উভতি চাওঁঃ অৱহেলিত অসম

এম. ভি. কামাথ

 ‘‘অসম জ্বলিব লাগিছে; অকল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল জুৰি অশান্তিৰ জুই জ্বলিছে’’ সৌ সিদিনা অসমৰ ঐতিহ্যমণ্ডিত ৰাজধানী গুৱাহাটীত মোৰ হাতত দিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সমন্বয়ৰক্ষী কমিটিৰ এখন বুলেটিনত উপৰিউক্ত কথাখিনি পঢ়িবলৈ পাইছিলো।

জমিয়তউলেমা ই হিন্দৰ সভাপতি আৰ্ছাদ মাদানিয়ে নিউ দিল্লীৰপৰা এখন চিঠিত মোলৈ লিখিছিল, ‘‘অসমত জুই জ্বলিছে, অসমীয়াসকল আজি বিপদাপন্ন।’’

অসমৰ ৰাইজে, সাম্প্ৰতিক লোকসভা নিৰ্বাচনৰ বাবে যুগুতোৱা ভোটাৰ তালিকাত ইতিমধ্যে সোমাই পৰা কেইবালাখো ‘বিদেশী নাগৰিক’ৰ নাম বাদ দি শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত নোহোৱালৈকে লোকসভা নিৰ্বাচন বৰ্জন কৰিবলৈ সিদ্ধান্ত লোৱাৰেপৰাই ভাৰতৰ প্ৰধান বাতৰি-কাকতসমূহত অসম ‘প্ৰথম পৃষ্ঠাৰ খবৰ’ হৈ পৰিছে। অসমৰ নেতৃস্থানীয় লোকসকলে দাবী কৰে যে বিদেশী নাগৰিকৰ নাম বাদ দিয়া কামটো নিৰ্বাচনৰ আগতে যেনে-তেনে হ’বই লাগিব; পোনতে নিৰ্বাচন পাতি পিছত বিদেশী নাগৰিকৰ নাম কাটি দিয়া কথাটো গাড়ীৰ পিছপিনে ঘোঁৰা জুঁটি দিয়া যেনহে হ’ব। আৰু এই কথাটোতে অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কেন্দ্ৰীয় চৰকাৰৰ স’তে মতৰ অমিল হৈছে। অসমৰ এই উত্তপ্ত পৰিস্থিতি যদি শীঘ্ৰে শাম কটাবলৈ চেষ্টা চলোৱা নহয়, তেন্তে যি জুই ৰাজ্যখনত জ্বলিছে সিয়েই অসমক পুৰি নিঃশেষ কৰি দিব; সেই পৰিস্থিতি অকল অসমৰ বাবেই নহয়, সমগ্ৰ ভাৰতৰ বাবেই অশুভ হ’ব।

অসমক যদি অগ্ৰাহ্য কৰা হয় তাৰ বাবে এই উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যখনেই যে ক্ষতিগ্ৰস্ত হ’ব এনে নহয়, সমগ্ৰ ভাৰতেই তাৰ বাবে লোকচান ভৰিব লাগিব। ভাৰতৰ উৎপাদিত পেট্ৰ’লিয়ামৰ শতকৰা পঞ্চাছ ভাগ অসমৰপৰাই সৰবৰাহ হয় আৰু প্ৰায় সমপৰিমাণ চাহপাতৰ যোগানো এইখন ৰাজ্যই ধৰি আহিছে। অসমত কাঠ, কয়লা আৰু মৰাপাটৰ উৎপাদন প্ৰচুৰ পৰিমাণে হয়। কিন্তু প্ৰধানকৈ মন কৰিবলগীয়া কথা হৈছে—অসম এখন সীমান্তৱৰ্তী ৰাজ্য, এই ৰাজ্যৰ অৱস্থান সামৰিক দিশৰপৰা যথেষ্ট গুৰুত্বপূৰ্ণ।

অসমখনক দেশৰ প্ৰাণকেন্দ্ৰৰপৰা দূৰৈত কিছুমান সৰল, শান্ত অধিৱাসীৰ দেশ বুলি ভাবি থাকিলে ভুল কৰা হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ ভগ্নীৰাজ্যকেইখনৰ সৈতে এই অসমেই বাংলাদেশ, ব্ৰহ্মদেশ আৰু তিব্বতৰ পিনে আমাৰ সীমান্ত ৰক্ষা কৰি আছে। এই বিশেষ কাৰণতে দেশৰ অন্যবোৰ ৰাজ্যতকৈ অসমৰ সমস্যাৰাজিৰ প্ৰতি চৰকাৰ অধিক সজাগ থকা উচিত। ‘অসমৰ সমস্যা’ বুলি কোনো কথা থাকিব নোৱাৰে; অসমৰ সমস্যা মানেই সমগ্ৰ ভাৰতৰে সমস্যা। ই নিতান্ত ন্যায়সংগত কথা বুলি মই ভাবো আৰু অসমৰ কেইবাটাও অনুষ্ঠানৰ গুৰি ধৰোতাসকলে আৰু ভালেমান গণ্য-মান্য ব্যক্তিয়ে এইষাৰ কথা মোক কৈছিল।

সমস্যাৱলী নিজে সৃষ্টি কৰা নহয় ঃ

বৰ্তমান ৰাজ্যখনত দেখা দিয়া সমস্যাৱলীৰ অধিকাংশৰে গুৰিত আছে ভালেমান ঐতিহাসিক, ৰাজনৈতিক আৰু ভৌগোলিক কাৰণ। মধ্য ইউৰোপত অৱস্থিত পোলেণ্ডৰ দৰে অসম ৰাজ্যও নিজ ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক সম্পদৰ বলি হ’বলগীয়া হৈছে। তাহানি ইংৰাজসকলে অসমত তেলৰ সন্ধান নোপোৱা হ’লে, চাহপাত উৎপাদন আৰু প্লাইউদ শিল্পোদ্যোগৰ বাবে এই অঞ্চল উপযুক্ত বিবেচিত নোহোৱা হ’লে দেশৰ অন্যান্য অংশৰ সৈতে অসমৰ খৰতকীয়া ৰে’ল সংযোগ হয়তো নহ’লহেঁতেন; সস্তা দৰৰ মজুৰিৰ বাবে অন্য ৰাজ্যৰপৰা বনুৱা, শাসন কাৰ্য আৰু শিক্ষানুষ্ঠানৰ পৰিচালনাৰ বাবে বঙালী আমোলা-বিষয়াৰ আমদানি, অসম ৰাইফলছ, অসম পুলিচ আদিকে  ধৰি আৰক্ষী বিভাগত নেপালী ডেকাসকলৰ নিয়োগ আদি ঘটনা ঘটিবলৈ নেপালেহেঁতেন। ব্ৰিটিছৰ সেই ঔপনিৱেশিক শোষণ কাৰ্যৰ পৰিণতি স্বৰূপেইঅসম এই সমস্যাৰ গৰাহত পৰিছে বুলি আজিৰ সচেতন অসমীয়া মধ্যবিত্তসকলে একমুখে কয়। এই সমস্যাই বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে; এইবোৰ সমস্যা পাৰস্পৰিকভাৱে সাঙোৰ খাই আছে আৰু আজি এইবোৰ আওকাণ কৰি চলা অসম্ভৱ হৈ পৰিছে।

অসমীয়াসকলক অতীততে কৰ্মবিমুখ আৰু বৰ্তমানে উগ্ৰ জাতীয়তাবাদী বুলি দোষাৰোপ কৰিলেই বাস্তৱ সমস্যাৰ সৈতে মুখামুখি হোৱা নুবুজায়।  অসমীয়াসকল স্বভাৱতে এক শান্তিপ্ৰিয় জাতি; কিন্তু তেওঁলোকেই সোতৰবাৰ মোগল আক্ৰমণ ওফৰাই পঠিয়াইছিল আৰু এই কথা তেওঁলোকে গৰ্বেৰে সোঁৱৰে। কিছু বছৰৰ আগৈকে এই মধ্যবিত্তসকলৰ লোকসংখ্যা অনুপাতে মাটি-বাৰী যথেষ্ট সৰহ আছিল, দেশত খাদ্যবস্তুৰ প্ৰাচুৰ্য আছিল। কিবা বৃহত্তৰ স্বাৰ্থত সংগ্ৰামৰ চিন্তা তেওঁলোকৰ নাছিল। ১৯২০ চনৰপৰা ১৯৪৭ চনলৈকে এই কালছোৱাত ব্ৰিটিছসকলে এই ৰাজ্যত মাত্ৰ ২৮খন স্কুল পাতিছিল। প্ৰথম ইংৰাজী মাধ্যমৰ ডিগ্ৰী কলেজখন ১৯০১ চনতহে স্থাপিত হৈছিল। বহিৰাগতৰ অবাধ প্ৰব্ৰজনে এই অঞ্চলৰ সামাজিক, আৰ্থিক আৰু সাংস্কৃতিক জীৱনত ভৱিষ্যতে কি আঘাত হানিব পাৰে সেই কথা তেতিয়াৰ অসমীয়া মানুহে উপলব্ধি কৰিব পৰা নাছিল; আজি যথেষ্ট পলমকৈ হ’লেও তেওঁলোকৰ সেই চেতনা জাগিছে।

অসমৰ দুৰ্ভাগ্য ঃ

অসমৰ অন্য এক দুৰ্ভাগ্য হৈছে বঙালী সংস্কৃতিৰ এক সুদৃঢ় প্ৰাচীৰে ৰাজ্যখনক ভাৰতৰ বাকী অংশৰপৰা পৃথক ৰাখিছে। ব্ৰিটিছসকলে চাহ, কয়লা, তেল, মৰাপাট, প্লাইউদ উদ্যোগ অসমতে গঢ়ি তুলিব পাৰিলেহেঁতেন; তাকে নকৰি এই উৎপাদিত সামগ্ৰীসমূহৰ সংৰক্ষণ, বেচা-কিনা, আৰ্থিক লেন-দেন আদিৰ বাবে ঘাটি পাতিলে কলিকতাত। অৰ্থনীতিৰ ক্ষেত্ৰত এই ক্ৰমবৰ্ধমান শোষণ নীতিয়ে অসমৰ অৰ্থনৈতিক উন্নতিত ঘোৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিলে, আনহাতে চাকৰি-বাকৰিৰ সুবিধাৰপৰাও অসমীয়া লোক বঞ্চিত হ’ল। দীৰ্ঘদিন ধৰি এইদৰে বঞ্চিত হোৱাৰ ক্ষোভ উমি উমি জ্বলি আজি দাবানলৰ ৰূপ লৈছে। আজি তেওঁলোকে বিচাৰে নিজেই নিজৰ ভাগ্য-নিয়ন্তা হ’বলৈ; কিন্তু ৰাজনৈতিক ক্ষমতাৰ অভাৱত তেওঁলোকৰ সেই সপোন ফলৱতী হ’ব পৰা নাই। আনহাতে অগণন বিদেশীৰ হেঁচাত অদূৰ ভৱিষ্যতে অসমত অসমীয়াৰ অস্তিত্ব বিপদাপন্ন হ’ব—এনে এক সংশয়ে বিদেশী নাগৰিকৰ বিৰুদ্ধে তেওঁলোকৰ এই সাম্প্ৰতিক আন্দোলনত ইন্ধন যোগাইছে।

ভাৰতৰ প্ৰতিখন ৰাজ্যতে ‘বহিৰাগত’সকলে বসবাস কৰি আহিছে; কিন্তু অসমৰ এই ‘বহিৰাগত’সকল এক বিশেষ শ্ৰেণীভুক্ত। তেওঁলোকে অন্য এখন দেশ অৰ্থাৎ বাংলাদেশৰপৰা অহা, যি দেশ ধৰ্মৰ ভেটিত প্ৰতিষ্ঠিত আৰু ৰাজনৈতিক আদৰ্শত একনায়কত্ববাদত বিশ্বাসী। বৰ্তমান পৰিস্থিতিত অসমীয়াসকল বিদেশী মাত্ৰৰে প্ৰতি সতৰ্ক, লাগে তেওঁ হিন্দুৱেই হওক বা মুছলমানেই হওক। মুছলমান বিদেশীসকলৰ বাবে তেওঁলোকৰ মূৰকামোৰণি বেছি। কাৰণ তেওঁলোকৰ ভয়, যদি কেনেবাকৈ এওঁলোকে অসমত সংখ্যাগৰিষ্ঠতা লাভ কৰে তেন্তে অসম হয়তো এদিন নোহোৱা হৈও যাব পাৰে। কাৰণ সংখ্যাগৰিষ্ঠতাৰ বলত শাসনৰ ক্ষমতা হাতলৈ আহিলে সেই সম্প্ৰদায়ৰ নেতাই হয়তো অসমক ভাৰতৰপৰা বিচ্ছিন্ন কৰিবলৈ, আনকি ৰাজ্যখনক বাংলাদেশৰ স’তে চামিল কৰিবলৈ বিচৰাটো জানো অসম্ভৱ কথা? যিখন দেশত যুগ যুগ ধৰি বিভিন্ন সম্প্ৰদায়ৰ লোকে শান্তি-সম্প্ৰীতিৰে বসবাস কৰি আহিছে সেইখন দেশ এখন মুছলিম ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত হ’লে ইয়াৰ অসমীয়া হিন্দুখিনিৰ কি অৱস্থা হ’ব? সমস্যাটো অৱশ্যে ঠিক এইদৰে পোনপটীয়াকৈ উপস্থাপিত নহয়; কিন্তু গুৱাহাটীলৈ যোৱা প্ৰতিজন লোকে অসমীয়াৰ মনত শিপাই পৰা সেই ভয়ৰ এক স্পষ্ট আভাস পাব।

অসমীয়াসকলৰ ধাৰণা যে ভাৰতৰ অন্যান্য প্ৰান্তৰ লোকে তেওঁলোকৰ কথা নেভাবে; তেওঁলোকে এইদৰে ভবাৰ থল নোহোৱা নহয়। তেওঁলোকে কয় যে আনকি মহাত্মা গান্ধীয়েও তেওঁৰ ‘হিন্দ স্বৰাজ’ নামৰ কিতাপখনত কিছু ভুল উক্তিৰদ্বাৰা অসম সম্পৰ্কে তেওঁৰ অজ্ঞতাৰ পৰিচয় দিছিল (অৱশ্যে তেখেতে পিছত নিজৰ ভুল শুধৰাই লৈছিল)। ৰাজনৈতিক ক্ষমতা হস্তান্তৰৰ জটিল সময়ছোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছে, অসমক ‘গ’ গোটত সুমুৱাই তেতিয়াৰ পূৰ্ববংগ, অৰ্থাৎ আজিৰ বাংলাদেশৰ লগত সাঙুৰি দিয়াৰ সপক্ষে কেবিনেট মিছনৰ প্ৰস্তাৱ মানি লৈছিল; স্বৰ্গীয় গোপীনাথ বৰদলৈয়ে সেইবাৰ ৰক্ষা নকৰা হ’লে আজি অসমৰ অস্তিত্বই নেথাকিলেহেঁতেন। আকৌ, চীনা আক্ৰমণৰ সময়ত ১৯৬২ চনৰ ২১ নৱেম্বৰৰ দিনা তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আকাশবাণীৰ জৰিয়তে শোকবিহ্বল কণ্ঠে অসমক বিদায় বাণী শুনাইছিল। এনে ক্ষোভ অসমৰ ৰাইজে সততে প্ৰকাশ কৰে। তেওঁলোকে এই কথাও পাহৰা নাই যে দেশ বিভাজনৰ বাবে ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ অসম ভাৰতৰপৰা বিচ্ছিন্ন হৈ আছিল; পিছত কেন্দ্ৰীয় চৰকাৰে ৮৫ কোটি টকা খৰচ কৰি নতুন ৰে’লপথ তৈয়াৰ কৰাৰ পিছতহে ভাৰতৰ মূল ভূভাগৰ সৈতে অসমৰ সংযোগ সাধন হয়। এনে উদাহৰণ তেওঁলোকৰ হাতত আৰু আছে। ১৯৫৩-৫৫ চনৰ ৰাজ্য পুনৰ্গঠন আয়োগৰ আগত অসমৰপৰা গোৱালপাৰা জিলাখন ফালি দি পশ্চিমবংগত জাপি দিয়াৰ আৰু অসমৰে এখন ৰাজ্য গঢ়াৰ দাবী তোলা হৈছিল। আকৌ, ১৯৬০ চনত অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে ঘোষণা কৰাৰ সময়ত এটা চক্ৰই অসমক দ্বিভাষিক ৰাজ্য কৰিবলৈ উঠি-পৰি লাগিছিল। তেওঁলোকে ভাবে যে ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতা যথেষ্ট থকা হ’লে এনেবোৰ অসংগত দাবীৰ উত্থাপন সম্ভৱ নহ’লহেঁতেন। তেওঁলোকৰ ক্ষোভ এইখিনিতেই যে তেওঁলোকক বা তেওঁলোকৰ সমস্যাক অলপো গুৰুত্ব দিয়া হোৱা নাই; এনে এক মানসিকতাৰে তেওঁলোকে এইবাৰ সংগ্ৰামত অৱতীৰ্ণ হৈছে—যি সংগ্ৰাম তেওঁলোকৰ ভাষাত ‘শেষ সংগ্ৰাম’; ভোটাৰ তালিকা যদি এতিয়াই শুদ্ধ কৰা নহয় সি আৰু কোনো কালেই শুদ্ধ নহ’ব।

অসমলৈ যে বাংলাদেশ আৰু নেপালৰপৰা উদ্বেগজনকভাৱে প্ৰব্ৰজন হৈছে সেই কথা অস্বীকাৰ কৰিবৰ উপায় নাই; মুখ্য নিৰ্বাচনী বিষয়া মিঃ এছ. এল. শাকধেৰৰ মুখেৰেই সেই কথা প্ৰকাশ পাইছে।

উদ্বেগজনক পৰিস্থিতি ঃ

১৯৭৮ চনৰ ২৮ ছেপ্টেম্বৰৰ দিনা উটকামণ্ডত মুখ্য নিৰ্বাচনী বিষয়াসকলৰ আগত ভাষণ দি মিঃ শাকধেৰে কৈছিল—

‍‘‍‘কেইখনমান ৰাজ্যৰপৰা বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰপৰা অহা, ভোটাৰ তালিকাত যথেষ্টসংখ্যক বিদেশীৰ নাম অন্তৰ্ভুক্তিৰ ফলত এইবোৰ অঞ্চলত দেখা দিয়া উদ্বেগজনক পৰিস্থিতিৰ খবৰৰ প্ৰসংগত এই কথা উনুকিয়াব খোজো। এঠাইত দেখা গৈছে, ১৯৬১ চনৰ লোকপিয়লৰ হিচাপত পোৱা জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ১৯৭১ চনত শতকৰা ৩৪.৯৮ হৈছেগৈ আৰু চুবুৰীয়া ৰাজ্যৰপৰা হোৱা অত্যধিক প্ৰব্ৰজনেই ইয়াৰ কাৰণ বুলি ধাৰণা কৰা হৈছে। এই প্ৰব্ৰজন এক নিয়মিত ঘটনা হৈ পৰিছে, ’৬১ আৰু  ’৭১ চনৰ দুটা পিয়লৰ নিজৰ কালছোৱাত জনসংখ্যাৰ হাৰ শতকৰা ৩৪.৯৮ ভাগ হোৱালৈ চাই এই ধাৰণা অমূলক নহয়। এই হাৰত জনসংখ্যা বৃদ্ধি পালে ১৯৯১ চনৰ পিয়ললৈ বৃদ্ধিৰ হাৰ ৬১ চনৰ হিচাপতকৈ শতকৰা ১০০ ভাগৰ ওপৰ হ’ব। তেতিয়া এনে পৰিস্থিতিয়ে দেখা দিব যে বিদেশী নাগৰিকে সংখ্যাগৰিষ্ঠতা নহ’লেও এক বিপুল জনসংখ্যাৰে প্ৰাধান্য লাভ কৰিব। আন এটা বিশেষ চিন্তা কৰিবলগীয়া কথা হৈছে কিছুমান ৰাজনৈতিক দলে বাহিৰৰপৰা অহা এই অভাৰতীয়সকলৰ নাগৰিকত্ব সম্পৰ্কে কোনো প্ৰশ্ন নোতোলাকৈয়ে তেওঁলোকক ভোটাৰ তালিকাৰ অন্তৰ্ভুক্ত কৰাৰ সপক্ষে দাবী তুলিছে।’’

অসমৰ নেতৃবৃন্দই কয়, অসমত বিদেশী নাগৰিকৰ সমস্যাটো মিঃ শাকধেৰে হঠাতে আৱিষ্কাৰ কৰা নাছিল। ১৯৬২ চনৰ ২৭ জুনত জৱাহৰলাল নেহৰুৱে পাৰ্লিয়ামেণ্টত কংগ্ৰেছ দলৰ ৰাজ্যিক কমিটিৰ আগত ভাষণ দিওঁতে কৈছিল, ‍‘‘আপোনালোকে কোৱা পাকিস্তানী অনুপ্ৰৱেশৰ কথা সম্পূৰ্ণ সঁচা; কিন্তু বংগদেশৰপৰা অসমলৈ এই প্ৰব্ৰজন আজিৰ কথা নহয়; প্ৰায় পঞ্চাছ বছৰৰ আগৰ চেন্সাছ-ৰিপ’ৰ্টত এই কথা পঢ়া মোৰ মনত আছে। সেয়ে এই কাৰ্যক কোনো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি ধৰি ল’লে ভুল কৰা হ’ব। কিন্তু এইটো সত্য যে এই অনুপ্ৰৱেশ বন্ধ হ’ব লাগিব আৰু তাৰ বাবে যথোপযুক্ত ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব। মই ভাবো, স্বাধীনতা লাভৰ পিছৰ প্ৰথম পাঁচোটা বছৰত সীমান্ত ৰক্ষাৰ বাবে কোনো সতৰ্কতামূলক ব্যৱস্থা হাতত নৌ লওঁতেই এই লোকসকলৰ অধিকাংশ ভাৰতত সোমাইছে। ১৯৫২ চনৰ আগতে বেআইনীভাৱে সীমা পাৰ হৈ অহাসকলৰ বিৰুদ্ধে সম্ভৱতঃ কোনো ব্যৱস্থা হাতত ল’ব পৰা নেযাব; গতিকে আমি অনুসন্ধানৰ বাবে ১৯৫২ চনকে সময়সীমাৰূপে নিৰ্ধাৰিত কৰিব লাগিব।’’

অসম ডাষ্টবিন নেকি?

ভাৰত যদি অখণ্ড হৈয়ে ৰ’লহেঁতেন, বাংলাদেশ নামেৰে যদি এখন ইছলামিক ৰাষ্ট্ৰৰ জন্ম নহ’লহেঁতেন, তেন্তে এই ‘অনুপ্ৰৱেশ’ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নহয় বুলি নেহৰুৱে কোৱা কথাষাৰ মানিব পৰা গ’লহেঁতেন। কিন্তু দুখৰ বিষয়, এক মুছলিম ৰাষ্ট্ৰস্বৰূপে বাংলাদেশে গঢ় লোৱাৰ পৰিপ্ৰেক্ষিতত এই সমস্যাটোৱে এক প্ৰকট ৰাজনৈতিক ৰূপ ল’লে; আজি অসমীয়াসকলে ভয় কৰিছে যে অসমলৈ বাংলাদেশৰ মুছলমানসকলৰ অনুপ্ৰৱেশে ৰাজ্যখনৰ সামাজিক আৰু জাতিগত বৈশিষ্ট্যসমূহৰ ক্ৰমান্বয়ে বিলোপ সাধন কৰি অসমক এটা জটিল ৰাজনৈতিক চক্ৰান্তৰ গভীৰতালৈ ঠেলি দিব। অসমত নকৈ গঢ় লোৱা আঞ্চলিক দলকেইটাৰ অন্যতম পূৰ্বাঞ্চলীয় লোক পৰিষদৰ তৰফৰপৰা ক’বৰ দৰে, অসমে যে এদিন পূৰ্ববংগৰ (বাংলাদেশ) সংখ্যালঘু নাইবা ভূমিহীনসকলক, নাইবা নেপালৰপৰা অহাসকলক, নাইবা বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগৰ খেতিয়কসকলক মাটি-বাৰী দি অসমত সংস্থাপন কৰিব লাগিব সেই কথা স্বাধীন ভাৰতত কোনোবাই কল্পনা কৰিছিলনে? এজন ছাত্ৰনেতাই মোক সুধিছিল, ‘‘অসমখন ভাৰতৰ বাকী অঞ্চলৰ ডাষ্টবিন নেকি? ১৯৬১ চনৰ লোকপিয়ল মতে ডিব্ৰুগড় জিলাৰ শদিয়া মৌজাত নেপালীৰ সংখ্যা আছিল ৬,০০০ হেজাৰ, ১৯৭১ চনত সেই সংখ্যা বাঢ়ি ২৭,০০০ হেজাৰ হ’লগৈ। নেপালীসকলৰ অসমলৈ এই সোঁত আজিও অব্যাহত আছে। তেওঁলোকক ভাৰতত প্ৰৱেশৰ বাবে কোনো ‘ভিছা’ আদিৰ দৰকাৰ নহয়; আৰু অসমত বহু আপোন লোক ইতিমধ্যেই বসবাস কৰি থকা বাবে অতি সহজে এই ৰাজ্যত তেওঁলোকৰ সংস্থাপন হয়।’’

অসমৰ দৰে উদাৰ মানুহৰ দেশ ক’তো নাই। বাংলাদেশৰ যুদ্ধৰ পিছত অসম চৰকাৰে পাঁচলাখ বঙালী ভগনীয়াক এই ৰাজ্যত পুনৰ্সংস্থাপন দিবলৈ গাত ল’লে। তেওঁলোকে মোক প্ৰশ্ন কৰিছে, ‘‘অন্য কোন ৰাজ্যই এনে দায়িত্ব ল’বলৈ আগবাঢ়ি আহিল?’’ যোৰহাটৰ ১৬ জন নেতৃস্থানীয় লোকে অন্যান্য ৰাজ্যৰ ভাৰতীয় ভাই-ভনীসকলৰ উদ্দেশ্যে যুগুতোৱা এখন আৱেদনত লিখিছে, ‘‘অসমলৈ অবিৰাম বিদেশীৰ সোঁত আজিও অনিয়ন্ত্ৰিতভাৱে চলি আছে। পঞ্জাব আৰু পশ্চিমবংগৰ সীমান্তত উক্ত দেশৰ চৰকাৰে কঠোৰ সতৰ্কতা অৱলম্বনপূৰ্বক অনুপ্ৰৱেশকাৰীৰ পথ ৰোধ কৰিবলৈ সক্ষম হৈছে; কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্বল চৰকাৰসমূহে এই ক্ষেত্ৰত কোনো কাৰ্যকৰী পন্থা সুদৃঢ়ভাৱে গ্ৰহণ কৰিব পৰা নাই।’’ এজন শীৰ্ষস্থানীয় অসমীয়া নাগৰিকে মোক সুধিছিল, ‍‘‍‘যদি এইদৰে লাখে লাখে পাকিস্তানী পঞ্জাবত সোমাই পৰি ভোটাৰ তালিকাত নামভৰ্তি কৰিবলৈ দাবী জনালেহেঁতেন আকালি নেতাসকলে হাত সাবটি বহি থাকিলহেঁতেননে?

এক জটিল সমস্যা ঃ

অতি জটিল সমস্যা হৈছে এই বিদেশীসকলৰ বাবে এক সময়সীমা নিৰ্ধাৰণ—যি সময়ৰ পিছত অহা লোকসকলক বসবাসৰ অধিকাৰ দিয়া নহ’ব। আগতে পাই আহিছো যে নেহৰুৱে ১৯৫২ চনটোকে সময়সীমা হিচাপে লৈছিল আৰু ই যুক্তিসংগতো আছিল। পূৰ্বাঞ্চলীয় লোক পৰিষদৰ অভিমত, ‍‘‍‘যদি শ্ৰীলংকাই সুদীৰ্ঘ একশতিকাৰ আগতে সেই ঠাইলৈ যোৱা ভাৰতীয় লোকসকলক ‘ৰাজ্যহীন’ আখ্যা দি ১৯৬৫ চনত তেওঁলোকক ঘূৰাই পঠোৱাৰ দাবী তুলিব পাৰে যি দাবী মানি লৈ ভাৰতে সেইসকলক ঘূৰাই আনি স্বদেশত স্থাপন কৰিলে তেন্তে অসমৰ ক্ষেত্ৰত ১৯৫২ চনটোকে সময়সীমা নিৰূপণ কৰিলে কোনো অবিবেচনাৰ কাম নহয়।’’ এইটো এটা উচিত বিচাৰ বুলিয়েই মই ভাবো।

চিনাক্তকৰণৰ সমস্যা ঃ

কিন্তু সমস্যা হ’ল ১৯৫২ চনৰ আগত নাইবা পিছত অহাসকলৰ কি উপায়ে চিনাক্তকৰণ হ’ব? বহুতো অসমীয়া লোকে অভিযোগ কৰা মতে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ অনুগ্ৰহত অজস্ৰ বিদেশীৰ নাম ইতিমধ্যে ভোটাৰ লিষ্টত সোমালেই। এই তথাকথিত নেতাসকলে বিদেশীৰ ভোটেৰে নিজক গজগজীয়া কৰাৰ আশাত সেই লোকসকলৰ বৰমূৰীয়াহঁতৰ সৈতে গোপনে হাত মিলায়। এবাৰ কোনোমতে অসমত সোমাবলৈ সুযোগ পালেই এই বিদেশীসকলে বিভিন্ন ঠাইত বিশেষকৈ এই ৰাজ্যৰ বিশাল গ্ৰামাঞ্চলত সিঁচৰতি হৈ পৰে। আত্মীয়-স্বজনৰ মাজে মাজে সোমাই পৰাৰ পিছত কোনজন পূৰ্বতে অহা কোনজন নৱাগত চিনাক্ত কৰাটো অসম্ভৱ নহ’লেও দুঃসাধ্য হৈ পৰে। লোকসভাৰ প্ৰাক্তন সদস্য লীলাধৰ কটকীয়ে কৈছিল, ‍‘‘তিনি বছৰৰ আগতে একেখন ঠাইৰপৰা অহা আত্মীয়-কুটুম্বৰ মাজত এই বিদেশীসকলক সন্দেহক্ৰমে বিচাৰি উলিয়াবলৈ চেষ্টা চলালেই দেখা যায় ভাৰতীয় নাগৰিকৰ ওপৰত জোৰ-জুলুম কৰাৰ অভিযোগ উঠে আৰু ই এক আনুভূতিক সমস্যাত পৰিণত হয়।’’ কথাষাৰ সঁচাকৈয়ে গুৰুত্ব দিবলগীয়া। অসমীয়াসকল বাস্তৱিকতে অতি সুন্দৰ লোক; তেওঁলোকৰ আনৰ সমস্যা হৃদয়ংগম কৰাৰ প্ৰচেষ্টা আছে। মুছলমান বিদেশীক উগ্ৰ জাতীয়তাবাদী আখ্যা দিলে তেওঁলোকৰ প্ৰতি অবিচাৰ কৰা হ’ব। অসম সাহিত্য সভাৰ সদস্য, অসমীয়া মুছলমান সম্প্ৰদায়ৰ লোক প্ৰফেছাৰ ৰায়হানশ্বাহে, অসমীয়া মানুহক উগ্ৰ জাতীয়তাবাদী বুলি কৰা মন্তব্য শুনি খঙত জ্বলি-পকি উঠিছিল। তেওঁ মোক কৈছিল—‍‘‘এইখন অসম ৰাজ্যত আমি হিন্দু-মুছলমানসকলে সদায় মিলা-প্ৰীতিৰে শান্তিত বাস কৰি আছো। আমি পৰস্পৰে পৰস্পৰৰ উৎসৱ, ধৰ্মীয় অনুষ্ঠান আদিত মুকলি মনেৰে যোগ দিওঁ।’’ তেওঁ নিজ অভিজ্ঞতাৰপৰা অতি আন্তৰিকতাৰে কথা কেইষাৰ কৈছিল।

এতিয়া দেখা গ’ল যে অসমৰ সাম্প্ৰতিক আন্দোলন মুছলমান, বঙালী বা নেপালীৰ বিৰুদ্ধে কেতিয়াও নহয়; অসমৰ স্বাৰ্থৰক্ষাৰ খাতিৰত ন্যায়সংগত দাবীত এই আন্দোলনে গঢ় লৈছে। এজন নেতাই মোক এইবুলিও কৈছিল যে ভাৰতে যদি মানৱতাৰ খাতিৰত বাংলাদেশৰপৰা অহা এই মুছলমানসকলক সহায় কৰিবলৈ বিচাৰে তেন্তে ভাৰতৰ আন আন ৰাজ্যবোৰেও এটা সমানুপাতিক হাৰত এইসকলৰ দায়িত্ব ভগাই লওক। কেৱল অসমেই তেওঁলোকৰ দায়িত্ব ল’বলগীয়া হয় কিয়? তেওঁলোকে অসম এৰি ভাৰতৰ আন আন ঠাইলৈ যাবলৈ নিবিচাৰে কিয়? এনে ধৰণৰ প্ৰশ্ন বহুতে মোক কৰিছিল। ভালকেইজন দায়িত্বশীল হিন্দু পোনতে পশ্চিমবংগত আহি সোমায়হি আৰু তাতে অবৈধভাৱে নাগৰিকত্বৰ জাল প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰাৰ অন্তত অসমলৈ আহে আৰু নিজকে এই দেশৰ প্ৰকৃত নাগৰিক বুলি জাহিৰ কৰে। এই অভিযোগ যদি সঁচা হয় এনে মাৰাত্মক অপৰাধৰ বিচাৰ আৰু দোষীৰ উপযুক্ত শাস্তিৰ ব্যৱস্থা ঊৰ্ধ্বতন কৰ্তৃপক্ষই ল’ব লাগে।

অৱহেলিত আৰু দৰিদ্ৰগ্ৰস্ত অসম ঃ

অসম যদি এখন অতি আঢ্যৱন্ত ৰাজ্য হ’লহেঁতেন তেন্তে ভগনীয়া সংস্থাপনৰ সমস্যাটো কিছু সহজভাৱে ল’ব পৰা গ’লহেঁতেন। কিন্তু প্ৰাকৃতিক সম্পদত চহকী হ’লেও আচলতে ৰাজ্যখন অৱহেলিত। বিগত দশক দুটাত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধি হ’ল শতকৰা ৩৫ ভাগ; আনহাতে খাদ্যসামগ্ৰী উৎপাদন বৃদ্ধিৰ হাৰ শতকৰা মাত্ৰ ১৪ ভাগ বাঢ়িল, খেতিৰ মাটিৰ পৰিমাণ প্ৰায় একে ধৰণেই আছে।

ধান, ঘেঁহু আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ উৎপাদন গড় পৰিমাণ ভাৰতৰ গড় পৰিমাণৰ তুলনাত কম। আনকি ধান উৎপাদনৰ ক্ষেত্ৰতো অসম আন চুবুৰীয়া ৰাজ্যকেইখনতকৈ পিছপৰা; অসমৰ উৎপাদন প্ৰতি হেক্টৰ মাটিত ৯৬৩ কেজি; তাৰ বিপৰীতে প্ৰতি হেক্টৰত মেঘালয়ে ১,০৬৬ কেজি, ত্ৰিপুৰাই ১০৯৯ কেজি আৰু মণিপুৰে ১,৫৫৩ কেজি উৎপাদন কৰে। শিক্ষিত নিবনুৱাৰ সংখ্যা অঞ্চলটোত ক্ৰমে বাঢ়িব লাগিছে। ১৯৬২ চনত মাত্ৰ ২৮,০০০ ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল; সেই সংখ্যা বাঢ়ি গৈ ১৯৭৮ চনত ১২,৮০,০০০ হ’লগৈ। ১৯৭৫ চনত নিবনুৱাৰ সংখ্যা আছিল প্ৰায় ১.৫ লাখ, ১৯৭৮ত হ’লগৈ ২০ লাখ। পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সভাপতি বাকপটু নিবাৰণ বৰাই মোক কৈছিল, ‍‘‘আমি অসমীয়াসকল ভাৰতৰ মুঠ জনসংখ্যাৰ শতকৰা ২ ভাগ মাথোন; সেয়ে দেশখনৰ সা-সুবিধাৰ ক্ষেত্ৰতো শতকৰা ২ অংশহে আমাৰ ভাগত পৰে!’’ বৰা ৰাজ্যিক প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি আৰু সংযুক্ত ছ’চিয়েলিষ্ট পাৰ্টিৰ দুবাৰো সভাপতি নিৰ্বাচিত হৈছিল।

নিবনুৱাৰ সংখ্যাধিক্য ঃ

যিখন ৰাজ্যত নিবনুৱাৰ সংখ্যা ২০ হেজাৰ হৈছেগৈ তাত ভোটাৰ লিষ্টত বিদেশী নাগৰিকৰ নামভৰ্তি হোৱাটো ‘ষাঁড়ৰ আগত ৰঙা কাপোৰ’ ধৰা যেন উত্তেজক কথা। গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সমন্বয়ৰক্ষী কমিটিয়ে আঙুলিয়াই দিয়া মতে যদি ১৯৫১ চনৰপৰা ১৯৭১ চনলৈকে লোক গণনাৰ ৰিপ’ৰ্ট আৰু ১৯৭৭ চনলৈকে ভোটাৰ তালিকা পৰীক্ষা কৰি চোৱা হয় তেন্তে দেখা যাব যে এই সময়ছোৱাত বিদেশীৰ সংখ্যা প্ৰায় ৪০ হেজাৰলৈ বৃদ্ধি পাইছে। সেই কমিটিয়ে মোক কৈছিল, ‍‘‘এই অগণন বিদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কৰণ যদি নহয় তেন্তে অচিৰেই তেওঁলোকে নিজ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা চলাব; তাৰ অৱশ্যম্ভাৱী পৰিণতিৰূপে অসমীয়া জাতিৰ অস্তিত্বই বিপদাপন্ন হ’ব।

‍‘‍‘বাহিৰৰ লোকে হয়তো এই ভয়, এই উদ্বেগ হাঁহি উৰাই দিব; কিন্তু অসমীয়াৰ বাবে এই ভয় অমূলক নহয়। ভোটাৰ তালিকা সংশোধনৰ দাবীত যি অহিংস গণ-আন্দোলন তেওঁলোকে চলালে সি সঁচাকৈ মনত ৰাখিবলগীয়া, হাজাৰ হাজাৰ লোকে কাৰাবৰণ কৰিলে; কিন্তু কোনেও ক’তো কোনো ৰাজহুৱা সম্পত্তি ধ্বংসৰ দৰে কাম কৰা নাই। সাংবাদিক জীৱনত বহুতো সংঘৰ্ষৰ ঠাইত ভ্ৰমণৰ অভিজ্ঞতা মোৰ আছে; কিন্তু গুৱাহাটীৰ ৰাজপথত মুকলিমূৰীয়াভাৱে ঘূৰি- পকি মই দেখি আচৰিত হৈ গৈছিলো যে অসমীয়া মানুহ ইমান শান্ত আৰু ভদ্ৰ হাজাৰ হাজাৰ লোক গোট খায়, উচ্চকণ্ঠে প্ৰতিবাদ ধ্বনি হয়; কিন্তু ক’তো গাড়ী-মটৰ নজ্বলে, দোকান-বজাৰ লণ্ড-ভণ্ড বা সা-সম্পত্তি নষ্ট নহয়। উত্তৰ-পূৰ্বাঞ্চলীয় ছাত্ৰ পৰিষদৰ সভাপতি যতীন মালীয়ে মোক কৈছিল ‘আমাৰ আন্দোলন সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক। আমি কেতিয়াও সমাজ-বিৰোধী নহয়; আমি আইনসন্মত, সংবিধানসন্মত পথেৰে আমাৰ সমস্যাৰ সমাধান বিচাৰো।’ অসম সাহিত্য সভাৰ সভাপতি অতুল চন্দ্ৰ হাজৰিকাইও তাকেই কৈছিল; গান্ধীবাদী আদৰ্শৰ প্ৰতি অসমীয়াসকলৰ এই আনুগত্য সঁচাকৈয়ে অন্তৰ পৰশা।’’

অসম সাহিত্য সভাৰ তৰফৰপৰা ৰাষ্ট্ৰপতিক বিয়া এখন স্মাৰক-পত্ৰত আঙুলিয়াই দিয়া হৈছে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছৰপৰা ভাৰত চৰকাৰে বাংলাদেশী নাগৰিকক নাগৰিকত্ব দিয়াটো বন্ধ কৰিছে। স্মাৰক-পত্ৰত আৰু কোৱা হৈছে, ‍‘‘গতিকে উক্ত তাৰিখৰ পিছত অহাসকলৰ নাম স্বাভাৱিকতে বাদ পৰিব। আৰু ১৯৪৮ চনৰ ৫ আগষ্টৰপৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগেয়ে যিসকল আহিছিল তেওঁলোকে ৰেজিষ্ট্ৰেছন চাৰ্টিফিকেট দাখিলপূৰ্বক সাংবিধানিক উপায়ে ভাৰতীয় নাগৰিকত্ব ল’ব লাগিব; তদুপৰি ভোটাৰ তালিকাত নামভৰ্তিৰ বাবে অঞ্চল বিশেষত কমেও ১৮০ দিন বসবাস কৰাৰ প্ৰমাণ দিব লাগিব। শান্তিপূৰ্ণভাৱে নিৰ্বাচন পাতিবলৈ হ’লে পোনতে বিদেশী নাগৰিকসকলৰ নাম যেনে-তেনে বাদ দিব লাগিব। এখন স্বাধীন দেশত কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰ গঠনৰ বাবে প্ৰতিনিধি নিৰ্বাচন কাৰ্যত বিদেশীক অংশ-গ্ৰহণ কৰিবলৈ দিব নোৱাৰি এনে কাৰ্যই দেশখনৰ সাৰ্বভৌমত্ব নাশ কৰিব।’’

হিংসাত্মক কাৰ্যপন্থা ঃ

দুখৰ বিষয়, এই ক্ষেত্ৰত এচাম উগ্ৰপন্থীয়ে হিংসাৰ আশ্ৰয় লৈছে, অ’ত-ত’ত অগ্নি সংযোগ আৰু মৃত্যুৰ ঘটনা ঘটিছে। জনতা পাৰ্টিৰ সভাপতি গৌৰীশংকৰ ভট্টাচাৰ্যই মুক্তকণ্ঠে স্বীকাৰ কৰিছে যে বঙালী লোক দুই-এঠাইত আক্ৰমণৰ বলি হৈছে। তেওঁ কৈছিল, ‍‘‘এইবোৰ ঘটনাৰ বাবে আমি অতিশয় দুঃখিত।’’ গভীৰ আন্তৰিকতাৰে তেওঁ এই কথা কৈছিল। ভট্টাচাৰ্যই অসমৰ এচাম বাতৰি-কাকতকো সমালোচনা কৰিছিল। এই সকলো ‘প্ৰায় পাগলৰ দৰে’ কাম কৰিছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল। ‍‘‘এই আন্দোলনৰ প্ৰতি বন্ধুভাবাপন্ন’ যিকোনো লোকেই লক্ষ্য ৰখা উচিত যে ভুল কামবোৰ তৎপৰতাৰে সমাপ্তি ঘটাব লাগে।’’ আনহাতে এই আন্দোলনৰ অন্তৰালত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অদৃশ্য হাতে কাম কৰিছে বুলি ক’লেও অন্যায় হ’ব। অসম ট্ৰিবিউন কাকতৰ ১৯৭৯ চনৰ ১৪ ডিচেম্বৰ সংখ্যাত অসমৰ হেজাৰ হেজাৰ অনুষ্ঠান-প্ৰতিষ্ঠানে ছাত্ৰনেতা খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ খবৰ পঢ়িছিলো; এই কুমলীয়া ছাত্ৰজনক চি.আৰ.পিয়ে নৃশংসভাৱে মাৰধৰ কৰি ওচৰৰ ডোবা এটাত পেলাই দিয়া বুলি অভিযোগ কৰা হৈছিল। এইবোৰ অনুষ্ঠানক আৰ.এছ. এছ.-এ পৰিচালিত কৰিছিল বুলি ক’লে অযথা কলংক জাপি দিয়া হ’ব।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে গুৱাহাটীত অনুষ্ঠিত হোৱা তিনিখন বিৰাট ৰাজহুৱা সভা মই চাইছিলো, প্ৰতিখনেই অভাৱনীয় ধৰণে শান্তিপূৰ্ণ আছিল। যুৱক-যুৱতীসকলৰ আচৰণ সঁচাকৈয়ে অনুকৰণীয়। তেওঁলোকৰ মুখত ক্ৰোধৰ পৰিৱৰ্তে উদ্বেগৰ চিনহে মই দেখিবলৈ পাইছিলো। এটা অতি মন কৰিবলগীয়া কথা যে অজস্ৰ মহিলাই এই গণ-সমাৱেশ আৰু শোভাযাত্ৰাবোৰত অংশগ্ৰহণ কৰিছিল। স্বৰ্গীয় গোপীনাথ বৰদলৈৰ কনিষ্ঠা কন্যা লিলি মজিন্দাৰ বৰুৱাই মোৰ আগত দুখ কৰি কৈছিল যে, ‍‘‍‘সমস্যাটো ইমান জটিলতালৈ নোযোৱা হ’লে অতবোৰ অসমীয়া মহিলাই এইদৰে আন্দোলনত ভাগ ল’বলৈ ওলাই নাহিলহেঁতেন।’’ এইসকল অসমীয়া লোকক স্বেচ্ছাই নীচতালৈ নামি যোৱা বুলি ক’লে সি এক মিছা আৰু দায়িত্বহীন মন্তব্যহে হ’ব। তেওঁলোকে জাতীয় সংগীত গায়—অ’মোৰ আপোনাৰ দেশ অ’মোৰ চিকুণী দেশ—

তেওঁলোকে দুখ কৰে যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতত অসমৰ উল্লেখ নাই (অৱশ্যে হাৰিয়ানা, কেৰেলা ৰাজ্যৰো নামোল্লেখ নাই)। অসমীয়াসকলে একমুখে কয়—‍‘‘এনে কোনো কাম মানি ল’ব নোৱাৰি যি কামে তেওঁলোকক এই ‘আপোনাৰ দেশ’খনতে সংখ্যালঘুত পৰিণত কৰিব পাৰে।’’

অসমৰ সাম্প্ৰতিক পৰিস্থিতিত কেনে ধৰণে কাৰ্যপন্থা গ্ৰহণ কৰাটো সমীচীন হ’ব?—অসম কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক সতীশ ভট্টাচাৰ্যই সেই প্ৰশ্নৰ উত্তৰত তেওঁলোকৰ সন্থাই ৰাষ্ট্ৰপতিৰ হাতত দিয়া স্মাৰক-পত্ৰৰ এটা কপি মোলৈ আগবঢ়াই দিছিল। তাত তেওঁলোকে ১১ দফীয়া কাৰ্যসূচীৰ প্ৰস্তাৱ দাঙি ধৰিছে, তাৰে প্ৰথম ৩টা হৈছে—অসমৰ গাঁৱে-ভূঞে বিস্তৃত অনুসন্ধানৰ আধাৰত ১৯৫১ চনত তৈয়াৰ কৰা ভাৰতীয় নাগৰিকৰ নেছনেল ৰেজিষ্টাৰখন উপযুক্ত সংশোধন আৰু সম্পূৰ্ণ সংবিধানসন্মত ভোটাৰ তালিকা প্ৰস্তুতৰ বিষয়ে। বাকীকেইটা হ’ল—

     ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বাংলাদেশ, ব্ৰহ্মদেশ, চীন, ভুটান আৰু নেপাল আদি বিদেশী ৰাষ্ট্ৰৰ মাজৰ সীমা নিৰ্ধাৰণ আৰু ৰক্ষণাৱেক্ষণ।

    ভৱিষ্যতে বিদেশী অনুপ্ৰৱেশ ৰোধ কৰিব পৰাকৈ সীমান্তত প্ৰৱেশ পথ বন্ধ কৰাৰ কাৰ্যসূচী ব্যৱস্থা।

    আন্তৰ্জাতিক সীমাৰেখাৰ দুয়োকাষে দুই কিলোমিটাৰ ভূমি ‘নো মেনছ লেণ্ড’ হিচাপে ৰখাৰ ব্যৱস্থা।

    সীমান্তত পহৰাদাৰী চকিৰ সংখ্যা বৃদ্ধি—যাতে এটা চকিৰপৰা অন্য এটাত চলা কাৰ্যকলাপ নিৰীক্ষণ কৰিব পৰা যায়।

    ত্ৰিপুৰা আৰু পশ্চিমবংগৰ জিলা কৰ্তৃপক্ষসমূহৰপৰা অবৈধ নাগৰিকৰ প্ৰমাণ-পত্ৰ লৈ অসমলৈ অহাসকলৰ বিৰুদ্ধে উপযুক্ত আইন প্ৰণয়নৰদ্বাৰা সেইসকলৰ পথ ৰোধ কৰা।

    অহা ১৫/২০ বছৰলৈ পূৰ্বাঞ্চললৈ বিদেশী লোকৰ প্ৰব্ৰজন সম্পূৰ্ণৰূপে বন্ধ কৰি থলুৱা লোকৰ নিয়োগ, সা-সম্পত্তি অধিগ্ৰহণ, ভূমি সংস্থাপন আদিৰ ক্ষেত্ৰত উপযুক্ত আইনৰদ্বাৰা বিশেষাধিকাৰ প্ৰদানৰ ব্যৱস্থা।

    অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অধিৱাসীসকলৰ জাতিগত, ভাষাগত বৈশিষ্ট্য যাতে লোপ পাব নোৱাৰে তাৰ বাবে যথোপযুক্ত স্থায়ী ব্যৱস্থা কাৰ্যকৰীকৰণ।

প্ৰমাণৰ দায়িত্ব কাৰ?

অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে বিভিন্ন মহলে বিভিন্ন ধৰণৰ মতামত প্ৰকাশ কৰাৰ বাতৰি পোৱা গৈছে। এই ক্ষেত্ৰত জমিয়ত-উলেমা-ই হিন্দৰ মতামত বিশেষ মন কৰিবলগীয়া। তেওঁলোকে সন্দেহ কৰে এয়া যুগ যুগ ধৰি ভাৰতত বাস কৰা এচাম ভাৰতীয় নাগৰিককে বিতাড়ন কৰাৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই চলোৱা প্ৰচেষ্টা। তেওঁলোকৰ অভিপ্ৰায় হ’ল—‍‘‍‘মুছলমান সম্প্ৰদায়ৰ লোকসকলক বিদেশী নাগৰিক আখ্যা দি তেওঁলোকক কিছুদিন ভগনীয়া শিবিৰত ৰাখি তাৰপৰাই বাহিৰলৈ চালান দিয়া।’’ জমিয়ত উলেমাই দাবী কৰে, নাগৰিকত্বৰ অধিকাৰ নিৰূপণৰ ক্ষেত্ৰত, বিশেষকৈ ভোটাৰ তালিকাৰপৰা নাম কটা কাৰ্যৰ পূৰ্বে দীঘলীয়া ন্যায়িক তদন্ত হ’ব লাগিব আৰু কোনো লোকক অভাৰতীয় বুলি কোনোবাই আপত্তি দৰ্শালে ‍‘‘আপত্তি দৰ্শাওঁতাজনেই সকলো প্ৰমাণৰ দায়িত্ব বহন কৰিব লাগিব।’’

অসমত ভাৰতীয়ৰ সমস্যাক ‘হিন্দু-মুছলমানৰ সমস্যা’ বা ‘অসমীয়া-বঙালীৰ সমস্যা’লৈ ৰূপান্তৰিত কৰিলে ই দেশখনৰ বাবেই অমংগলৰ কথা হ’ব। আজি অসমে বিচাৰে—তেওঁলোকৰ কথা দেশখনে মন দি শুনক, তেওঁলোকৰ সমস্যা সহানুভূতিৰে বিবেচনা কৰক। সাম্প্ৰদায়িক বিদ্বেষ বা উগ্ৰ জাতীয়তাবাদৰ কলংক দি কৰা কটু সমালোচনাই এই ক্ষেত্ৰত কোনো কাম নিদিয়ে। যদি কেন্দ্ৰৰ শাসকসকলে এইদৰে অসমৰ সমস্যাৱলীৰ প্ৰতি উদাসীন হৈ থাকে তেন্তে উগ্ৰপন্থীসকলে অচিৰে ৰাজ্যখনৰ ৰাজনীতি নিজৰ হাতত তুলি ল’ব।

(এম. ভি. কামাথ ডাঙৰীয়া ‍‘ইলাষ্ট্ৰেটেড
উইকলি অৱ ইণ্ডিয়া’ৰ সম্পাদক আছিল।লেখাটো দৈনিক অসম, ২৬ জানুৱাৰী, ১৯৮০ চন আৰু দৈনিক অসম, ২৮ জানুৱাৰী, ১৯৮০ চনত প্ৰকাশিত হৈছিল)

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close