আৱেগিক মানুহবোৰ…

কাবেৰী গোস্বামী

আৱেগিক মানুহৰ ওঁঠবোৰ সোনকালে কঁপে,
আৱেগিক মানুহৰ চকুবোৰ সোনকালে তিতে,
আৱেগিক মানুহে সহজেই আনৰ কথা শুনে,
আৱেগিক মানুহে কমকৈ নিজৰ কথা ভাবে৷
আচলতে আৱেগিক মানুহৰ মন-মগজুৰ যুঁজত মনটোহে জিকে,
আৰু বুজাই লাভ নাই ভাবি মগজুৱে এৰাই চলে৷
এইযে আৱেগিক মানুহবোৰ…
বৰ সোনকালেই অবুজন হয় অথবা অভিমানী,
সিহঁতে কিন্তু আনৰ বুজনি অথবা অভিমান ভঙালৈ ৰৈ নাথাকে৷
‘হ’ব দে মোৰেই ভুল’ বুলি চিগা সুতা যোৰা দিয়াজনো কোনো আৱেগিক মানুহ৷
আৱেগিক মানুহবোৰ গণিতত কেঁচা,
হিচাপবোৰ নকৰাকৈয়ে জীৱনটো জী যাব পৰা৷
আৱেগিক মানুহ এজোপা গছ হ’ব পাৰে,
য’ত মন গ’লে কোনোবা লতা হ’ব পাৰে,
কোনোবাই চৰাই হৈ বাঁহ সাজিব পাৰে,
অথবা ল’ব পাৰে কোনোবাই ছাঁ৷
আৱেগিক মানুহ বৰকৈ ৰ’দত দহে, বৰষুণত তিতে,
আক্ষেপহীনতাৰ অন্তৰালত কোনোবা আৱেগিক মানুহৰেই চনকা কলিজাখন সততে ভাগে…

Related Articles

error: Content is copy right protected !!
Close