ইতিহাসৰ প্ৰেক্ষাপটত ধৰ্মীয় মৌলবাদ আৰু ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষ

মিতালী ভট্টাচাৰ্য

ধৰ্মৰ ভিত্তিত  দ্বিখণ্ডিত  হৈ 1947 চনৰ 15 আগষ্টত  ভাৰতবৰ্ষ  স্বাধীনতা  লাভ কৰাৰ পিছত ভবা হৈছিল যে এতিয়া ভাৰতবৰ্ষত  সাম্প্ৰদায়িক  বিৰোধে মানুহক আতংকিত নকৰিব ৷ প্ৰধান মন্ত্ৰী নেহেৰুৰ ভাষনে,  বি আৰ আম্বেদকাৰৰ সংবিধানে,  স্বাধীন ভাৰতৰ  সাংবিধানিক  সংসদে ভাৰত বৰ্ষত ধৰ্মনিৰপেক্ষ  গনতান্ত্ৰিক  এখন সমাজ গঠনৰ আশ্বাস  প্ৰদান কৰি দেশ বিভাজনৰ ৰক্তক্ষয়ী ভয়ংকৰ ব্যবস্থাৰ পৰা উদ্ধাৰ কৰি এক নিয়ন্ত্ৰিত পৰিবেশ সৃষ্টি কৰিব ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত  এই পৰিবেশ, এই আশা সম্পূৰ্ণ  নহল ৷ নিজ নিজ ধৰ্মীয়  গণ্ডিত  আবদ্ধিত  জনগণে সম্প্ৰদায় গত স্বাতন্ত্ৰ্যবোধক   প্ৰকট কৰি অসহিষ্ণুতাৰ  ক্ৰমবৰ্ধমান ৰূপত সাম্প্ৰদায়িক  বিৰোধ ভাব পোষন কৰিলে ৷ সংবিধানৰ  মৌলিক আদৰ্শ বিপৰ্য্যস্ত  হৈ জাতীয় ঐক্য আৰু সংহতি বিনষ্ট  হৈ পৰিলে ৷ সাধাৰন ভাৰতীয় সকলৰ জীৱনধাৰা  ধৰ্মৰ যথেষ্ট  প্ৰভাব থকা বাবে নানা ধৰ্মতত্ত্ব  আৰু ধৰ্মীয়  গোষ্ঠীৰ  আৰ্বিভাবে ধৰ্মীয় মৌলবাদ , ধৰ্মান্ধতাৰ  উন্মেষ  ঘটোৱা পৰিলক্ষিত  হ’ল ৷ ধৰ্মীয় মৌলবাদী  সকলৰ চিন্তাত, তেওঁলোকৰ  কৰ্ম, ধৰ্ম আৰু ধৰ্মান্ধতাত অন্ধবিশ্বাস , অসহিষ্ণুতাই সামাজিক অগ্ৰগতিৰ ক্ষেত্ৰত  এক প্ৰতিবন্ধকতাৰ  সৃষ্টি কৰিলে ৷ ধৰ্মান্ধ মৌলবাদী  সকল নানা ভাগত বিভক্ত  হৈ হিন্দু , মুছলমান,  শিখ  তথা  সম্প্ৰদায় গত বৃত্তৰ লগত উপবৃত্ত ত বিভক্ত  হৈ পৰিল ৷ ভাৰতীয় জনসমষ্টিৰ সংখ্যাগুৰু অংশ  ‘ হিন্দু ‘ মৌলবাদী  বৃত্তটোৱে  হিন্দুৰাষ্ট্ৰ গঠনৰ পোষকতা কৰাৰ বিপৰীতে  অন্যসম্প্ৰদায়ক বহিৰাগত  বুলি বিবেচনা কৰি অতিথি  ৰূপে গন্য কৰি অবমাননা কৰা পৰিলক্ষিত  হ’ল ৷ তেওঁলোকৰ মতে  ‘ ৰাম ‘ জাতীয়নেতা, মোগল  সম্ৰাট বাবৰ ‘ বহিৰাগত  ‘ ৷ এই ক্ষেত্ৰত  উল্লেখযোগ্য  যে ভাৰতবৰ্ষত হিন্দুৰাষ্ট্ৰ  গঠনৰ তত্বৰ প্ৰচাৰ আৰু প্ৰসাৰ হঠাৎ  হোৱা নাই ৷ বৃটিছ শাসিত  ভাৰতবৰ্ষত  স্বাধীনতাকামী সংগঠন বোৰৰ লগতেই এই হিন্দুৰাষ্ট্ৰ গঠনৰ তত্বই প্ৰসাৰতাৰ লাভ কৰিছিল  ৷ অবশ্যে  ঊনবিংশ  শতিকাত হিন্দু স্বাতন্ত্ৰবোধৰ ভিত্তিত আৰ্যসমাজ আৰু অন্যন্য  গোষ্ঠী বোৰে ‘ হিন্দু পুনৰভ্যুদয়  ‘ তত্ব প্ৰচাৰ কৰে আৰু তেওঁলোককেই  হিন্দু  ৰাষ্ট্ৰ ৰ অগ্ৰনী   বুলি জনা যায় ৷ 1907 চনত বংগত হিন্দু আন্দোলন  আৰু পাঞ্জাৱত হিন্দু সভাই হিন্দু স্বতন্ত্ৰ বোধক এক ৰূপ প্ৰদান কৰিছিল ৷ ধৰ্মীয়  আৰু সামাজিক ঐক্য সংহতিৰ উদ্দেশ্য লৈ হিন্দু জাতীয়তাবাদ  গঠন কৰা আছিল আৰ্য সমাজৰ মুল উদ্দেশ্য   আৰু তাৰেই পৰিনতিত ‘ শুদ্ধিসভা আৰু শুদ্ধি আন্দোলন  ‘ ৷ 1909 চনত অনুষ্ঠিত কৰা শুদ্ধি  সভাক হিন্দু ধৰ্মান্ধতাৰ প্ৰতীক ৰূপে গন্য কৰা হয়    আৰু হিন্দু স্বাতন্ত্ৰবোধক  উজ্জ্বীৱিত কৰাৰ উদ্দেশে  ঊনবিংশ  শতিকাৰ  শেষৰ ফালে আৰবি, ফাৰ্ছী  আদি শব্দ পৰিত্যাগ  কৰি হিন্দী  ভাষাৰ পৰিশুদ্ধ ৰূপক প্ৰচাৰ কৰিবলৈ প্ৰচেষ্টা  হাতত লোৱা হয় ৷ পৰিশুদ্ধ হিন্দুত্ববাদী সকলে মহাত্মাগান্ধীৰ অহিংসা তত্ব আৰু গান্ধী দৰ্শনকো তীব্ৰ সমালোচনা  কৰি তেওঁৰ মুছলমান সৌহাৰ্দ্য  অৰ্জনৰ প্ৰচেষ্টাক    তোষননীতি বুলিও নিন্দা কৰা দেখা যায় ৷ প্ৰকৃতপক্ষে 1913 চনৰ পৰাই হিন্দু ভাৰত গঠন হিন্দুমহাসভাৰ প্ৰধান লক্ষ্য আছিল  ৷ হিন্দুত্ববাদী জাগৰনৰ সময়ছোৱাত  1925 চনত আন এক সুশৃংখল  হিন্দু সংগঠনৰ আৰ্বিভাৱ হয় ৷ 1925 চনৰ  ছেপ্তেম্বৰ  মাহত দশহেৰা উৎসৱত ড° কেশব বালিৰাম  হেডগেওয়াৰৰ নেতৃত্বত  নাগপুৰত ‘ ৰাষ্ট্ৰীয়  স্বয়ং সেৱক সংঘ  ‘ প্ৰতিষ্ঠিত  হয়  ৷ হিন্দু মহাসভাক নেতা ড° মু়্ঞ্জে আৰু ভি ডি সাভাৰকাৰৰ লগত  ড° হেডগেওয়াৰ  ৰ ঘনিষ্ঠতাৰ  ফল স্বৰূপে স্বয়ং সেৱক সংঘৰ প্ৰভাব বৃদ্ধি পায়  ৷ 1940 চনত ড° হেডগেওয়াৰ ৰ মৃত্যুৰ পিছত মাধৱ সদাশিব গোলওয়ালক সংঘৰ  পৰিচালক ৰূপে অধিস্থিত হয় ৷  1933 চনত পাঞ্জাৱৰ বিখ্যাত  অাৰ্যসমাজপন্থী হিন্দু মহাসভাৰ নেতা পৰমানন্দই হিন্দুত্ব বাদী ধাৰনাৰে   হিন্দুস্তান  হিন্দু সকলৰ আৰু মুছলমান সকল ইয়াৰ অতিথি মাত্ৰ  বুলি আগবঢোৱা  মন্তব্যত হিন্দু ৰাষ্ট্ৰৰ ধাৰনা প্ৰকট হৈ পৰে   ৷  1939 চনত গোলওয়ালকৰৰ লিখিত ‘ we and our nationhood   defined ‘ নামৰ গ্ৰন্থত ‘ হিন্দুভাৰত ‘ গঠনৰ মুল তত্বক এক  আকাৰ  প্ৰদান কৰে   আৰু এই তত্বৰ পক্ষত ‘জনসংঘ  (1951) , বিশ্ব হিন্দু পৰিষদ (1964),  শিবসেনা ( 1966),  ভাৰতীয়  জনতাপাৰ্টি (1980),  আদি হিন্দুত্ব  বাদী দল গঠিত হয়  ৷ 1948 ত ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,  1979 ত ভাৰতীয় কিষাণ সংঘৰ স্থাপনেৰে হিন্দুত্ববাদী  ধাৰনাৰ বিকাশ আৰু প্ৰসাৰ লাভ কৰে ৷
 হিন্দুত্ববাদী  ধাৰনাৰ সৈতে সহাৱস্থান কৰি মুছলিম  মৌলবাদী বৃত্তটোও  গঢ়ি উঠে ৷ ইছলাম ধৰ্ম  নিৰ্ভৰ এই বৃত্ত ই আধুনিকতাৰ পথ অবৰুদ্ধ  কৰা দেখা যায় ৷ ইছলাম ধৰ্মৰ বিশুদ্ধতা  ৰক্ষাৰ বাবে সহজ ধৰ্মীয়  স্বতন্ত্ৰতাবোধ ক্ৰমান্বয়ে  সংকুচিত  হৈ  এনে এক পৰ্যায়  পায়গৈ যে তাত মানবীয় মুল্যবোধ ক সৰ্বাংগীণ ৰূপে আওকাণ কৰাও পৰিলক্ষিত  হয় ৷ 1906 চনত প্ৰতিষ্ঠিত  মুছলীম  লীগে প্ৰথমৰ  পৰাই কংগ্ৰেছ  সংগঠনটোৰ পৰা দুৰত্ব বজায় ৰাখিবলৈ মনস্থ  কৰিছিল আৰু সেইবাবেই  1923 -24 চনত ‘তবলিগ ‘ ‘তনজিম’,  ‘ আঞ্জুমন ‘ আদি সংগঠন বোৰে মুছলিম  স্বতন্ত্ৰতাবোধক  সুদৃঢ়  কৰি তুলিবলৈ প্ৰচেষ্টা  অব্যাহত  ৰাখে ৷ পোন প্ৰথমবাৰৰ বাবে 1930 চনত কবি ইকবালে এক স্বতন্ত্ৰ  মুছলিম  ৰাষ্ট্ৰ গঠনৰ দাবী উত্থাপন  কৰা দেখা যায় ৷ ইকবালে ধৰ্মৰ লগত সংস্কৃতিক যুক্ত কৰি মুচলিম স্বতন্ত্ৰতা বোধক নতুন ৰূপ প্ৰদান কৰাত তেওঁ পথপ্ৰদৰ্শক  আৰু তাত্বিক নেতা ৰূপে মুছলমান  সমাজত প্ৰতিষ্ঠা লাভ কৰে ৷ ইকবালৰ  তাত্বিক মতবাদৰ প্ৰতি আকৃষ্ট  হৈ কেমব্ৰিজ  বিশ্ববিদ্যালয় ৰ কেইজনমান  ভাৰতীয় মুছলমান ছাত্ৰই 1933 চনত ‘পাকিস্থান জাতীয় আন্দোলন  ‘ নামৰ সংস্থা  গঠন কৰি ‘পাকিস্থান ‘ নামৰ এক পৃথক ৰাষ্ট্ৰ ৰ দাবী উত্থাপন কৰে ৷ এই দাবীত মুছলমান  মৌলবাদী ধাৰনা পৰিস্ফুট  হৈ পৰে ৷
 1936-37 চনত ইকবাল জিন্নাৰ অন্তৰংগতা বৃদ্ধিৰ পিছত ধৰ্ম আৰু ৰাজনীতিৰ   সংমিশ্ৰণ ৰ ফলস্বৰূপে  1940 চনত গৃহীত হয় বিখ্যাত ‘ লাহোৰ প্ৰস্তাৱ ‘৷ ইফালে  মৌলানা মানভিৰ ‘ ৰুয়েদাদ তাবলীগ ‘ নামৰ গ্ৰন্থৰ প্ৰসাৰতাই সৰ্বভাৰতীয়  সংস্কৃতিত হিন্দু আৰু মুছলমান নামৰ পৃথক সংস্কৃতিৰ সৃষ্টি কৰি একাত্মতাৰ  পথ সংকুচিত  কৰি তোলাও পৰিলক্ষিত হয় ৷ 1941 চনৰ 26 আগষ্টত  লাহোৰৰ সৈয়দ আবুল  আলা মাওদুদীয়ে  ‘ জামাত ইছলামী  ‘ সংস্থা  গঠন কৰি ইছলামী মৌলবাদ বিকাশত অনুকুল পৰিবেশ ৰচনা কৰে ৷ স্বাধীনতা  লাভৰ প্ৰাক্ ক্ষনত আলেম আৰু মৌলানা সকলে ‘ নিখিল ভাৰত  জামেয়াত -ই – উলেমা – ই – ইছলাম  ‘ নামৰ সংস্থা গঠন কৰি স্বাধীনতা লাভৰ প্ৰক্ৰিয়াক জটিল কৰি তোলে ৷ হিন্দু মৌলবাদ তথা মুছলমান মৌলবাদী ধাৰনাৰ ফলস্বৰূপে হিন্দুস্থান  আৰু পাকিস্থান  নামৰ দুটা পৃথক ৰাষ্ট্ৰৰ  গঠন হোৱাৰ পিছতো  মৌলানা মাওদুদীৰ ‘ জামাত – ই – ইছলামী  ‘ দলে প্ৰচাৰ কৰা পুস্তিকা ত, লিফলেটত মুছলিম  স্বতন্ত্ৰ বাদক স্বাধীন ভাৰত  তথা পাকিস্থান ত সজীব ৰখা দেখা যায় ৷1948 চনৰ পৰা এই দলৰ নতুন শ্লোগান  ‘ হুকুমত -ই- ইল্লাহিয়া ‘ ৰ যোগেদি এই ধাৰনা প্ৰদান কৰিবলৈ চেষ্টা  কৰা হয় যে ধৰ্মনিৰপেক্ষ  শাসন,  শিক্ষাব্যৱস্থা ,  বিচাৰ ব্যবস্থা  অপবিত্র  আৰু আল্লাহহীনতাৰ বোধ প্ৰদান কৰে ৷ ধৰ্মভিত্তিক  স্বাধীন পাকিস্থান  সৃষ্টিৰ পিছতো   ইছলামৰ  নামত  মুছলমান  মৌলবাদী সংগঠক  সকলে  ভাৰতৰ দিল্লীৰ পৰা প্ৰকাশিত  ‘জামাত -ই – ইছলামী  ‘  সংন্থাৰ মুখপত্ৰ ‘দৈনিক দাওয়াত ‘ আৰু মাৰাঠী ভাষাৰ ‘ মাৰ্গদীপ ‘ আৰু সাপ্তাহিক  ‘ ৰিয়াডিনাস ‘ ত  মুছলিম  স্বতন্ত্ৰ বোধৰ ধাৰনাক উজ্জ্বীৱিত কৰি ৰাখিবলৈ প্ৰচেষ্টা  অব্যাহত  ৰাখে   ৷ ‘দাওয়াত ‘ ত  প্ৰকাশিত মৌলানা মাওদুদী ৰ ভাৰতৰ বিৰুদ্ধে  পবিত্ৰ যুদ্ধৰ আহ্বানত মুছলমান  মৌলবাদীৰ ধাৰনাৰ সজীৱতাৰ উমান পোৱা যায়   ৷ 1948 চনৰ ‘ Indian  Union  Muslim  league ‘ তথা  তামিৰ -ই- মিল্লাত (1960),    মুছলিম  মজলিচ  – ই মুশাওয়াত (1968),  আদিয়ে ইছলামিক  ৰাষ্ট্ৰৰ ধাৰনাৰ প্ৰসাৰতাত গুৰুত্ব প্ৰদান কৰে ৷ ভাৰতৰ বিভিন্ন অঞ্চলত মুছলীম ৰাজনীতিক স্বতন্ত্ৰ  পথেৰে পৰিচালিত কৰিবলৈ প্ৰয়াসৰ তীব্ৰ অভিযান  আৰম্ভ কৰা দেখা যায় ৷ 1967-68 চনত মুছলিম  মৌলবাদী সংগঠনগত প্ৰয়াস তথা ৰাজনৈতিক , ধৰ্মীয় তৎপৰতা  বৃদ্ধি হোৱালৈ লক্ষ্য কৰি কব পাৰি যে ভাৰত বৰ্ষত মৌলবাদী বৃত্তৰ প্ৰভাবে জীৱনধাৰাৰ আমূল পৰিবৰ্তন  সংঘটিত কৰি ধৰ্মনিৰপেক্ষ ধাৰনাৰ ভেটি দুৰ্ৱল কৰি তুলিবলৈ  কৰা প্ৰচেষ্টাৰ  অন্ত নাই ৷
এয়া অনস্বীকাৰ্য  যে বৃটিছ  প্ৰশাসক সকলে ‘ Divide and Rule ‘ নীতি প্ৰবৰ্তন কৰি প্ৰচলন কৰা শাসন ব্যবস্থাই বিভিন্ন সম্প্ৰদায়ৰ  মাজত  থকা ঐক্যৰ ভেটি  দুৰ্বল কৰি তোলাৰ উপৰিও  সমাজব্যবস্থাৰ অসমান অগ্ৰগতিৰো কাৰক হৈ পৰিছিল   ৷ স্বাধীন ভাৰতৰ সংবিধানে ভাৰত বৰ্ষক সাৰ্বভৌম  গনতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে গ্ৰহন কৰাৰ পিছত বিশ্বশান্তি আৰু মানৱ কল্যানৰ বাবে নিজকে উৎস্বৰ্গা কৰাত এয়া অনুমান কৰা হৈছিল  যে এতিয়া ভাৰতবৰ্ষত  এক ঐক্যবদ্ধ  আৰু সুসংহত সমাজৰ প্ৰতিষ্ঠা  হৈছে ৷ সকলো ধৰ্মমতে নিজ নিজ ধৰ্ম চৰ্চা অব্যহত ৰখাৰ সুবিধা অৰ্জন  কৰিছে ৷ কিন্তু 1976 চনত সংবিধান  সংশোধনী ৰ জৰিয়তে  সমাজতান্ত্ৰিক  ধৰ্মনিৰপেক্ষ  শব্দ  সংযোজন কৰাত স্বধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল  ব্যক্তি সকলে ৰাজনীতিৰ লগত ধৰ্মক মিশ্ৰিত কৰি সাম্প্ৰদায়িকতাৰ পথ প্ৰশস্ত  কৰি তোলাৰ লগতে নিজৰ ধৰ্মান্ধতা প্ৰকট কৰি মিলনৰ পৰিবৰ্তে  অসহিষ্ণুতাৰ পৰিবেশ ৰচনা কৰে  ৷এই সংকীৰ্ণতাৰ বিৰুদ্ধে  ধৰ্মনিৰপেক্ষ, উদাৰনৈতিক, প্ৰগতিশীল  ভাৰতবৰ্ষ ত গঠিত কৰিব লগিয়া হৈছে সাম্প্ৰদায়িকতা বিৰোধী কমিটি ৷ নতুন দিল্লীত গঠিত এই কমিটিৰ লগত  যুক্ত হৈছে  সুভদ্ৰা  যোশী,  নাসিফ আহমেদ,  এস  সি কুয়ামি,  মৌলানা ইখলাখ হুছেইন  কাসমী  আদি বিশিষ্ঠ  ব্যক্তি সকল ৷ এই কমিটিৰ পৰা ৰাষ্ট্ৰীয়  স্বয়ং সেৱক সংঘ,  শিবসেনা,  জামাত -ই – ইসলামি,  তাৰা সিং পৰিচালিত আকালিদল আদিৰ বিৰুদ্ধে,  সাম্প্ৰদায়িকতা মনোভাৱ ৰ বিপৰীতে প্ৰচাৰ আন্দোলন  তীব্ৰ কৰা হয় ৷ 1964 চনত বোম্বাই  চহৰত এ বি শাহ আৰু তেওঁৰ সহযোগী সকলে ধৰ্মান্ধতাৰ  বিৰুদ্ধে আন্দোলনৰ সুত্ৰপাত কৰে ৷ ভাৰতীয় সংবিধান , তাৰ আদৰ্শ ভয়ানক প্ৰতিবন্ধকতাৰ  সন্মুখীন  হোৱা লৈ চাই ” Indian Secular  Society  ‘ এ 1966 চনৰ নৱেম্বৰত  ‘Indian committee  for cultural  freedom  in Bombay ‘ ত এক  চেমিনাৰৰ আয়োজন কৰে ৷ তাত আলোচনাৰ  বিষয়বস্তু নিৰ্ধাৰন কৰি দিয়া আছিল ‘  Secularism  in India ‘ ৷ এই চেমিনাৰত ভাৰতৰ বিশিষ্ট চিন্তাবিদ সকলে অংশগ্ৰহন কৰে আৰু ধৰ্মীয় মৌলবাদৰ বিৰুদ্ধে  ধৰ্মনিৰপেক্ষতাৰ আদৰ্শক সমৃদ্ধ  কৰাৰ আহ্বান  জনায় ৷তথাপিও  পট পৰিবৰ্তন  নহল  ৷ ধৰ্মীয় মৌলবাদী বৃত্ত বিলাকে বিভিন্ন অঞ্চলত নিজ নিজ জনগোষ্ঠীৰ মননক প্ৰভাবিত কৰি সৰ্বভাৰতীয়  সংহতিক বিপৰ্য্যস্ত  কৰিবলৈ প্ৰচেষ্টাৰ  ত্ৰুটি নাৰাখিলে ৷ ‘ৰামজন্মভুমি বাবৰি মছজিদ ‘ বিতৰ্কত সেয়া আকৌ প্ৰমানিত হয় ৷ ধৰ্মীয় সাম্প্ৰদায়িকতাবাদৰ আলোচনাত প্ৰতিবেশী  পাকিস্থান আৰু বাংলাদেশ ৰ অৱস্থানে উদাৰনৈতিক চিন্তাৰ ব্যাপ্তি ঘটোৱাত প্ৰতিবন্ধকতাৰ  সৃষ্টি কৰালৈকে চাই এয়া কব পাৰি যে সেকুলাৰ ভাৰতৰ চিত্ৰত ধৰ্মান্ধ  মৌলবাদী শক্তিবোৰে কালিমা সনাৰ উপৰিও   উদাৰনৈতিক কৰ্মপদ্ধতিৰ লগত উন্নয়ন মুলত আদৰ্শৰ বিৰোধিতা  কৰি সমাজ ৰূপান্তৰ প্ৰক্ৰিয়াত  বাধাৰ সৃষ্টি  কৰিছে ৷
বৈচিত্ৰৰ  মাজত ঐক্য  ৰ পথত আগবঢ়া  এই প্ৰাচীন ভাৰতবৰ্ষ  বিভিন্ন জাতি জনগোষ্ঠীৰ সভ্যতা সংষ্কৃতিৰ নব্য ৰূপএই ‘ নতুন ভাৰত’ ৷ মিশ্ৰ সংস্কৃতিৰ সহযোগ আৰু সংস্পৰ্শত  এই দেশৰ জীৱন ধাৰা প্ৰাচীন কালৰ পৰাই প্ৰবাহমান ৷ ধৰ্ম চিন্তাত, ঈশ্বৰৰ প্ৰতি প্ৰগাঢ়  অনুৰাগৰ ক্ষেত্ৰত সকলো মানুহৰ ভাতৃত্ববোধ আৰু মানৱ সেবাৰ আদৰ্শই  গুৰুত্ব লাভ কৰি আহিছে ৷   ৰামানন্দ ই হওক বা সন্ত কবীৰেই হওক, দুয়োৰে মতে হিন্দু আৰু মুছলমান দুয়ো একে মাটিৰে পুতলা ৷ মানুহক ভালপোৱাই হ’ল ধৰ্মৰ প্ৰধান ভিত্তি ৷ সেই সময়তেই চুফি সাধক সকলেও মানৱ সেৱাৰ উপৰত গুৰুত্ব আৰোপ কৰি ইছলাম  ধৰ্মৰ সুত্ৰত অন্যান্য  ধৰ্মৰ লগত প্ৰীতিৰ সম্পৰ্ক  গঢ়ি তোলাৰ প্ৰয়াস কৰে ৷ যিটো সময়ত ভাৰতত ৰাজনৈতিক, সামৰিক দ্বন্দ্ব, সংঘাত আৰু আপোচবিহীন মানসিকতাৰ সৃষ্টি হৈছিল সেই সময়তেই বিভিন্ন ধৰ্মৰ আধ্যাত্মিক , নৈতিক সম্পদৰ সহায়ত উদাৰ নৈতিক মানবিকতাবাদৰ গুনাৱলী বিকাশৰ  প্ৰচেষ্টাই  মানুহৰ নৈকট্য বৃদ্ধি কৰিছিল  ৷
যদি আমি আমাৰ প্ৰাচীন জীৱনধাৰাৰ ঐতিহ্যক মনত  ৰাখি অৰ্থনৈতিক আৰু উন্নয়ন মুলক কামকাজৰ লগত ধৰ্মনিৰ্ভৰ উদাৰনৈতিক  আদৰ্শক শক্তিশালী  কৰিব নোৱাৰো ,  ধৰ্মান্ধ  মৌলবাদী  শক্তিক  পৰাস্ত কৰি সমাজৰ উন্নয়নৰ গতি তৰান্বিত কৰিব নোৱাৰো তেনে হলে পাৰ্থিব অকল্যাণ  সাধনৰ লগতে চিন্তাধাৰাৰ  অবনমন হব ৷
সহায়ক গ্ৰন্থপঞ্জী
————————
1)M.A. Golwalkar,  ‘We or our nationhood difined ‘— p 55-56
2) অমলেন্দু  দে,  বুদ্ধিজীৱি ও বিছিন্নতাবাদ  p . 10- 18
3) জগদীশ  নাৰায়ন সৰকাৰ,  বাংলা হিন্দু মুছলমান  সম্পৰ্ক
4) সুনীতি কুমাৰ চট্টোপধ্যায় ,  সংস্কৃতি শিল্প ইতিহাস
5) জুলফিকৰ আহমদ কিসমতি,  আজাদী আন্দোলনে আলেম সমাজ , p . 118- 151

Related Articles

Close