰ লগত খোলাকৈ পোৱা বৰফৰ টুকুৰা মিহলাই লৈ নাখাব; কিয়নো বৰফৰ টুকুৰাটো বীজাণুমুক্ত পানীৰে প্ৰস্তুত নকৰিবও পাৰে।

* চাবোনেৰে হাত নোধোৱাকৈ কোনো খাদ্যবস্তু স্পৰ্শ নকৰিব।

* কেবল পৰিষ্কাৰ বীজাণুমুক্ত পানীৰে ভালদৰে ধোৱাৰ পাছতহে ফল-মূল, শাক-পাচলি খাব। নিজে বাকলি গুচোৱা ফল বা পাচলিহে খাব। এইক্ষেত্ৰত ফল বা পাচলিখিনি দূষিত পানীৰ সংস্পৰ্শলৈ অহা নাই বুলি নিশ্চিত হৈ ল’ব।

* বাহিৰত চালাড্, আইচক্ৰীম, কণী আদি নাখাব, কাৰণ এইবোৰ দূষিত পানীৰে ধোৱা, বনোৱা বা ৰন্ধা হ’ব পাৰে।

* পাণ-দোকানৰপৰা তামোল-পাণ খাওঁতেও সাৱধান হ’ব, কাৰণ পাণখিনি পৰিষ্কাৰ পানীৰে নুধুবও পাৰে।

* অপৰিষ্কাৰ হোটেলত খোৱা-বোৱা কৰিলে থালত লাগি থকা পানী বা খোৱাপানীয়েদি বীজাণু আপোনাৰ পেটলৈ যাব পাৰে; গতিকে সাৱধান হ’ব।

* বাহিৰত পেষ্টুৰাইজড্ নকৰা গাখীৰ আৰু তাৰদ্বাৰা উৎপাদিত সামগ্ৰী নাখাব।

২. ঘৰৰ খোৱাপানীৰ উৎস, যেনে – দমকল, কুঁৱা আদি সদায় শৌচাগাৰৰ টেংকিৰপৰা বা ঘৰত ব্যৱহৃত লেতেৰা পানী জমা হোৱা ঠাইৰপৰা অন্তত: ৫০ ফুট আঁতৰত থাকিব লাগে।

৩. খোৱাবস্তু সদায় ঢাকি ৰাখিব লাগে যাতে মাখি ইয়াৰ সংস্পৰ্শলৈ আহিব নোৱাৰে।

৪. ফল-মূল, শাক-পাচলি আদি সদায় পৰিষ্কাৰ আৰু শুকান ঠাইত ৰাখিব লাগে।

৫. ঘৰৰ স্নানাগাৰ আৰু শৌচাগাৰ সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে; পাৰিলে গৰম পানীৰে ধুই দিব লাগে।

৬. শৌচ কৰাৰ পাছত সদায় চাবোনেৰে হাত দুখন ভালদৰে ধুব লাগে; লগতে নখবোৰ পৰিষ্কাৰ হৈছে নে নাই ভালদৰে চাই ল’ব লাগে। হাত ধোৱাৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিহে হাত ধুব লাগে।

৭. হাত মচোতে সদায় নিজৰ টাৱেল ব্যৱহাৰ কৰিব লাগে।

৮. ঘৰত খোৱাপানী উতলাই বা উপযুক্ত ফিল্টাৰেৰে ফিল্টাৰ কৰি খাব লাগে। পানী প্রায় ২০ মিনিটলৈ উতলি থাকিলেহে সম্পূৰ্ণ বীজাণুমুক্ত হয়।

৯. সদায় সম্পূৰ্ণ স্বাস্থ্যসন্মত শৌচাগাৰ তথা আবৰ্জনা নিষ্কাসনৰ বৈজ্ঞানিক প্ৰণালী ব্যৱহাৰ কৰিলেহে এই ৰোগৰপৰা হাত সাৰি থাকিব পাৰি।

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close