এণ্ড্ৰেই তাৰকোভোস্কি : দুষ্ট ল’ৰাটো

ডা° সুকৃতি চৌধুৰী

‘Time within time’ -এই কিতাপখনে মোক যোৱানিশা শুবলৈ নিদিলে৷ এণ্ড্ৰেই তাৰকোভোস্কিৰ শব্দবোৰে মোক এনেকৈ চুই গৈছিল যে ক’বলৈ ভাষা নাই….
আচলতে আপোনাক ক’ব খুজিছিলো এটা উৎপতীয়া আৰু পঢ়া-শুনাত মন নথকা ল’ৰাৰ কথা…
ল’ৰাটোক ১৯৩৯ চনত তেতিয়াৰ ছোভিয়েট-ৰাছিয়াৰ ৰাজধানী মস্কোৰ স্কুল নম্বৰ: ৫৫৪ ত নাম লগাই দিয়া হৈছিল৷ কিন্ত ভীষণ দুষ্ট আৰু পঢ়াশুনাত অলপো মন-কাণ নথকা ল’ৰাটো অলপ দিনৰে ভিতৰতে শিক্ষকৰ মূৰৰ কামোৰণি হৈ উঠিল৷
কোনোপধ্যেই বশলৈ নহা দুষ্ট ল’ৰাটোৰ নাম আছিল এণ্ড্ৰেই তাৰকোভোস্কি৷
ল’ৰাটোৰ দেউতাকো কম বহেমিয়ান স্বভাৱৰ নাছিল৷ ১৯৩৭ চনত দেউতাকে ঘৰ এৰি গুচি গৈ অনাই-বনাই ঘূৰি ফুৰে৷ অৱশেষত ১৯৪১ চনত ছোভিয়েট ৰাছিয়াৰ মিলিটেৰীত যোগদান কৰি ভীষণ সাহসেৰে দ্বিতীয় মহাসমৰৰ কেইবাখনো যুদ্ধত অংশ লয়৷ পিছে যুদ্ধত ভৰিত গুলী লগাৰ ফলত ভালদৰে খোজ দিব নোৱাৰা অৱস্থাত ১৯৪৩ চনত ঘৰলৈকে ঘুৰি আহে৷ যুদ্ধত দেখুওৱা দুৰ্দম সাহসৰ বাবে ছোভিয়েট-ৰাছিয়াৰ চৰকাৰে সৈনিকক দিয়া Red Star লাভ কৰে৷
ল’ৰাটোৰ দেউতাকৰ নাম আছিল : আৰ্চনে আলেকজেণ্ড্ৰোভিচ তাৰকোভোস্কি ( Arseny Alexadrovich Tarkovosy) ৷ তেখেত আছিল সুখ্যাত কবি আৰু অনুবাদক৷ মই অলপতে জাপানী ভাষালৈ অনুদিত আৰ্চনে আলেকজেণ্ড্ৰোভিচ তাৰকোভোস্কিৰ এটা কবিতা পঢ়ি কিছুপৰ জুপুকা মাৰি ভাবি ৰৈছিলো৷ অসমত তেখেতৰ কবিতা পঢ়া হয় নে নহয় নাজানো৷ মই তেখেতৰ কবিতা প্ৰথম পঢ়িলো আৰু অ’তি চমৎকৃত হ’লো৷ যাই হওক, মানুহটো আছিল কিন্ত মস্ত বহেমিয়ান আৰু ঘৰ-দুৱাৰ এৰি অনাই-বনাই ঘুৰি-ফুৰা পগলা কবি৷ মিলিটেৰীত সোমাই দেশৰ কাৰণে এনেকৈ আগশাৰীত থিয় দি যুজঁ দিলেগৈ যে ভৰিত গুলী লাগি পঙ্গু হৈ সাহসীকতাৰ পুৰস্কাৰসহ ঘৰমুৱা হ’ল৷
দুষ্ট ল’ৰাটোৰ মাকো কম নাছিল৷ বিশ্বপ্ৰসিদ্ধ মেক্সিম গৰ্কী লিটাৰেচাৰ ইনস্টিটিউটৰ একালৰ আটাইতকৈ চোকা আৰু ধুনীয়া এই ছোৱালীজনী পগলা-কবিৰ শব্দৰ প্ৰেমত এদিন সকলো এৰি গুচি আহিল৷ নামটো আছিল মেৰিয়া আইভানোভা বিচনিয়’কোভা (Maria Ivanova Vishnyokova)৷
এনে এহাল মানুহৰ সন্তান দুষ্ট ল’ৰাটো এণ্ড্ৰেই তাৰকোভোস্কিৰ জন্ম হৈছিল ১৯৩২ চনৰ ০৪ এপ্ৰিলৰ দিনা৷ তেওঁলোকে তেতিয়া জাভৰাজে নামৰ ভিতৰুৱা গাওঁ এখনত থাকিছিল৷ ল’ৰাটোৰ বয়স ০৫ বছৰ নৌহওঁতেই দেউতাকে ঘৰ এৰি গুচি গৈছিল৷ পৰিয়ালটো কোনোৰকম চলাইছিল ককাদেউতাকে৷ তেওঁ কোনো এটা বেংকত কেৰাণী চাকৰি কৰিছিল৷
দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাময় দিনবোৰত তেওঁলোকে থকা ঠাই সলাব লগাত পৰিছিল৷ অনেক প্ৰকাৰৰ দুখ-কষ্টত পৰি কিছুদিন মোমায়েকৰ ঘৰতো আশ্ৰয় লৈছিল৷ সেই কম বয়সতে যক্ষ্মা ৰোগত আক্ৰান্ত হৈ বহুদিন হস্পিতালত পৰি থাকিব লগা হৈছিল৷
সেই সময়ৰ বিশ্বৰ ইমানবোৰ উত্থান-পতন আৰু যুদ্ধৰ বিভীষিকাৰ মাজতো কনমাণি দুষ্ট ল’ৰাটোয়ে কিন্ত পিয়ানো বজাবলৈ আৰু ছবি আঁকিবলৈ শিকি বিশেষ ব্যুৎপত্তি লাভ কৰিছিল৷
স্কুলীয়া দিনবোৰৰ পিছত এণ্ড্ৰেই তাৰকোভোস্কিয়ে চিনেমাৰ বিষয়ে পঢ়াশুনা কৰাৰ আগ্ৰহ কৰি National Institute of Cinematographey (VGIK) ত ১৯৫৪ চনত নাম ভৰ্তি কৰে৷ আচলতে তেওঁ জীৱনত পাৰ কৰি অহা অভিজ্ঞতাবোৰ: যুদ্ধৰ বিভীষিকা, আধা-পাগল কবি দেউতাক, মাকৰ কষ্ট, চৌদিশৰ মানুহ দুখ-যন্ত্ৰণা—-এইবোৰ তেওঁ চিত্ৰায়ণ কৰিবলৈ বৰকৈ আগ্ৰহ কৰিছিল৷ সেয়েহে তেওঁ চিনেমা বনাবলৈ শিকিব বুলি সিদ্ধান্ত কৰিছিল৷ ইয়াত পঢ়ি থাকোতেই তেওঁ ইৰমা ৰাউশ্ব (Irma Roush, আন এটা নাম Irina) ক লগ পায় আৰু দুয়োৰে ১৯৫৭ চনত বিয়া হয়৷
এণ্ড্ৰেই তাৰকোভোস্কিয়ে জীৱনত চিনেমা বনাইছিল মাত্ৰ ০৭ খন৷ তেওঁৰ সাতোখন ফিল্মেই একো একোখন ক্লাছিক আছিল আৰু সমগ্ৰ বিশ্বৰ চিনেমাৰ ইতিহাসত মহান চিনেমা নিৰ্মাতাৰ আসন দিয়াইছিল৷ এণ্ড্ৰেই তাৰকোভোস্কিয়ে বনোৱা চিনেমাকেইখন হ’ল:-
1.Ivan’s Childhood
2. Nostalgia
3. Mirror
4. Solaris
5. Stalker
6. Andrei Rublev
7. The Sacrifice
তেওঁৰ চিনেমাবোৰ ইমান উচ্চ পৰ্যায়ৰ যে ইয়াৰ ওপৰত সাধাৰণ ৰিভিউ লিখাটো অসম্ভৱ৷ মোৰ মতে এই কাম কৰিব পাৰিব মোৰ শ্ৰদ্ধাৰ DrDipsikha Bhagawati  বাৰ দৰে অভিজ্ঞ আৰু গভীৰ দৃষ্টিসম্পন্ন বোলছবি সমালোচকেহে৷ ড° ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ দৰে মহান অসমীয়াই নিৰ্মাণ কৰা প্ৰতিখন চিনেমাই যেনেদৰে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল অথচ তেওঁ বলীউডী পৰিচালকৰ দৰেতো অসংখ্য চিনেমা নিৰ্মাণ কৰা নাছিল৷ যি কৰিছিল quality work কৰিছিল যিবোৰে তেখেতক ভাৰতীয় চিনেমাত মহান আসন দিছিল৷ সেইদৰে এণ্ড্ৰেই তাৰকোভোস্কিয়ে মাত্ৰ সাতখন চিনেমা বনায়েই বিশ্বৰ চিনেমাৰ বুৰঞ্জীত অমৰ হৈ ৰ’ল৷ মোৰ সাধাৰণ দৃষ্টিৰে ড° ভৱেন্দ্ৰনাথ শইকীয়া আৰু এণ্ড্ৰেই তাৰকোভোস্কিৰ চিন্তাৰ সুক্ষ্মতা, সংবেদনশীলতা আৰু চৰিত্ৰ সমূহৰ বিন্যাসৰ আচৰিত সমতা আছে৷ এই মহান লোক দুজনৰ comparative study হ’বই লাগে৷
এণ্ড্ৰেই তাৰকোভোস্কিৰ চিন্তা সমূহো আছিল অনন্য৷ তেওঁ চিনেমা সম্পৰ্কে কৈ যোৱা দুটামান  বিশ্ববিখ্যাত কথা তলত উল্লেখ কৰিলো দেই:-
(1) Relating a person to the whole world, that is the meaning of Cinema
(2) For me, the most interesting characters are outwardly static, but inwardly charged by an overriding passion.
(3)The Director’s task is to recreate life, its movement, its contradiction, its dynamics and conflicts.
(4) The film is the sculpting of time.
(5) How do you expect art to make sense when life doesn’t make any sense at all
(6)If you look for a meaning, you will miss everything that happens
(7) Cinema is a mosaic made of time.
(8) The advice I can give to beginners, not to make difference between the movie and their life.
উপসংহাৰঃ
==========
এণ্ড্ৰেই তাৰকোভোস্কিয়ে কোৱা একাষাৰ কথাই মোৰ মনত দোলা দি থাকে৷ তেওঁ কৈছিল:- Being silent for a while is good. Words cann’t express a person’s emotions.
জীৱনৰ শেষৰ ফালে এণ্ড্ৰেই তাৰকোভোস্কিয়ে দেশত্যাগ কৰি পশ্চিমৰ দেশলৈ ঢাপলি মেলে৷ তেওঁৰ সেইসময়ৰ ছোভিয়েট শাসনৰ সৈতে মনোমালিন্য হৈছিল৷ ১৯৮৬ চনৰ ২৯ ডিচেম্বৰৰ দিনা এণ্ড্ৰেই তাৰকোভোস্কিৰ ফ্ৰান্সত মৃত্যু হয়৷
এণ্ড্ৰেই তাৰকোভোস্কিৰ ডায়েৰীখন ইংৰাজী ভাষাত Time within time নামেৰে ১৯৯১ চনত প্ৰকাশ কৰা হয়৷ এই কিতাপখন তেওঁৰ ১৯৭০ চনৰ পৰা ১৯৮৬ চনলৈকে লিখা ডায়েৰীৰ সংকলন৷
মন কৰিলে কিতাপখন পঢ়িব পাৰে৷ অনলাইন পাব৷ আৰু তেওঁৰ সাতোখন চিনেমা সময় পালে নিশ্চয় চাব৷ একদম আত্মা চুই যায়৷
আহো দেই
•••••••মহাবাহু•••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!