উইঘুৰ মুছলমানসকলক বন্দীশালত নিৰ্যাতনৰ অভিযোগ মিছা বুলি চীনৰ দাবী

মহাবাহু

আল-জাজিৰাৰদ্বাৰা প্ৰকাশিত বাতৰি অনুসৰি, চীনৰ জিনজিয়াং প্ৰদেশত কোনো ধৰণৰ বন্দীশাল নাই আৰু বন্দীশালত উইঘুৰ মুছলমানসকলক নিৰ্যাতনৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি চীনে দাবী কৰিছে। চীনৰ জিনজিয়াং প্ৰদেশৰ গৱৰ্নৰ শহৰত জাকিৰে কয় যে আমেৰিকাই কোৱা কথাৰ ভিত্তি নাই, কাৰণ জিনজিয়াং প্ৰদেশৰ যিবোৰক বন্দীশাল বুলি আমেৰিকাই সজোৰে কৈছে—সেইবোৰ হ’ল প্ৰশিক্ষণ শিবিৰ। তেওঁ কয় যে উইঘুৰসকলক প্ৰশিক্ষণ প্ৰদান কৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী আৰু স্বাৱলম্বী কৰি তোলাই হ’ল প্ৰশিক্ষণ শিবিৰবোৰ খোলাৰ মূল উদ্দেশ্য। এই উদ্দেশ্য পূৰণ হ’লে লাহে লাহে প্ৰশিক্ষণ শিবিৰবোৰ বন্ধ কৰি দিয়া হ’ব। শহৰত জাকিৰ নিজেও উইঘুৰ গোষ্ঠীৰ মানুহ। স্বায়ত্তশাসিত উইঘুৰ অঞ্চলত উইঘুৰসকলৰ প্ৰতি কোনো প্ৰকাৰৰ অন্যায় কৰা হোৱা নাই। কিন্তু আমেৰিকাই নিজৰ মতত অটল থাকি কৈ আছে যে উইঘুৰৰ বন্দীশালত গণহাৰত আটক কৰি উইঘুৰসকলক অবৰ্ণনীয় নিৰ্যাতন চলোৱা হৈছে আৰু বহুলাখ উইঘুৰ বন্দী হৈ আছে।

Related Articles

Close