ইতিহাসপ্ৰসিদ্ধ কামাখ্যামন্দিৰ আৰু অম্বুবাচী মেলা

গৌতম শৰ্মা

অসমৰ আটাইতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰটোৱেই হৈছে কামাখ্যা মন্দিৰ। ধৰ্মীয়, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশৰপৰা অতিশয় গুৰুত্বপূৰ্ণ এই মন্দিৰটো সমতলৰ পৰা প্ৰায় ১৮০ মিটাৰ উচ্চতাত গুৱাহাটীৰ পশ্চিম ফালে নিলাচল পাহাৰত অৱস্থিত। পুৰণি অসমৰ হিন্দুধর্মৰ এটি বিশেষ পন্থা শাক্তধৰ্মীয় বৈশিষ্ট্য পৰিস্ফুট কামাখ্যা মন্দিৰৰ আচল ইতিহাস সম্পৰ্কে ঐতিহাসিক সমলসমূহে আমাক বহু তথ্য দিছে যদিও কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণেৰে গঠিত এইসমূহ তথ্যৰ কোনোটোকেই আমি গ্ৰহণযোগ্য আৰু নিৰ্ভৰযোগ্য বুলি ক’ব নোৱাৰোঁ। এই মন্দিৰটো আজি সমগ্র দেশজুৰি প্ৰবলভাবে জনপ্রিয় হোৱাৰ মূলতেই আছে ইয়াৰ সৃষ্টিত জড়িত হৈ থকা আৰ্য-অনাৰ্য, দ্ৰাবিড় আদি সম্পৰ্কীয় সংমিশ্ৰিত কাহিনীসমূহ। প্ৰচলিত প্ৰবাদ অনুসৰি, প্ৰাচীন অসমৰ কিংবদন্তিমূলক ৰজা নৰকাসুৰে কামাখ্যা মন্দিৰ আৰু ইয়াৰ শিলৰ খটকটি নিৰ্মাণ কৰিছিল। কালিকাপুৰাণত বৰ্ণিত অন্য এক আখ্যানৰ মতে, শিৱৰ পত্নী সতীৰ মৃতদেহ বিষ্ণুৱে সুদৰ্শন চক্ৰৰে কাটি খণ্ড-বিখণ্ড কৰাৰ পাছত ইয়াতেই সতীৰ জননাংগ ভূপতিত হৈছিল। মুখে মুখে অতীতৰ পৰা প্ৰচলিত হৈ অহা এই দুটা বিশেষ প্ৰবাদৰ বাহিৰে অন্য একো নিৰ্ভৰযোগ্য তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই। যি নহওক, প্ৰাচীন কালত বিভিন্ন সময়ত ৰচিত ধৰ্মীয় সাহিত্যৰ অন্তৰ্গত পুৰাণসমূহে এই কামাখ্যাক পূব ভাৰতৰ শক্তিপীঠসমূহৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি গৈছে।
কামাখ্যা মন্দিৰ সম্পৰ্কে পৰৱৰ্তীকালত ৰচিত কেতবোৰ বিশেষ সূত্ৰই ইয়াৰ পৰৱৰ্তী ইতিহাস জনাত আমাক সহায় কৰে। বিশেষকৈ সূৰ্যখৰী দৈৱজ্ঞই ৰচনা কৰা প্ৰখ্যাত ‘দৰং ৰাজ বংশাৱলী’ত বহু কথা উল্লেখ আছে। অন্যহাতেদি উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক সমলসমূহে এটা কথা কয় যে কামাখ্যা মন্দিৰৰ ইতিহাস প্ৰাচীন ভাৰতৰ সোণালী যুগ হিচাপে খ্যাত গুপ্ত যুগলৈকে পিছুৱাব পাৰি। ঐতিহাসিকসককৰ মতে, প্ৰতিষ্ঠা হোৱাৰ দিন ধৰি এই মন্দিৰটো বহুবাৰ পুনৰ নিৰ্মাণ কৰা হৈছে। দৰং ৰাজ বংশাৱলীতো কামাখ্যা মন্দিৰটো বঙালে অৰ্থাৎ বিদেশী আক্ৰমণকাৰীসকলে ধ্বংস কৰিছিল বুলি উল্লেখ আছে। এই গ্ৰন্থখনৰ মতে, কোঁচসকলৰ বিখ্যাত ৰজা মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে এবাৰ পশ্চিমলৈ যুদ্ধ যাত্ৰা কৰোঁতে এই মন্দিৰত আৰ্শীবাদ ল’বলৈ গৈ মন্দিৰটো ভগ্নপ্ৰায় অৱস্থাত দেখিছিল। অন্যহাতেদি, আহোম ৰজাসকলৰ ৰাজত্বকালত লিখা হোৱা বিভিন্ন বুৰঞ্জীবোৰেও কয় যে বংগৰ নবাব চুলেইমানৰ ব্ৰাহ্মণৰ পৰা মুছলমান হোৱা সেনাপতি কালাপাহাৰে কামাখ্যাৰ লগতে অন্যান্য হিন্দু মন্দিৰবোৰ ধ্বংস কৰিছিল। ধ্বংসপ্ৰাপ্ত হোৱা এই মন্দিৰটো ১৫৬৫ চনত কোঁচসকলৰ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ সেনাপতি তথা ভায়েক চিলাৰায়ে পুনৰ নিৰ্মাণ কৰিছিল। দৰং ৰাজ বংশাৱলীত উল্লেখ আছে যে “অসংখ্য পদাতিগণ কৰি এক ঠাই/ বোলে নিলাচল মঠ সজায়োক যাই/ ৰজাৰ আদেশ শুনি মেঘামুকদুম/অসংখ্য পদাতি সৈন্য কৰিয়া নিয়ম।” ৰাজবংশীখনত উল্লেখ থকা তথ্য মতে, ৰজাৰ নির্দেশত মেঘামুকদুম নামৰ কোঁচ বিষয়া এজনৰ নেতৃত্বত শিলাকুটি, সূতাৰ বাঢ়ই, শিল্পকাৰ, চুনেৰী, সোণাৰী, কমাৰ-কুমাৰসহ এদল সৈন্য নিলাচললৈ পঠোৱা হৈছিল। তেওঁলোকে প্ৰথমে কামাখ্যাৰ ভগ্নপ্ৰায় মন্দিৰৰ শিখৰটো দুবাৰকৈ শিলেৰে মেৰামতি কৰিবলৈ চেষ্টা কৰি বিফল হৈ শেষত শিলৰ পৰিৱৰ্তে ইটা ব্যৱহাৰ কৰি ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল। নতুন কৌশল আৰু কাৰিকৰী বিদ্যা খটুৱাই নিৰ্মাণ কৰা মন্দিৰটোক সেয়েহে কোঁচযুগীয় মন্দিৰৰ স্থাপত্য শৈলীৰ শাৰীত ধৰা হয়; যিটো নিৰ্মাণ পদ্ধতিক পাছলৈ ‘নিলাচল পদ্ধতি’ নামেৰে নামকৰণ কৰা হৈছিল। সাধাৰণতে, এই নিলাচল পদ্ধতি হৈছে প্ৰাচীন ৰথ পদ্ধতিৰ লগত ইছলামীয় গম্বুজ পদ্ধতিৰ সংমিশ্ৰণ ঘটাই সৃষ্টি কৰা এক নতুন শৈলী। নিলাচল পদ্ধতিৰ স্থাপত্য শৈলী কোঁচসকলৰ সৰ্বশ্ৰেষ্ঠ অৱদান। এইখিনিতে এটা কথা উল্লেখযোগ্য যে, এই বৰ্ণসংকৰ স্থাপত্য শৈলীয়ে আহোম যুগীয় স্থপতিবিদসকলক প্ৰবলভাবে প্ৰভাৱিত কৰিছিল। আহোম ৰাজত্বকালত বনোৱা সৰ্বাধিক মন্দিৰ এই আৰ্হিৰ অনুকৰণত সজোৱা হৈছিল।
কামাখ্যা মন্দিৰৰ নিৰ্মাণ শৈলীৰ বৈশিষ্ট্যগত দিশত পৰিস্ফুট হৈছে যে মন্দিৰ বিমানটো মূল পঞ্চৰথ আৰ্হিৰ ভেটিৰ ওপৰতেই নিৰ্মিত। ইয়াৰ গঠনশৈলীত নিলাচল পদ্ধতিৰ (ইতিমধ্যে এই পদ্ধতিৰ বিষয়ে উল্লেখ কৰি অহা হৈছে) প্ৰভাৱ স্পষ্ট। ইয়াৰ বান্তু পুৰুষ মন্দলত এটা বিমান বা গৰ্ভগৃহ, এটা অন্তৰাল বা প্ৰৱেশ পথ আৰু তিনিটা মণ্ডপ আছে; যিকেইটা মণ্ডপক জগমোহন বা চলন্তা, পঞ্চৰত্ন বা ভোগমণ্ডপ আৰু নাটমন্দিৰ বুলি জনা যায়। নাটমন্দিৰটো ১৭৫৯ চনত আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। বাকী দুটা মণ্ডপ কোঁচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছিল। জগমোহন মণ্ডপটো বংগৰ ‘চৌচালা’ অৰ্থাৎ চাৰি চালযুক্ত স্থাপত্যৰ লগত মিল আছে। ইয়াৰ ভিতৰৰ বেৰত কোঁচ ৰজা নৰনাৰায়ণৰ লিপি আছে। ভোগমণ্ডপ বা পঞ্চৰত্নৰ চাল পাঁচটা শিখৰেৰে গঠিত, ইয়াৰ মাজৰ শিখৰটো বাকী কেইটাতকৈ ডাঙৰ। অসমৰ প্ৰথম আৰু একমাত্ৰ পঞ্চৰত্ন স্থাপত্য শৈলী কামাখ্যাতেই দেখিবলৈ পোৱা যায়। অন্যহাতেদি নাটমন্দিৰ মণ্ডপৰ স্থাপত্য আৰ্হি অসমত উপলব্ধ দুচালি অৰ্থাৎ দুই চালযুক্ত শৈলীৰ অন্তৰ্গত। ইয়াৰ বেৰত আহোম ৰজা ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহৰ লিপি আছে।
নিৰ্মাণৰ কৌশল তথা প্ৰযুক্তিগত দিশবোৰৰ বিপৰীতে ধৰ্মীয় গুৰুত্বলৈ লক্ষ্য কৰিলে দেখা পোৱা যায় যে মূল কামাখ্যা মন্দিৰত কোনো দেৱীৰ মূৰ্তি নাই। ইয়াৰ গৰ্ভগৃহত ক’লা শিল এডোখৰ আছে, যিডোখৰ শিলক গৰ্ভগৃহৰ তলৰপৰা ওলোৱা প্ৰাকৃতিক নিজৰাৰ পানীৰে সদায় তিয়াই থাকে। য’ত দেৱীৰ উদ্দেশ্যে বিভিন্ন ধৰ্মীয় কাৰ্যসমূহ সম্পন্ন কৰা হয়। চলন্তা বা জগমোহন মণ্ডপটোত কামাখ্যা দেৱীৰ এক ধাতু মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে; পূজা, উৎসৱত ইয়াক বাহিৰলৈ উলিয়াই অনা হয়। আকৌ পঞ্চৰত্ন ভোগমণ্ডপত শুদ্ধিকৰণ কৰা হয় লগতে ই গীত-মাত, নৃত্য, স্তুতি আদিৰ বাবেও ব্যৱহৃত হয়।
ইতিহাসপ্ৰসিদ্ধ কামাখ্যা মন্দিৰৰ বিষয়ে ক’বলৈ গ’লে ইয়াত উদযাপিত ধৰ্মকেন্দ্ৰিক সাংস্কৃতিক আৰু সমন্বয়ৰ উৎসৱসমূহৰ কথা নক’লে ডাঙৰ ভুল কৰা হ’ব। কামাখ্যাত প্ৰতিবছৰে উদযাপন কৰি অহা কেইটামান প্ৰধান উৎসৱ হৈছে আহাৰ মাহৰ অম্বুবাচী মেলা, ভাদ মাহৰ মনসা পূজা আৰু চ’ত মাহৰ বাসন্তী পূজা। এই উৎসৱসমূহৰ ভিতৰত আটাইতকৈ প্ৰখ্যাত উৎসৱটো হৈছে ‘অম্বুবাচী মেলা’। যিটো উৎসৱৰ বাবে আজি কামাখ্যা মন্দিৰৰ জনপ্ৰিয়তা বহুদূৰলৈ সম্প্ৰসাৰিত হৈছে। এই উৎসৱ পালন কৰাৰ ক্ষেত্ৰত কোনো বিশেষ বৈজ্ঞানিক ভিত্তি নাই যদিও ই হৈছে প্ৰাচীন কালৰেপৰা অসমত প্ৰচলিত হৈ অহা এক জনপ্ৰিয় পৰম্পৰাগত উৎসৱ তথা লোকাচাৰ। ই হৈছে এক ঋতুকালীন উৎসৱ, যিটো উৎসৱক নামনি অসমৰ লোকসকলে ‘আমতি’ বা ‘অমতী’ আৰু উজনি অসমৰ লোকসকলে ‘ষাঁঠ’ বুলি কয়। অসমীয়া কেলেণ্ডাৰৰ লেখেৰে প্ৰতিটো বছৰৰ আহাৰ মাহৰ সাত তাৰিখৰ পৰা এই উৎসৱ পালন কৰা হয়। ‘অম্বু’ শব্দৰ অৰ্থ হৈছে ‘পানী’ আৰু ‘বাচী’ শব্দৰ অৰ্থ হৈছে ‘প্ৰস্ফুটিত হোৱা’; অৰ্থাৎ মূল সংস্কৃত অম্বুবাচী শব্দই পানী সঞ্চাৰ হোৱা বুজায়। প্ৰচলিত জনপ্ৰিয় এক প্ৰবাদ অনুসৰি, নাৰী ঋতুমতী হৈ যেনেদৰে জননীৰ শাৰীলৈ উন্নীত হয় ঠিক সেইদৰে এই বিশেষ সময়তেই বসুমতী তথা পৃথিৱী শস্যসম্ভৱা হ’বৰ বাবে ঋতুমতী হয়। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে প্ৰকৃতিৰ উৰ্বৰতা তথা উৎপাদন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি এই উৎসৱটি উদযাপন কৰি অহা হৈছে। জ্যোতিষ শাস্ত্ৰৰ মতে, আহাৰ মাহত মৃগৰাশি নক্ষত্ৰ তিনিপাদ অতীত হ’লে চতুৰ্থপাদ আৰ্দ্ৰা নক্ষত্ৰৰ পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয়; আৰু ইয়াকে অম্বুবাচী বোলা হয়।
উল্লেখযোগ্য যে, কামাখ্যা দেৱীক প্ৰকৃতিৰ উৰ্বৰা শক্তিৰ আধাৰ হিচাপে গণ্য কৰা হয়; সেয়েহে এই উৎসৱটি কামাখ্যাতেই উলহ-মালহেৰে পতা হয়। উৎসৱ উদযাপনৰ বিশেষ দিনকেইটাত কামাখ্যাৰ দুৱাৰ বন্ধ কৰি ৰাখি দেৱী দৰ্শন বন্ধ কৰা হয়। এইকেইদিন দেৱীৰ বাবে ভোগ ৰন্ধা কাৰ্যকো বন্ধ ৰাখি দৈ, কল, চিৰা, কঁঠাল, গুড় আদি আগবঢ়োৱা হয়। অম্বুবাচী নিবৃত্তি তথা শেষ হোৱাৰ লগে লগে মন্দিৰৰ দুৱাৰ খুলি দেৱীক স্নান আৰু পূজা-অৰ্চনা আদি কৰাৰ পাছত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়। অম্বুবাচীৰ সময়ত পৰম্পৰাগত সমাজব্যৱস্থাই পৰিচালিত আমাৰ সমাজৰ লোকসকলে অতীজৰে পৰা কেতবোৰ বিশেষ নিয়ম-নীতি মানি চলাও দেখা যায়। এই সময়ছোৱাত পৃথিৱীত সকলো ধৰণৰ কৃষিকৰ্ম অৰ্থাৎ হাল বোৱা, মাটি খন্দা, গুটি সিঁচা আদি নিষেধ। এইছোৱা সময়ত ঋতুমতী হোৱা নাৰীয়েও পৰাপক্ষত উপবাসে থাকি মাটি স্পৰ্শ নকৰি অম্বুবাচী আৰম্ভ হোৱাৰ আগমুহূৰ্তত মাটি কলহত পানী আনি সেই পানীকে তিনিদিন ধৰি খায়। খাদ্য সামগ্ৰীসমূহক কলপাতত ৰখোৱা হয়। কিছুমান সন্যাসী, ব্ৰাহ্মণ আৰু বিধৱাই সিজোৱা খাদ্য গ্ৰহণ নকৰে ফলমূল খাই জীয়াই থাকে। বহুলোকে আকৌ বাকচ, আলমাৰি, কাপোৰৰ টোপোলাবোৰ এই সময়ত স্পৰ্শ নকৰে। এইছোৱা সময়ত কেঁচা গাখীৰ খালে সৰ্পদংশনৰ ভয় নাথাকে বুলি বিশ্বাস কৰা হয়। অম্বুবাচী মেলা উপলক্ষে কামাখ্যালৈ অহা ভক্তসকলে এইকেইটা দিনত মন্দিৰৰ ওচৰে-পাজৰে থাকি নাম-কীৰ্তন কৰি কামাখ্যাৰ পৰিৱেশ ৰজনজনাই ৰাখি মন্দিৰৰ বাহিৰতেই ধূপ-চাকি জ্বলাই। তিনিদিনৰ অন্তত যেতিয়া মন্দিৰৰ দুৱৰা ভক্তৰ বাবে খুলি দিয়া হয় তেতিয়া ভক্তসকলৰ মাজত দেৱী দর্শনৰ এটা উথপথপ পৰিস্থিতিৰ সৃষ্টি হয়, সকলোৱে দেৱীক দৰ্শন কৰি সেৱা আৰু আৰ্শীবাদ মাগে। পূজাৰীসকলে দেৱীৰ গাত তিনিদিন ধৰি থোৱা ৰঙা বস্ত্ৰবোৰ পীঠৰ পৰা আনি ভক্তসকলক পিন্ধিবলৈ দিয়ে। ভক্ত তথা ধৰ্মপ্ৰাণ লোকসকলৰ বিশ্বাস অনুসৰি, এই ৰঙা বস্ত্ৰ পিন্ধি জপ কৰিলে অভীষ্ট সিদ্ধি তথা মনোকামনা পূৰ্ণ হয়। ইয়াক সাধাৰণতে মহিলাসকলে বাওঁহাত বা ডিঙিত আৰু পুৰুষসকলে সোঁহাত বা ডিঙিত পৰিধান কৰে।
বিশ্বাস আৰু বিস্ময়ৰ থলী কামাখ্যাৰ অম্বুবাচী মেলাই আজি ধৰ্মাৱলম্বী লোকসকলৰ লগতে পৰ্যটকসকলকো আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা দিশটোও অতিশয় মনকৰিবলগীয়া। অম্বুবাচীৰ সময়ত উৎসৱ উপলক্ষে কামাখ্যাত সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ বাবে এখন বিশাল মেলাও অনুষ্ঠিত কৰা হয়। লগতে উৎসৱ কালত কামাখ্যাত উপস্থিত হোৱা স্থানীয় আৰু দেশী-বিদেশী লোকসকলৰ যোগেদি সমূহীয়া এক আৱেগ-আনুগত্য প্ৰকাশেৰে সংহতি আৰু সমন্বয়ৰ এক বাৰ্তাও পৰিস্ফুট হয়; যিটো অম্বুবাচী মেলা উদযাপনৰ আটাইতকৈ লেখত ল’বলগীয়া সফলতা। অন্যহাতেদি ইয়াৰ অনুৰূপধৰণে আকৌ এই বিশেষ মেলাখন উদযাপনৰ সময়ছোৱাত কামাখ্যাত প্ৰত্যক্ষ কৰিবলৈ পোৱা নগ্ন বাবাসকলৰ লগতে চোৰ-ডকাইতৰ উদ্ভণ্ডালিয়ে বহু লোককে অসুবিধাত পেলায়; যিসমূহ এই মেলাখনৰ কেতবোৰ গুৰুত্বপূৰ্ণ নেতিবাচক দিশ হিচাপে আজি চিহ্নিত হৈ পৰিছে। এনেবোৰ ঋণাত্মক দিশ প্ৰতিহত কৰি ধৰ্মীয় দিশটোৰ উপৰিও সাংস্কৃতিক সমন্বয় সাধনত বিশেষভাৱে গুৰুত্বআৰোপ কৰি অম্বুবাচী মেলাক কেন্দ্ৰ কৰি কামাখ্যাক পৰ্যটনৰ এক সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে আমি গঢ়ি তুলিব পাৰিলে কামাখ্যাত প্ৰতিবছৰে উদযাপিত এই অম্বুবাচী মেলাই বহু ন-ন আশা-প্ৰত্যাশাসমূহ আমালৈ কঢ়িয়াই আনিব পাৰিব বুলি আমাৰ বিশ্বাস।
(লেখক ৰূপহী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক)

Related Articles

error: Content is copy right protected !!
Close