এক মিনিটৰ গল্পৰ বিষয়ে

ডা° সুকৃতি চৌধুৰী

ইতিমধ্যে অণুগল্পৰ বিষয়ে মোৰ ক্ষুদ্ৰ মস্তিস্কই বুজা কথাবোৰ লিখিছিলো ৷ কিন্ত যেতিয়ালৈকে এক মিনিটৰ গল্পক আলোচনালৈ অনা নহ’ব, তেতিয়ালৈকে অণুগল্পৰ বিষয়ে কৰা আলোচনা  সম্পূৰ্ণ নহ’ব ৷ সেয়ে, আহক আপুনি আৰু মই আজি এক মিনিটৰ গল্পৰ বিষয়ে কথা পাতো —–
এক মিনিট বুলি কৈ যিহেতু time factor টোকেই গুৰুত্ব দিয়া হৈছে, সেয়ে একেবাৰেই সৰল ভাষাৰে আৰু প্ৰাথমিক পৰ্যায়ত চাওঁ আহকচোন এটা মিনিট বা ৬০ চেকেণ্ডত আমাৰ শৰীৰটোৱেনো কি কি কৰে —
 এক মিনিট বা ৬০ চেকেণ্ডত আমাৰ শৰীৰত প্ৰায় ৬০ লাখ ৰাসায়নিক ক্ৰিয়া-বিক্ৰিয়া হয় ৷ আপোনাৰ হাৰ্ট বিট এক মিনিটত গড়ে ৬০ বাৰৰ পৰা ১০০ বাৰ হ’ব ৷ এই হাৰ্ট বিটৰ ফলতেই শৰীৰত ১.৩৩ ৱাটৰ সমান বৈদ্যুতিক আধান সৃষ্টি হয় ৷ তদুপৰি শৰীৰৰ পেশী সমুহৰ সন্ঞ্চালনে প্ৰায় ১০০ ৱাটৰ সমান বৈদ্যুতিক আধানৰ জন্ম দিয়ে ৷ যাৰ সহায়ত নিউৰণ সমূহে শৰীৰৰ অংগ সমূহৰ মাজত যোগাযোগ স্হাপনা কৰে ৷ এনেদৰেই আমাৰ দৃষ্টি বা স্পৰ্শ অনুভুতিয়ে এক মিনিটত ৬০০ মিলিয়ন বিট ভিজুৱেলচ বা দৃশ্যাংশ আমাৰ মগজুলৈ পঠিয়ায় যিবোৰ ৭০ এম-বি ভিজুৱেল ইনফৰমেশ্যনৰ সমান ৷
মাত্ৰ এটা মিনিটত সাধাৰণভাৱে ভাল I.Q. ৰ মানুহে ৭২ টাৰ পৰা ১৫০ টা লৈকে শব্দ পঢ়ি ইয়াৰ অৰ্থ বুজে ৷ যি সকলৰ I.Q. যথেষ্ট বেছি বা খৰকৈ পঢ়াৰ বিভিন্ন কলা-কৌশল যত্ন কৰি আয়ত্ব কৰিছে, তেওঁলোকে এক মিনিটত সৰ্বাধিক ৪০০ টা পৰ্যন্ত শব্দ অৰ্থ বুজি পঢ়িব পাৰে ৷
আপুনি হয়তো ভাবিছে যে এক মিনিটৰ গল্পৰ কথা ক’বলৈ গৈ মানুহৰ শৰীৰ বিজ্ঞানৰ কথানো কিয় বখানিছো ৷ ইয়াৰ কাৰণ হ’ল, যিহেতু এক মিনিটৰ গল্প হ’ব লাগিব সেয়ে এক মিনিটত শৰীৰটোত যি ঘটে যাৰ উপযোগী কৈ গল্পটো হ’ব লাগিব ৷
এক মিনিটৰ গল্প আৰু অণু গল্প একে হয় নে ? ইয়াৰ উত্তৰত ক’ব পাৰি যে  –(ক) সকলো অণু গল্প এক মিনিটৰ গল্পৰ পৰিসৰত পৰে কিন্ত (খ) সকলো এক মিনিটৰ গল্প অণু গল্প নহয় ৷ মানে ? ? এক মিনিটৰ গল্পৰ পৰিসৰ অণু গল্পতকৈ ডাঙৰ আৰু অণু গল্প এক মিনিটৰ গল্পবোৰৰ ভিতৰত পৰে ৷ এটা সহজ উদাহৰণেৰেহ চাওঁ আহকচোন >>> ধৰি লওঁক আপোনাৰ থকা ঘৰটোত এটা ড্ৰইং ৰূম + এটা শুৱা ৰূম +এটা পঢ়া ৰূম + ডাইনিং এৰিয়া +পাক ঘৰ + বাথৰুম আছে ৷ মানে এই গোটেইবোৰ মিলি একেলগে আপোনাৰ ঘৰটো ৷ এতিয়া ড্ৰইং ৰূমটো আপোনাৰ ঘৰটোৰ অংশ হয় ৷ কিন্ত অকলে ড্ৰইং ৰূমটোৱেই আপোনাৰ পুৰা ঘৰটো নহয় বা পুৰা ঘৰটো বুলি ক’লে অকল ড্ৰইং ৰূমটো নুবুজায় ৷ ধৰি লওঁক আপোনাৰ ঘৰটো যদি এক মিনিটৰ গল্প তেনেহ’লে ড্ৰইং ৰূমটো অণু গল্প ৷
এতিয়া আমি যে শৰীৰ বিজ্ঞানৰ দৃষ্টিৰে চাইছিলো এক মিনিটত শৰীৰটোৱে কিমান কি কৰিব পাৰে, গতিকে এক মিনিটৰ গল্পবোৰ সেই কথাবোৰৰ লগত খাপ খোৱা মানে এক মিনিট মানৰ ভিতৰত এজন average I.Q. থকা মানুহে কিমান খিনি পঢ়ি বুজি মনৰ মাজত গল্পটোৰ ছবি খন আঁকিব পাৰিব, গল্পটো থিক সিমান খিনিয়েই হ’ব লাগিব ৷ জৰুৰী নহয় যে এক মিনিটৰ গল্প এটাই অণু গল্পৰ দৰেই মুহুৰ্ততে বিৰাট চমক দি  ভাৱ সাগৰত প্ৰচন্ড ঢৌৰ সৃষ্টি কৰিবই লাগিব ৷ অণুগল্প ৰ বৈশিষ্ট্যবোৰ Pin pointed. কিন্ত সামগ্ৰিকভাৱে এক মিনিটৰ গল্পবোৰ Flexible. এক মিনিটৰ গল্প বিলাক কম আয়তন আৰু এটা প্লটৰ গল্প য’ত নেকি চমক সৃষ্টি নকৰাকৈ চমু অথচ আকৰ্ষণীয়ভাৱে গল্পটো উপস্হাপন কৰা হয় ৷
এক মিনিটৰ গল্প বুলি ক’লেও কিন্ত মই এতিয়ালৈ পঢ়া প্ৰায়বোৰ অসমীয়া, বাংলা, হিন্দী আৰু ইংৰাজী ত লিখিত এক মিনিটৰ গল্প পঢ়োতে এক মিনিটতকৈ বেছি সময় লাগিছে ৷ কাৰণ average I.Q.ৰ  এজন মানুহৰ ভাষাৰ ওপৰত দখল থাকিলেও মোটামুটি ভাৱে ৰস আস্বাদন কৰি গল্পটো পঢ়োতে কমেও তিনিৰ পৰা পাঁচ মিনিট লাগিবই ৷ আনহাতে ৭২ টাৰ পৰা ১৫০ টা শব্দৰ ভিতৰতেই এক মিনিটৰ গল্প এটা হৈ উঠিব লাগিব বুলি একো কথা নাই ৷ ই মাথো হ’ব লাগিব চমু গল্প বিলাকৰ ভিতৰত আটাইতকৈ চমু গল্প (shortest among the short)  যি অণু গল্পৰ বৈশিষ্ট্য দাবী নকৰে ৷
বহুতে দাড়ি কমা নিদিয়াকৈ এটা দীঘলীয়া শাৰীত গল্প লিখে ৷ ইয়াত অণু গল্পৰ বৈশিষ্ট্য নেথাকিবও পাৰে ৷ কিন্ত এই বিলাকো এক মিনিটৰ গল্প হয় ৷
যথেষ্ট ভাল I.Q. থকা মানুহে দীঘলীয়া লেখা এটাকো ওপৰৰ এশাৰী আৰু তলৰ এশাৰী পঢ়ি মাজৰ কথাখিনিৰ সাৰমৰ্ম কৈ দিব পাৰে ৷ তেওঁলোকৰ পঢ়াৰ speed and acccuracy দেখিলে তবধ মানিব লাগিব ৷ স্বামী বিবেকানন্দ এনে দক্ষতাৰ অধিকাৰী আছিল বুলি পঢ়িছো ৷ আনহাতে অসমৰ জীৱন্ত কিংবদন্তি মাননীয় হোমেন বৰগোহাঞি ছাৰো এনে দক্ষতাৰ অধিকাৰী ৷ আপুনি যদি কেনেকৈ খৰকৈ পঢ়ি বুজিব পাৰি কথাবোৰৰ টেকনিক শিকিব খোজে তেনেহ’লে এই বিষয়ে বহুতো কিতাপ আছে ৷
স্কুল কলেজ বিশ্ববিদ্যালয়ৰ ৱাল মেগাজিনত প্ৰকাশিত গল্পবোৰ আচলতে এক মিনিটৰ গল্পৰ উদাহৰণ হ’ব পাৰে ৷ মই কটন কলেজত হায়াৰ চেকেণ্ডেৰী পঢ়ি থকাৰ সময়ত অফ পিৰিয়ড বোৰত এই ৱাল মেগাজিনৰ গল্পবোৰ পঢ়ি ফুৰিছিলো ৷ আজি পাগুলিয়াই চাই ভাবি পাইছো যে ৱাল মেগাজিনৰ সেই গল্পবোৰ এক মিনিটৰ গল্পৰ উচিত উদাহৰণ ৷ আশী আৰু নব্বৈৰ দশকৰ কেতবোৰ অসমীয়া কাকত আলোচনীত এক মিনিটৰ গল্প পঢ়া মনত আছে ৷ কিন্ত গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ হল লাইব্ৰেৰী (পুৰণি কাৰ্জন হল লাইব্ৰেৰী) আৰু ৰবীন্দ্ৰ ভৱনৰ কাষৰ গুৱাহাটী জিলা পুথিভঁৰালত খুচৰিও ষাঠি বা সত্তৰৰ দশকৰ উপলব্ধ কাকত আলোচনীত এক মিনিটৰ গল্প চকুত পৰা নাছিল ৷  মই কটনৰ বিভিন্ন বিভাগ আৰু হোষ্টেলৰ ৱাল মেগাজিনত এক মিনিটৰ গল্পবোৰ পঢ়ি ইয়াৰ প্ৰতি তীব্ৰ আসক্তি অনুভৱ কৰিছিলো ৷ হায়াৰ চেকেণ্ডেৰী বিজ্ঞানৰ ছাত্ৰী হিচাপে বেছি দীঘলীয়া গল্প উপন্যাস পঢ়িবলৈ সময় কম হৈছিল ৷ সেয়ে কোৰ্চৰ পঢ়াৰ মাজতে চমুকৈ কিবা পঢ়ি আমোদ ল’ব খুজিছিলো ৷ আশীৰ দশকৰ শেষৰ ফালে আৰু নব্বৈৰ দশকৰ অসমীয়া কাকত আলোচনীত এক মিনিটৰ গল্পৰ পয়োভৰ নেথাকিলেও যিমান খিনি প্ৰকাশ হৈছিল সেয়া মোৰ দৰে সাধাৰণ পাঠিকাক সন্তোষ দিব পৰাকৈ যথেষ্ট ৷ কিন্ত মোৰ বিচাৰেৰে ৱাল মেগাজিনবোৰত প্ৰকাশিত গল্পবোৰেই হে এক মিনিটৰ গল্পৰ বাটকটীয়া আছিল ৷ হয়তো ষাঠি বা সত্তৰৰ দশকতো ৱাল মেগাজিন আছিল আৰু এক মিনিটৰ গল্প বুলি শিৰোনামা নেথাকিলেও প্ৰকাশিত গল্পবোৰ এক মিনিটৰ গল্পই আছিল ৷
“এক মিনিট ৰ’বা দেই”–বুলি আমি কাৰোবাক অকণমান সময় /কম পৰিমাণৰ সময় ৰ’বলৈ কওঁ ৷ ইয়াত ঘড়ী চাই ষাঠি চেকেণ্ড অপেক্ষা কৰা নুবুজায় ৷ থিক সেইদৰে এক মিনিটৰ গল্প কথাটোৱে ষাঠি চেকেণ্ডতে গল্প এটা পঢ়ি শেষ কৰিব পৰা হ’ব লাগিব বুলি নুবুজায় ৷ কম সময়ৰ ভিতৰত পঢ়িব পৰা হ’ব লাগিব সেই কথা বুজায় ৷
এক মিনিটৰ গল্প যিহেতু অণু গল্পৰ দৰে শাণিত আৰু তীব্ৰ হ’বই লাগিব বুলি কথা নাই সেয়ে ইয়াত সাধাৰণ বৰ্ণনা আশা কৰা হয় ৷ ভাষা যিমানেই সৰল হ’ব এটা এক মিনিটৰ গল্প সিমানেই উত্তম হ’ব ৷ কোনোবা এজন প্ৰসিদ্ধ অসমীয়া লেখকৰ এটা উক্তিত এই বুলি পাইছিলো যে গুৱা তামোলখন চোবাই পাগ তুলি খাব পৰালৈকে পঢ়িব পৰা গল্পটোৱেই এক মিনিটৰ গল্প ৷ মানে এক মিনিটৰ গল্পৰ শিৰোনামাৰে প্ৰকাশিত গল্পত এক মিনিট সময়ৰ পৰিমাণ ইমানেই ৷ মই এই কথাত দুঃখিত যে সেই লেখক জনৰ নামটো এই মুহুৰ্তত মনলৈ অহা নাই ৷ কিন্ত তেখেতৰ কথাটো একদমেই সত্য ৷৷
আপোনাকতো কৈছোৱেই যে মই সাহিত্যৰ ছাত্ৰী বা চমঝদাৰ পাঠিকা নাছিলো আৰু য’ত থাকো তাত অসমীয়া কিতাপ পত্ৰ নেপায় ৷  কিন্তু এইটো কথা হয় যে আপুনিও এক মিনিটৰ গল্পৰ বিষয়ে আগ্ৰহী আৰু কিবা অলপ হ’লেও জানে ৷ নহ’লেনো শেষলৈকে লেখাটো কিয় পঢ়িব ? মই ইমান সময় কথা কৈয়েই থাকিলো, এইবাৰ কমেণ্ট বক্সত আপুনিও আপোনাৰ ফালৰ পৰা এক মিনিটৰ গল্পৰ বিষয়ে কওঁক আকৌ ৷ নহ’লেনো আলোচনাটো পৰিপূৰ্ণ কেনেকৈ হ’ব ?
টেইল পিচ —-পৃথিৱীখনে বোলে নিজৰ কক্ষ পথেৰে এক মিনিটত এহেজাৰ আঠশ (১৮০০) কিলোমিটাৰ গতি কৰে ৷ আপুনি মই এক মিনিটৰ গল্পৰ কথা পাতি থাকোতে কিমান দুৰ বা গতি কৰিলো ??
**মহাবাহু**
Show More

Related Articles

Back to top button
error: Content is copy right protected !!