এগৰাকী সাহসী নাৰীৰ কথাৰে

প্লাৱিতা বৰুৱা

অতি কম বয়সতেই মাতৃক হেৰুওৱা, ১৫ বছৰ বয়সত বাল্য বিবাহৰ বলি, ১৬ বছৰত অকাল মাতৃত্বৰ বোজা, স্বামীৰ ঘৰত অবৰ্ণনীয় মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ বলি, এতিয়া বলিউডৰ বিখ্যাত ‘ষ্টাণ্টৱোমেন’ গীতা টেণ্ডনৰ বিষ্ময়কৰ যাত্ৰা…..

চোকা গ্লাচৰ মাজেৰে জাপ মৰা, অতি তীব্ৰ গতিত ভয়ানক ৰাষ্টাৰ মাজেৰে গাড়ী চলোৱা , জুইৰ মাজেৰে দৌৰি যোৱা ধৰণৰ ‘ষ্টাণ্ট’ কৰাতো হয়তো আমাৰ বাবে কল্পনাৰো বাহিৰত। কিন্তু ৩১ বছৰীয়া গীতাৰ বাবে এই বিপদজনক ষ্টাণ্টবোৰেই জীয়াই থকাৰ একমাত্ৰ অনুপ্ৰেৰণা, একমাত্ৰ সম্বল।

এসময়ত নিজেই নাৰকীয় যন্ত্ৰ্নাৰ ভুক্ত্ভোগী, গীতা এতিয়া বহুতৰে বাবে দৃঢ় সাহস আৰু মনোবলৰ জীবন্ত উদাহৰণ। গীতায়ে ইণ্টাৰভিউ এটাত কোৱা তেওঁৰ জীৱনৰ কথাকেইটামান কথাৰ অনুবাদ এইধৰনৰ,

“মই মাত্ৰ ১৫ বছৰ বয়সৰ আছিলো যেতিয়া মোৰ বিয়া পাতি দিয়া হৈছিল। ১০ বছৰ বয়সতে মোৰ মা ঢুকাইছিল। মাক হেৰুৱাৰ বেজাৰ আৰু চাৰিটাকৈ ল’ৰা ছোৱালীৰ দায়িত্ব অকলে ল’ব লগিয়া হোৱাত দেউতাৰ অৱস্থা শোচনীয় হৈ পৰিছিল। ওচৰ-চুবুৰীয়া আৰু ঘৰুৱা মানুহৰ হেঁচাত মোৰ বিয়াৰ কাৰনে ল’ৰা চোৱা আৰম্ভ হ’ল আৰু দুদিনৰ ভিতৰতে মোৰ এটা ধনী ঘৰৰ লৰাৰ লগত বিয়া হৈ গ’ল।বিয়াৰ প্ৰথম দিনা মোৰ স্বামীয়ে আবেলিৰ পৰা মদ খোৱা আৰম্ভ কৰিলে। তেঁও খোৱাৰ প্লেট এখন মাতিত দলিয়াই মোক আদেশ দিলে চাফা কৰিবলৈ আৰু কলে যে মই তাৰ চাকৰহে।মই নকৰো কোৱাত তেঁওৰ মাকে ক’লে ‘তাইক লৈ যা, কাপোৰ ফালি মজা দে তাইক, মুখ চলাব আহিছে’ আৰু সেইদিনৰ পৰা আৰম্ভ হ’ল মোৰ নাৰকীয় জীৱন। সদায় আবেলি মদ খাই মোৰ স্বামিয়ে মোৰ ওপৰত চৰ, গোৰ, ধৰ্ষণৰ পৰা আৰম্ভ কৰি সকলো ধৰনৰ অত্যাচাৰ চলাইছিল।১৬ বছৰ বয়সত মোৰ প্ৰথম সন্তান জন্ম হৈছিল আৰু তাৰ দুবছৰ পিছতেই দ্বিতিয় সন্তানো। মই ভাবিছিলো সন্তান হোৱাৰ পিছত মোৰ ওপৰত অত্যাচাৰ কমিব কিন্তু দূৰ্ভাগ্যজনকভাবে অত্যাচাৰ দিনক-দিনে বাঢ়ি হে গ’ল। মোৰ সন্তানে ভোকত কান্দি থাকে আৰু মোৰ স্বামিয়ে মোক সিহঁতৰ ওচৰলৈ যাবলৈ নিদি মোক একেলেঠাৰিয়ে মাৰি থাকে।আনকি চিলিণ্ডাৰেদিও সি মোক মাৰিছিল। এদিন মোৰ মূৰতো ৱালত জোৰত কেইবাবাৰো মাৰি আছিল। ৫-৬ বাৰমান মৰা পিছত মোৰ মূৰ ঘুৰোৱা আৰম্ভ হ’ল আৰু অত্যাচাৰ সহ্য কৰিব নোৱাৰি মই সেইদিনা ওচৰৰ পুলিচ ষ্টেচন এটালৈ অটো এখন লৈ গলো। তাত পুলিচ বিষয়া কেইজনক সকলো কোৱাৰ পিছত তেঁওলোকৰ কথাবোৰ এনেধৰণৰ আছিল ‘কোনে মাৰিলে? নিজৰ স্বামীয়ে? ১০ দিন মান মিতিৰ-কুতুম্বৰ ঘৰত থাকি আহ, নিজে নিজে ঠিক হৈ যাব, এইবোৰ ঘৰুৱা কথা ঘৰতে থাকিব দে’।তেতিয়া মই ঠিক কৰিলো যে মই নিজেই সেই জঘন্য ঠাইৰ পৰা আতঁৰি আহিব লাগিব, নহলে ইয়াত এনেকৈয়ে এদিন কৰুণ মৃত্যু আকোঁৱালি ল’ব লাগিব। মই মোৰ স্বামীক এদিন চিধা-চিধিকৈ ক’লো যে মই তাক এৰি গুচি যাব বিছাৰিছো।সি সেইটো শুনি ইমান বেছিকৈ মাৰ-পিত কৰিব লাগিলে যে মোৰ বৰজনাকে নিজেই মোক পলোৱাত সহায় কৰি দিলে। মই এখন হাতত লৰাটো আৰু কোলাত ছোৱালিজনী লৈ ৰাষ্টাৰ মাজেৰে দৌৰিব আৰম্ভ কৰিলো। সি পিছে পিছে দা এখন লৈ মোক খেদি আহিছিল।

মই ৰাতি তেনেকৈয়ে দৌৰি দৌৰি মোৰ বাইদেউৰ ঘৰ পালোগৈ। মোৰ ভিনডেউৱে মোৰ অৱস্থা দেখি মোক ক’লে যে ‘তই মোৰ ভণ্টিৰ দৰেই, তই ইয়াতে থাকিব পাৰিবি’। সেইকেইটা কথা মোৰ কাৰনে অমৃত সাদৃশ্য আছিল। বাহঁতৰ লগত বহুত শান্তিত ১০ দিন মান থাকিলো কিন্তু মোৰ স্বামীয়ে মই তাত আছো বুলি গম পাই ভিনডেউৰ ৰিক্সাখন এদিন জলাই দিলে। বাৰ শাহুৱেকে তেতিয়া মোৰ কাৰণে সিহঁতৰ অশান্তিহে হ’ব বুলি মোক তাৰ পৰা গুছি যাবলৈ ক’লে। মই মোৰ লৰা-ছোৱালীহাল লৈ বাবাজী এজনৰ লগত কথা পাতি গুৰুদ্বাৰা এটাত থাকিব ল’লো। তেঁও মোক কম্বল এখন আৰু গুৰুদ্বাৰাত তৈয়াৰ কৰা খাদ্য্ৰ ওপৰিও লৰা-ছোৱালিকেইতাক গাখিৰ খাবলৈ দিলে।তেনেকৈ ৫ দিনমান থকাৰ পিছত লৰা-ছোৱালিহালৰ মুখলৈ চাই ভাবিলো যে সিঁহতক মানুহ কৰিবলৈ উপাৰ্জন কৰিবই লাগিব।কাম বিছাৰি দিনটো খোজকাঢ়ি ঘূৰি ফুৰা আৰম্ভ কৰিলো।এদিন মানুহ এগৰাকিক লগ পালো। তেঁও মোক ঘৰ এটা ঠিক কৰি দিলে থাকিবলৈ। তাত থকা ৩দিন মান যোৱাৰ পিছত তেঁও এদিন আহি মোক সুধিলে লৰা-ছোৱালিৰ ভৱিষ্যতৰ কথা কি ভাবিছো মই। আৰু লগতে ক’লে যে ঘৰৰ মালিকজন অকলশৰীয়া আৰু মোক উপদেশ দিলে যে মই যদি তেঁওক স্ংগ দিও মোৰ ভৱিষ্যতৰ চিন্তাবোৰ বহুত কমি যাব। তেওঁৰ কথা শুনি সেইদিনায়েই লগে লগে সেইটো ঘৰ খালি কৰি দিলো আৰু বাইদেউহতঁৰ ঘৰলৈ গ’লো। বায়ে মোক মেছ এটাৰ বিজ্ঞাপন এটা দেখুৱাই তাত কিবা কাম ওলাব পাৰে বুলি সুধি আহিব কলে। এটা কাম পালো- মেছটোৰ বাবে ২৫০খনকৈ ৰুটি ৰাতিপুৱা আৰু ২৫০ খন আবেলি বনাব লাগে। ১২০০টকা দিব বুলি ক’লে। তাত কাম কৰি থাকোতে নতুন ভাড়াঘৰ এটাও ললো। তাত ওচৰে পাজৰে কেইজনিমান ছোৱালিৰ লগত বন্ধুত্ব গঢ়ি উঠিল। সিঁহতি সদায় সাজি-কাচি কামলৈ গৈছিল আৰু মোক কৈছিল যে মাছাজ পাৰ্লাৰ এটাত কাম কৰে।সিহঁতৰ কাম ইমান কষ্টকৰ নহয় আৰু দৰ্মহাও ভাল বুলি কোৱাত মই ও আগ্ৰ্হ দেখুৱালো কামটোৰ প্ৰ্তি। এদিন সিঁহতৰ লগতে গ’লো। পিছে তাত গৈ গম পালো যে তাত মাছাজৰ নামত বেলেগ ব্যৱসায় হে চলিছিল। সেইটো কথা গম পাই তাৰ পৰা প্ৰায় দৌৰি অহাদিয়েই গুচি আহিলো। কান্দিলো খুউব, যিকোনো কামেই কৰিম কিন্তু দেহ ব্যৱসায় নকৰো বুলি সিদ্ধান্ত ল’লো। ভগৱানক প্ৰাৰ্থনা কৰিলো যাতে ভিক্ষা খুজিব লগা অৱস্থা নহয়।

তাৰ পিছত মোৰ দেউতাক জোৰ কৰিলো মোক কাম বিচাৰি দিবলৈ। দেউতায়ে পঞ্জাবী খুৰা এজনৰ ফন নাম্বাৰ দিলে। তেঁওৰ নিজৰ ‘ভাংগ্ৰা’ নচা ডাঞ্চ গ্ৰুপ এটা আছিল। বিয়া আদিত নাছিছিল।তেওঁ মোক নিজৰ গ্ৰুপত অন্তৰ্ভূত কৰি ল’লে। প্ৰথম দিনা তেওঁলোকৰ লগত বিয়া এখনত নাছিলোগৈ।দিনটোৰ শেষত ৪০০ টকা দিলে তেঁও মোক। এদিন চিনেমাৰ ‘ছুটিং’ এটাত নাচিব যাওঁতে বান্ধবী এজনি লগ পালো। তাই মোক সুধিলে চিনেমাত ‘ষ্টাণ্ট’ কৰিব ইচ্ছা আছে নেকি। তেতিয়ালৈকে মই তেনেকুৱা ধৰণৰো যে চাকৰি থাকে গমেই পোৱা নাছিলো। মই লগে লগে ৰাজি হৈ গলো। প্ৰথম কাম লাডাখত আছিল। মোক ‘firesuit’ পিন্ধাই জুই লগাই দিয়া হৈছিল।প্ৰ্থম কামৰ দিনায়েই মোৰ মুখত বেয়াকৈ জুইয়ে পুৰিছিল কিন্তু মই এইটো কাম কৰিম বুলি মনটো ভালকৈ বান্ধি লৈছিলো। লাগতিয়াল প্ৰশিক্ষন খিনি লোৱাৰ পিছত বিভিন্ন চিনেমাত কাম কৰাৰ সুযোগ পালো। যদিও মাজে মাজে দূৰ্ঘটনাৰ সন্মূখীন হৈছিলো এতিয়া পিছে মই যিকোনো গাড়ী বা বাইক অনায়াসে চলাব পাৰো আৰু পুৰুষ প্ৰ্ধান এইটো বৃত্তিত সমানে ফেৰ মাৰি যিকোনো ধৰণৰ ষ্টাণ্ট কৰিব পাৰো।”

     এতিয়া গীতাৰ লৰা আৰু ছোৱালিৰ বয়স ক্ৰমাৎ ১৬আৰু ১৪ বছৰ। তেঁওৰ বছৰি উপাৰ্জন প্ৰায় ৭-৮ লাখ আৰু নিজৰ কৰ্মৰ বলত মালাড ত এটা ধুনিয়া ঘৰৰো অধিকাৰি। তেঁও আৰু কয় যে তেঁও ছোৱালিবোৰৰ বাবে এখন আত্ম-ৰক্ষাৰ পদ্ধতি শিকোৱা স্কুল খুলিবৰ বাবে আগ্ৰ্হী।তেঁওৰ মতে মানুহৰ জীৱনটো বৰ অনুপম কিন্তু লগতে বহুত ছুটিও, জীৱনত বহুত ঘাট-প্ৰ্তিঘাট, ভাল-বেয়া, সুখ-দুখ পাৰ কৰি আগবাঢ়িব লগিয়া হয়, কিন্তু মানুহে কেতিয়াও কোনো ক্ষেত্ৰ্তে হাৰ নামানি সদায় আগুৱাই যাব লাগে। তেঁওৰ লৰা-ছোৱালীয়েও কয় যে মাকে সিঁহতৰ কাৰনে বহুত কৰিছে আৰু গীতাৰ সাহস আৰু সফলতাত সিহঁতি বহুত গৌৰব অনুভৱ কৰে।

     গীতা টেণ্ডনে ইতিমধ্যে বলিউদৰ অভিনেত্ৰী যেনে পৰিনীতি ছোপ্ৰা, আলিয়া ভাট্ট, কৰিণা কাপুৰ, দিপিকা পাডুকনৰ বাবে ‘ষ্টাণ্ট-ডাবুল’ হিচাপে কাম কৰিছে। তেঁওৰ জীৱন কাহিনী যাতে সম্পৰ্কৰ খাতিৰত বিভিন্ন অতিশয্যা নীৰৱে সহি থকা মহিলাসকলৰ বাবে সাহস আৰু প্ৰেৰণাৰ উৎস হৈ উঠক। এনেবোৰ অসাধাৰণ মহিলাৰ উদ্দ্যম আৰু জীৱনৰ প্ৰ্তি ভালপোৱা সচাঁকৈয়ে প্ৰ্শ্ংসনীয়। তেঁওৰ আহি থকা দিনবোৰ যেন ভাল সময়ৰে উপচি পৰক।

প্লাৱিতা বৰুৱা, সহকাৰী অধ্যাপিকা
বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ, জি. আই. এম. টি, তেজপুৰ

**মহাবাহু**

Show More

Related Articles

Back to top button
error: Content is copy right protected !!