উদয় হোৱা নাই…

মনশ্ৰী গোহাঁই

যন্ত্ৰণাই শিপাই ধৰা

মোৰ বুকুখনিত

এক অদ্ভুত ক্ৰোধে,

আচ্ছন্ন কৰি যায়

সমস্ত ৰক্ত সিৰা।

মোৰ ধমনীয়ে ধমনীয়ে

বিয়পি যায়…

ভগ্নতাৰ নিষ্ঠুৰ কোলাহল,

ঠুনুকা কাঁচৰ ঠনঠননিত

হেৰাই যায় মোৰ

কুমলীয়া মন।

মোৰ কৰ্কশ হৈ পৰা

অচিন বোকোচাখন…

ঘাঁহৰ দৰে শুকাই যোৱা

মোৰ ৰসভৰা শব্দ,

উদাসীন ভাবনাই উদং

কৰি যায়।

কাঁড় ভেদি নিৰ্গত হোৱা

মোৰ বুকুত এতিয়াও

ফুলা নাই

বৰষুণ পৰি শুকাই ৰোৱা বননিত

এতিয়াও এজুপি

গোলাপ ফুলৰ

উদয় হোৱা নাই;

নাই, এতিয়াও উদয় হোৱা নাই

ৰঙা গোলাপৰ ফুল।

Related Articles

error: Content is copy right protected !!
Close