এন. ফ্ৰেংক নামৰ সেই ছোৱালীজনীৰ কাহিনী 

ডা° সুকৃতি চৌধুৰী

এটি ভৱন। ভৱন নহয় যেন পবিত্ৰ তীৰ্থস্থান। প্ৰতিদিনে বিশ্বৰ বিভিন্ন দেশৰ জাতি ধৰ্ম  বৰ্ণ নিৰ্বিশেষে হাজাৰ হাজাৰ লোকে ইয়ালৈ ঢাপলি মেলে । এই তীৰ্থস্থানত ভৰি ৰাখিলেই যেন এক কৰুণ আৰ্তনাদে হিয়া বিদীৰ্ণ কৰে,  “——মই দেখিব পাইছোঁ পৃথিৱীখন কেনেকৈ লাহে লাহে মৰুভূমিত পৰিণত হ’ব ধৰিছে, মই নিৰ্মম বজ্ৰধ্বনি শুনিব পাইছোঁ, মোক নিঃশেষ কৰাৰ বাবে তেওঁলোকে গাড়ীয়ে গাড়ীয়ে আগুৱাই আহিছে। মই শত শত মানৱৰ বেদনা অনুভৱ কৰিব পাৰিছোঁ। তথাপি মই যেতিয়া আকাশৰ পিনে দৃষ্টি নিক্ষেপ কৰোঁ তেতিয়াই মোৰ মনত ভাৱ হয় যে পুনৰ সকলোবিলাক সুন্দৰ হৈ উঠিব। এই নিষ্ঠুৰতাৰ অৱসান হ’ব, পৃথিৱীত আকৌ শান্তিয়ে বিৰাজ কৰিব।”
          ওপৰৰ উৰ্দ্ধকমাৰ’ ভিতৰৰ কথাখিনি বিশ্বৰ  কোনো মহান দাৰ্শনিক কিম্বা মহাপুৰুষৰ বাণী যেন নেলাগেনে বাৰু ? কিন্তু পিছত যেতিয়া গম পোৱা যায় যে মাত্ৰ তেৰ বছৰ পাৰহৈ চৈধ্য বছৰত ভৰি থোৱা এজনী ছোৱালীয়ে উক্ত কথাখিনি তাইৰ ডায়েৰীত লিপিবদ্ধ কৰিছিল তেতিয়া বাৰু আপোনাৰ মনোভাৱ কি হ’ব? ছোৱালীজনীৰ বিষয়ে অধিক জানিবলৈ আপোনাৰ মন নাযাব নে  ?  কোন বাৰু সেই ছোৱালীজনী?এনে কি কথা ছোৱালীজনীৰ লগত জড়িত হৈ আছে যাৰ বিষয়ে জনাৰ পিছত প্ৰতিজন হৃদয়বান লোকৰ মন বিষাদেৰে ভৰি উঠে ? সেই অকনমানি ছোৱালীজনী আন কোনো নহয়,তাইৰ নামেই আছিল এনালিচা মাৰিয়া ফ্ৰেংক, যিজনীয়ে আজি সমগ্ৰ বিশ্বত ছোৱালীজনীৰ সংক্ষিপ্ত নাম এন ফ্ৰেংক নামেৰে জনাজাত।
          হয়। মই এন ফ্ৰেংকৰ কথাই কৈছোঁ। এটি সভ্ৰান্ত ইহুদী পৰিয়ালত ১৯২৯ চনৰ ১২ জুনত জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট চহৰত এন ফ্ৰেংকৰ জন্ম। তাইৰ দেউতাকৰ নাম আছিল অ’টো ফ্ৰেংক।জন্মসূত্ৰে তেওঁ আছিল ৰাইন ভূমিৰ প্ৰাচীন ইহুদী সম্প্ৰদায়ভুক্ত।  দেউতাকৰ উপৰিও মাক এডিথ আৰু বায়েক মাৰ্গোটৰে সৈতে মুঠ চাৰিজনীয়া পৰিয়ালটিয়ে সুখে শান্তিৰে দিন অতিবাহিত কৰি গৈছিল। কিন্তু সেই সুখী পৰিয়ালটোলৈ আকস্মিকভাবে নামি আহিছিল এটুকুৰা কলীয়া ডাৱৰ।
          ১৯৩৩ চনত হিটলাৰৰ নেতৃত্বত নাজীদলে জাৰ্মানীৰ ৰাজনৈতিক ক্ষমতাত অধিষ্ঠিত হয়। লগে লগে জাৰ্মানীত আৰম্ভ হয় ইতিহাসত কোনোদিনে মচিব নোৱাৰা এক ক’লা অধ্যায়ৰ।জাৰ্মানী হৈ উঠে মানৱতাক কলংকিত কৰা এক বধ্যভূমিত। হিটলাৰৰ প্ৰচণ্ড ইহুদী বিদ্বেষৰ ফলত জাৰ্মানীত বসবাস কৰা ইহুদী লোকসকলৰ জীৱনলৈ নামি আহিল কাল অমানিশা। বিভিন্ন ধৰণৰ ক’লা আইনবোৰ ইহুদী সকলৰ ওপৰত জাপি দিয়া হ’ল। চলিল তেওঁলোকৰ বিৰুদ্ধে অমানুষিক সন্ত্ৰাসবাদী কামকাজ সমূহ। ইহুদী নিধন যজ্ঞ আৰম্ভ কৰিবলৈ দিশে দিশে কনচেনট্ৰেচন কেম্প সমুহ গঢ়ি তোলা হ’ল। গেষ্টাপো বাহিনীৰ চলিল ইহুদী নিধন যজ্ঞৰ তৎপৰতা। প্ৰাণ বচাবলৈ বহু ইহুদীয়ে লুকাই পলাই জাৰ্মানী ত্যাগ কৰে। তেওঁলোকৰ বেছিভাগেই যায় আমেৰিকাৰ যুক্তৰাষ্ট্ৰলৈ। আনকি যিজন বিজ্ঞানীক পৃথিবীৰ ্শ্লেষ্ঠতম বিজ্ঞানী বোলা হয় সেই আইনষ্টেইনেও জাৰ্মানী ত্যাগ কৰি আমেৰিকাৰ যুক্তৰাষ্ট্ৰত আশ্ৰয় লয়।তেনেকুৱা এটা ভয়াৰ্ত পৰিবেশৰ কাৰণেই অ’টো ফ্ৰেংকেও ১৯৩৩ চনত পৰিয়াল সহ জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট চহৰ এৰি নেদাৰলেণ্ডৰ ৰাজধানী আমষ্টাৰডামলৈ গুচি আহে। সেই সময়ত তেওঁৰ সৰুজনী ছোৱালী এন ফ্ৰেংকৰ বয়স আছিল মাথোঁ চাৰি বছৰ। ফ্ৰেংকফুৰ্টত থাকোতে অ’টো ফ্ৰেংকৰ আৰ্থিক অৱস্থা বেছ স্বচ্ছল আছিল।তেওঁ আছিল বেংক ব্যৱসায়ী। আমষ্টাৰডামলৈ আহি তেওঁ এটা মচলা পাতিৰ সৰুসুৰা কাৰবাৰ কৰি কোনোমতে তেওঁৰ চাৰিজনীয়া পৰিয়ালটো চলাই যায়। আৰ্থিক অনাটন সত্বেও তেওঁ তেওঁৰ দুয়োজনী ছোৱালীকে সুশিক্ষিত কৰি তুধিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি যায়। ১৯৩৫ চনত তেওঁৰ সৰু ছোৱালী এন ফ্ৰেংকক এখন ভাল স্কুলত নাম ভৰ্তি কৰাই দিয়ে।
          কিন্তু  আমষ্টাৰডামতো অ’টো ফ্ৰেংকৰ পৰিয়ালটোৱে শান্তিৰে থাকিব নোৱাৰিলে। ১৯৪০ চনৰ ১০ মে’ত হিটলাৰৰ নাজী বাহিনীয়ে নেদাৰলেণ্ড অধিকাৰ কৰে। তাতো জাপি দিয়া হ’ল নাজীদলৰ বীভৎস ক’লা আইনবোৰ। নামি আহিল ইহুদী সকলৰ জীৱনলৈ চৰম নিৰ্যাতন। এনেকুৱা অৱস্থাত পৰিয়েই অ’টো ফ্ৰেংকে সপৰিয়ালে  আত্মগোপণৰ সিদ্ধান্ত লয়। কিয়নো সীমান্তত থকা নাজী প্ৰহৰীৰ চকুত ধূলি দি তেতিয়া আৰু অন্য দেশলৈ পলাই যোৱা সম্ভৱ নাছিল। আত্মগোপণ কৰাৰ বাবে অ’টো ফ্ৰেংকে বাচি ললে আমষ্টাৰডামৰ ওৱেষ্টাৰ টোৰেণৰ গাতে লাগি থকা প্ৰিনচেনগ্ৰাট পথৰ ২৬৩ নম্বৰ ঘৰটোৰ ওপৰ তলাটি । সেই ঘৰটো আছিল অ’টো ফ্ৰেংকৰ ব্যৱসায় সংক্ৰান্ত অফিচ ঘৰ।ঘৰটো সজোৱা হৈছিল অন্য ধৰণে। ঘৰটো সম্মুখ আৰু পিছৰ দুটা অংশত বিভক্ত আছিল। ঘৰটোৰ পিছৰ অংশটো বহু বছৰ পিছতহে নিৰ্মাণ হৈছিল। ঘৰটোৰ কাষতে স্ফটিকৰ দৰে স্বচ্ছ জলৰাশি ধৰি ৰাখিবলৈ খন্দা এটি  জলধাৰা । এই ঘৰটোৰে পিছৰ অংশটোৰ ওপৰত থকা সৰু কোঠাকেইটাতে আত্মগোপণ কৰি থাকিবলৈ অ’টো ফ্ৰেংকে সিদ্ধান্ত লয়। বাহিৰৰ কোনো লোকেই যাতে ঘৰটোৰ আত্মগোপণ কৰি থকা অংশটিৰ সম্ভেদ নাপায় তাৰ বাবে অ’টো ফ্ৰেংকে এখন গোপন দুৱাৰ তৈয়াৰ কৰি লয়। এই গোপন দুৱাৰখন তৈয়াৰ কৰা হৈছিল অ’টো ফ্ৰেংকৰ ব্যৱসায় সংক্ৰান্তীয় কাগজ পত্ৰ ৰখা এটি চেলফ্ ৰ  সহায়ত। যিকোনো বাহিৰা মানুহ ঘৰটোত সোমালে ভাবিব যে ঘৰটো সিমানতে শেষ।আত্মগোপণ কৰা ঘৰটোৰ এই পিছৰ অংশটোকে এন ফ্ৰেংকে তাইৰ ডায়েৰীত  “আকটাৰ হিউজ” নামেৰে লিপিবদ্ধ কৰিছিল। প্ৰয়োজনীয় জিনিচ পত্ৰৰে ১৯৪২ চনৰ ৫ জুলাইৰ দিনা ৰাতিৰ অন্ধকাৰত ফ্ৰেংক পৰিয়ালটোৱে ঘৰটোত প্ৰৱেশ কৰে। তাৰ পিছতেই বাহিৰা জগতখনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ছিন্ন হৈ যায়। অ’টো ফ্ৰেংকৰ ব্যৱসায়ৰ অংশীদাৰ ভেনডাম পৰিয়ালেও তেওঁলোকৰ ১৭ বছৰীযা পুত্ৰৰ সৈতে আহি সেই গোপন ঘৰটোত আশ্ৰয় লয়। ইয়াৰোপৰি কিছুদিন পিছত এজন ইহুদী দন্ত চিকিৎসকেও তালৈ আহি থাকিবলৈ লয়।এনেকৈয়ে মুঠ আঠজন লোকে দুবছৰ আৰু পয়ত্ৰিশ দিন অবৰ্ণনীয় দুখকষ্টৰ মাজত দিন কটাই গৈছিল। তেওঁলোকে আত্মগোপণ কৰি থকা সময়চোৱাত অ’টো ফ্ৰেংকৰ অতি বিশ্বস্ত চাৰিজন কৰ্মচাৰীৰ বাহিৰে অন্য কোনেও তাৰ ভূ পোৱা নাছিল। এওঁলোকৰ মাজৰে মিপ আৰু এলি নামৰ দুজনী পৰিচাৰিকাই অতি সতৰ্কতাৰে প্ৰয়োজনীয় খাদ্যসম্ভৰ আৰু কিছু পত্ৰ-পত্ৰিকাৰ যোগান ধৰি যায়। এনেকুৱা এক পৰিৱেশতে মৃত্যুৰ কঢ়াল ছায়াই প্ৰতি মূহুৰ্তে খেদি ফুৰা আঠজন ইহুদীলোকে পাৰ কৰি গৈছিল তেওঁলোকৰ জীৱনৰ এটি এটি দিন। দিনটো পাৰ কৰিছিল কোনো ধৰনৰ সাৰসুৰ নোহোৱাকৈ। ৰাতিৰ ভিতৰতে কৰি গৈছিল দৈনন্দিন কামকাজ সমূহ। এই অবৰ্ণনীয় ভয়াবহ পৰিস্থিতিতো এন ফ্ৰেংকে লেখি গৈছিল তাইৰ ডায়েৰীখন। এই ডায়েৰীখন এন ফ্ৰেংকে তাইৰ তেৰ বছৰীয়া জন্মদিন উপলক্ষ্যে দেউতাকে দিয়া উপহাৰ হিচাপে পাইছিল।আত্মগোপণ কৰিবলৈ লোৱাৰ মাত্ৰ কেইদিনমান আগতেহে অৰ্থাৎ ১৯৪২ চনৰ ১৪ জুনৰ পৰাহে এন ফ্ৰেংকে ডায়েৰী লিখিবলৈ লৈছিল। আত্মগোপণ কৰি থকা সময়ত দুমাহ পাৰ হওঁতেই তাইৰ ডায়েৰীৰ পৃষ্ঠাসমুহ ভৰি গ’ল। ইয়াৰ পিছত তাই অন্য নোটবহী আৰু কিছুমান কাগজৰ টুকুৰাত একেলেথাৰিয়ে লেখি যায় তাইৰ মনৰ ভাৱ। কিন্তু দুবছৰ আৰু পয়ত্ৰিশ দিন অতিবাহিত হোৱাত হথাতে তাইৰ আৰু আত্মগোপণ কৰি থকা অন্য সাতজন লোকলৈ নামি আহিল ঘোৰ অমানিশা। স্তব্ধ হৈ যায় এন ফ্ৰেংকৰ ডায়েৰী লেখা কলমটো।
          সেয়া ১৯৪৪ চনৰ আগষ্ট মাহৰ ৪ তাৰিখ। হথাৎ এজন জাৰ্মান পুলিচ আৰু চাৰিজন প্ৰহৰী  ধুমুহাৰ গতিত আকটাৰ হিউছৰ ওপৰৰ সেই কোঠাবোৰত প্ৰৱেশ কৰে আৰু প্ৰথমেই তেওঁলোকৰ টকা পইচা আৰু অলংকাৰ আদিৰ কথা সোধে। কিন্তু তেওঁলোকৰ লগত যৎসামান্য অলংকাৰৰ বাহিৰে আন একো নাপালে ।এজন প্ৰহৰীয়ে হথাতে এটি বেগ দেখা পায়। সেই বেগটো আছিল এন ফ্ৰেংকৰ। প্ৰহৰীয়ে বেগটো জোকাৰি দিয়াত তাৰ পৰা এন ফ্ৰেংকৰ ডায়েৰীখনৰ লগতে নোটবহী আৰু ডায়েৰীৰ পৃষ্ঠাৰ পৰা এৰুৱাই যোৱা কেইখিলামান পৃষ্ঠা মজিয়াত সিচৰিত হৈ পৰে। সেইবোৰ অলাগতিয়াল কাগজ পত্ৰ বুলি ভাবি প্ৰহৰীয়ে গুৰুত্ব নিদিলে। তাৰ পিছত আত্মগোপণ কৰি থকা আঠজন বাসিন্দাকে ধৰি লৈ যায়। ইমান সুৰক্ষিত ভাৱে আত্মগোপণ কৰি থকা লোককেইজনৰ ঠিকনাটো জাৰ্মান প্ৰহৰীয়ে কেনেকৈ পাইছিল সেইটো আজিলৈকে ৰহস্য হৈয়ে থাকিল।
          ১৯৪৪ চনৰ চেপ্তেম্বৰৰ আৰম্ভণিতে ওৱেষ্টব্ৰোকৰ পৰা এখন মালবাহী ৰে’লত  আঠোজন আত্মগোপণকাৰী সহ অন্যান্য বহু ইহুদীলোকক দক্ষিণ পোলেণ্ডৰ কুখ্যাত মৃত্যুপুৰী অচউইটজলৈ লৈ যোৱা হ’ল। ইহুদীসকলক মৃত্যুপুৰীলৈ লৈ যোৱাৰ সেইটোৱে আছিল শেষ দল।
          অচউইটজ কনচেনট্ৰেচন কেম্পত এনেদৰে আকস্মিক ভাৱে অ’টো ফ্ৰেংকক তেওঁৰ পৰিবাৰ আৰু ছোৱালী দুজনীৰ পৰা বিচ্ছিন্ন কৰা হ’ল যে তেওঁলোকে পৰস্পৰে পৰস্পৰৰ পৰা বিদায় লোৱাৰ সুযোগেই নাপালে । এন ফ্ৰেংক, তাইৰ মাক আৰু বায়েক মাৰ্গোটক অচউইটজৰ মহিলা কেম্পত ৰখা হৈছিল। অতিৰিক্ত শ্ৰমৰ ফলত এন ফ্ৰেংকৰ মাকৰ তাতেই মৃত্যু হয়। হিটলাৰ বাহিনীয়ে যিমানবিলাক কনচেনট্ৰেচন কেম্প তৈয়াৰ কৰিছিল তাৰ ভিতৰত অচউইটজ কেম্পৰ মৃত্যুৰ সংখ্যাই সৰ্বাধিক আছিল। ষাঠি লাখ নিহত ইহুদীৰ প্ৰায় কুৰি লাখ এই কেম্পৰে আছিল। ১৮৪৪ চনৰ শেষৰপিনে এন ফ্ৰেংক আৰু তাইৰ বায়েক মাৰ্গোটক বাৰ্লিন আৰু হামবাৰ্খৰ মাজৰ বাৰ্গেন ৱেলচন নামে অন্য এটি কনচেনট্ৰেচন কেম্পলৈ স্থানান্তৰিত কৰে। এই কেম্পতে এন ফ্ৰেংকে তাইৰ এক পুৰণি বন্ধুক দেখা পায়। কেশহীন মাথাৰে, কংকালসাৰ দেহেৰে, ক্ষুধা, তৃঞ্চা আৰু শীতেৰে  মৃত্যুপুৰীৰ পোছাক পৰিহিত তাইৰ সেই পুৰণি বন্ধু আছিল সীমাহীন দুখেৰে জৰ্জৰিত । বাৰ্গেন ৱেলচেন কনচেনট্ৰেচন কেম্পতে ১৯৪৫ চনৰ মাৰ্চ মাহৰ আৰম্ভণিতে ক্ষুধা জৰ্জৰিত দেহত টাইফয়েদ ৰোগে আক্ৰমণ কৰাত এন ফ্ৰেংক নামৰ সেই মৰমলগা, শান্ত সমাহিত ছোৱালীজনীয়ে এই নিষ্ঠুৰ পৃথিৱীৰ পৰা চিৰদিনলৈ বিদায় মাগে।এন ফ্ৰেংকৰ মৃত্যুৰ কিছুদিন আগেয়ে তাইৰ বায়েক মাৰ্গোটৰো টাইফয়েদ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল।বায়েকৰ মৃত্যুত এন ফ্ৰেংকক মৰ্মান্তিক আঘাটে ক্ষতবিক্ষত কৰিছিল। দুয়ো বায়েক ভনীয়েকক একে ঠাইতে সমাধিস্থ কৰা হয়।
          এন ফ্ৰেংকৰ মৃত্যুৰ মাত্ৰ দুমাহৰ ভিতৰতে এই বিশ্বৰ জঘন্যতম নৰমেধ যজ্ঞৰ প্ৰধান হোতা স্বয়ং হিটলাৰে আত্মহত্যা কৰি এই পৃথিৱীৰ পৰা আঁতৰি যায়  হিটলাৰৰ মৃত্যুৰ পিছত নাজীবাহিনীয়ে দখল কৰা দেশ সমূহ এখন এখনকৈ মুক্ত হয়।
          অচউইটজ কেম্পত অটো ফ্ৰেংক আশ্চৰ্য্যজনক ভাৱে বাচি যায়। ১৯৪৫ চনৰ প্ৰথম ভাগতেই তেওঁ ৰাছিয়ান সকলৰ সাহাৰ্য্যত মুক্তি পায়। মুক্তি পোৱাৰ পিছত গৰমকালি তেওঁ  নেদাৰলেণ্ডৰ আমষ্টাৰডাম চহৰলৈ ফিৰি আহে।তালৈ অহাৰ পিছত তেওঁ তেওঁৰ পৰিবাৰৰ মৃত্যুৰ খবৰ পায়। কিন্ত তেওঁ ভাবিছিল হয়তো তেওঁৰ ছোৱালী দুজনী তেতিয়াও বাচি আছে । কিন্তু ছয় সপ্তাহৰ পিছত তেওঁ গম পায় যে ইতিমধ্যেই তেওঁৰ দুয়োজনী ছোৱালীয়ে এই নিষ্ঠুৰ পৃথিৱীৰ পৰা চিৰদিনলৈ আঁতৰি গৈছে।
          অটো ফ্ৰেংকে আমষ্টাৰডামলৈ ফিৰি অহাৰ সময়তে মিপ নামৰ তেওঁৰ এগৰাকী অতি বিশ্বস্ত পৰিচাৰিকাক লগ পায়। এই পৰিচাৰিকা গৰাকীয়েই অ’টো ফ্ৰেংক পৰিয়ালে আত্মগোপণ কৰি থকা সময়চোৱাত নিজৰ জীৱন বিপন্ন কৰিও তেওঁলোকক নানাধৰণে সহায় কৰি গৈছিল। জাৰ্মান প্ৰহৰীয়ে ফ্ৰেংক পৰিয়াল সহ আন চাৰিজন ইহুদীলোকক ধৰি নিয়াৰ পিছত মিপে আকটাৰ হিউজলৈ আহি এন ফ্ৰেংকৰ ডায়েৰী, অন্য নোটবহী আৰু ডায়েৰীৰ পৰা এৰুৱাই যোৱা পৃষ্ঠাবোৰ মজিয়াত সিচৰিত হৈ পৰি থকা দেখি সেইবিলাক সযতনে উঠাই নি ৰাখি থৈছিল। অ’টো ফ্ৰেংকক লগ পোৱাৰ পিছত মিপে সেইবোৰ তেওঁৰ হাতত অৰ্পণ কৰে। ডায়েৰীখন পোৱাৰ পিছত অ’টো ফ্ৰেংকে বহুদিন ধৰি সেইখন পঢ়ি গৈছিল বাৰ বাৰ।ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো শব্দই তেওঁৰ সমগ্ৰ সত্বাক জোকাৰি যায়। ১৯৪৪ চনৰ ১৩ মে’ত এন ফ্ৰেংকে তাইৰ ডায়েৰীৰ পৃষ্ঠাত লেখা কথাখিনিয়ে অ’টো ফ্ৰেংকক ভবাই তোলে । সেই নিৰ্দিষ্ট পৃষ্ঠাটোত এন ফ্ৰেংকে লেখিছিল,  ” যুদ্ধৰ পিছত যিকোনো প্ৰকাৰে মই মোৰ ডায়েৰী “হেট আকটাৰ হিউছ” নামে প্ৰকাশ কৰিম, আৰু যদি সেইটো সফলো হয় তেতিয়াও কিন্তু এটি প্ৰশ্ন থাকি যাব মোৰ ডায়েৰী কি কোনো কামত লাগিব?”
          অৱশেষত অ’টো ফ্ৰেংকে তেওঁৰ ছোৱালীজনীৰ ডায়েৰীখন ছপাই প্ৰকাশ কৰিবলৈ সিদ্ধান্ত লয়। ওলন্দাজ ভাষাত ” হেট আকটাৰ হিউজ” নামেৰে এন ফ্ৰেংকৰ ডায়েৰীখন পোনপ্ৰথমে ১৯৪৭ চনত প্ৰকাশিত হয় । ইয়াৰ পিছত  ১৯৫২ চনত “দ্যা ডায়েৰী অফ এ ইয়ং গাৰ্ল ” নামেৰে সেইখন ইংৰাজীত প্ৰকাশিত হয়। ডায়েৰীখন প্ৰকাশ হোৱাৰ লগে লগে সমগ্ৰ বিশ্বজুৰি এক অভূতপূৰ্ব চাঞ্চল্যৰ সৃষ্টি হয়।বিশ্বৰ দেশে দেশে সত্তৰতাতকৈয়ো অধিক ভাষাত সেইখন অনুদিত হয়। বাইবেলৰ পিছতেই এইখন সৰ্বাধিক পঠিত গ্ৰন্থৰূপে স্বীকৃতি লাভ কৰে। তেৰ বছৰ পাৰহৈ প্ৰায় দুবছৰ আৰু এমাহ একেলেথাৰিয়ে এন ফ্ৰেংকে লেখি গৈছিল ডায়েৰীখন। ইমান কমবয়সীয়া এজনী ছোৱালীয়ে এক অবৰ্ণনীয় ভয় শংকাৰ মাজত জীৱন কটাইয়ো অন্তৰৰ সকলো আবেগ ঢালি লেখি গৈছিল ডায়েৰীখনৰ প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো শব্দ। এন ফ্ৰেংকে লগ সমনীয়াৰ সৈতে জীৱন কটাবলৈ সুযোগ নোপোৱাৰ বাবেই তাই এক বান্ধৱী কল্পনাতে মনত আঁকি লৈছিল যাৰ নাম আছিল “কিটি”। ডায়েৰীখনৰ প্ৰতিটো লিখনীয়ে আছিল সেই ” কিটি” নামৰ কাল্পনিক বান্ধৱীক উদ্দেশ্য কৰি লেখা । ডায়েৰীৰ প্ৰতিখন চিঠি এক প্ৰতিশ্ৰুতিময় সাহিত্যিকৰ আলোকেৰে আলোকিত। তাইৰ ডায়েৰীত লিপিবদ্ধ কৰা কথাৰ পৰাই তাইৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে, প্ৰেম সম্পৰ্কে তাইৰ ধাৰণা ইত্যাদি ইত্যাদি বহু কথাই জানিব পাৰি।
          এন ফ্ৰেংকৰ নামেৰে বৰ্তমানলৈকে বিশ্বৰ আঠখন দেশত স্কুল স্থাপিত হৈছে। তাইৰ ডায়েৰীৰ বিষয় বস্তুৰ ওপৰত নিৰ্ভৰ কৰি বহু বোলছবি নিৰ্মাণ হৈছে। অভিনীত হৈছে মঞ্চত বহু নাটক। আমষ্টাৰডামৰ যিটো ঘৰত এন ফ্ৰেংকে দুবছৰতকৈ কিছুদিন অধিক সময় আত্মগোপণ কৰি ডায়েৰী লেখি গৈছিল সেই ঘৰটো এতিয়া ” এন ফ্ৰেংক ভৱন” নামেৰে পৰিচিত। সেই ভৱনটো এতিয়া জাতীয় মৰ্য্যাদাৰ প্ৰতীক। ভৱনটোলে আহিলে মনলৈ ভাব  আহিব সকলো যেন আগৰ দৰেই ঠিকেই আছে।  সেই ওৱেষ্টাৰ টোৰেণ–যাৰ ঘড়ীটোৰ ঘন্টাধ্বনি শুনি শুনি দীৰ্ঘ দুটাকৈ বছৰ নিস্তব্ধ অন্ধকাৰ ঘৰটোত বহি বহি এন ফ্ৰেংকে সময় নিৰ্ধাৰণ কৰিছিল। ঘৰৰ সম্মুখত সেই জলধাৰা য’ত এতিয়াও বহু জলযানে চপ্ চপ্  কৰি শব্দ তুলি ওপঙি থাকে। ভৱনটোৰ সেই অন্ধকাৰ খট্ খটি , সেই গোপন দুৱাৰ, সেই সৰু সৰু কোঠাবোৰ -যিবোৰত এন ফ্ৰেংকে আত্মগোপণ কৰিছিল—সেই সকলো এতিয়া সযত্নে সংৰক্ষণ কৰা হৈছে ।  তাত নাই এতিয়া নিৰ্মম মৃত্যুৰ কঢ়াল ছায়া–যি ছায়াই কোঠাবোৰত অহৰ্নিশে ঘূৰি ফুৰিছিল। তাত বিৰাজ কৰে এতিয়া মাথোঁ বেদনাৰ স্মৃতি। সূৰ্য্যৰ আলোকেৰে আলোকিত হৈ উঠে সেই ভৱন। প্ৰতিবছৰে বিশ্বৰ জাতি ধৰ্ম  বৰ্ণ নিৰ্বিশেষে লাখ লাখ শান্তিকামী দৰ্শনাৰ্থীয়ে সিক্ত নয়নেৰে অশ্ৰু  নিগৰাই অবাক হৈ দৰ্শন কৰে সেই পবিত্ৰ ভৱনটি।
 •••••••••••মহাবাহু••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!