ইতিহাসৰ গোলাম

অঞ্জন শৰ্মা

জাগতিক ইতিহাসত পর্যায়ক্ৰমে সৃষ্টি আৰু ধ্বংস, ধ্বংস আৰু সৃষ্টি—অনিবাৰ্য, বিৰামহীন, একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। ধ্বংস আৰু সৃষ্টি মানৱ জগতত এক স্বাভাৱিক প্ৰক্ৰিয়া। আদিম ধূলিকণা আৰু গেছৰ বিৰাট বিশাল স্তুপৰপৰা এই সৌৰজগতখন সৃষ্টি হ’বৰ দিনাৰে পৰা পৰ্যায়ক্ৰমে ধ্বংস আৰু সৃষ্টি, সৃষ্টি আৰু ধ্বংস চলি আহিছে। ‍‘অ’ল্ড টেষ্টামেণ্ট’ নামৰ ধর্মপুথিখনৰ এঠাইত লিখা আছে—‍‘There is a time for all things, one for destruction, one for construction’ (সকলো বস্তুৰে এটা নিৰ্দিষ্ট সময় আছে, এটা সময় সৃষ্টিৰ আৰু এটা সময় ধ্বংসৰ)। কথাষাৰ মিছা নহয়। বিজ্ঞানৰ যুগ, মানৱ সভ্যতাৰ সৰ্বোত্তম যুগ, বিশ্বৰ বুকুত সবাতোকৈ মহীয়ান যুগ এই একবিংশ শতাব্দী, যি শতাব্দীয়ে বিশ্বৰ আয়তন ক্ষুদ্ৰাতিক্ষুদ্ৰ কৰি পেলাইছে আধুনিক বিজ্ঞান প্ৰযুক্তিৰে (বহু বহু হেজাৰ কিলোমিটাৰ গতিবেগ একোটা মিছাইলৰ— প্ৰতি ঘণ্টাত; অকল্পনীয় গতিবেগ ই-মেইলৰ); কৃষি বিপ্লৱ-শিল্প বিপ্লৱৰ পিছত সংঘটিত কৰিছে অত্যাধুনিক প্ৰযুক্তি বিপ্লৱ; আৰু যি বিংশ শতাব্দীয়ে বিশ্ব ভাতৃত্ব সুদৃঢ় কৰি তুলিবলৈ গঢ়ি তুলিছে ৰাষ্ট্ৰসংঘ; সেই শতাব্দীৰ এছোৱা সময়তেই আমি দেখিছো ১০ নিযুত মৃতদেহেৰে ৰাঙলী হোৱা প্ৰথম মহাসমৰ, ৫৫ নিযুত মৃতদেহেৰে ৰাঙলী হোৱা দ্বিতীয় মহাসমৰ আৰু সংখ্যাহীন মৃতদেহেৰে জগতখন ঢাকি দিব পৰাকৈ প্ৰস্তুতি চলোৱা তৃতীয় মহাসমৰৰ অবিৰাম আখৰা। আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মুখৰপৰা এটি মাত্ৰ শব্দ ওলাই অহাৰ লগে লগেই জগতখনৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰে, উত্তৰ মেৰুৰপৰা দক্ষিণ মেৰুলৈ সমগ্ৰ জগতখন থৰথৰকৈ কঁপি কঁপি উঠে, এটিমাত্ৰ হুমকিত এই জগতখনৰ কোটি কোটি মানুহৰ জীৱন শংকিত হৈ উঠে, গ্ৰীণলেণ্ডৰপৰা অষ্ট্ৰেলিয়ালৈ আৰু জাপানৰপৰা পানামালৈ—সমগ্ৰ ভূ-মণ্ডল জঁয় পৰি যায়, সাগৰত জোৱাৰ উঠে, গগন বিদীৰ্ণ হয়, দেশে দেশে হয় উত্থান-পতন। যিমানখিনি ধনেৰে আজিৰ যুগত পাঁচশখন উন্নতমানৰ বিদ্যালয় নিৰ্মাণ কৰিব পাৰি, সিমানখিনি ধনেৰে ট্ৰাম্পে নিৰ্মাণ কৰে মাত্ৰ এটা ‍‘বোম্বাৰ’; যিমানখিনি ধনেৰে পঞ্চাশখন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰিব পাৰি, সিমানখিনি ধনেৰে ৰাছিয়াৰ পুটিনে তৈয়াৰ কৰে মাত্ৰ এটা ‍‘নিউক্লিয়াৰ ছাবমেৰিন’! ট্ৰাম্পে বিয়াল্লিশ দশমিক তিনি নিযুত ডলাৰেৰে নিৰ্মাণ কৰে মাত্ৰ এখন ‍‘এফ এ এইটটিন হৰনেট্ এয়াৰক্ৰাফট’! উত্তৰ কোৰিয়াৰ কিমৰ লগে লগে চীন, ভাৰত, পাকিস্তান, ইৰাণ সকলো ব্যস্ত—পাৰমাণৱিক কচৰৎ কৰি দেশৰ স্বাস্থ্য নিৰ্মাণত! কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটোৱেই যে দুখনকৈ মহাসমৰত প্ৰকৃততে কোনোবা জয়ী হ’লনে? যোৱা শতিকাটোতেই আমি দেখিলো নাগাছাকি, দেখিলো হিৰোছিমা, দেখিলো আমি ৰাছিয়াত দশক দশকজুৰি হেজাৰ-বিজাৰ মানুহক সাম্যবাদৰ নামত নিষ্ঠুৰভাৱে হত্যা কৰা যোচেফ ষ্টেলিনক। আমি দেখিলো, সাংস্কৃতিক বিপ্লৱৰ নামত নিৰ্বিবাদে অত্যাচাৰ চলাই বিজয়ৰ নিচান উৰুওৱা হৈছিল ৰঙাচীনত আৰু এদিন আমি দেখিলো হেজাৰ হেজাৰ ছাত্ৰ-যুৱকৰ তপত শোণিতেৰে টিয়েনমেন স্কোয়েৰৰ ৰাজপথ সিক্ত কৰি দিয়া প্ৰাচ্যৰ মহান আদৰ্শৰ ধ্বজাধাৰী ৰঙাচীনৰ সাম্যবাদী অলিয়ে-গলিয়ে অবাধে বিচৰণ কৰি ফুৰা জেনিফাৰ লোপেজ—শ্বাকিৰাৰ অকল্পনীয় জয়যাত্ৰা আৰু মডেলিং; কোকাকোলা, মেকডোনাল্ড, কে এফ চিকে ধৰি আৰু কত কি! সফল হ’লনে বছৰ বছৰ ধৰি সাম্যবাদৰ নামত কৃচ্ছ্ৰসাধন কৰি ইতিহাস সৃষ্টি কৰা মাও জে ডং? সফল হ’ল নে, জয়ী হ’ল নে আমেৰিকা—হিৰোছিমা আৰু নাগাছাকিত? পাৰমাণৱিক বোমাই তৈয়াৰ কৰা মৃতদেহ আৰু চিমেণ্ট-বালিৰ ধ্বংসস্তুপৰ পৰাই সৃষ্টি নহ’ল নে আজিৰ প্ৰযুক্তিনিৰ্ভৰ সভ্যতাৰ চূড়ান্ত শিখৰত আৰোহণ কৰি থকা দেশ জাপান? লক্ষ লক্ষ ইহুদিৰ নিধনযজ্ঞ অনুষ্ঠিত কৰা হিটলাৰ হ’ল নে সফল? ষ্টেলিন! ষ্টেলিনে ৰুদ্ধ কৰা ৰাছিয়াৰ দুৱাৰ যোৱা শতিকাতেই খুলি দিলে মিখাইল গৰ্বাচেভে। বিজয়ী কোন? ষ্টেলিন নে গৰ্বাচেভ? হয়তো দেখা গৈছে যে হঠাৎ সংঘটিত হৈছে আৰু সুদীৰ্ঘ আঠ বছৰলৈ সংঘটিত হৈয়েই আছে ইৰান-ইৰাকৰ যুদ্ধ—য’ত ব্যৱহৃত হৈছে আঠ-দহ বা চৈধ্য বছৰীয়া কিশোৰৰ দল—যিয়ে ইজনৰ প্ৰতি সিজনে বিনাকাৰণত নিক্ষেপ কৰিছে মাৰণাস্ত্ৰ, ৰাসায়নিকভাৱে বিষাক্ত গেছবোমা, মিছাইল, গ্ৰেনেড। হয়তো দেখা গৈছে যে চৈধ্য বছৰ ধৰি অশান্ত হৈ থকাৰ ফলত এসময়ৰ এখন অত্যন্ত সমৃদ্ধিশালী দেশ এংগোলা ছালছিগা হৈ পৰিছে আৰু ‍‘সম্পদ’ হৈ পৰিছে আৱৰ্জনা! শিক্ষা!! কোনে লৈছে শিক্ষা? পল্ পট্ (Pol Pot) চৰকাৰে? লোৱা নাই, আৰু সেয়ে নগৰবোৰ-গাঁওবোৰ উছন হৈ গৈছে কম্বোডিয়াত, গুলী খাই, অভাৱত অখাদ্য খাই, ৮০ লক্ষ প্ৰজাৰ ১৫ লক্ষ প্ৰজা নিহত হৈছে তিলতিলকৈ। নেলচন মেণ্ডেলাক বন্দী কৰি ৰখা দক্ষিণ আফ্ৰিকাৰ শাসকৰ বংশধৰসকল হ’ল নে সফল? শ্ৰীলংকা! ভাৰতবৰ্ষ! যোৱাটো শতাব্দীৰ আৰু এই শতাব্দীৰ প্ৰাৰম্ভণিৰ সবাতোকৈ ট্ৰেজেদী এয়াই যে শিক্ষা কোনেও লোৱা নাই। শিক্ষা লোৱা নাই ট্ৰাম্পে, পুটিনে, কিম জং-এ, মোডীয়ে, চোনিয়াৰ স্তাৱকসৱে, মৌলবাদীসকলে, বৰ্ণবাদীসকলে, ‍‘নেতা’সকলে, কোনেও লোৱা নাই শিক্ষা। বৰং তৈয়াৰ হৈয়েই আছে ‍‘মাল্টিপল লান্স ৰকেট ছিষ্টেম’—বিয়াল্লিছ নিযুতৰো বেছি ডলাৰ খৰচ হোৱা ‍‘এফ-এ-এইটটিন হৰনেট এয়াৰক্ৰাফট’—‍‘এফ ছিক্সটিন ফাইটাৰ বোম্বাৰ’—‍‘এম ৱান আবৰামছ মেইন বেটেল টেংক’—‍‘গ্ৰাউণ্ড লান্সড ক্ৰুইজ মিছাইল লান্সাৰ’—‍‘বি ফাইভ এ গেলেক্সী মিলিটেৰী ট্ৰেন্সপোৰ্ট এয়াৰক্ৰাফট’—‍‘এফ ৱা ৱান ৱান ফাইটাৰ বোম্বাৰ’—‍‘নিউক্লিয়াৰ পাওৱাৰড ছাবমেৰিন’ ইত্যাদি! শিক্ষা লোৱা নাই ইহুদিয়ে—যাক চকুপাৰি দেখিব নোৱাৰিছিল হিটলাৰে; প্ৰমাণ—ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধ। ৰাজনৈতিক সংঘৰ্ষত এল চালভাদোৰত মৃত্যু হোৱা মানুহৰ সংখ্যা প্ৰায় পঞ্চাশ হাজাৰ। কোনে ল’ব শিক্ষা? বাঘৰ পিঠিত উঠি নামিব নোৱাৰা তালিবানে? নলয়। সেইবাবে দেখা গৈছে বৰ্বৰতাৰ সীমা চেৰাই যোৱা নাৰকীয় হত্যালীলা। থানবান হৈ গৈছে গাঁৱৰ পিছত গাঁও। চলি আছে হত্যালীলাৰ পিছত হত্যালীলা, ‍‘সফল’ হত্যাযজ্ঞ, য’ত আহুতি দিয়া হৈছে ফুলকুমলীয়া শিশুৰপৰা বৃদ্ধলৈ, চলিছে লুটপাত, ধৰ্ষণ, চলন্ত বাছৰ ভিতৰত বোমা বিস্ফোৰণ। চৌদিশে আজি মাথোঁ আতংকই আতংক আৰু এই ‍‘আতংক মহোৎসৱ’ৰ প্ৰযোজকসকল, পৰিচালকসকল, অভিনেতা-অভিনেত্ৰীসকল, চোকৰাসকল—মানুহৰ প্ৰেমত পৰা নাই, পৰিছে মানচিত্ৰৰ প্ৰেমত আৰু পৰিছে দুদিনীয়া, মাথোঁ দুদিনীয়া সিংহাসনৰ প্ৰেমত। ছিৰিয়াত যদি আজি এটা হত্যা সংঘটিত হৈছে, পিছদিনা হত্যালীলা সংঘটিত হৈছে আফগানিস্থানত, তাৰ পিছদিনা হয়তো বেইৰুটত, তাৰ পিছদিনা হয়তো ইম্ফলত, পিছদিনা হয়তো কাৰ্বি আংলঙত, হয়তো তাৰ পিছদিনা উত্তৰ প্ৰদেশত, হয়তো…ভ্ৰাম্যমাণ আতংক মহোৎসৱ, অসম পুলিচৰ ‍‘আশ্বাস প্ৰকল্প’ৰ জয় জয় ময় ময়। কোন হ’ব জয়ী—ৰঞ্জন দৈমাৰী নে পৰেশ বৰুৱা, তৰুণ গগৈ নে প্ৰফুল্ল মহন্ত নে সৰ্বানন্দ—এই প্ৰশ্নৰ উত্তৰ নিৰৰ্থক; ডাঙৰ কথা আজি এইটোৱেই যে ৰাজনীতিৰ যজ্ঞত এইদৰে কিমানদিন সাধাৰণ মানুহবোৰ আহুতি হিচাপে ব্যৱহৃত হৈ থাকিব? সৰ্বানন্দ আৰু পৰেশ বৰুৱাই কচি কচি পাঞ্জা খেলি থাকক, এন ডি এফ বি আৰু বি এল টিয়ে মল্লযুদ্ধ কৰি থাকক, ‍‘ৰাজনীতি’ৰ নামত ‍‘নৌটংকী’ চলি থাকক, কিন্তু মানুহবোৰ এইদৰে কিয় জৰ্জৰিত থাকিব লাগে আৰু কিয়ই বা জীৱদ্দশাতে প্ৰতিদিনে মৃত্যুৰ আতংকই সকলোকে সন্ত্ৰাসিত কৰি ৰাখিব লাগে! এপিনে অসম আৰক্ষী-ভাৰতীয় সেনাৰ সন্ত্ৰাস আৰু আনপিনে অসম পুলিচৰ প্ৰাক্তন সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাৰ কবিতাৰ শাৰীয়ে শাৰীয়ে সান্ধ্য তৰাৰ ৰূপ জিলমিল—পুৱাৰ পখীৰ চিকুণ গীত! আমি আজি ক’ত আছো? কোনেও নলয় শিক্ষা। ইতিহাসৰ বিচাৰকক্ষত বিচাৰ কৰিলে আজি জয়ী কোন—আমেৰিকা নে ৰাছিয়া নে জাপান নে চীন নে ইজৰাইল নে আফগানিস্থান? মাও জে ডং নে জৰ্জ বুশ্ব নে ওছামা বিন লাডেন? হিতেশ্বৰ শইকীয়া নে প্ৰফুল্ল মহন্ত নে তৰুণ গগৈ? শতজন ছহিদ হোৱা অসম আন্দোলন নে শতজন ছহিদ হোৱা বড়ো আন্দোলন? আলফা নে ছালফা নে আলোচনাপন্থী নে পি চি জি নে ৰাষ্ট্ৰ? কিন্তু প্ৰসংগতে এই কথা উল্লেখ কৰিবই লাগিব যে আধুনিক প্ৰযুক্তিয়ে ক্ষুদ্ৰাতিক্ষুদ্ৰ কৰি পেলালেও কিছু অৰ্থত বিশ্বখন ইমান বিশাল যে ক’ৰবাত কোনোবাই যদি লছ এঞ্জেলছ অলিম্পিক বৰ্জন কৰিছে, তেন্তে সেইসকলেই হয়তো পিছলৈ একেলগে সমৱেত হৈ ক্ৰীড়াশৈলীৰে বিশ্বসভ্যতাক ছিউলত মহীয়ান কৰিছে। ইৰান-ইৰাক যুদ্ধৰ আজি অৱসান হৈছে, কিন্তু নিশ্চয়তা নাই—কাইলৈ পুনৰায় ক’ত কি হয়! তালিবানৰ প্ৰতাপ আজি নাই, কিন্তু জীৱিত নে মৃত তালিবান আইছিছৰ নেতাসকল—সেইকথা ভাবি ভাবি টোপনি নাহে বিশ্বৰ ৰাজধানীসদৃশ নিউয়ৰ্কৰ বাসিন্দাৰ! আমেৰিকাৰ হাততেই আজি যেন সমগ্ৰ জগতখনৰ ভৱিষ্যৎ! কিম জং উনৰ এটিমাত্ৰ সিদ্ধান্তই যদি হোৱাইট হাউছত থকাজনক ক্ৰুদ্ধ কৰি তোলে—কিমান শক্তি আছে তেওঁলোকৰ, কোন জয়ী হ’ব—সেইবোৰ নিৰৰ্থক প্ৰশ্ন হৈ পৰিব। এতিয়া সময় কিহৰ—সৃষ্টিৰ নে ধ্বংসৰ—সেয়াও নিৰ্ভৰ কৰিছে কিছুমান সিদ্ধান্তৰ ওপৰত। এই বিৰাট মহাজাগতিক লীলাখেলাৰ মাজৰ পৰম বিস্ময় এই ক্ষুদ্ৰাতিক্ষুদ্ৰ ধূলিকণাসদৃশ বিশ্বৰ তিনিভাগ পানীক বাদ দি এভাগ মাটিৰ ওপৰতেই নানান ৰাজনীতি, নেতাৰ জেপত নেতা, বৃত্তৰ ভিতৰত বৃত্ত। অসমো তাৰ ব্যতিক্ৰম নহয়। কোনোবাখন জংঘলৰ ভিতৰত থকা বা কোনোবাখন গাঁও বা নগৰত থকা কোনোবা এটা জুপুৰি বা পকীঘৰৰ এটি কোঠাৰ ভিতৰত কেইজনমানৰ ভিতৰত হোৱা, ‍‘আত্মতৃপ্তি’ লাভৰ বাবে হোৱা আলোচনাৰ পলতে হয়তো একাধিক চিতাত জুই জ্বলি উঠে। ইয়াৰ যেন শেষ নাই, ই যেন অনন্ত। কিন্তু জয়ী হ’ব কোন? মাও জে ডঙেও নিজকে বিজয়ী বুলি ঘোষণা কৰিছিল আৰু ডেং ঝিয়াও পিঙেও নিজকে জয়ী বুলি গোষণা কৰিছিল; কিন্তু জয়ী কোন? কোন শুদ্ধ? কিন্তু কিছুদিন পিছেত হয়তো পুনৰ মাও জে ডং আহিব পাৰে, আহিব পাৰে ষ্টেলিন, আহিব পাৰে হিটলাৰ, আহিব পাৰে শ্বিয়াং কাই শ্বেক! আৰু প্ৰতিবাৰতেই বলিৰ পঠা হৈ থাকিবলগীয়া হ’ব লক্ষ লক্ষ নিৰীহ মানুহ—‍‘ৰাজনৈতিক মতাদৰ্শৰে উদ্বুদ্ধ’ নিৰীহ মানুহ। টলষ্টয়ে কৈছিল—Every leader is a slave of history (প্ৰত্যেকজন নেতাই হ’ল ইতিহাসৰ গোলাম)। গোলাম চাৰ্চিল, গোলাম হিটলাৰ, গোলাম মাও, গোলাম জৱাহৰলাল, গোলাম মোডী, গোলাম হিতেশ্বৰ-তৰুণ-গোপীনাথ-সৰ্বানন্দ। সকলোৱেই ইতিহাসৰ গোলাম। এই গোলামসকল সময়ে সময়ে কোনোবা হৈছে বন্দিত আৰু কোনোবা হৈছে নিন্দিত। যিসকলে অসমৰ মানুহৰ প্ৰেমত আকণ্ঠ ডুবি অসমপ্ৰেমেৰে মতলীয়া হৈ থকা বাবেহে ‍‘ৰাইজৰ সেৱা’ কৰিবলৈ ওলাই আহিছে বুলি অহৰহ ঘোষণা কৰি ‍‘আত্মতৃপ্তি’ লভে, সেই সকলোৱেই জয়-পৰাজয়ৰ দৰে ভ্ৰান্ত চিন্তা বাদ দি ইতিহাসৰ শিক্ষা লওক, মানচিত্ৰৰ প্ৰেমত নপৰি মানুহৰ প্ৰেমত পৰক, মৃতদেহবোৰৰ প্ৰতি সন্মান যাচি শান্তিৰ ৰুমাল উৰুৱাওক আৰু সঁচা অৰ্থত, অভিধানিকভাৱে ‍‘সঁচা’ বা ‍‘সত্য’ অৰ্থত, ধ্বংসস্তূপৰ মাজৰপৰাই অসমৰ খিলঞ্জীয়া মানুহখিনিৰ প্ৰেমত পৰি অসমৰ নৱনিৰ্মাণ কৰিবলৈ আৰম্ভ কৰক—উমৈহতীয়া কৰ্মসূচী নিৰ্ধাৰণ কৰি ঐক্যবদ্ধ হৈ। কাৰণ আমি জানো, আমি ভালদৰেই জানো—এই যুদ্ধত কোনো জয়ী নহয়।

 

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close