এন আৰ চি উন্নীতকৰণ- ৩৮ বছৰীয়া পৰিক্ৰমা

Newsdesk

১৯৮০ — ১৮ জানুৱাৰী : এন আৰ চি উন্নীতকৰণৰ বাবে কেন্দ্ৰ–ৰাজ্যক আছুৰ স্মাৰকপত্ৰ।

১৯৮০ — ২ ফেব্ৰুৱাৰি : ইন্দিৰা গান্ধীৰে আছুৰ আলোচনাত পুনৰ স্মাৰকপত্ৰ প্ৰদান।

১৯৯০ — : চৰকাৰক এন আৰ চিৰ মডেলিটি প্ৰদান আছুৰ।

১৯৯৯ — ১৭ নৱেম্বৰ : আছু-কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ দিল্লীত ত্ৰি-পাক্ষিক বৈঠক।

১৯৯৯ — : এন আৰ চি উন্নীতকৰণৰ বাবে কেন্দ্ৰৰ ২০ লাখ টকা আবণ্টন। ৫ বছৰত ৰাজ্যই খৰচ কৰে ৫ লাখ টকা।

২০০৫ — মে’ : এন আৰ চি সন্দৰ্ভত কেন্দ্ৰ–ৰাজ্য-আছুৰ ত্ৰি-পাক্ষিক বৈঠক।

২০০৫ — : এন আৰ চিৰ সঞ্চালকালয় স্থাপন। দীপক শৰ্মাক সঞ্চালক নিযুক্তি।

২০০৮ — ৪ আগষ্ট : তৰুণ গগৈৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ।

২০০৯ — : নাগৰিকত্ব বিধি-২০০৩ত ৪(ক) দফা সংযোজনেৰে ১৯৫১ৰ এন আৰ চি আৰু ১৯৭১ৰ ২৪ মাৰ্চৰ ভোটাৰ তালিকাৰ ভিত্তিত এন আৰ চি উন্নীতকৰণৰ সিদ্ধান্ত।

২০০৯ — ২৫ মে’ : ভোটাৰ তালিকাত বাংলাদেশী থকা কথা কৈ শুদ্ধ তালিকা প্ৰস্তুতৰ দাবীত এ পি ডব্লিউৰ উচ্চতম ন্যায়ালয়ত গোচৰ।

২০০৯ — ৭ জুলাই : এ পি ডব্লিউৰ গোচৰ পঞ্জীয়ন।

২০১০ — ২২ এপ্ৰিল : জি কে পিল্লাইৰে আছু-ৰাজ্য চৰকাৰৰ ত্ৰি-পাক্ষিক বৈঠক।

২০১০ — : ভাৰতৰ মহাপঞ্জীয়কে গ্ৰহণ কৰে এন আৰ চিৰ দায়িত্ব।

২০১০ — ১ জুন : বৰপেটা-ছয়গাঁৱত পাইলট প্ৰকল্প আৰম্ভ।

২০১০ — ২১ জুলাই : বৰপেটা কাণ্ড (এন আৰ চিক লৈ প্ৰচণ্ড হিংসা)।

২০১০ — : এন আৰ চিক লৈ ডাঃ ভূমিধৰ বৰ্মনৰ নেতৃত্বত মন্ত্ৰী গোট গঠন।

২০১১ — ২৩ ফেব্ৰুৱাৰি : এ পি ডব্লিউৰ গোচৰৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে ৰায় দিবলৈ সাজু হয়।

২০১১ — : উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এন আৰ চি হ’ব লাগে বুলি এ পি ডব্লিউৰ আৱেদন।

২০১২ — ১৯৫১ চন ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আৱেদন অসম সন্মিলিত মহাসংঘৰ।

২০১২ — ১৬ আগষ্ট : কেবিনেট উপ-সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিৱেদন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গৃহীত।

২০১২ — ২৯ আগষ্ট : ৰাজ্যৰ গৃহ-ৰাজনৈতিক বিভাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰে এন আৰ চি উন্নীতকৰণৰ মডেলিটি।

২০১৩ — ২ এপ্ৰিল : উচ্চতম ন্যায়ালয়ত তথ্য জমা দিয়ে এ পি ডব্লিউৱে।

২০১৩ — ৮ মে’ : উচ্চতম ন্যায়ালয়ত চৰকাৰে দাখিল কৰে এন আৰ চিৰ মডেলিটি।

২০১৩ — ছেপ্টেম্বৰ : এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰূপে প্ৰতীক হাজেলাক নিযুক্তি।

২০১৩ — ১৮ অক্টোবৰ : কেন্দ্ৰক এন আৰ চিৰ মডেলিটি চূড়ান্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

২০১৩ — ২৩ আগষ্ট : কেন্দ্ৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ৰাজেশ খান্নাই ভাৰত চৰকাৰৰ উপ-সচিবৰ পত্ৰ আদালতত দাখিল কৰে।

২০১৩ — ১৮ অক্টোবৰ : এন আৰ চিৰ বাবে অসম চৰকাৰক কেন্দ্ৰই আবণ্টন দিয়ে ৪৮৯ কোটি টকা।

২০১৩ — ২৫ অক্টোবৰ : শম্ভূ সিঙে আদালতত শপতনামা দাখিল কৰে।

২০১৪ — মাৰ্চ : এন আৰ চি উন্নীতকৰণৰ বাবে নিযুক্তি আৰম্ভ।

২০১৪ — ৪ আগষ্ট : ন্যায়াধীশ ৰঞ্জন গগৈক এন আৰ চিৰ গোচৰৰ প্ৰধান বিচাৰপতি নিযুক্তি।

২০১৪ — ২৩ ছেপ্টেম্বৰ : প্ৰতীক হাজেলাক ১৮ মাহৰ ভিতৰত এন আৰ চি উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰাৰ সংশোধিত সূচী দাখিলৰ নিৰ্দেশ।

২০১৪ — ৭ ডিচেম্বৰ : ২০১৬ৰ ১ জানুৱাৰীৰ ভিতৰত উন্নীত এন আৰ চি প্ৰস্তুতৰ সময়সীমা দিয়ে ন্যায়ালয়ে।

২০১৫ — ২৮ ফেব্ৰুৱাৰি : ১০০ টা এন আৰ চি সেৱা কেন্দ্ৰ স্থাপন।

২০১৫ — ২৭ মাৰ্চ : ৰাজ্যজুৰি ২,৫০০ এন এছ কে স্থাপন।

২০১৫ — এপ্ৰিল : লিগেচী ডাটা ডিজিটেল পদ্ধতিত আবদ্ধ।

২০১৫ — ২৩ মে’ : সীমান্ত সন্দৰ্ভত ক’ৰ্ট কমিছনাৰ নিযুক্তি ন্যায়ালয়ৰ।

২০১৫ — জুন : এন আৰ চিৰ বাবে প্ৰ-পত্ৰ বিতৰণ তথা সংগ্ৰহ আৰম্ভ।

২০১৫ — ৩১ আগষ্ট : প্ৰ-পত্ৰ জমা দিয়াৰ শেষ দিন।

২০১৫ — ১ ছেপ্টেম্বৰ : নথিপত্ৰৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ।

২০১৫ — ১ ডিচেম্বৰ : এন আৰ চি প্ৰস্তুতৰ সময়সীমা বৃদ্ধিৰ বাবে কৰ্তৃপক্ষৰ উচ্চতম ন্যায়ালয়ত শপতনামা।

২০১৫ — : উচ্চতম ন্যায়ালয়ত পূৰ্বোত্তৰ হিন্দুস্তানী সন্মিলন, অসম সাহিত্য সভাৰ এন আৰ চি সন্দৰ্ভত গোচৰ।

২০১৬ — ১ জানুৱাৰী : এন এছ কেবোৰত বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ।

২০১৬ — : এন আৰ চি সন্দৰ্ভত প্ৰণৱ কুমাৰ মজুমদাৰৰ উচ্চতম ন্যায়ালয়ত আৱেদন।

২০১৭ — ২৮ ফেব্ৰুৱাৰি : গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চায়তৰ নথিক অবৈধ ঘোষণা।

২০১৭ — : আমছু, জমিয়ত উলেমা ই-হিন্দৰ গোচৰ উচ্চতম ন্যায়ালয়ত।

২০১৭ — ১২ অক্টোবৰ : ৪৭.৯ লাখ পঞ্চায়ত নথি জমা দিয়া লোকৰ ১৭.৪ লাখক প্ৰকৃত বাসিন্দা ঘোষণা।

২০১৭ — ২৭ অক্টোবৰ : ভাৰতৰ মহাপঞ্জীয়ক শৈলেশৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ স’তে ভিডিঅ’ কনফাৰেন্সিং।

২০১৭ — ২ নৱেম্বৰ : ৮ দল, ৪২ সংগঠনেৰে আৰ জি আইৰ বৈঠক।

২০১৭ — ৯ নৱেম্বৰ : ১.২৩ কোটি নথিৰ পৰীক্ষণ হোৱা নাই বুলি উচ্চতম ন্যায়ালয়ক জনায় প্ৰতীক হাজেলাই।

২০১৭ — ১৩ নৱেম্বৰ : দিল্লীত এন আৰ চিক লৈ অনুষ্ঠিত আলোচনাচক্ৰক কেন্দ্ৰ কৰি উত্তপ্ত ৰাজ্য।

২০১৭ — ১৬ নৱেম্বৰ : ৩১ জুলাই, ২০১৮ চনলৈ এন আৰ চিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ আৱেদন।

২০১৭ — ১৯ নৱেম্বৰ : ৰেচন কাৰ্ড গ্ৰহণযোগ্য হ’ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ক পত্ৰ প্ৰতীক হাজেলাৰ।

২০১৭ — ৩০ নৱেম্বৰ : ৩১ ডিচেম্বৰত খচৰা প্ৰকাশ পাবই লাগিব বুলি উচ্চতম ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশ।

২০১৭ — ৫ ডিচেম্বৰ : পঞ্চায়ত নথি গ্ৰাহ্য হ’ব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়।

২০১৭ — ২১ ডিচেম্বৰ : গুৱাহাটীত আৰ জি আই উপস্থিত হৈ পৰ্যালোচনা।

২০১৭ — ২৫ ডিচেম্বৰ : আংশিক খচৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন।

২০১৮ — ৬ ফেব্ৰুৱাৰি : অসম সন্মিলিত মহাসংঘকে ধৰি দহ সংগঠনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণেৰে বিদেশী বহিষ্কাৰৰ ভিত্তিবৰ্ষ চূড়ান্ত নোহোৱালৈ এন আৰ চিৰ কাম বন্ধ ৰখাৰ আহ্বান।

২০১৮ — ১১ ফেব্ৰুৱাৰি : ১৫ ফেব্ৰুৱাৰিৰপৰা এন আৰ চিৰ বংশ বৃক্ষৰ সত্যাসত্য নিৰূপণ তথা অনুসন্ধানৰ কাম আৰম্ভ হোৱাৰ কথা ঘোষণা প্ৰতীক হাজেলাৰ।

২০১৮ — ২০ ফেব্ৰুৱাৰি : এন আৰ চিৰ চূড়ান্ত খচৰা ৩০ জুনত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ।

২০১৮ — ৮ মাৰ্চ : সদৌ তিৱা ছাত্ৰ সন্থা, দেউৰী সংগ্ৰাম পৰিষদকে ধৰি ২৬ খিলঞ্জীয়া সংগঠনৰ উচ্চতম ন্যায়ালয়ত আৱেদন। বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ চূড়ান্ত নোহোৱা পৰ্যন্ত এন আৰ চি প্ৰকাশ নকৰিবলৈ আহ্বান।

২০১৮ — ২৭ মাৰ্চ : নাগৰিকপঞ্জীত বিধি-পথালি নিদিবলৈ মহাপঞ্জীয়কক উচ্চতম ন্যায়ালয়ৰ সতৰ্কবাণী। বহিঃৰাজ্যত থকা এন আৰ চিৰ নথিৰ পৰীক্ষণ ৭ মে’ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ।

২০১৮ — ৮ মে’ : এন আৰ চিত নাম কৰ্তন হোৱা লোকৰ তথ্য ৰাজহুৱা কৰা নহ’ব বুলি প্ৰতীক হাজেলাই জনোৱা আৱেদনত উচ্চতম ন্যায়ালয়ৰ সন্মতি।

২০১৮ — ১৪ মে’ : এন আৰ চিৰ প্ৰথম খচৰাত অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছত গোচৰৰ তথ্য বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কলৈ প্ৰতীক হাজেলাৰ পত্ৰ।

২০১৮ — ৪ জুন : ‍‘ডি’ ভোটাৰৰ নাম এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ত কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু নুৰুল হুদাৰ আৰ্জি।

২০১৮ — ১৩ জুন : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত দহ লাখ লোকৰ নাম বাদ পৰিব বুলি আশংকা কৰি কেন্দ্ৰীয় গৃহ সচিব আৰু নিৰাপত্তা উপদেষ্টাক জমিয়ত উলেমা ই-হিন্দৰ স্মাৰকপত্ৰ।

২০১৮ — ১৮ জুন : ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৩০ জুনত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ নাপায় বুলি প্ৰকাশ নাপায় বুলি প্ৰতীক হাজেলাৰ ঘোষণা।

২০১৮ — ২২ জুন : বিদেশীৰ আত্মীয়ৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহয় বুলি প্ৰতীক হাজেলাই জাৰি কৰা অধিসূচনা বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

২০১৮ —  ২২ জুন : এন আৰ চিত নাম বাদ পৰাসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা ল’ব, সেয়া দুমাহৰ ভিতৰত জনাবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ ৰাষ্ট্ৰসংঘৰ।

২০১৮ — ২ জুলাই : ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। প্ৰথম খচৰাৰ ১.৫ লাখৰ নাম কৰ্তনৰ নিৰ্দেশ। ‍‘ডি’ ভোটাৰ আৰু তেওঁলোকৰ সন্তানৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নহয় বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়।

২০১৮ — ২ জুলাই : ৩০ জুলাইৰ দিনতে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাব বুলি দিল্লীত প্ৰতীক হাজেলাৰ ঘোষণা।

২০১৮ — ৪ জুলাই : কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত গৃহ মন্ত্ৰ্যালয়ত এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক। অসমৰ মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ বৈঠকত অংশগ্ৰহণ।

২০১৮ — ২২ জুলাই : কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক। নাম অন্তৰ্ভুক্ত নোহোৱাসকলক ওজৰ-আপত্তিৰ বাবে চৰকাৰে পূৰ্ণ সুযোগ দিব বুলি ঘোষণা।

২০১৮ — ২৫ জুলাই : এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতিৰ আশংকাত অসমলৈ প্ৰেৰণ নিৰাপত্তা বাহিনীৰ ২২০ কোম্পানী।

২০১৮ — ২৭ জুলাই : এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পৰিপ্ৰেক্ষিততে ১৫ আগষ্টলৈ সকলো আই এ এছ, এ চি এছ, আই পি এছ, এ পি এছ, এ এল আৰ এছ তথা আৰক্ষী বিষয়াকে ধৰি কৰ্মচাৰীসকলৰ ছুটী বাতিল।

২০১৮ — ৩০ জুলাই : বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ।

(অসমীয়া প্ৰতিদিনৰ সৌজন্যত)

Show More

Related Articles

Back to top button
error: Content is copy right protected !!