এক নিযুত প্রচেছৰ

ড° ৰাস্না ৰাজখোৱা

এক নিযুত প্রচেছৰৰ সৈতে নতুন ছুপাৰ কম্পিউটাৰটো বিশ্বৰ আটাইতকৈ বেগী মগজু অনুকৰণকাৰী যন্ত্র

       বিজ্ঞানীসকলে অতি সম্প্রতি বিশ্বৰ সৰ্ববৃহৎ মগজুটো সক্রিয় কৰিছে—ই হ’ল এক লাখ প্রচেছিং ক’ৰ (processing core) আৰু 1200 আন্তঃসংযোগী বর্তনীযুক্ত এটা ব্যৱস্থা যি মানুহৰ মগজুৰ দৰে কাম কৰে। বিশ্বৰ সৰ্ববৃহৎ এই নিউৰ’মৰফিক কম্পিউটাৰটো বনাওঁতে 10 বছৰ লাগিছে আৰু দুই নৱেম্বৰত বৈজ্ঞানিকসকলে ঘোষণা কৰা মতে এই কম্পিউটাৰটোৱে নিউৰনৰ বিস্ফোৰণক অনুকৰণ কৰিব পাৰে।

        স্পাইকিং নিউৰেল নেটৱৰ্ক আর্কিটেকচাৰ (Spiking Neural Network Architecture) বা স্পাইন্নাকাৰ (SpiNNaker) নাম দিয়া এই কম্পিউটাৰটোৰ পাৱাৰ হাউছ সংযুক্ত গণৰাজ্যৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ত (University of Manchester) অৱস্থিত আৰু ই সচৰাচৰ কম্পিউটাৰৰ কর্ম-পদ্ধতিৰ পুনৰ বিবেচনা কৰে—এইদৰে বিশ্ববিদ্যালয়খনৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰফেছৰ আৰু প্রকল্প সদস্য ষ্টিভ ফাৰবাৰে (Steave Furber) কয়।

        কিন্তু স্পাইন্নাকাৰে মগজুৱে চিন্তা কৰাৰ দৰে চিন্তা নকৰে। ই মানুহৰ মগজুৰ নিউৰনৰ আৰ্হি সৃষ্টি কৰি বৰ্তমানৰ যিকোনো কম্পিউটাৰে সক্রিয় কৰা নিউৰনতকৈ বেছি নিউৰন সক্রিয় কৰে। ইয়াৰ মুখ্য কাম হ’ল আংশিক মগজুৰ আৰ্হিবোৰৰ, যেনে—কর্টেক্স (cortex), বেছেল গেঙেলিয়া (basal ganglia) আদি আৰ্হি বা বিস্ফোৰিত নিউৰনবোৰৰ নেটৱর্কে প্রকাশ কৰা বহু গুণাত্মক অঞ্চলবোৰৰ ব্যৱস্থা কৰা—ফাৰবাৰে এনেদৰে কয়।

ফাৰবাৰে কয় যে, 2016 চনৰ এপ্রিল মাহৰপৰাই স্পাইন্নাকাৰে পাঁচ লাখ ক’ৰ প্ৰচেছৰ ব্যৱহাৰ কৰি নিউৰন সক্রিয় কৰি আহিছে। কিন্তু বর্তমান উন্নত মেচিনটো দুগুণ ক্ষমতাসম্পন্ন। ইউৰোপিয়ান ইউনিয়নছ হিউমেন ব্রেইন প্রজেক্টৰ (European Union’s Human Brain Project) সহায়ত এটা অপ্রকৃত মানৱ মগজু বনোৱাৰ প্ৰচেষ্টাত স্পাইন্নাকাৰে বৈজ্ঞানিকসকলক পুংখানুপুংখ মগজু আৰ্হিবোৰ সৃষ্টি কৰাত সহায় কৰিব। কিন্তু বর্তমানে ই একে সময়তে কেৱল 200 কোৱাড্রিলিয়ন কার্য কৰাৰ ক্ষমতা আছে।

কিছুমান কম্পিউটাৰে প্ৰচেছৰৰ সংখ্যাৰ ভিত্তিত স্পাইন্নাকাৰৰ সৈতে প্রতিদ্বন্দ্বিতা হয়তো কৰিব পাৰে, কিন্তু ইয়াৰ ক্ষেত্ৰত এই প্রচেছৰবোৰৰ আন্তঃগাঁথনিটো সম্পূর্ণ বেলেগ। মানুহৰ মগজুত 100 বিলিয়ন নিউৰনে একে সময়তে বিস্ফোৰণ আৰু সংকেতৰ সঞ্চাৰণ সহস্রাধিক গন্তব্যস্থানলৈ প্ৰেৰণ কৰিব পাৰে। স্পাইন্নাকাৰে ইয়াৰ প্রচেছৰ সংযোগৰ ক্ষেত্ৰত এক ব্যতিক্রমী স্তৰৰ ব্যৱস্থা কৰিছে, যিটোৱে মগজুৰ নিউৰেল নেটৱৰ্কৰ দৰে আচৰণ কৰে। তেওঁ কয়, “সচৰাচৰ ছুপাৰ কম্পিউটাৰবোৰৰ ৰিয়েল টাইম মগজু আর্থিকৰণৰ ক্ষেত্ৰত সংযোগ ব্যৱস্থাটো খাপ নেখায়। তেওঁ কয়, “আন যিকোনো মেচিনতকৈ জৈৱিক ৰিয়েল টাইমত নিউৰেল নেটৱৰ্কৰ আৰ্হিকৰণৰ বাবে স্পাইন্নাকাৰ সম্পূর্ণ সক্ষম বুলি মই ভাবো।”

        পূৰ্বতে যেতিয়া স্পাইন্নাকাৰে পাঁচ লাখ প্রচেছৰৰ সৈতে কাম কৰিছিল, তেতিয়া ই ইন্দ্রিয় তথ্যৰ বিশ্লেষণত মগজুৰ কর্টেক্স অংশটোত আশী হাজাৰ নিউৰনৰ ব্যৱস্থা কৰিছিল। স্পাইন্নাকাৰৰ আন এটা সক্রিয়কৰণ হ’ল—বেছেল গেঙেলিয়া, য’ত আক্রান্ত হ’লে পার্কিংছনছ ৰোগ সৃষ্টি হয়, ই এইটোকে নির্দেশ কৰে যে এই কম্পিউটাৰটো মগজুৰ বিকাৰ অধ্যয়নৰ ক্ষেত্ৰতো সক্ষম।

        স্পাইন্নাকাৰে ‘স্প’ম্নিব’ট (Spomnibot) নামৰ ভ্রাম্যমাণ ৰবট এটাকো নিয়ন্ত্রণ কৰিব পাৰে। এই ৰবটটোৱে কম্পিউটাৰৰ সহায়ত ৰবটৰ দৃষ্টি সংবেদকৰ (Vision sensors) তথ্য ব্যাখ্যা কৰে আৰু ৰিয়েল টাইমত ইয়াৰ চলনশীলতা নিৰ্বাচনৰ ক্ষেত্ৰত কাম কৰে। ইমানখিনি গণনাৰ ক্ষমতা আৰু মগজুসদৃশ সামৰ্থ্য থকাৰ পিছত এটা প্রকৃত মানৱ-মগজুৰ দৰে স্পাইন্নাকাৰে কিমান ঘনিষ্ঠ ফলাফল দেখুৱাব পাৰিব? ফাৰবাৰে কয়, “এতিয়ালৈকে সঠিকভাৱে মানৱ-মগজু এটা সক্রিয়ণ কৰাটো সম্ভৱ হৈ উঠা নাই। স্পাইন্নাকাৰৰ দৰে উন্নত মেচিনে মানৱ মগজুৱে যোগাযোগ ক্ষমতাৰ এটা অংশহে সম্পাদন কৰিবলৈ সক্ষম হৈছে আৰু ছুপাৰ কম্পিউটাৰৰ নিজাববীয়া চিন্তন ক্ষমতাৰ ক্ষেত্ৰত এতিয়াও বহুদূৰ বাট বাকী।”

        যি কি নহওক, স্পাইন্নাকাৰে এন্দুৰৰ মগজুৰ কাৰ্য অনুকৰণ কৰিব পাৰে; যিটো মানুহৰ মগজুতকৈ 1000 গুণ সৰু। যদি এটা এন্দুৰৰ চিন্তন ক্ষমতা এন্দুৰৰ সমানেই হয় আৰু সঠিক গঠনেৰে সৈতে (যিটো এতিয়াও বিতৰ্কিত) যথেষ্টসংখ্যক নিউৰন সংযুক্ত কৰিলেই কামটো সম্পন্ন হয়, তেন্তে হয়তো স্পাইন্নাকাৰত তেনে এটা আৰ্হিৰে সেই স্তৰৰ চিন্তন ক্ষমতা পাব পাৰো—তেওঁ কয়।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close