ঈশ্বৰৰ চকু

পৰিস্মিতা বৰদলৈ

নিতৌ আমি শোৱাপাটী এৰাৰপৰা আৰম্ভ কৰি পুনৰ শোৱাপাটীত পৰালৈকে দিনটোত নানানটা কাম কৰোঁ ৷ তাৰমাজৰ কোনোটো যদি ভাল, আন কিছুমান আকৌ বেয়াও ৷ এটা কথা আমি স্বীকাৰ কৰোঁ বা নকৰোঁ কিন্তু সঁচা যে আমি কৰা দিনটোৰ বেছিভাগ কামৰ সকলো কামেই ভাল নহ’বও পাৰে  বা কেতিয়াবা দিনটোত নহ’লেও মাহেকেপষেকে বা সপ্তাহটোৰ ভিতৰতেই হওক আমাৰদ্বাৰা কিছুমান বেয়া কামো সংঘটিত হৈ যাব পাৰে ৷ হয়তো সেয়া সাংঘাতিক দোষণীয় কাম নহ’ব পাৰে বা ঘোৰ অপৰাধো নহ’ব পাৰে কিন্তু সেই কাম তথাকথিত ভাল কামৰ আওঁতাতো নপৰে ৷ কিন্তু এই সৰুসুৰা বেয়া কামবোৰৰ সাক্ষী কোনো নাথাকিবও পাৰে ৷ অৰ্থাৎ এনেবোৰ কামৰ সাক্ষী কেৱল স্বয়ং কৰ্তাজনেই হয় ৷ যেতিয়া কোনো এটা কামৰ সাক্ষী নাথাকে,তেতিয়া তাক ভুল বুলি প্ৰতিপন্ন কৰিব পৰা নাযায় ৷ কিন্তু কোনো এটা অপকৰ্মৰ সাক্ষী নোলাল বুলিয়েই বা সকলোৰে চকুৰপৰা হাত সাৰি গ’ল বুলিয়েই যে তেওঁ তাৰ ফলো নাপাব ,তেনে কিন্তু নহয়  ৷ কিয়নো গীতাত যি ‘কৰ্মফল’ৰ বিষয়ে উল্লেখ কৰা আছে তাৰ মতে ভালবেয়া প্ৰতিটো কামৰে ফল মানুহে ভুগিবই লাগিব ৷  শ্ৰীমদ্ভাগৱতগীতাত কোৱা হৈছে,“তুমি যদি সমগ্ৰ জীৱন অক্ষত-অপৰাজিত হৈ থাকিব খোজা,তেন্তে জীৱনৰ প্ৰথম ভাগত এনে কিছুমান অন্যায়ক প্ৰশ্ৰয় নিদিবা,জ্ঞাত অথবা অজ্ঞাত এনে কিছুমান দোষ নকৰিবা,যিবিলাকৰ প্ৰভাৱে তোমাৰ পিছৰ জীৱনত নিৰ্দিষ্টভাৱে ভয়ংকৰ পৰিণতিৰ সৃষ্টি কৰিব পাৰে৷”
গতিকে আমি কৰা কামৰ কোনো সাক্ষী নাই বাবেই যে আমি সাৰি যাম , সেয়া মিছা কথা ৷ এইখিনিতে এটা কথা মনলৈ আহিছে ৷ বেছিদিনৰ কথা নহয় । কিন্তু সেই কথাটোৱেই আচলতে মোক এই লেখাটো লিখি উলিয়াবলৈ মানসিক তাগিদা দিলে ৷
মোৰ ল’ৰাটোক এইবাৰ প্লে’ স্কুলত দিছো । সিহঁতৰ স্কুলত প্ৰাৰ্থনা হৈ নোযোৱালৈকে আমি অভিভাৱকসকল স্কুলতেই থাকো ৷ শ্ৰেণীকোঠাত সোমোৱাৰ পাছতহে ঘৰাঘৰি আহো ৷ প্ৰাৰ্থনা কৰা সময়চোৱাত আমি অভিভাৱকসকলে ছাত্ৰছাত্ৰীসকলৰপৰা আঁতৰি একাষে ৰৈ সকলোৰে গতিবিধি লক্ষ্য কৰি থাকো ৷ শাৰীশাৰীকৈ সুশৃংখলিত ভাৱে কণ কণ সোণপৰুৱা এজাকৰ দৰেই সিহঁতে প্ৰধান শিক্ষয়িত্ৰীৰ নিৰ্দেশনাত প্ৰাৰ্থনা কৰে ৷ প্ৰথমে সৰস্বতী বন্দনা  গাই যাওঁতে সিহঁতৰ আধাফুটা মৌমিঠা কণ্ঠত এজাক মৌমাখিৰ মধুৰ গুঞ্জনৰ দৰেই লাগে ৷ প্ৰাৰ্থনা কৰোৱাৰ পাছতেই সিহঁতক কিছুমান সাধাৰণ জ্ঞান দিয়া হয় সিহঁতৰ বোধগম্য হোৱাকৈ ৷ তদুপৰি কিছুমান ব্যায়ামো শিকোৱা হয় ৷ লগতে শ্ৰেণীত শিকোৱা আবৃত্তিসমূহো পৰিবেশন কৰোৱা হয় সমস্বৰত ৷ সৰ্বশেষত শ্ৰেণীকোঠালৈ ভাগেভাগে শাৰী পাতি যোৱাৰ আগেয়ে সৰু সৰু কিছুমান নীতিশিক্ষা দিয়া হয় , যিবোৰে ছাত্ৰছাত্ৰীৰ কোমল মনবোৰক সঠিকদিশত পোনাই লৈ যোৱাত সহায় কৰে ৷ প্লে’ হাউচৰ পৰা আৰম্ভ কৰি দ্বিতীয়মানলৈকে পাঠদানৰ ব্যৱস্থা থকা স্কুলখনৰ প্ৰাৰ্থনাসভাৰ এই বিশেষ সময়চোৱা আন অভিভাৱকহ দৰে মোৰো অতি প্ৰিয় ৷ এতিয়া এনে এক প্ৰাৰ্থনা সভাৰপৰাই মই নিজেও শিকা এটা কথা তথা অভিজ্ঞতাৰ বিষয়ে তুলি ধৰিলো ৷
আনদিনাৰ দৰেই সেইদিনাও স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীয়ে কণ কণ শিশুবোৰক নীতিশিক্ষাৰ কথা কৈ আছিল ৷ তাৰ মাজতে তেওঁ সকলোকে উদ্দেশ্যি এটা প্ৰশ্ন কৰিলে ৷ প্ৰশ্নটো আছিল “তোমালোকে কেতিয়াবা কিবা বেয়া কাম কৰি পাইছানে বা কৰিছা যদি তাক কোনোবাই দেখা পাইছেনে?” ছাত্ৰছাত্ৰীবোৰৰ প্ৰায়ভাগেই বেয়া কাম কৰি নাইপোৱা বুলি ক’লে যদিও কেইটিমান সৎসাহসী কণ কণ মৌগুটিয়ে ক’লে যে সিহঁতে বেয়া কাম কৰি পাইছে যেনে ঘৰত কেতিয়াবা শুকান গাখীৰ চুৰ কৰি খাইছে বা বেলেগ কিবা খাইছে আৰু কেতিয়াবা ভাগৰ নালাগিলেও নপঢ়ো বুলি আসৈ মাতিছে ৷ পাছে এই সৰল স্বীকাৰোক্তিৰ পাছত সিহঁতে এইটোও কৈছিল যে যদিও এই বেয়া কামবোৰ কৰিছে কিন্তু কোনেও গম নাপায় এই বিষয়ে ৷ তেতিয়া প্ৰধান শিক্ষয়িত্ৰীয়ে আচল কথাটো ক’লে ৷ তেখেতে বুজাই দিলে যে যদিওবা আমি কৰা কামবোৰ কোনেও নাই দেখা বুলি কওঁ তথাপি এজনে এই সকলোবোৰ লক্ষ্য কৰি থাকে ৷ সেয়া হৈছে ঈশ্বৰ ৷ কিয়নো ঈশ্বৰৰ চকু সৰ্বব্যাপি ৷ তেখেতৰ দৃষ্টি সুদূৰপ্ৰসাৰী ৷ আমি যিয়েই নকৰো লাগিলে তেখেতে দেখিবই ৷ সেয়েহে আমি কৰা কামবোৰ সদায় সৎ আৰু শুদ্ধ হোৱাটো বাঞ্ছনীয় ৷ অন্যথা আমাক ঈশ্বৰে আমি শাস্তি বিহিব ৷
সেইদিনা প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে ল’ৰাছোৱালীহঁতক কোৱা কথাষাৰে মোৰ মনতো খুন্দিয়াই থাকিল বহুদিনলৈ ৷ মই এটা কথা ভাবি পালোগৈ যে ৷ ভগৱানক আমি দেখা নাই যদিও আমি আমাৰ আত্মাত তেখেতৰ বসতি বুলি বিশ্বাস কৰোঁ ৷ ভগৱান এক বিশ্বাস, যি বিশ্বাস অন্ধবিশ্বাসৰ আওতাত নপৰেই৷ এই বিশ্বাস আজিৰ নহয় , এই বিশ্বাস হ’ল কৌটিকলীয়া ৷ যিহেতু আত্মাতে ঈশ্বৰৰ অৱস্থিতি ,গতিকে আমি কেতিয়াও আমাৰ আত্মাক ফাঁকি দিব নোৱাৰো ৷ লাগিলে আমি আমাৰ কামৰ সপক্ষে হাজাৰটা যুক্তি দাঙি নধৰো কিয়, আমাৰ মন,আমাৰ বিবেক তথা আমাৰ আত্মাৰ ওচৰত আমি যেতিয়ালৈকে নিৰ্দোষী বুলি অংগীকাৰবদ্ধ নহও বা হ’ব নোৱাৰো,তেতিয়ালৈকে আমি নিজকে ক্ষমাও কৰিব নোৱাৰো ৷ লাগিলে যিমানেই আমি কোৰ্টকাছাৰী অথবা আদালতৰ পৰা হাত সাৰি নাহো কিয়,যেতিয়ালৈকে আমাৰ মনৰ দুৱাৰত তলা লাগি থাকিব , যেতিয়ালৈকে বিবেকে আমাক দংশন কৰিবলৈ নেৰে তেতিয়ালৈকে আমি সমাজৰ দৃষ্টিত নিৰপৰাধী হ’লেও নিজৰ চকুত অপৰাধী হৈয়ে ৰ’ম আৰু এই বিবেকদংশনে ক্ৰমান্বয়ে আমাৰ ভিতৰখন খুলি খুলি খাই ফোপোলা কৰি তুলিব ৷
 প্ৰকৃত সুখ সন্তুষ্টি থাকে সৎ কৰ্মত৷
“Happiness comes due to good actions,suffering results from evil actions,by actions,all things are obtained,by inaction,nothing whatever is enjoyed.If one’s actipn.bore no avail,if the world fate alone,it would be neutralized”
_Mahabharata
 আমাৰ পৰিচয় যিয়েই নহওক কিয় ৷ আমাৰ বৃত্তি যিয়েই নহওক কিয়,লাগিলে আমি সুনিপুণ কলাকাৰ হওঁ,সুসাহিত্যিক হওঁ অথবা সুদক্ষ দাৰ্শনিক হওঁ কিন্তু আমি প্ৰথমেই হোৱা উচিত এজন সাধুলোক ৷ নিজৰ আত্মাৰ শুদ্ধতা তথা মনৰ পৰিচ্ছন্নতাই আমাক দিব্যদৃষ্টি প্ৰদান কৰে যি দৃষ্টি কেৱল ঈশ্বৰৰ চকুতহে থাকে ৷
©পৰিস্মিতা বৰদলৈ
পৰ্বতীয়া ৰোড,তিনিচুকীয়া

Related Articles

Close