এজন শিক্ষকৰ কথাৰে

পিনাক পাণি বৰুৱা

বেংকিঙেই চাওক বা টেলিকম বা টুৰিজম বা (শিক্ষাক বাদ দি) অন্য যিকোনো চেক্টৰেই চাওক, যোৱা দহ বিশ বছৰত সকলো আমাৰ চকুৰ আগতেই সলনি হৈ গৈছে। বিশ বছৰ আগতে কোনে ভাবিছিল আমি কাগজৰ নোট নহ’লেও এখন কাৰ্ড লৈয়ে বজাৰ-সমাৰ  কৰি ফুৰিব পাৰিলোহেঁ‌তেন বুলি? কোনে ভাবিছিল হাতত থকা মবাইল নামৰ যন্ত্ৰ এটাৰ এপ নামৰ জিনিছটো ব্যৱহাৰ কৰিয়ে অচিনাকী ঠাইটো গাড়ী মাতি হোটেল বুক কৰি নিজৰ ইচ্ছাত ঘুৰি ফুৰিব পাৰিলোহেঁ‌তেন বুলি? কোনে ভাবিছিল চচিয়েল মেডিয়া মাৰ্কেটিং, এপ ডিজাইনিং ইত্যাদিও জীৱিকা হ’ব পাৰে বুলি?
গতিকে এই পৰিবৰ্তনবোৰৰ লগত আমাৰ শিক্ষা ব্যৱস্থাত যোৱা দহ-বিশ বছৰে হোৱা পৰিবৰ্তন তুলনা কৰিলেই বুজি পোৱা যাই আমাৰ ল’ৰা -ছোৱালীয়ে চাকৰি নোপোৱাৰ আঁ‌ৰৰ মূল কাৰণ। আজিও সেই একেবোৰ বস্তুকে একেই কলা বৰ্ডত বগা চক লৈ শিকাই থকা হৈছে। পৰিৱৰ্তিত সময়ৰ লগত খাপ খাই আজি অন্তঃত ব্লেক বৰ্ডবোৰৰ স্থান প্ৰজেক্টৰ আৰু পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্বনে ল’ব লাগিছিল (just an example)। কম্পেনীবোৰে বিচাৰে ভবিষ্যতৰ সমস্যা সমাধান কৰিব পৰা পাৰ্থী যিবোৰ আমাৰ শিক্ষা ব্যৱস্থাই  প্ৰদান কৰিব পৰা নাই।
নতুন চৰকাৰখনে শিক্ষা ব্যৱস্থা সলনি কৰিবলৈ বহুখিনি পদক্ষেপ হাতত লৈছে যদিও আমাৰ শিক্ষকসকলৰ মনোবৃত্তি সলনি নহ’লে সেইসমূহ সফল হৈ নুঠে আৰু যদি সফল নহয় তেন্তে নিবনুৱা সমস্যাই বহুত ভয়ংকৰ ৰূপ ল’ব গৈ আছে।
আজিৰ ইউ টিউব, ইনষ্টাগ্ৰামৰ যুগত ব্লেকবৰ্ডৰ বগা আখৰত ল’ৰা ছোৱালীৰ মন বহিব বুলি ভবাটো শিক্ষকসকলৰ ভুল, শিক্ষা ব্যৱস্থাৰ ভুল। আমি নতুন নতুন আকৰ্ষণীয় পদ্ধতি হাতত ল’ব লাগিব, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ দূৰত্ব কমাব লাগিব, শিক্ষাদান কেৱল শ্ৰেণীকোঠাৰ মাজতেই সীমাবদ্ধ নাৰাখি বাহিৰলৈও আনিব লাগিব, ব্যৱহাৰ কৰিব লাগিব ফেচবুক, ৱাটচ আপৰ দৰে ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় আহিলাবোৰ, পুৰণি অলাগতিয়াল বিষয়বোৰ বাদ দি এনে বিষয় চিলেবাছত ভৰাব লাগিব যিবোৰে চাকৰিৰ বাবে যোগ্য কৰি তোলে ছাত্ৰ-ছাত্ৰী সকলক।
পিনাক পাণি বৰুৱা
জি আই এম টি – তেজপুৰ

Related Articles

Close