উভতি চাওঁঃ অসমৰ অশান্তি অতীতৰ সৈতে গভীৰভাৱে বিজড়িত 

শ্ৰীএছ গুৰুদেৱ

শ্ৰী ই. এইচ. পাকিনটাইনে লিখা ১৯৬১ চনৰ লোকপিয়লৰ প্ৰতিৱেদনত যোৱা পঞ্চাছ বছৰৰ ভিতৰত অগ্ৰৱৰ্তী মৈমনছিঙীয়াসকলৰ দলবোৰৰ শান্তিপূৰ্ণ আক্ৰমণকে সৰ্বাধিক গুৰুত্বপূৰ্ণ একক ঘটনা হিচাপে বৰ্ণনা কৰা হৈছে। আন এজন দুৰ্যোগৰ বাৰ্তাবাহক শ্ৰীচি.এছ. মূলানে এই প্ৰৱাহে অসমৰ ভৱিষ্যৎ স্থায়ীভাৱে সলনি কৰিব বুলি সতৰ্কবাণী শুনাইছিল। অৱশ্যে হিগিন্স আৰু বেণ্টিংকৰ লেখীয়া সদাশয় প্ৰশাসকসকলে পমুৱাসকলৰ উদ্যোগ আৰু দক্ষতাৰ ভূয়সী প্ৰশংসা কৰি গৈছে।

লোকবসতিৰ ক্ষেত্ৰত ঘটা খহনীয়াই অসুস্থ, আনকি হিংস্ৰ প্ৰতিক্ৰিয়া এটা সৃষ্টি কৰাৰ সম্ভাৱনা ১৯৫১ চনতে পৰিলক্ষিত হৈছিল। সুবিধাজনক মাটিঃ মানুহৰ অনুপাতেও থলুৱাসকলৰ প্ৰতিবাদ অনিৰ্দিষ্ট কাললৈ ৰুদ্ধ কৰি ৰাখিব নোৱাৰিলে। নিজ গৃহভূমিৰ উৎপীড়ক জমিদাৰসকল আৰু গোৱালপাৰা জিলাৰ মাটিগিৰীসকল (যাৰ মনত পৰিশ্ৰমী পমুৱাসকলক অযাচিতে পোৱা বানচ যেনহে বোধ হৈছিল) মৈমন সিং আৰু অন্যান্য পূৰ্ববংগীয় জিলাসমূহৰপৰা হোৱা প্ৰব্ৰজনৰ বাবে বহুলাংশে দায়ী।

জবৰদখলঃ অত্যুৎসাহী পমুৱাসকলে চৰকাৰী ৰিজাৰ্ভৰ খাচ মাটি জবৰদখল কৰিলে; জনজাতি আৰু অন্যান্য লোকৰ লগত তেওঁলোকৰ কাজিয়া-পেঁচাল চলিল। ১৯১৬ চনত বিখ্যাত (অথবা কুখ্যাত) লাইন প্ৰথা প্ৰৱৰ্তনৰ কথা ভবা হ’ল আৰু ১৯২০ চনত সেয়া বলৱৎ হ’ল। সংখ্যালঘিষ্ঠ অংশই দিয়া মতানৈক্য-পত্ৰত ইয়াত পক্ষপাতমূলক বুলি অভিহিত কৰা হ’ল। সংখ্যাগৰিষ্ঠ অংশই ইয়াক সংশোধনসহ গ্ৰহণযোগ্য বুলি বিবেচনা কৰিলে। জনজাতি খণ্ডসমূহ সৃষ্টি কৰা হ’ল আৰু ভূমি-ৰাজহ বিধিত এক নতুন অধ্যায় সংযোজিত হ’ল। প্ৰয়াত পণ্ডিত আৰু ঐতিহাসিক ডঃ সূৰ্য কুমাৰ ভূঞাই আঙুলিয়াই দিছেঃ “দাঁতি-কাষৰীয়া জনজাতিসকলে অসমক এক বৈশিষ্ট্য দান কৰিছে, তেওঁলোকে সভ্যতা বিকাশৰ বিভিন্ন স্তৰসমূহ, বিভিন্ন গুৰিগছ, নীতি-নিয়ম আৰু ভাষাৰ প্ৰতিনিধিত্ব কৰিছে। কিন্তু প্ৰশাসকসকলক বহুখিনি অসুবিধাতো পেলাইছে।” লাইন-প্ৰথা সম্বন্ধীয় ১৯৩৮ চনৰ প্ৰতিৱেদনত তিক্ততা আৰু বিভিন্নতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

একেবিধৰ এখন অধ্যাদেশ জাৰি কৰাৰ পাছত সংসদে ১৯৫০ চনৰ পমুৱা (অসমৰপৰা বহিষ্কৰণ) আইন (১৯৫০ চনৰ ১০ নং আইন) গ্ৰহণ কৰে। এইখন আইনে ভাৰতৰ জনসাধাৰণ অথবা অসমৰ অনুসূচিত জনজাতি বিশেষৰ স্বাৰ্থৰ পৰিপন্থী যিকোনো পমুৱাকে (স্থানচ্যুত লোকসকল বাদে) বহিষ্কৃত কৰাৰ ব্যৱস্থা দিছে। তদানীন্তন পূব পাকিস্তানৰপৰা হোৱা বৃহদাকাৰৰ অনুপ্ৰৱেশজনিত আইন-শৃংখলা সম্বন্ধীয় পৰিস্থিতি চম্ভালিবলৈকে এই আইন গৃহীত হৈছিল। আইনখন নাগালেণ্ডতো গ্ৰহণ কৰা হৈছিল আৰু পাছলৈ মেঘালয়লৈকে সম্প্ৰসাৰিত হৈছিল। আইনখন “বিজ্ঞতাপূৰ্ণ সংযম আৰু অতি সতৰ্কতা সহকাৰে প্ৰয়োগ কৰা হৈছিল” বুলি ঘটনাপঞ্জী-সংকলকসকলে কৈছেঃ এতিয়া ইয়াক মামৰে ধৰিবলৈকেই পৰিহাৰ কৰা হৈছে যেন লাগে।

ছাৰ ছাদুল্লাৰ নেতৃত্বাধীন মুছলিম লীগ মন্ত্ৰীসভাৰ বিতৰ্কমূলক প্ৰশাসন ওৰ পৰাৰ পাছত ১৯৪৬ চনত কংগ্ৰেছ ক্ষমতালৈ উভতি আহিল। ১৯৫০ চনৰ হিংসাত্মক ঘটনাৱলী অকলশৰীয়া সংঘটন নাছিল; বহুদিনৰেপৰা ইয়াৰ বাবে প্ৰস্তুতি চলিছিল। ১৯১১ চনৰ লোকপিয়লৰ প্ৰতিবেদনতে গোৱালপাৰা জিলাৰ চৰবোৰৰ অস্বাভাৱিক মাটি-বন্দৱস্তি সম্পৰ্কে মন্তব্য প্ৰকাশ পাইছিল। ১৯০১ চনলৈকে হাস্যকৰৰূপে তাকৰ হৈ থকা জিলাখনৰ ১.৪ শতাংশৰপৰা ২ শতাংশলৈ জনসংখ্যা ১৯০১-১১ দশকতে একেকোবে ৩০ শতাংশ পালেগৈ। পৰৱৰ্তী দশকবোৰত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ ১৯৫১ চনলৈ ক্ৰমান্বয়ে কম ১৯১১-২১ চনত ৯২%, ১৯২১-৩১ চনত ১৫.৭৬%, ১৯৩১-৪১ চনত ১৪.৮৩% আৰু ১৯৪১-৫১ চনত ৯.২৫%। ইয়াৰ কাৰণ হ’ল পমুৱাসকলে ব্ৰহ্মপুত্ৰৰে উজাই গৈ কামৰূপ, দৰং, নগাঁও আৰু লখিমপুৰ জিলাত সেই বছৰবোৰত জনসংখ্যা বঢ়াই তুলিছিল। লখিমপুৰ জিলাত চাহ-বনুৱা আমদানিয়েও জনসংখ্যা বৃদ্ধি কৰিছিল।(সংখ্যা সম্বন্ধে ভুল-ত্ৰুটি হোৱা কথাকো নুই কৰিব নোৱাৰি; কাৰণ ১৯৫১ চনলৈকে গোৱালপাৰা সম্পৰ্কীয় লোকপিয়লৰ তথ্যসমূহ গ্ৰাম্য তালিকা আৰু পূৰ্বৰ জমিদাৰী গোটসমূহৰ ভিত্তিতে সংগৃহীত হৈছিল; ৰাজহ-জৰীপৰ ব্যৱস্থা পাছতহে হৈছে।)

১৯৫১-৬১ দশকটোত অসমৰ জনসংখ্যা বৃদ্ধি শংকাজনকভাৱে উচ্চ; গোৱালপাৰাৰ বৃদ্ধি ৩০.৩২ শতাংশ। প্ৰতি ১০,০০০ৰ ভিতৰত হিন্দু জনসংখ্যা বৃদ্ধি কম-বেছি পৰিমাণে স্থিৰ হৈয়েই আছিল ১৯২১ চনলৈকে; কিন্তু ১৯৩১ চনত যথেষ্ট হিচাপে বৃদ্ধি পালে। জনজাতিসকলৰ মাজত চলা হিন্দুধৰ্মীয় প্ৰচাৰ কাৰ্যৰ বাবেই এনে হ’বলৈ পালে বুলি শ্ৰীমূলানে কৈছে। হিন্দু ধৰ্ম আৰু জড়বাদৰ মাজত থকা সীমাৰেখাডাল অপসাৰণ কৰিবলৈ হিন্দু মহাসভাই বিচাৰিছিল বুলি বোধ হয়। ১৯৪১ চনত হিন্দু জনসংখ্যা কমি যোৱা পৰিলক্ষিত হ’ল; কাৰণ অনুসূচিত সম্প্ৰদায় আৰু জনজাতিবোৰ হিন্দু হিচাপে পৰিগণিত নহ’ল। ১৯৫১ চনত হিন্দু হিচাপে তেওঁলোককো ধৰাত হিন্দু জনসংখ্যা ৮২.৮৬ শতাংশলৈ অত্যধিকৰূপে বৃদ্ধি প্ৰাপ্ত হ’ল। পূব পাকিস্তানৰপৰা চলা ভগনীয়াৰ প্ৰব্ৰজনেও এই সংখ্যা বৃদ্ধিত বুজন পৰিমাণে অৰিহণা যোগাইছে।

পমুৱাসকলে “আইনমূলক আৰু প্ৰশাসনিক প্ৰাচীৰখন”ৰ মাজেদি সৰকি গৈ অসমত বসবাস কৰিয়েই আছে বুলি ১৯৫১ চনৰ পিয়লৰ প্ৰতিৱেদনত শ্ৰীৱাঘাইৱালাই কৈছে। আইনমূলক বাধ্য-বাধকতাবোৰ ১৯৫৫ চনৰ নাগৰিকত্ব আইনখনে পুনৰ প্ৰৱৰ্তন কৰিছে; বিদেশী-ব্যক্তি আইনৰ বিধিসমূহে জাপি দিয়া প্ৰমাণৰ বোজাৰ বিষয়ে একো নক’লোৱেই জানিবা।

কোনো কোনোৱে ভবামতে অনুপ্ৰৱেশে অৰ্থনৈতিক স্বাৰ্থৰ ক্ষেত্ৰত কোনো প্ৰকাৰৰ সংঘৰ্ষ সৃষ্টি নকৰিলে— অন্ততঃ দেখনিয়াৰকৈ কৰা নাই। মাটি-বন্দবস্তিয়ে এতিয়াও সম্পূৰ্ণতা লাভ কৰা নাই; কিন্তু অধিকতৰ গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমীয়াসকলৰ মাজত দেখা দিয়া কৌতূহলপূৰ্ণ মানসিকতা। এজন প্ৰসিদ্ধ লেখকে পমুৱা মুছলিম আৰু চাহ-মজদুৰসকলে অসমীয়াকে নিজৰ ভাষা বুলি গ্ৰহণ নকৰাহেঁতেন কেনে বিষম পৰিস্থিতি এটাৰ সৃষ্টি হ’লহেঁতেন সেয়া প্ৰকাশ কৰিছে। বাস্তৱিকেই হওক বা কাল্পনিকেই হওক ভাষিক আধিপত্যৰ এক ভীতি সদায়েই বিৰাজ কৰিছে। অশিক্ষিত পমুৱা মুছলিমসকলে ভাষাৰ বিষয়ত কোনো প্ৰকাৰৰ ভাবুকিৰ সৃষ্টি কৰা নাই বুলিয়েই অসমীয়াসকলে ভাবে। পমুৱাসকলে মাটিৰ প্ৰতিহে সৰহ মোহ প্ৰদৰ্শন কৰে; সেয়ে ষাঠিৰ দশকলৈকে সমস্যাটো জটিল হৈ উঠা নাছিল।

ব্ৰিটিছৰ শাসনকালতো ভাষাৰ বিষয়টোতে প্ৰাধান্য দিয়া হৈছিল। ১৮২৬ চনত ব্ৰিটিছসকলে অসম উপত্যকা অধিকাৰ কৰে; ১৮৩৭ চনত স্কুল আৰু আদালতবোৰত বঙালী ভাষা প্ৰচলন কৰা হয়। আনন্দৰাম ঢেকিয়াল ফুকনৰ লেখীয়া মুখিয়াল লোকসকলে কৰা আন্দোলনৰ ফলত ১৮৭৩ চনৰ ১৯ এপ্ৰিল তাৰিখে বংগৰ তদানীন্তন উপ-ৰাজ্যপাল ছাৰ জৰ্জ কেম্পবেলে কামৰূপৰপৰা উজনিলৈ অৱস্থিত পাঁচখন জিলাৰ স্কুল-আদালতসমূহত অসমীয়া ভাষাৰে কাম-কাজ চলাবলৈ সিদ্ধান্ত ল’লে। ১৮৮১ চনৰ পিয়ল অনুসৰি সেইকালত অসমীয়া ভাষাক বঙালীৰে অপভ্ৰংশ বুলি সাব্যস্ত কৰাটোৱেই এক ৰীতিত পৰিণত হৈছিল।

অসমীয়াক এটি বেলেগ ভাষা হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত মাৰ্কিন ধৰ্মযাজকসকলে প্ৰভূত পৰিমাণে বৰঙণি দিছে। শ্ৰীৰামপুৰস্থ ধৰ্মযাজকসকলে ১৮১৩ চনতে বাইবেল অসমীয়ালৈ অনুবাদ কৰাৰ কথা ছাৰ জি.এ. গ্ৰিয়াৰ্ছনে তেওঁৰ সুবৃহৎ ‘লিংগুইষ্টিক চাৰ্ভে অব ইণ্ডিয়া’ গ্ৰন্থত উল্লেখ কৰিছে। পৰৱৰ্তী সময়ছোৱাত আমেৰিকান বেপ্টিষ্ট মিছনে ধৰ্মমূলক আৰু অন্যান্য বহুবিধৰ অনেক পুথি-পত্ৰ প্ৰকাশ কৰিছিল আৰু “অসমীয়া ভাষাটোক নিভাঁজ আৰু নিৰহ-নিপানীকৈ ৰাখিবলৈ” অতিকৈ চেষ্টা কৰিছিল।

উত্থানঃ ১৮৮১ৰপৰা ১৯৩১ চনলৈ ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাৰ উত্থান ঘটিছিল আৰু ১৯৫১ চনত শ্ৰীৱাঘাইবালাই ইয়াক “আক্ৰমণাত্মক ভাষিক জাতীয়তাবাদ” বুলি বৰ্ণনা কৰিছিল। ১৯৩১ চনৰ ৩১.৪ শতাংশতকৈ ১৯৫১ চনত ৫৬.৭২ শতাংশলৈ অসমীয়াভাষী লোকৰ সংখ্যা বিপুলভাৱে বৰ্ধিত হৈছিল। লগে লগে বঙালীভাষী লোকৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাসপ্ৰাপ্ত হোৱা পৰিলক্ষিত হৈছিল (২৬.৮ শতাংশৰ বিপৰীতে ১৬.৫ শতাংশ)। সমাজবিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ সদস্য শ্ৰীএছ. কে. চৌবে-এ ১৯৭১ চনত অসমীয়াভাষীৰ সংখ্যা ৬০.৮৯% আৰু বাংলাভাষীৰ সংখ্যা ১৯.৭১% বুলি উল্লেখ কৰিছে।

স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাৰ সৰ্বাধিক আলোচ্য বিষয় ভাষা সম্পৰ্কীয় কাৰ্যকলাপসমূহক অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষাৰ সৈতে বিজড়িত বুলি কোৱা হৈছে। গৱেষকসকলে ইয়াক হিন্দু ভগনীয়াসকলৰ বিপুল প্ৰব্ৰজনৰ বিৰুদ্ধে ‘প্ৰতিৰক্ষামূলক’ প্ৰতিক্ৰিয়া বুলি অভিহিত কৰিছে। ১৯৬০ চনত হোৱা আন্দোলনটোৱে অৱশ্যে পাৰ্বত্য অঞ্চলবোৰত বিচ্ছেদৰ ভাবনা জগাই তুলিলে। বাংলাদেশৰপৰা হোৱা অভূতপূৰ্ব প্ৰব্ৰজনৰ পাছতেই ১৯৭২ চনৰ দাংগা-হাংগামাৰ সৃষ্টি হ’ল। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মাধ্যমৰ বিষয়টোৱে পুনৰায় জাতিগত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে— উত্তৰ পাৰত বড়োসকলে নিজস্ব ৰাজ্য এখন গঠনৰ বাবে দাবী জনালে।

অসমতো এক নতুন গোষ্ঠীবাদ গঢ় লৈ উঠিল— অন্যান্য অনুন্নত শ্ৰেণীসমূহৰ সংঘবদ্ধ গোষ্ঠী। প্ৰকৃততে, ১৯৫৯ চনত কংগ্ৰেছৰ পৃষ্ঠপোষকতাতে ই প্ৰতিষ্ঠিত হৈছিল। কিন্তু শ্ৰীদেৱকান্ত বৰুৱাই ভূতপূৰ্ব গৃহমন্ত্ৰী শ্ৰীহিতেশ্বৰ শইকীয়াৰ সহযোগত এইটো গোষ্ঠীবদ্ধতাক কৰ্ষণ নকৰালৈকে ই পূৰ্ণাৱয়ৱ প্ৰাপ্ত হোৱা নাছিল।

অন্যান্য অনুন্নত শ্ৰেণীসমূহক লৈ গঠিত গোষ্ঠীচেতনাই উদয়াচল আন্দোলন ব্যাহত কৰিলে; ভাষাগত হেঁচা প্ৰতিহত কৰিলে। সহযাত্ৰীসকলক অৱৰুদ্ধ অৱস্থা এটাত পেলোৱা হ’ল আৰু যথেষ্ট সময় আৰু কৌশল আয়ত্ত কৰিব পৰাহেঁতেন ই দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমৰ লেখীয়া এক আন্দোলনত পৰিণত হ’লহেঁতেন। জনতা পাৰ্টিৰ বিপুল বিজয়ে সকলোকে নিষ্ক্ৰিয় কৰি পেলালে। শ্ৰীগোলাপ বৰবৰাই তেওঁৰ সমাজবাদৰ ঝাণ্ডাখন তুলি ধৰিলে; কিন্তু সমৰ্থনৰ বাবে সদায় সোঁপন্থীসকলৰ কৃপাপ্ৰাৰ্থী হ’বলগীয়াত পৰিল। এটা উপদলৰ তিক্ততাপূৰ্ণ বিৰোধিতাৰ ফলত এনে এক পৰিস্থিতি উদ্ভৱ হ’ল য’ত অতিশয় অনিচ্ছাসত্ত্বেও তেওঁ দুগৰাকী প্ৰমুখ মুছলিম মন্ত্ৰীক মন্ত্ৰী পৰিষদৰপৰা বাদ দিব লগাত পৰিব। যেতিয়া সাম্প্ৰদায়িকতা আৰু স্বৈৰতন্ত্ৰৰ ওপৰত তুমুল বিতৰ্ক চলিছিল, সেই সময়তেই শ্ৰীবৰবৰাকো উক্ত দুই মতবাদৰ অনুগামী বুলিয়েই চিত্ৰিত কৰা হৈছিল। সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলেও একেখিনি সোঁপন্থীৰ লগতে সম্পৰ্ক স্থাপন কৰিলে— এই ক্ষেত্ৰত কংগ্ৰেছৰ (উভয় গোষ্ঠী) ভূমিকা অৰ্থৱহ।

মূলতঃ নহ’লেও, অসম জনতা দলৰ চৰকাৰো একেই ভাষাগত হেঁচাৰ কৱলত পৰিল।১৯৬০ চনত বিষয়বস্তুটো আছিল চৰকাৰ ভাষা সম্পৰ্কীয়, ১৯৭২ চনত আছিল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মাধ্যম বিষয়ক আৰু ১৯৭৯ চনত সেয়া হ’লগৈ ভোটাৰ তালিকা সংশোধন আৰু বিতাড়নৰ দাবীৰ ওপৰত। ব্যক্তিগত আৰু দলগত ভাগ্যচক্ৰতেই বিপৰ্যয় ঘটিল; অসম এক আলি-দোমোজত উপনীত হ’লহি।

নিৰ্বাচন আয়োগে ভোটাৰ তালিকা সংশোধনৰ নিৰ্দেশ দিব পাৰে; এজন ভোটাৰে ‘অ-নাগৰিক’ এজনৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰিব পাৰে। পূৰ্বোত্তৰ অঞ্চলৰ প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ সন্দৰ্ভত প্ৰচুৰ অভিজ্ঞতা আছে। কেতবোৰ লোক সংবিধানৰ ৫,৬ আৰু ৭ নং ধাৰা অনুযায়ী নাগিৰক বুলি পৰিগণিত হৈছে অথবা সংবিধান বলৱৎ হোৱাৰ পৰৱৰ্তী কালত ভাৰতত প্ৰৱেশ কৰি ১৯৫৫ চনৰ আইনখনৰ যোগে নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ আহৰণ কৰিছে। কিন্তু বহু লোক অ-নাগৰিক হৈয়ে ৰ’ল আৰু বাংলাদেশৰ লগত সম্পাদিত চুক্তিৰ পাছত (যিখন ৰাষ্ট্ৰই ১৯৭১ চনৰ মাৰ্চ মাহৰ আগেয়েই ভাৰতলৈ প্ৰব্ৰজন কৰা কোনো ব্যক্তিকে নিজ নাগৰিক বুলি গ্ৰহণ নকৰে), এনেবোৰ লোকক “ৰাষ্ট্ৰবিহীন” বুলিয়েই শ্ৰেণীবদ্ধ কৰিব লাগিব।

উত্তৰ লাগেঃ এইখিনিতে সমাজৰ লগত মিলি যোৱা অনুপ্ৰৱেশকাৰী আৰু ভোটাৰ তালিকাভুক্ত অনুপ্ৰৱেশকাৰীৰ মাজত থকা পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পূৰ্বৱৰ্তীসকল হ’ল এক বৃহত্তৰ আলোচ্য বিষয়; কিন্তু পৰৱৰ্তীসকলক লৈহে সাম্প্ৰতিক সমস্যাৰ উদ্ভৱ হৈছে— যদিও উভয়েই পৰস্পৰ সম্পৰ্কযুক্ত কথা। পাকচক্ৰটো প্ৰায় এনে ধৰণৰঃ ‘ক’ই অনুপ্ৰৱেশ কৰিলে, ভোটাৰ তালিকাভুক্ত হ’ল আৰু ‘খ’ক ভোট দি ক্ষমতাধিষ্ঠ কৰিলে— যিজনে বিনিময়ত ‘ক’ৰ স্থিতিক স্বাভাৱিকৰূপে প্ৰতিপন্ন কৰিলে; ই এক পাৰস্পৰিক সুবিধাৰ অপ্ৰতিহত ব্যৱস্থা।বছৰৰ পাছত বছৰ ধৰি অসমৰ বিক্ষুব্ধ ৰাইজে ইয়াৰ উত্তৰ দাবী কৰি আহিছে। কেন্দ্ৰীয় কৰ্তৃপক্ষই যিসকল লোকৰ নাম ভোটাৰ তালিকাভুক্ত হৈছে তেওঁলোকক প্ৰাৰম্ভিক বিবেচনাতে ভোটাধিকাৰৰ যোগ্য বুলি গণ্য কৰিছে।

১৯৭৫-৭৬ চনত বিষয়টো পুনৰ্বিবেচনা কৰা হৈছিল। যদিহে বিপুলসংখ্যক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাভুক্ত হৈছে, তেন্তে তেনে লোকৰ নাম অপসাৰিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। আগেয়েও এবাৰ শ্ৰীবি. ডব্লিউ. ৰয়ে ১৯৭২ চনৰ অসমত অনুষ্ঠিত নিৰ্বাচন সম্বন্ধীয় তেওঁৰ প্ৰতিৱেদনত তদানীন্তন পূব পাকিস্তানৰপৰা হোৱা প্ৰব্ৰজনৰ ফলত সংযুক্ত খাচি-জয়ন্তীয়া পাহাৰ, গাৰো পাহাৰ (মেঘালয়), গোৱালপাৰা আৰু কাছাৰত ভোটাৰ তালিকা পুংখানুপুংখ সংশোধন কাৰ্য বাতিল কৰিবলগীয়া হোৱা বুলি স্বীকাৰ কৰিছে। ভোটাৰ তালিকাৰ এটি চমু সংশোধনীহে কৰা হৈছিল। অসম চৰকাৰলৈ দিয়া শ্ৰীশাকদৰৰ শেহতীয়া চিঠি আৰু স্পষ্টীকৰণেও কথাটো সুস্পষ্ট কৰিব পৰা নাই। মূল প্ৰশ্নটো হ’লঃ সন্দেহজনক বিদেশী এজনক ভোটা দানৰ অধিকাৰ দিয়া উচিত নে? ইয়াক এক বাস্তৱ সত্য বুলি গণ্য কৰা হ’বনে? ইয়াৰদ্বাৰা অসংখ্য নিৰ্বাচনী আৱেদন-পত্ৰ দাখিল কৰাৰ থল উলিয়াই দিয়া নহ’বনে? দুৰ্ভাগ্যক্ৰমে (অথবা সৌভাগ্যক্ৰমে) ১৯৭৮ চনত পুৰণি নেতৃবৃন্দক ধৰাশায়ী কৰা জনতা ঢৌৰ কথা বাদ দিলে, অসমৰ ৰাজনৈতিক শক্তিবোৰ এক অনুমানসাপেক্ষ গোষ্ঠীবদ্ধতাৰে বান্ধ খোৱা। দৃষ্টান্তস্বৰূপে, থলুৱা আৰু পমুৱা মুছলিমসকলে আৰু চাহ-মজদুৰসকল সমন্বিতে অ-সংগঠিত খেতিয়ক শ্ৰেণীটোৱেই কংগ্ৰেছক নিৰ্বাচন-বিজয়ত সহায় কৰে।বৰ্তমানৰ অৱস্থাতো কংগ্ৰেছে একেখিনি সমৰ্থকৰ ওপৰতে নিৰ্ভৰশীল হ’ব। আন কথাত ভাষাক যদিহে পাশাখেলত ঢালখন বুলি ধৰা হয়, তেন্তে পমুৱাসকল হ’ল পাশাৰ গুটিবোৰ।

পূৰ্বৰ প্ৰজন্মটোৱে এই খেলখন ধীৰে-সুস্থিৰে খেলি আছিল; নতুন প্ৰজন্মটোৱে ইয়াৰ এক বিকল্প থকা বুলি ভাবিছে। পমুৱাসকলৰ ভোটৰ যোগেদি নিৰ্বাচিত হোৱাসকলে কঠোৰ ব্যৱস্থা গ্ৰহণ সমৰ্থন নকৰে। তদুপৰি একে সম্প্ৰদায়ৰদ্বাৰা অধ্যূষিত অঞ্চলবোৰত সচেতন আপত্তিকাৰী বিচাৰি পোৱাও যথেষ্ট কঠিন হ’ব। এনেবোৰ ভোটাৰে এবাৰ থিতি লাগি বহিব পাৰিলেই ভাষিক গাঁথনিতো আহুকালৰ সৃষ্টি কৰিব বুলি কোনো কোনোৱে ভাবে। আৰু পৰৱৰ্তী লোকপিয়ললৈ মুঠেই এবছৰহে আছে।

এগৰাকী ভবিষ্যৎদ্ৰষ্টা জে.পি. মিলছৰ কথা ৰাইজৰ মনত পৰিছে— যিজনে ত্ৰিছৰ দশকতে অসমীয়াসকল নিজ ৰাজ্যত সংখ্যালঘুত পৰিণত হ’ব বুলি সতৰ্কবাণী শুনাইছিল। ভোটাৰ তালিকাত ৩০০,০০০ অথবা ততোধিক বিদেশী নাগৰিকৰ নামেৰে সৈতে অসম এক বিৰল আৰু কঠিনতৰ নিৰ্বাচনৰ সন্মুখীন হৈছে। মাইলছ ব্ৰনছনে কৈছিল— “অসমীয়া ভাষাটো ব্ৰহ্মপুত্ৰ নদৰ দৰেই চিৰপ্ৰৱাহমান আৰু চিৰকাললৈকে প্ৰৱাহিত হৈ থাকিব।” মুঠতে, মৰ্যাদা আৰু ন্যায় বিচাৰৰ সৈতে খাপ খোৱা উত্তৰ এটা নোপোৱালৈকে এনেবিধৰ অশান্তিকৰ পৰিস্থিতি মাজে মাজে সৃষ্টি হৈয়েই থাকিব।

(‘ষ্টেটছমেন’ৰ সৌজন্যত , সাপ্তাহিক নীলাচল, ১৯৮০ চনৰ ২৭ ফেব্ৰুৱাৰীত প্ৰকাশিত)

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close