ইংলেণ্ডৰপৰা মৌমাখি অন্তৰ্ধান : চৰম খাদ্য সংকটৰ আশংকা

মহাবাহু

লণ্ডন : কীটনাশকৰ জ্বালা-যন্ত্ৰণা কেনে, সেয়া এতিয়া হাড়ে হাড়ে গম পাইছে ব্ৰিটেইনৰ পৰিৱেশবিদসকলে। এসময়ত মৌমাখিৰ তাণ্ডৱ বন্ধ কৰিবলৈ যি বিষ প্ৰয়োগ কৰা হৈছিল, সেই বিষৰ প্ৰভাৱত এতিয়া টেমচ্-অৰ পাৰৰপৰা মৌমাখিৰ অৱলুপ্তি হৈছে। সেইবাবেই আশংকাৰ বলি হৈছে পৰিৱেশবিদসকল। অন্ততঃ ইংলেণ্ড বা গ্ৰেট ব্ৰিটেইনৰপৰা প্ৰায় ৩৫০০ কোটি ‍‘হোভাৰব্ৰিজ’ মৌমাখি অন্তৰ্ধান!

১৯৬০ চনৰপৰা ১৯৭৪ চন পৰ্যন্ত এনে মৌমাখিৰ তাণ্ডৱত অতিষ্ঠ হৈ পৰিছিল ইংলেণ্ডৰ চাহাব-মেমচাহাব। বহুতেই প্ৰশাসনক দোষাৰোপ কৰিছিল মৌমাখিৰ বংশ নিয়ন্ত্ৰণ নকৰা বাবে। সেয়ে বাধ্য হৈ ব্ৰিটেইনৰ নাগৰিক পৰিসেৱা বিভাগে মৌচাক দেখিলেই বিষাক্ত গেছ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এনে ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত মৌমাখিৰ উপদ্ৰৱ কমিবলৈ ধৰে আৰু চাহাব-মেমচাহাবেও স্বস্তি পাবলৈ ধৰে। কিন্তু এনে ঘটনাৰ ফলত যে উল্টাপুৰাণ সৃষ্টি হ’ব পাৰে, সেয়া পৰিৱেশবিদসকলে চিন্তাই কৰিব পৰা নাছিল। যোৱা ১০ বছৰ ধৰি ‍‘হোভাৰব্ৰিজ’ মৌমাখিৰ সন্ধানত বনকৰ্মীৰপৰা আৰম্ভ কৰি পৰিৱেশবিদ, সকলোৱে লৰা-ঢপৰা কৰি আছে। আনকি ‍‘হোভাৰব্ৰিজ’ মৌমাখিৰ সন্ধান দিব পাৰিলে পুৰস্কাৰ দিয়াৰো ঘোষণা কৰা হৈছে। কিন্তু সকলো চেষ্টাই বিফল হৈ পৰিছে।

‍‘হোভাৰব্ৰিজ’ মৌমাখিৰ এনে হঠাৎ অৱলুপ্তিৰ ফলত আতংকিত হৈ পৰিছে ইংলেণ্ডৰ কৃষিবিজ্ঞানীসকলো। কৃষিবিদ গ্যাৰি পাউণ্ডে কৈছে যে ‍‘হোভাৰব্ৰিজ’ৰ অৱলুপ্তিৰ ফলত ব্ৰিটেইনৰ খাদ্যভাণ্ডাৰৰ সংকটে দেখা দিব। কাৰণ মৌমাখিৰ অভাৱত পৰাগমিলন নহ’ব আৰু তাৰ ফলত খাদ্য উৎপাদন ব্যাহত হ’ব। গতিকে নতুন শস্য দূৰৰ কথা, যি শস্য এতিয়া আছে—সেইখিনিৰে কিমান দিনৰ জোৰা মাৰিব পাৰি, সেয়াও ডাঙৰ প্ৰশ্ন!

প্ৰকৃততে ‍‘হোভাৰব্ৰিজ’  হ’ল একপ্ৰকাৰৰ বনৰীয়া মৌমাখি। এইবোৰৰ জন্ম হয় অৰণ্যত। কিন্তু খাদ্যৰ সন্ধানত হোভাৰব্ৰিজে গাঁও-চহৰ সকলোতে উৰি ফুৰে। ইয়াৰ ফলত বিভিন্ন ফুলৰ পৰাগ সংযোগ ঘটে। আৰু তাৰ ফলতেই চিৰাচৰিত শস্যৰ লগতে নতুন নতুন শস্যৰো উৎপাদন প্ৰসাৰিত হয়। কিন্তু প্ৰধান সমস্যা হৈছিল এয়ে যে হোভাৰব্ৰিজৰ দংশনৰ জ্বালা ইমান বেছি যে ১৯৫০ চনৰপৰা ১৯৮৪ চন পৰ্যন্ত প্ৰায় ১০০০০-ৰৰো অধিক চাহাবে চিকিৎসালয়ৰ বিছনাত উঠিবলগীয়া হৈছিল। মৌমাখিৰ সন্ত্ৰাসত আতংকিত ব্ৰিটেইনবাসীয়ে ঘৰৰ দুৱাৰ-খিৰিকীসমূহত আইনা দিয়াৰ উপৰি মৌমাখি খেদিবলৈ ‍‘স্প্ৰে’ও ৰাখিছিল। সেই সময়ত এক বহুৰাষ্ট্ৰীয় কীটনাশক সংস্থাই মৌমাখি নিধন কৰাৰ বাবে প্ৰায় ২০০০ কোটি ডলাৰৰ ব্যৱসায় কৰিবলৈ সমৰ্থ হৈছিল। ১৯৮৪ চনৰপৰা মৌমাখিৰ সংখ্যা যিমানেই কমিছে, সিমানেই ব্যৱসায় সংকুচিত হৈছে কীটনাশক প্ৰস্তুতকাৰক সংস্থাসমূহৰ। কিন্তু পতংগবিদসকলে ধাৰণা কৰিছে যে ‍‘হোভাৰব্ৰিজ’ৰ অৱলুপ্তি কেৱলমাত্ৰ কীটনাশকৰ বাবেই হোৱা নাই, অভিযোজনৰ অভাৱৰ বাবেহে প্ৰধানতঃ হৈছে। অভিযোজনৰ অভাৱৰ বাবেই মৌমাখিবোৰ ইংলেণ্ডৰপৰা আঁতৰি গৈছে। মাচাছুচেটছৰ এগৰাকী পতংগবিদে জনাইছে যে বহু পতংগৰ ক্ষেত্ৰতেই কীটনাশক প্ৰয়োগ কৰা হয়, কিন্তু সেই কীটনাশকৰ সৈতে পতংগশ্ৰেণীৰ প্ৰাণীসকলে নিজকে বিন্যস্ত কৰি লয়। পতংগৰ এনে স্বাভাৱিক চৰিত্ৰক প্ৰাণীবিজ্ঞানৰ ভাষাত ‍‘অৰ্থোপেডিক ওভিলিউছন’ বুলি কোৱা হয়। মাচাছুচেটছৰ বিজ্ঞানীয়ে কৈছে যে ব্ৰিটেইনৰ ‍‘হোভাৰব্ৰিজ’বোৰে তেনে অভিযোজন সংঘটিত কৰিব নোৱাৰি অৱলুপ্ত হৈ পৰিছে।

বিলুপ্তিৰ কাৰণ যিয়েই নহওক কিয়, ব্ৰিটেইনৰ শস্যৰ আৱৰ্তনৰ ক্ষেত্ৰত ই যে ডাঙৰ আঘাত, সেয়া ইতিমধ্যে নিশ্চিত কৰিছে ব্ৰিটেইনৰ একাধিক খাদ্য-গৱেষকে। তেওঁলোকৰ আশংকা, হোভাৰব্ৰিজৰ অৱলুপ্তি হ’লেও যদি সেই ধৰণৰ কোনো পতংগৰ আৱিৰ্ভাৱ নহয়—তেনেহ’লে পৰাগমিলন সম্ভৱ নহ’ব, আৰু কৃত্ৰিম পৰাগমিলন বা কৃত্ৰিম শস্যৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগিব। এনে কৃত্ৰিম শস্য যে শৰীৰৰ বাবে ভাল নহয়, তাকো জনাইছে বিশেষজ্ঞই। বিশেষজ্ঞৰ মত অনুসৰি কৃত্ৰিম মিলনৰ বাবে যি ‍‘ম্যালিক এচিড’ বাহিৰৰপৰা দিয়া হয়, সেয়া প্ৰাকৃতিকভাৱে স্বাভাৱিক নহয়। গতিকে এচিডৰ প্ৰভাৱত ভ্ৰূণৰ ‍‘পি-এইচ’ মাত্ৰাৰ পাৰ্থক্য সৃষ্টি হয়। এইক্ষেত্ৰত ভ্ৰূণ হৈছে গছৰ ফল। তেনে ফল ভক্ষণ কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকৰ বুলিও জনাইছে বিশেষজ্ঞই।

Related Articles

Close