উদ্দাম ৰাভাৰ মৃত্যুৰ সৈতে শেষ সংগ্ৰাম

ড° ভূপেন হাজৰিকা ৷

(ড০ ভূপেন হাজৰিকা দেৱৰ এই লেখা প্ৰথম প্ৰকাশ হৈছিল ১৯৮০ চনৰ অক্টোবৰ মাহৰ “আমাৰ প্ৰতিনিধি” আলোচনীত)।
☞ আজি ২০ জুন (১৯৬৯ চন) পুৱা পাঁচ বাজিছে । গুৱাহাটীৰ আমাৰ নিজৰাপাৰৰ বাসস্থানত বহি লিখি আছোঁ ।
কালি নিশা মই ৰাভাদেৱক চাবলৈ তেজপুৰলৈ যাম বুলি স্থিৰ কৰিছোঁ মাত্ৰ । মটৰখনৰ টায়াৰ ফুটি
থাকিল ! ভাবিলোঁ পুৱাতে যামগৈ ।
এতিয়া এইমাত্ৰ গম পালোঁ ট্ৰাংক কল যোগে যে কালি নিশা ২ বজাত ৰাভাদেৱে চিৰদিনৰ বাবে চকু
মুদিলে ! মূৰত সৰগ ভাগি পৰাৰ দৰে লাগিছে । মই এতিয়া একো লিখিব নোৱাৰোঁ । মটৰযোগে তেজপুৰলৈ
যাওঁগৈ– কাৰণ, ৰাভাৰ মৃত্যুৰ পাছৰ শেষ আভাখিনিকে চাবই লাগিব । যাওঁগৈ –
– তীব্ৰ গতিৰে গাড়ী চলিছে ।
– আৰু স্পীড নিদিয় কিয় ?
– ব’ল ৰফিক । আৰু জোৰে, আৰু জোৰে চলা । আমি চকুৰে একো নেদেখা হৈছোঁ । হাত-ভৰি কঁপিছে । আমাৰ ড্ৰাইভাৰ ৰফিকৰ চকু চলচলীয়া । সি কিমান জোৰেৰে
চলাব ? গুৱাহাটীৰ পৰা ঢাপলি মেলা আমাৰ৷এম্বেচেডৰ গাড়ীখন যদি উৰাজাহাজ হ’লেহেঁতেন । তেজপুৰলৈ বহুবাৰ গৈছোঁ । কিন্তু এইবাৰ ?
আমি কি চাবলৈ আগুৱাইছোঁ ?
ম্ৰিয়মাণ নিস্তব্ধ জনমানৱহীন আজিৰ তেজপুৰৰ কলিবাৰীৰ গোপালচন্দ্ৰ ৰাভা ৰোডেৰে আমাৰ গাড়ী
আগুৱাইছে । গোপালচন্দ্ৰৰ নহয় । বঙ্গৰ গৱৰ্ণৰৰ এ ডি চি৷চৰ্দাৰ গোপালচন্দ্ৰ ৰাভা চুবেদাৰ মেজৰ বাহাদুৰৰ মহাসংগ্ৰামী, মহা সূত্ৰধাৰ পুত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাক এতিয়া চিতাত তুলিছেই ।
মই দেখা নেপাম নেকি ?
বিষ্ণুদাৰ প্ৰিয় ড° ৰবীন গোস্বামীয়ে বাটতে মোক ক’লে, “দাদা, আপোনাক দুবাৰ বিচাৰিছিল কালি” ।
এবাৰ মোৰ ভাই নৃপেনক দেখি অস্পষ্ট ভাষাৰে তেওঁ হেনো সুধিছিল– “ভূপেন আহিব?”
নৃপেনে ক’লে– “খবৰ পাইছো, দাদা আহিব” । বিষ্ণুদাই সুধিলে – “আজি?”
এয়া প্ৰশ্ন ১৯ জুনৰ । তাৰ এদিন পাছত তেওঁ যাবগৈ চিৰদিনৰ বাবে । মই দুৰ্ভগীয়া । বিষ্ণুদাক চিতাত
তুলিলেই নে ?
আজি ২০ জুন, ১৯৬৯ । জনজাতীয় গেৰেকী বস্তিৰ মাজেৰে গাড়ী আগুৱাইছে । কিছু লোক, কিছু গাড়ী
উভতি আহিছে । মৃত্যু মৌনতাৰ পৰিৱেশ । উভতি অহা গাড়ী এখন আমাৰ গাড়ীৰ ওচৰতে ৰৈ গ’ল । দু:খবিহ্বল ফণী শৰ্ম্মাদেৱ ৷
ক’লে– “ভূপেন, তোমাৰ বাবে
মৰমেৰে কিছু পৰ ৰৈছিলোঁ । বাটত গাড়ী বেয়া হৈছিল নেকি ?”
মই ক’লো – “হয়। বিষ্ণুদা আছে নে নাই ?”
– “সোনকালে যোৱা । বিষ্ণুদা এতিয়া চিতাত”।
এজন ডেকাই ক’লে– “দাদা, যাওক সোনকালে । আপুনি৷দুৰ্ভগীয়া” ।
মোৰ গাড়ী আগুৱায় । গাড়ী এৰোঁ । হাবাথুৰি খাই খোজ কাঢ়ি, লৱৰি যাওঁ ।
বিশাল মৰাভৰলী আৰু লুইতৰ সংগমস্থলী । আকাশত এখন
ধুনীয়া ৰামধেনু । ক’ত বিষ্ণুদা ? ক’ত মোৰ সুৰৰে পূজাৰী? “বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচাঁ
তমোহৰ দেউ নাচাঁ” বুলি নাচি নাচি প্ৰচণ্ড শক্তিৰে চিঞৰি ১৯৩৬ চনত আমাক শৈশৱত গীত শিকোৱা
বিষ্ণুদা দেখোঁ একুৰা বিৰাট জুইত পৰিণত হৈছে । মোৰ গাৰ উত্তাপ লাগিছে বিষ্ণুদাৰ গাৰ অগনিৰ । বৰ
প্ৰেৰণাদায়ক উত্তাপ– সেই উত্তাপ । চাৰিওফালে জুমি চাওঁ বুলি মোৰ মনটোৱে কয় । চকুত মোৰ দৃষ্টি কমি
আহিছে । বিষ্ণুদাৰ তেজ-মঙহৰ শৰীৰটোৰ একাংশ মই শেষবাৰলৈ নেদেখিমনে ? ইমান দুৰ্ভগীয়ানে মই ?
“চোৱাঁহি ভূপেন, আচৰিত কথা বিষ্ণুদাৰ মুখখন হুবহু
জীৱন্ত হৈ আছে । জুইৰ মাজতো । তোমাৰ বাবেই বোধহয় বাট চাই আছে । তোমাৰ বাবে ৰাইজে বাট
চাইছিল কিছু পৰ । পিছে, এতিয়া বিষ্ণুৱে দেখোঁ নিজে বাট চাইছে তোমালৈঁ”– কোনোবা এজনে
ক’লে ।
অতি শংকাৰে চিতাৰ মূৰ শিতানৰ পিনে চাই দেখোঁ, সঁচা । মুখখন হুবহু জীৱন্ত হৈ আছে । মুখখনৰ বাহিৰে
সকলো দেহাংশ অগ্নিৰ লেলিহান শিখাই আঁকোৱালি লৈছেই ইতিমধ্যে । মুখখন কিন্তু একে আছে । যেন– জুইৰ মিঠা বিছনাত বিষ্ণু ৰাভাই শেষ
ভাও দিছে । ইংৰাজীত যাক কয়– ‘ফিনালে’ ।
সূত্ৰধাৰৰ প্ৰস্থান দৃশ্য । মূৰৰ চুলি ফনিওৱা । শান্ত মুখ । কপাল বিশাল । অগ্নিশিখাই মুখখনৰ ধুনীয়া চুলি
এডালো তেতিয়াও স্পৰ্শ কৰা নাই । মুখত সৰু এটি হাঁহি । বিশাল কপালত দুথোপা ফুল দিলোঁ । কিছু সুগন্ধী
ধূপ জ্বলাই মূৰৰ কাষতে থ’লোঁ, সেই মধুৰ উত্তাপময় বিষ্ণু-অগ্নি-শয্যাৰ নিচেই কাষতে থিয় দি ৰ’ লাগি
চাই থাকিলোঁ । অস্ফুট ভাষাৰে মোৰ ওঁঠৰ পৰা ওলাল–
“বিষ্ণুদা, অলপ পলম হৈ গ’ল” । ডেৰ ঘন্টামান কাল অগ্নিয়ে স্পৰ্শ নকৰা মুখখনে যোৱা ২৪ মে’ত মোক
কোৱা কথাষাৰ আকৌ ঈষৎ হাঁহি মাৰি ক’লে– “ভূপেন, মই ভাল হৈ গৈছোঁ” ।
বেলি পৰি আহিছে মৰাভৰলী আৰু লুইতৰ সংগমস্থলতৰ আকাশত অলপ আগতে ওলোৱা বিৰাট ৰামধেনুৰ মাথোঁ একাংশ দিগন্তত ৰৈ আছে । বিষ্ণুদাৰ মুখখন এতিয়াও আছে । সাতৰহণীয়াহে ৰামধেনুৰ ৰং । বিষ্ণুদাৰ বৰণ বাৰেবৰণীয়া । সেই চিতাৰ ওচৰতে বহি ৰামধেনুলৈ চাই পঠাওঁতে যেন কেলিডোস্কোপিক ৰূপে তেজপুৰৰ অাকাশত দেখিছোঁ–
ঢাকাত বগা ঘোঁৰাত উঠি স্কুললৈ যোৱা ৰাভাক,
কলিকতাৰ ছেইন্টপলছ কলেজৰ ফিজিক্সৰ অনাৰ্ছ ক্লাছৰ ৰাভাক, কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত
সাম্ৰাজ্যবাদী সতীৰ্থসকলক নিৰ্ভীকভাৱে জোকোৱা ৰাভাক, ৰংপুৰৰ কাৰমাইকেল কলেজৰ
মেধাৱী ছাত্ৰ ৰাভাক,
তেজপুৰৰ পল’ ফিল্ডৰ ফুটবল
খেলুৱৈ ৰাভাক,
শংকৰদেৱক অঁকা ৰাভাক,
বাণ ষ্টেজৰ সঙ্গীত পৰিচালক ৰাভাক, দমদমৰ গ্ৰামোফোন কোম্পানীত নিশাৰ ভিতৰতে একোখনকৈ নাটক লিখি বাণীবদ্ধ কৰা ৰাভাক, কলিকতা ষ্টুডিঅ’ত ‘ছিৰাজ’ নিৰ্মাতা ৰাভাক, আনা পভলোভাৰদ্বাৰা অনুপ্ৰাণিত হৈ নটৰাজ হৈ নচা ৰাভাক, এৰাবাটৰ সুৰৰ ‘ভুজলং কাকা’ ৰাভাক, অৱহেলিত নিষ্পেষিতৰ কৃষ্টি বিচাৰি ইন্টেলেক্চুৱেলিজমক ৰঙামাটিলৈ নমাই অনা ৰাভাক, অসমৰ জনজাতীয় আৰু নানা জাতীয়
জনজীৱনৰ উপনদীক সাঙুৰি অসমৰ ৰাইজক এক বহমান বিশাল লুইত সাজিব খোজা ৰাভাক, এহাতে কলম আৰু ৰঙৰ তুলী লৈ, আনহাতে বোমা আৰু বন্দুক লৈ যাযাবৰ হৈ ফুৰা ৰাভাক, জ্যোতিপ্ৰসাদৰ নেতৃত্বত ফণী শৰ্মা আৰু সহস্ৰ শিল্পীক লৈ আগ বঢ়া অসমৰ নৱ-সংস্কৃতিৰ ধ্বজাধাৰী ৰাভাক আৰু নিজৰ বিপ্লৱী মূৰটোক বেচ দহ হেজাৰ টকালৈ আগ বঢ়াব পৰা ৰাভাক– যেন মই সেই ৰামধেনুৰ মাজেৰে দেখিছোঁ ৷
বিষ্ণু ৰাভাৰ আভা সাতবৰণীয়া ৰামধেনুতকৈ বহুগুণে বেছি ৰহণীয়া । আবেলি চাৰে পাঁচ বাজিছে । অগনিয়ে
বিষ্ণু ৰাভাৰ দেহ তেতিয়া সামৰি ল’লে । বিষ্ণুদাই গোৱা জ্যোতিপ্ৰসাদৰ গীতটো যেন শুনিছোঁ–
“কপালত তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু” । সুৰৰে জিঞ্জিৰি পিন্ধা বিষ্ণু ৰাভাই ৰূপৰ শিকলি ছিঙি সোণোৱালী দুৱাৰ মেলি নিজেই এক অনন্ত সুৰ হৈ ৰৈ গ’ল– যুগান্তকাৰী সংগ্ৰামী সৈনিক হৈ পৃথিৱীৰ সংস্কৃতিৰ আকাশে-বতাহে ।
বিষ্ণু ৰাভা জীৱন সংগ্ৰামী । মৰণৰ সৈতে এই মহান সূত্ৰধাৰে সংগ্ৰাম কৰিলে কেনেকৈ ? সেই সংগ্ৰামৰ
কথা শুনিলে গাৰ নোম শিয়ৰি উঠে ।
জীৱন লালসাৰ জীৱন্ত প্ৰতীক ৰাভা
তেজপুৰৰ চিভিল হস্পিটেলৰ পেৰিবোৰ্ড নং ২ । ৭ জুনৰ দিনা কলিকতাৰ চিত্তৰঞ্জন সেৱা সদন অভিমুখী ৰাভাৰ যাত্ৰা স্থগিত কৰিলে তেওঁৰ শৰীৰৰ দূৰ্ব্বলতাই । অক্সিজেন দিয়াৰ পাচত সন্ধিয়া হাঁহি মাৰি
ক’লে– “মোকো অক্সিজেন দিবলগীয়া হ’লনে ?” দিনে নিশাই হস্পিটেলত তেওঁৰ গুণমুগ্ধ অসংখ্য মানুহ । ৰাভাই এদিন ৰগৰ কৰি এজনক ক’লে– “মই চিভিল হস্পিটেলটো আক্ৰমণ কৰি দখল কৰিলোঁ” । ২০ জুনলৈকে তেৰটা দিন তেওঁৰ লগত দিনে নিশাই লাগি আছে নীৰৱ কৰ্মী জীৱন কলিতা, ৰমেশ শৰ্ম্মা, প্ৰফুল্ল (বাপু), বদন লহকৰ, বাদল দাস, বিভূতি মেধি, সত্য চৌধুৰী, শ্ৰীমন্ত ডেকা, উৎপল, বিজিত আৰু বহুতো । হস্পিটেলৰ ডাক্তৰসকল হাচান, শইকীয়া, ভদ্ৰ, কলিতা, বিশ্বাস, ফুকন, হাজৰিকা, চক্ৰৱৰ্তী । বাহিৰৰ চিকিৎসাত ডা: ৰবীন গোস্বামী, ডা: ইউ চি দাস সদা মনোযোগী ।
নাৰ্ছসকলৰ মাজৰ পুতুল, ৰজনী, তুলু, পদ্মা, নিৱেদিতা, খাচী নাৰ্ছ ড্ৰিয়েম, মিজো গাভৰু লালজুই । পৰিচাৰক
আছিল ব্ৰহ্ম, মাৰাক, চৌধুৰী, কোঁৱৰ । এওঁলোকক লগ ধৰিলে মই শুনাৰ দৰে মৃত্যু সংগ্ৰামৰ সময়ত ৰাভাৰ সৰু
সৰু কথা শুনিবলৈ পাব– যি ৰাভাৰ শেষ সংগ্ৰামত থকা মহা সাহসৰ আৰু জীৱন লালসাৰ প্ৰমাণ দিয়ে ।
নাৰ্ছ লালজুই ধুনীয়া মিজো গাভৰু । নিৰ্মলে ৰগৰ কৰি এদিন কৈছিল – “লালজুই, তুমি মোৰ ওচৰত বহিলে তেওঁ বেয়া পাব পাৰে” । ইমান কষ্টকৰ ৰোগত আক্ৰান্ত হোৱা সত্বেও ৰাভাক চাবলৈ অহা মানুহৰ সকলোকে তেওঁ মৰমেৰে কথা সোধে, কয়: “বতৰ বেয়া, কেনেকৈ  আহিল ? ইমান পৰে যোৱা নাই ?”  শ্ৰী চন্দ্ৰ গোস্বামী আৰু দুলুক সুধিছে, বাণ ষ্টেজৰ পুনৰ নিৰ্মাণ কৰাৰ কথা, নগেনে কান্দিছে নেকি ? নাৰ্ছ ৰজনী বসুমতাৰীৰ সৈতে বড়ো ভাষাত কথা পাতে । এদিন কৈছে– “বৌৱেৰাক বেজাৰ কৰিব নিদিবা, মোৰ বেয়া লাগে” । এদিন ৰাতি লাড়ু বাবুক মাতি কয়, “ডাক্তৰ দাসে একো খোৱা নাই । বৰ কষ্ট হৈছে কিবা অলপ খুৱাই আনাগৈ” । তেওঁ কাৰ সৈতে বেছি কথা পাতে বুলি সোধাত ৰজনীয়ে কৈছিল– “ফণী শৰ্মাৰ সৈতে” । মেজৰ তৰুণ হাজৰিকাৰ সৈতে আনন্দ কৰি নেপালী ভাষাত কিবা এটা সুধি নেপালী গীত এটি গুণগুণালে। সেই শাৰীৰিক অৱস্থাত কেনেকৈ গীত গাব পাৰে ? ওচৰত থকা প্ৰফুল্লই তবধ মানিলে ।
মৃত্যুৰ কথা ৰাভাই বহুত আগতে জানিছিল নেকি ?
বোম্বেৰ টাটা হস্পিটেলত ভৰ্ত্তি হোৱাৰপৰা একেলগে লাগি থকা বদন লহকৰক বোম্বেত কৈছিল
এষাৰ কথা । স্বৰ্গীয় আন্নাডুৰাইক চিকিৎসা কৰা বিখ্যাত ডা: পেমাষ্টৰে যেতিয়া বিষ্ণুদাৰ অসুখ বেছ
কিছু পুৰণি বুলি ক’লে, তেতিয়া বদনে বিষ্ণুদাক চাৰ্জ কৰিলে– “কিয় আগতে কোৱা নাই বুলি ?” বিষ্ণুদাই তেতিয়া কৈছিল: “জানা বদন, এম এল এ ৰূপে ৪০০ টকা পাওঁ চৰকাৰৰ পৰা, তাৰে এশ টকা দিব লাগে পাৰ্টিক । তিনিশ টকাৰে মোৰ ঘৰখন কিমান কষ্টেৰে চলাব লাগে । এই অসুখৰ কথা যদি আগতে জানিবলৈ দিলোঁহেঁতেন, বৌৱেৰাই কি ভাবিব ? কিবা জানো
লাভ হ’ব ? যিকেইদিন পাৰোঁ, নজনাকৈ থাকক । মোৰ বিশ্বাস আছিল, আনে জনাৰ আগতে মোৰ মৃত্যু হ’ব আৰু সেই মৃত্যু হ’ব মোৰ মুক্তি । মই ৰাইজৰ বাবে জীয়াই
থাকিলো ষাঠি বছৰ । ৰাইজক কি দিলো নেজানো– আৰু কিবা কৰাৰ শক্তি মোৰ নাই– কিন্তু জানা বদন,
আজি ৰাইজে মোক বচাবলৈ বিচাৰিছে । পুনৰ মোৰ জীয়াই থাকিবলৈ প্ৰবল হেঁপাহ জন্মিছে । চাবা মই সম্পূৰ্ণ ভাল হৈ যাম ।– বদন, আজিৰপৰা সুস্থ মানুহৰদৰে তোমাৰ লগত বোম্বে চহৰত ঘূৰি ফুৰিম” ।  – ফুৰিলে ।
কোবাল্ট ৰে’ লৈও তেওঁ চাৰিখন চিনেমা, এখন চাৰ্কাছ চালে । জুহুত ৰে’লেৰে গৈ ফুৰি আহিল । কলিকতাত গুৰুপদ চৌধুৰীৰ কক্ষত মোক ক’লে – “মোৰ ৰোগ থকা ঠাইবোৰ টুকুৰা টুকুৰকৈ কাটি পেলালেও সৰু টুকুৰা হৈও বাচি থাকিম ভূপেন” । মৃত্যুৰ দুদিন আগতে সত্যৰঞ্জন কলিতাক কৈছে– “ৰাইজক একো দিব
নোৱাৰিলোঁ” ।
শেষৰ দৃশ্যাৱলী •••
১৫ জুনত অক্সিজেন দিয়া হ’ল । বৰ টান । পুনৰ ভাল পালে । লাহে লাহে বিষ্ণুদাৰ মুক্তি চাপি আহিছে, ৰাভা অভিমন্যু হৈ আহিছে । ডা: চক্ৰৱৰ্তীক ১৬ জুনৰ দিনা কৈছে, “ফৌজদাৰী মামলাৰ আজি শেষ । আজি
সব শান্তি” । লগৰ বন্ধু বিবেক আগৰৱালাক দেখি বহুৱালি কৰি ক’লে – “জেনেৰেল পৰিল” । ডাক্তৰে
কৈ উঠিল, “A General never falls”. প্ৰথম কেইনিশা বিষ্ণুদাৰ টোপনি ভাল হৈছিল । পহৰা দিয়াসকলে অন্তত: ডেৰঘণ্টাকৈ বাহিৰত থাকিব পাৰিছিল । নিশাৰ নাৰ্ছ পুতুল দেক বিষ্ণুদাই বৰ বিচাৰিছিল । পুতুলে মোক কৈছিল– “মোক বিষ্ণুদাই মৰম কৰি ঘৰৰ
কথা সোধে । নাম ধৰি মাতে” । শেষৰ পিনে পুতুলক বহুৱাই ক’লে– “সাধুকথা কওঁ এটা । আকাশত চন্দ্ৰ আছে । তাত এগৰাকী বুঢ়ী বহি আছে” – আৰু ক’ব নোৱাৰিলে ।
তাৰ পাছত চকু মুদি ক’লে– “ময়েই বিষ্ণু ৰাভা আছিলোঁ” ।
পুতুলক সুধিলোঁ– “বিষ্ণুদা কেনে ৰোগী আছিল?”
ক’লে– “বিষ্ণুদা, সুন্দৰ সাহসী ৰোগী
আছিল । ডাক্তৰ সোমালেই কয়– ‘গুডমৰ্নিং ডাক্তৰ’। গ্লুক’জৰ ড’জ বঢ়াই দিবলৈ কয় নিজেই । নিজেই
ড্ৰ্পাৰটো চাই থাকে” । ডা: শইকীয়াই ক’লে– “কি বেজী দিছে, কিয় দিছে, সোধে । সোধে, মোৰ প্ৰেছাৰ কিমান ? ১০৪ ডিগ্ৰী জ্বৰতো ডা: শইকীয়াক কয়
– “তোমাৰ শহুৰ গোলোক বৰুৱা মোৰ লগৰ, অথচ বুঢ়া হৈ গ’ল” । কৈ কৈ নিজৰ চিৰযৌৱনৰ অহংকাৰ কৰে ।
ছিডেটিভ বা টোপনি যোৱা ঔষধ শেষলৈকে নালাগে বুলি ক’লে । শেষত, সহধৰ্মিণী মোহিনী ৰাভাক ক’লে– বিষ্ণু ৰাভা নমৰে, মই আকৌ আহিম” ৷
নিজৰ তিনিটা ল’ৰাক মৰম কৰি গ’ল । ডাঙৰ দুজন তুনতুন আৰু ৰুণজুনক
ক’লে–
“কথা শুনিবা, ভালকৈ পঢ়িবা” ।
১৮ জুন ৷
তেওঁৰ সহধৰ্ম্মিণীক বিষ্ণুদাই ক’লে– “কালিৰ পৰা মই বেয়া হ’ম” । নাৰ্ছ ৰজনী বসুমতাৰীক ক’লে– “মৃত্যু
বাহিনী ভুল । মই বহুতো ভুল কৰিলোঁ” । বোধ হয় ৰাভাই জীৱনৰ নতুন আভা নতুনকৈ বিচাৰিছিল ।
অন্তিম কালতো হাস্যৰস•••
শেষত এদিন ৰাতি । বিষ্ণুদাই প্ৰফুল্লক মাতি ভৰি হাত পিটিকাইছে । বৰ দুৰ্ব্বল । এখন ভৰিৰ ওপৰত আনখন ভৰি কোনোমতে তুলিছে। প্ৰফুল্লই ক’লে, “দাদা, শুবলৈ চেষ্টা নকৰে
কিয় ?”  বিষ্ণুদাই হাঁহিব খুজি উত্তৰ দিয়ে– “ষ্টাইল কৰিছোঁ হে, মই ষ্টাইল কৰিব নেলাগে নেকি !”
প্ৰফুল্লৰ মতে, এদিন সন্ধ্যা জনৈক কংগ্ৰেছ কৰ্মীয়ে বিষ্ণুদাৰ খবৰ ল’বলৈ অহাত তেওঁক ধেমালিকৰি ক’লে– “তোমাৰ ল’ৰাটো চীনৰ পৰা অহিল নে ?”
মানুহগৰাকীয়ে ৰগৰটো বুজি নেপাই ওলাই আহি আনক ক’লে –“ৰাভাই প্ৰলাপ বকিছে । মোৰ ল’ৰাটো হেনো
চীনত আছে” । আচলতে কিন্তু ৰাভাই সেইটো হয়তো ব্যংগহে কৰিছিল, তেওঁ নিশ্চয় পাহৰিব পৰা নাই ।
চৰকাৰে তেওঁক যোগ্য একোকে নিদি মাথোঁ চীনে দেশ আক্ৰমণ কৰাৰ সময়ত নিশা তিনি বজাত হাতকেৰেয়া পিন্ধাই জেললৈ নি সন্মান দিছিল ।
সাহিত্য সভা, সংগীত নাটক একাডেমীয়েতো বিষ্ণু ৰাভাৰ আভাৰ অৰ্থ অকণিকে নুবুজিলে । ফণী
শৰ্মাদেৱে সেইবুলি সেইদিনা তেজপুৰত আৱেগ বিহ্বল মাতেৰে চিঞৰি উঠিছিল– বিষ্ণু ৰাভাই মাথোঁ হাস্যৰসেৰে তাকে সোঁৱৰাইছিল শেষ মুহুৰ্ততো । বেয়া ভাব তেওঁৰ নিশ্চয় কাৰো প্ৰতি নাছিল । ছে’ন্স অব্ উইট ৰাভাৰ এটি চিৰসংগী প্ৰকাশ ।
মৃত্যুৰ আগৰ ৰাতি বিষ্ণুদাই অসম্ভৱ কষ্ট পাইছিল । শেষত অসহায় অথচ আশাবাদী হৈ ওজা লগোৱাত বিষ্ণুদাই কমিকেল মুখ এখন কৰি বিবেক আগৰৱালাক (জ্যোতিপ্ৰসাদৰ ভ্ৰাতৃ) কৈছে- “মোৰ ভাই চিকিৎসা এটা চলি আছে” । শেষত অতিশয় কষ্ট পাই ওজাক কৈছিল- “মোক এৰি দিয়ক, মই যাওঁ” ।
১৮ তাৰিখে ডা: শইকীয়াক মূৰ ফণিয়াবলৈ কয় আৰু ইউডাকোলোনো বিচাৰে ।
এদিন ৰাতি সোধে– “মোৰ ওচৰত কোন আছে ?” প্ৰফুল্লই কয় – “বলীনদা (ফণী শৰ্মা) আৰু ধৰণী চৌধুৰী আছে” । দুয়ো বিষ্ণুদাৰ প্ৰিয় । তেওঁ হাতখন আগবঢ়াই দিয়ে ।
প্ৰফুল্লই হাত পিটিকি দিয়ে । বলীনদা বাহিৰলৈ গৈ উন্মাদৰ দৰে হয় । মহাসংগ্ৰামী সৈনিক ৰাভাৰ শাৰীৰিক চকুৰ জ্যোতি কমি আহিছে । কাষত থকা উৎপলক থোকাথুকিমাতেৰে কৈছে– “বগা পোহৰ টান পাইছোঁ, নীলা পোহৰ দিয়া” । তেওঁৰ দেউতাক ৰাভাৰ বন্ধু বিমল ভট্টাচাৰ্য্যৰো এই ৰোগ হৈছিল । উৎপলক ক’লে– “তোমাৰ দেউতাৰাতকৈ মই বেছি খাব
পাৰিছোঁ । নিশ্চয় ভাল হৈ যাম, নহয় জানো ?”
ৰাভাৰ ওচৰত নীলা পোহৰ দিয়া হয় । বিষ্ণুদাই তিনি দশকৰ আগতে সুৰ দি ৰেকৰ্ড কৰোৱা তেতিয়াৰ শিশু শিল্পী ৰাগিণীৰ মাকক বিচাৰিছিল, পুৰণা ৰেকৰ্ডবোৰ বিচাৰিছিল ।
২০ জুন । নিশা ২ বাজিছে । মহাবিপ্লৱী মহাসংগ্ৰামী শিল্পী ৰাভাৰ প্ৰস্থান দৃশ্যৰ মঞ্চসজ্জা যুগুত । নীলা পোহৰেৰে নাটঘৰ সজ্জিত । ২ নং ৱাৰ্ড ।
কিছু ঘন্টা আগতে মত্যু-যন্ত্ৰণাত কিবা ক’বলৈ চেষ্টা কৰাত এজনে কাণৰ কাষত সুধিলে কি হৈছে ?
বিষ্ণুদাই অস্পষ্টকৈ ক’লে– “নতুন সুৰৰ গান গাইছোঁ” ।
বলীনদাই বন্ধু বিচ্ছেদৰ কথা কল্পনা কৰিব নোৱাৰি উন্মাদৰ দৰে বাহিৰত কয়– “বিষ্ণুক শান্তি দিয়া, নালাগে আৰু চিকিৎসা” ।
ইফালে, চিকিৎসাবিজ্ঞানে হাৰ মনা সেই দৃশ্য সহ্য কৰিব নোৱাৰি অসহায় ডা: প্ৰভাত শইকীয়াৰ কলমেৰে
স্বত:স্ফুৰ্তভাৱে এটি কবিতা ওলাইছে তেওঁ এনেয়ে কবিতা নিলিখে–
“যুঁজিলা বহু ক্ষেত্ৰ
অভেদ্য
অলৰ
অচৰ
সৈনিকৰ দৰে
কিন্তু আজি
আজি বিষ্ণু ৰাভা
অস্ত্ৰহীন
ছট্ফট্
বিছনাত
যুঁজিছে এক
মহাব্যাধিৰ
লগত
যেন অভিমন্যু
এই কুৰুক্ষেত্ৰ
মৰাথলী
তুমি ম্ৰিয়মাণ
তুমি ক্লান্ত
অথচ
বীৰৰ দৰে
অপৰাজেয়
তোমাৰ উদ্যম” ।
“What a wonderful patient” ! ডাক্তৰসকলে একেমুখে ক’লে । বিষ্ণুপ্ৰসাদৰ মহাপ্ৰস্থানৰ শেষ দৃশ্য । বাদল দাসে নামঘোষা পঢ়িছে-
মুক্তিত নিস্পৃহ যিটো…।
২ নং ৱাৰ্ডৰ সন্মুখত সদায় থকা তিনিটা কুকুৰ সাৰে আছে । বলীনদাৰ পিনে প্ৰায় পোন্ধৰ ছেকেণ্ড অৰ্থপূৰ্ণভাৱে বিষ্ণুদাই মাথোঁ চাইছিল । বিষ্ণু দাৰ৷বন্ধু লাডু বাবুৱে গংগাজল খুৱালে । শ্ৰীমতী ৰাভাই ডায়েৰীত কিবা লিখিলেগৈ কান্দি আউলি বাউলী
হৈ । ২ বাজি ২০ মিনিটত বিষ্ণু ৰাভা অভিমন্যু হৈ ৰণত পৰিল । কীৰ্ত্তন পঢ়াৰ প্ৰায় ১ ঘণ্টা আগতে বাদল
দাসে হঠাতে ৰোগীক দেখি লিখিলে– “সৰ্ব্বহাৰা মানৱ শিশুৰ চাল বেৰ ভঙা গছতলৰ পাঠশালা তুমি,
তোমাৰ কিটো আছে হে’ ৰাভা, সম্পত্তিবিহীন” ।
পুনৰ উপজিবই
ৰাভাই ৭ তাৰিখে পুৱাতে উঠি গীত গাই কলিকতালৈ নিবলৈ পুৰণি ছুটকেছটোত কি কি ভৰাই লৈছিল, মোক শ্ৰীমতী ৰাভাই দেখুৱালে । তাত কিছু অৰ্দ্ধলিখিত কিতাপৰ পাণ্ডুলিপি লৈছিল, ডায়েৰীখন লৈছিল, লৈছিল ৰং আৰু তুলিকা– ছবি আঁকিবলৈ । বল পইণ্ট পেনৰ চিয়াঁহী থকা কেইবাটাও প্লাষ্টিকৰ পাইপ ।
শ্ৰীমতী ৰাভাক বিষ্ণুদাই কোৱা শেষ কথা আছিল–
“বিষ্ণু ৰাভা নমৰে
মই আকৌ আহিম” ।
কিয় নাহিব ? কিয় ? তেওঁ জানো আদাম-ইভৰ অৰ্দ্ধলিখিত মহাকাব্যত লিখি যোৱা নাই ?
“কুষ্ঠৰোগী সূৰুযত
ময়ে সাতবৰণীয়া ৰহণ বুলালোঁ ৷
পাপ ব্ৰণ ভৰা সেই
জোনৰ মুখত দুয়ো
জোনোৱালী কিৰণ সানিলোঁ
আকাশত তাৰকাৰে মালিকা গুঁঠিলোঁ
নিজে ভগীৰথে মৰতত গঙ্গা আনি
সাগৰৰ অপৱিত্ৰ পানী
পুনু পৱিত্ৰ কৰিলোঁ ।
এইদৰে তোমাৰ সৌন্দৰ্য্য অনুৰূপে
দুয়ো জগত স্ৰজিলোঁ
আদি সত্য আমি উলিযালোঁ
আদি শিৱ আমিয়েই পালোঁ
আদি বৰ্ণ আমিয়েই লিখিলোঁ
আদি সুন্দৰক আমি প্ৰথমে পুজিলোঁ
আদি ধৰ্ম,
আদি জ্ঞান আদিম সমাজ
আৰু প্ৰথম বিজ্ঞান
আমি দুয়ো সৰজিলোঁ ।
এনেহেন মনোমোহা ধুনীয়া সুন্দৰী
ধৰণীত কতবাৰ আমি উপজিলোঁ” ।
শৃগালৰূপী মানুহৰ প্ৰাচুৰ্য্যৰ এই যুগত ৰাভাৰ দৰে সিংহপুৰুষ পুনৰ উপজিবই লাগিব– অৰ্দ্ধসমাপ্ত বহুতো
কাম কৰিবলৈ । বহুতো ননচা নাচ নাচিবলৈ । বহুতো নোগোৱা গীত গাবলৈ । বহুতো নঅঁকা ছবি আঁকিবলৈ । বহুতো অৱহেলিতক নৱ দৃষ্টিৰ অৰ্থ বুজাবলৈ । সৃজনৰ
আদিম সুৰভি শুঙি শুঙি, ধৰণীৰ সুকোমল বক্ষ ভেদি জ্ঞান আৰু বুদ্ধিৰে আদি-শতদল ফুলাবলৈ মহাসূত্ৰধাৰ
ৰাভা পুনৰ যুগে যুগে উপজিব লাগিব । আমি হয়তো মৰাভৰলীৰ পাৰৰপৰা সেইদিন নেদেখিম আমাৰ
জীৱনকালত ।
_______________________
(ড° ভূপেন হাজৰিকাৰ এই প্ৰৱন্ধটো প্ৰথম প্ৰকাশ হৈছিল ‘আমাৰ প্ৰতিনিধি’ আলোচনীৰ ১৯৮০ চনৰ অক্টোৱৰ সংখ্যাত)/

Related Articles

Check Also

Close
Close