এটা নিৰামিষ গল্প

ৰ'দ ৰাগিনী

“ইমান কষ্ট কৰি টোপনিৰ বিনিময়ত গল্প এটা জগোৱা নাযায়।গল্প,কবিতা অথবা সুৰবোৰ কিহবাৰ বিনিময়ত জগোৱা বস্তু নহয়। “
  পৰাণে পঠিওৱা আখৰকেইটা চাই অৱন্তিকাই হুমুনিয়াহ এটা এৰি তন্দ্ৰালস চকুহাল অকনমান মোহাৰি পুনৰ টাইপ কৰে,
-” বিনিময়হীনভাবে কি বৰ্তি থাকে এই সময়ত ! চৰ্ত-দৰদাম আৰু লাভ লোকচানৰ এই লেনদেনৰ মাজত বিনিময়হীনতাৰ কথা কৈছে আপুনি ! গল্প এটাক পূৰ্ণতা দিবলৈও উজাগৰী ৰাতি এটাৰ এচোৱা লাগে।কিবা এটা পাবলৈ কিবা এটা এৰিব লাগিব, এয়া চিৰন্তন সম্ভাবনা অথবা সত্য।”
           পৰাণৰ অসহ্য লাগে, বিৰক্তিৰে ডাটা সংযোগ অফ কৰি দিয়ে সি। বিনিময়ৰ কথা নোকোৱা পৃথিৱী এখন কিয় দিব নোৱাৰা সময়ে ! অৱন্তিকাৰ ওচৰত আক্ৰোশ উজাৰিবলৈ মনযায় তাৰ, অথচ একো নকয় তাইক। কথা শুনিবলৈ শ্ৰোতা লাগে,এই যান্ত্ৰিক সময়ত কথা কোৱা এজাক মানুহৰ মাজত কথা শুনা মানুহৰ মূল্য কিমান সেয়া আনে উপলব্ধি কৰেনে নাই পৰাণে নাজানে, কিন্তু নিজেই উপলব্ধি কৰে। সি সকলোকে শুনাৰ প্ৰয়াস কৰে, সেই প্ৰয়াস কিম্বা আকুলতাই মাজে মাজে তাক হেঁচা মাৰি ধৰে কৰুণ সুৰ এটি হৈ,সপোনৰ পথত তাৰ সমুখত প্ৰায়েই অগাদেৱা কৰি থাকে। চৰাইৰ মাতবোৰে যেতিয়াই তেতিয়াই তাক আমনি কৰে,গৰুটোৰপৰা সৰু মাছটোলৈকে, সকলো তাৰ কাষ চাপি আহে, কোনোবাক্ষণত ভাৱনাবোৰ দলিয়াই দিব খুজিলেও পুনৰ কিবা এক প্ৰগাঢ় মমতাত উপচি পৰে তাৰ বুকুখন। সেই অমাত অথচ আকুল আহ্বানৰ প্ৰতি সঁহাৰি নিদিয়াৰ জোখাৰে কঠোৰ হ’ব নোৱাৰে তাৰ বুকু। কঁপি থকা শংকিত চকুবোৰ উপেক্ষা কৰি সি পৰিতৃপ্ত কৰিব নোৱাৰে নিজক,অৱন্তিকাই পাৰে আৰু বহুতে পাৰে। এই পৰাসকলে তালৈ চাই হাঁহে। অহৌবলিয়া বুলি কয়,অৱন্তিকাই অৱশ্যে নকয়। সেয়ে সি তাইক তাৰ কথা কয়,তাই শুনি যায়। অথচ কেতিয়াবা প্ৰত্যুত্তৰ বোৰ অসহ্য লাগে তাৰ। খং কৰিবলৈ মনযায় যদিও নকৰে। এদিন এই অৱন্তিকাই নিজেই কৈছিল তাক,খং কমোৱাৰ উপায়। উপায় ! এটা স্থিৰ উপায় কিজানি কোনো সমস্যাৰেই নাথাকে।থাকে পলায়নৰ অজুহাত অথবা নিজক তৃপ্ত কৰাৰ জোখাৰে কিছু সান্তনাস্পৰ্শা সময়‌। এদিন পৰাণে ফেচবুকত পষ্ট কৰিছিল, খং কমোৱাৰ উপায় লাগে । সেই ছোৱালীজনী,অৱন্তিকাই তাৰ ইনবক্সত টোকৰ দি কৈ গৈছিল,”আপোনাৰ পষ্ট এটা পালোঁ. . . . . .” তাৰপাছত কোনো অৱতৰণিকা নোহোৱাকৈয়ে তাই দি গৈছিল ইটো সিটো বিধান। তাইৰ সমিধানবোৰেৰে সঁচাকৈয়ে খং কমেনে নাই পৰাণে নাজানে, কিন্তু তাইক বিনিময় নোহোৱাকৈ দিব খোজা সকাহ যেন লাগিছিল । সেইজনী ছোৱালীয়েও আজি কৈ দিলে এই সময়ত বিনিময়হীনভাবে একো বৰ্তি নাথাকে। ডাটা সংযোগ পুনৰ অন কৰিবলৈ ইচ্ছা নহয় তাৰ। অন কৰিলেই বাক বিতণ্ডা কঢ়িয়াই অনা শব্দসহিতে ফেচবুকৰ নটিফিকেশ্যনবোৰ আহিব,হোৱাটছ আপত কাৰোবাৰ মেছেজ ! এইখিনি সময়ত পৰাণৰ এই কথাবোৰৰ সন্মুখীন হ’বলৈ মন ন’গল । অৱন্তিকা নিশ্চয় টোপনি গৈছে। তাৰ ঘৰত মাকহঁতো শুইছে নিশ্চয় ! পৰাণৰ ঘৰলৈ মনত পৰিল, মন গ’লেই ফোন কৰিব পৰাকৈ দিন ৰাতিৰ সামঞ্জস্য নাই সিহঁতৰ। এতিয়া তাৰ দেশত দিনমণিৰ স্ফীত সময়, তাৰ ঘৰখনত তন্দ্ৰালীণ ৰাতি। বাহিৰত বৰফ পৰিছে, সেইদিনা ফেচবুক লাইভ এটা কৰিছিল সি,ঠেৰেঙা লগা শীতৰ মাজতো বাহিৰলৈ ওলাই গৈছিল, পৰিৱেশটো নিজৰ ঠাইৰ মানুহখিনিক দেখুওৱাৰ হাবিয়াস আছিল তাৰ মনত।অৱন্তিকালৈও এনেয়ে ফটো কেইখনমান পঠাইছিল, তাক আচৰিত কৰি তাই আবেলিৰ হেঙুল পথাৰ এখনৰ ফটো পঠিয়াইছিল, গোধূলিৰ স্পৰ্শ লগা বাটৰ, গাঁৱৰ ফটো। এপলকৰ বাবে তাৰ ভাল লাগিছিল দেখি,কিন্তু লগে লগে পুনৰ টাইপ কৰি এৰি দিছিল অৱন্তিকাৰ অনাকাংক্ষিত মেছেজ এটা -” এই কথাবোৰ ভাল নালাগে। অথনি বৰফ পৰাৰ ফটো দিয়াৰ বাবে তুমি এতিয়া পথাৰৰ ফটো দিলা। বিনিময় কৰিছা? বিনিময় নোহোৱাকৈ একো দিয়া লোৱা কৰিব নোৱাৰি নেকি !”
          অৱন্তিকাৰপৰা একো উত্তৰ অহা নাছিল। সিও বিশেষ একো ভবা নাছিল । মান অভিমান কৰিব পৰা ধৰণৰ নহয় সিহঁতৰ সম্পৰ্ক । সাধাৰণ বন্ধুত্ব, পৰাণৰ বাবেও-অৱন্তিকাৰ বাবেও । সেই ছোৱালীজনী,অৱন্তিকাই কেৱল নিশ্চুপ হৈ শুনে তাক আমনি কৰা চকুবোৰৰ কথা, তেজবোৰ ফেনেকি ধুই লোৱাৰ পৰিক্ৰমা তাৰ বাবে বীভৎস হৈ পৰাৰ কথা, জীয়াই থকাৰ হেঁপাহত শেষ মূহুৰ্তৰ কাতৰ দুৰ্বল কেঁকনিবোৰে তাৰ বুকুখন ভাৰাক্ৰান্ত কৰি ৰখাৰ কথা । এদিন সি সুধিছিল, অনুকম্পা বোলা বস্তুটো নাই মানুহৰ ? সিপাৰে অৱন্তিকাৰ টাইপবক্স কঁপা নাছিল,বোধহয় তাইৰ ওচৰত একো উত্তৰ নাছিল।
             নিৰুত্তাপ সময়খিনিত কেঁচা গোন্ধ এটাই পৰাণক অৱশ কৰি তুলিছে । চিঞৰ এটাই কঁপাই তুলিছে তাক,সৰু ল’ৰা এটাই কান্দিছে,পৰাণৰ শুনি থাকিব পৰা নাই ! মাছৰ বজাৰখনৰ মাজেদি মোমায়েকৰ ঘৰৰপৰা অহা ল’ৰাটোৱে কান্দিছে,
  “কিয় মাৰিছে মাছবোৰ ? কিয় ইচ্ছা অনুসাৰে জীয়াই থাকিব নোৱাৰে সিহঁত ? মোক যদি কোনো কাৰণ নোহোৱাকৈ মাৰিবলৈ নিয়ে কেনেকুৱা লাগিব তোমালোকৰ ?”
       সৰু ল’ৰাটোৰ উচুপনিত আমোদ পাইছিল মানুহবোৰে। তেতিয়া তাক কোনেও কোৱা নাছিল পৰিস্থিতিতন্ত্ৰৰ কথা। চকলেট এটা হাতত গুজি দি নিচুকাই থৈছিল। পৰাণে সেই ল’ৰাটোলৈ চাই হাঁহি এটা মাৰিলে। আমেৰিকাৰ শীতাৰ্ত সময়ৰ শেঁতা হাঁহিটো অসমৰ সৰু চহৰখনৰ মাজৰ মাছৰ বজাৰত কান্দি থকা ল’ৰাটোৱে নেদেখিলে। এটা স্থিৰ ভাৱনা গুজি ল’ৰাটো একেঠাইতে ৰৈ গ’ল। মাছৰবজাৰৰ দিন ৰাতি বাগৰিল। ল’ৰাটোৰ উচুপনিবোৰ একেদৰেই থাকিল, ঘৰত খাবলৈ অনা জীৱৰ মঙহবোৰ সি চাব নোৱাৰা হ’ল। আনে চকুপানী বোৰ লাহে লাহে আওকাণ কৰা হ’ল,ল’ৰাটোলৈ চকলেট বোৰ নিচুকনি হৈ আগুৱাই নহা হ’ল । তাৰ মগজুত জাপি দিয়া হ’ল পৰিস্থিতি তন্ত্ৰৰ অৰ্থ। ল’ৰাটোৱে বুজিও নুবুজিলে। সেই অবুজন ল’ৰাটোৱে পৰিস্থিতি তন্ত্ৰক বুজিও নুবুজিলে। তালৈ চাই পৰাণে হাঁহে,সমান্তৰালভাৱে নিজলৈ চাই সি উচুপনি এটাৰ বশৱৰ্তী হয়,আনে নজনাকৈয়ে।
“অৱন্তিকা !” তাই গুডমৰ্ণিং কোৱালৈ তাৰ সময় নিশামুখে গতি কৰে ।
“গল্পটো আধালিখা হৈ থাকিল।” অৱন্তিকাৰপৰা মেছেজ আহে। পৰাণে টাইপ কৰে -“সকলো কথাৰে সঠিক সময় থাকে। গল্পটোক সময় দিয়া অৱন্তিকা।”
                   অৱন্তিকা পুনৰ নিৰুত্তৰ । বোধহয় ম’বাইলটো এৰি আঁতৰি গৈছে তাই ! নহয়, এয়া অৱন্তিকা অনলাইন ! পৰাণে পুনৰ টাইপ কৰিলে,
“গল্পটো অন্ততঃ আমিষ নকৰিবা প্লিজ।”
      অৱন্তিকাৰ উত্তৰলৈ পৰাণ ন’ৰল। আকাশখনলৈ চালে সি, ডাৱৰীয়া। ক’বলৈ মন গ’ল,-“সৌভাগ্য তোৰ। মানুহে ঢুকি নোপোৱা উচ্চতাত আছ ! অন্যথা তোকো হানি খুচি মাৰিলেহেতেন মানুহে,গছবোৰৰ দৰে, চৰাইবোৰৰ দৰে,মাছবোৰৰ দৰে !”
      কেতিয়াবা লৈ যাবি তোৰ কাষলৈ ? অ’ আকাশ , লৈ যাবি ,এই স্বগতোক্তি কৰা বুকুৰ ভাববোৰ উচুপনি যেন লাগিছে! পৰাণৰ হোৱাটছ এপ কলিঙৰ ৰিংটন বাজিল, অৱন্তিকাই ভয়ছকল কৰিছে। মূহুৰ্ততে তাইক আকাশখন যেন লাগিল পৰাণৰ। আকাশৰ প্ৰতি তাৰ আৱাহন শুনি প্ৰত্যুত্তৰ দিবৰ বাবেই যেন অৱন্তিকাই মাত লগাইছে তাৰ ম’বাইলত !
“যোৱানিশা লিখিবলৈ লোৱা গল্পটো কাট কৰি পেলালোঁ। নিলিখো সেইটো। নতুনকৈ লিখিম, নতুনকৈ আৰম্ভ কৰিম এটা গল্প।আপুনি কোৱাৰ দৰেই,বোধহয় গল্প এটাকো সময় দিয়া উচিত,নিজৰ সময়ত সি নিজেই ধৰা দিবহি !”
পৰাণে নুসুধিলে -“গল্পটো আমিষ হ’বনে নিৰামিষ ?” প্ৰশ্নটো বুকুত উদয় হোৱাৰ পাছত বুকুতে সামৰি ৰাখিলে সি। লাহে লাহে ক’লে অৱন্তিকাক,
-“সকলো কথাৰে সময় থাকে। সকলো জীৱৰে থাকে,জন্মৰ সময়-মৃত্যুৰ সময়। তেন্তে আমি কোন অৱন্তিকা,নিৰীহ প্ৰাণীবোৰ মাৰি মাৰি খাবলৈ আমি কোন ! সিহঁতৰ জীয়াই থকাৰ অধিকাৰত লেকাম লগোৱাৰ অধিকাৰ কোনে দিলে আমাক অৱন্তিকা !”
“আপোনাৰ এই প্ৰশ্নৰ উত্তৰ নাই মোৰ লগত।”
“কিয় থাকিব ? মিছা কথা কিয় কৈছা তুমি ? উত্তৰহীনভাবে কোনো প্ৰশ্নৰেই জন্ম নহয়। শুনা অৱন্তিকা,মই কৈছোঁ শুনা। আমি বিনিময় কৰোঁ। এইযে মই তোমালৈ বৰফৰ শুভ্ৰতা দিয়াৰ বিনিময়ত তুমি মোক হেঙুল আকাশখন দিছিলা ! তুমি যে কৈছিলা,বিনিময়হীনভাবে এই সময়ত একো বৰ্তি নাথাকে, এটা কথা কি জানা,এই কথা আমিয়েই ভুল প্ৰতিপন্ন কৰোঁ। এইযে পেটৰ তৃপ্তিৰ বাবে তোমালোকে মাছ মাংস খোৱা, সিহঁতে বিনিময়ত কেৱল কৰুণ মৃত্যু পায়। গছে আমাক অক্সিজেন দিয়ে,সেয়ে গছ কাটিলেও ৰুবলৈ ইচ্ছা কৰোঁ আমি। ঘৰৰ মূৰ্গীকেইটা মাৰি খাওঁ, আমি ভাবোঁ, আমাৰ পেটত তৃপ্তি দিবলৈকে সিহঁতৰ জন্ম, সিহঁতৰ জীয়াই থকাৰ অধিকাৰ আমাৰ কাষত বন্ধকত ৰাখি লৈছে। ইমান স্বাৰ্থপৰ কিয় অৱন্তিকা ? বিনিময়ত অন্ততঃ কিবা প্ৰাপ্য এটাটো দিয়া সিহঁতক ! অকাল মৃত্যু কিয় ?”
         অৱন্তিকা পুনৰ নিশ্চুপ হৈ ৰয়। পৰাণে উচুপে। কাতৰ চকুবোৰ,অমাত জীৱবোৰৰ মৃত্যুৰ পূৰ্বৰ কাতৰ চকুবোৰে পৰাণক খেদি ফুৰে। কেঁচা মাছৰ বজাৰখনৰ সৰু ল’ৰাটোৰ লগে লগে উচুপে পৰাণে। বহুদূৰৈত দলিয়াই দিয়ে পৰিস্থিতিতন্ত্ৰৰ থিয়ৰি। বৰফৰ টুকুৰা বোৰ ক্ৰমাৎ ৰঙা হৈ যোৱা যেন লাগে তাৰ। সমুখৰ বগাবোৰ ৰঙা হৈছে, পৰাণে চকুহাল মোহাৰি দিয়ে, কি দেখিছে সি ! ঠিক, ৰঙা নদী এখন হৈছে, বৰফবোৰ গলিছে, গলি গলি বৰণ সলাই ৰঙা নদী এখন হৈছে। অৱন্তিকা ! পৰাণে কাতৰে মাতে,
অৱন্তিকাৰ মাতষাৰ ভাঁহি নাহে পুনৰ। ফোনটো চাই দেখে অৱন্তিকাই সংযোগ বিচ্ছিন্ন কৰিছে। ৰঙা বৰফবোৰ ক্ৰমাৎ নদী এখন হৈছে। কাঁচৰ আৱৰণখনেদি পৰাণে দেখিলে, সেই নদী হ’বলৈ ধৰা ৰঙাবোৰৰ মাজত ৰৈ আছে সৰু ল’ৰা এটা, সেই মাছৰ বজাৰত কান্দি দিয়া ল’ৰাটো। পৰাণ ওলাই যাব খোজে তাৰ কাষলৈ ,পৰা নাই। দুৱাৰখন খুলিব পৰা নাই,খিৰিকীৰ কাঁচৰ ফাঁকেৰে ল’ৰাটোক মতাৰ প্ৰয়াস কৰোতেই পৰাণে দেখিলে এজাক মানুহে খিৰিকীৰ কাষত কোলাহল আৰম্ভ কৰিছে,সিহঁতৰ শাণিত চকুবোৰত লালসাৰ ৰংবোৰ দুগুণ হৈ চৰিছে। প্ৰত্যেকৰে হাতে হাতে প্লেকাৰ্ড,ৰঙাকৈ আখৰেৰে লিখা আছে -” পৰিস্থিতি তন্ত্ৰ !”
সৰু ল’ৰাটোৰ চিঞৰবোৰ পৰাণে নুশুনা হৈ আহিছে। মানুহবোৰৰ কোলাহল বাঢ়ি আহিছে ক্ৰমাৎ । সৰু ল’ৰাটো পৰাণে চকুৰে ঢুকি নোপোৱাকৈ দূৰ হৈ গৈছে। পৰাণে অৱশ হৈ নিজৰ চকুহাল মুদি দিলে। মানুহবোৰে চিঞৰি আছে, তেজৰ নৈখন বৈ আছে। পৰাণৰ অৱশ দুচকুৰ সমুখলৈ নামি আহিছে এজাক আন্ধাৰ সময়।
         অৱন্তিকা ! চকামকাকৈ চকুহাল মেলিয়েই পৰাণে দেখিলে অৱন্তিকাৰ মেছেজ। খুলি চালে সি, সেউজীয়া পথাৰ এখনৰ ফটো দি কৈছে তাই, -” বগাবোৰৰ মাজত সেউজীয়া অকনমান গুজি ল’ব তাত। মই পঠিয়াই দিছোঁ, অ’ বিনিময়ত মোলৈ বগা নিদিলেও হ’ব। “
    পৰাণে লিখিলে – ” অৱন্তিকা,ইয়াত বগাবোৰ ৰঙা হৈ গৈছে !”
      কিবা এক বিভ্ৰান্তিত পৰাৰ দৰে সি বাহিৰলৈ চাই পঠিয়ালে। তেজৰ নদীখন ক’ত হেৰাই গ’ল ! মানুহৰ কোলাহলবোৰ নাই। একোৱেই নাই। নে ৰাতিৰ এন্ধাৰ বাবে ৰঙাবোৰ দেখা নাই সি ! উমহো,সৌৱা ষ্ট্ৰীট লাইটৰ পোহৰত বগা দলিচা এখন হৈ আছে বাহিৰত। পুনৰ ম’বাইলটো চালে সি,অৱন্তিকাই উত্তৰ দিছে -“ৰঙা হৈছে যদিও হ’বলৈ দিয়ক। আপুনি ভালপোৱা সেউজীয়া বোৰ সামৰি ৰাখক বুকুত। পৃথিৱীখন আপুনি ইচ্ছা কৰাৰ দৰেই সলনি কৰিব নোৱাৰে। অথচ নিজৰ বাবে নিজৰ ভাললগাকৈ গঢ়ি ল’ব পাৰে । বগাবোৰ ৰঙা হৈছে, কোনো কথা নাই। আপুনি আপোনাৰ বাবে সেউজীয়া কৰি লওক,আৰু এটা কথা কি জানেনে,পৃথিৱীৰ আমিষবোৰক আপুনি নিৰামিষ কৰিব নোৱাৰে,অথচ নিজৰ নিৰামিষ পৃথিৱীখনত সুখী হৈ থাকিব পাৰে, আনৰ প্ৰতি ক্ষোভ ৰখাতকৈ আনৰপৰা আশা কৰাখিনি আপুনি অন্ততঃ কাৰ্য্যত পৰিণত কৰিছে,সেই কথাৰে সুখী হওকচোন। কেতিয়াবা যদি লগপোৱা হয় আমাৰ, মই চিকেন খুৱাই দিম বুলি ধেমালি নকৰোঁ বাৰু আপোনাক,আপোনাৰ চইচমতে খাম,আৰু পৰিস্থিতি তন্ত্ৰৰ লেকচ্যাৰবোৰো নিদিওঁ। আপুনি সেউজীয়া নিৰামিষ সপোন এটা বুকুত গুজি সুখী হৈ থাকক ! মই গল্পটো লিখিলোঁ, পঢ়ি চাওকচোন !”
 অৱন্তিকাই হোৱাটছ এপত দীঘলীয়া আখৰৰ মিছিল এটা পঠিয়াই দিলে, শীৰ্ষত শিৰোনাম হৈ জ্বিলিকি আছে তিনিটা আখৰ –
“এটা নিৰামিষ গল্প”
# (ৰ’দ ৰাগিনী,ডিব্ৰুগড় বিশ্ববিদ্যালয়,)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!