আৰ এছ এছ- বিজেপিৰ ভণ্ডামি

দীপজ্যোতি গগৈ

আমি আটায়ে জানো যে আৰ এছ এছ হৈছে বিজেপিৰ ৰাজনৈতিক পৃষ্ঠপোষক।তেওঁলোকৰ মূল লক্ষ্যই হৈছে হিন্দুত্বৰ আদৰ্শ জৰিয়তে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰলৈ পৰিবৰ্তন কৰা। বিজেপিয়ে ভাৰতবৰ্ষৰ বহুধা বিভক্ত সংস্কৃতি,ভাষা,ধৰ্ম,তাৰোপৰি বিস্তৃত জাতীয়তাবাদ,ৰাষ্ট্ৰীয়বাদৰ লগতে অন্যান্য মতবাদক অস্বীকাৰ কৰি, ভৌগোলিক বিচিত্ৰতাক নস্যাৎ কৰি এক ৰাষ্ট্ৰ,এক জনগণ,একক সংস্কৃতিক হিন্দু ধৰ্মীয় দৃষ্টিভংগীৰে গঢ়া কথা কয় আহিছে।আৰ এছ এছ,বিজেপি আচলতে ভণ্ড দেশপ্ৰেমিক,সেইয়া তেওঁলোকৰ কথাতে স্পষ্ট হয়।কাৰণ এখন দেশৰ প্ৰতি থকা দেশপ্ৰেমৰ ধাৰণা ইয়াৰ ভৌগোলিক পৰিসীমাৰ ফালৰ পৰাহে গঢ় লয়।ধৰক,অসম বা কাশ্মীৰৰ গৌৰৱোজ্জ্বল কিবা ঘটনা,কোনো প্ৰাকৃতিক সৌন্দৰ্যতা অথবা কোনোবা ব্যক্তিৰ আশ্চৰ্যকৰ খ্যাতিৰ কথা বিশ্বৰ যিকোনো প্ৰান্ততে আপুনি একেই ভাৰতবৰ্ষৰে বুলি গৌৰৱ কৰিব পাৰে,আপুনি কাহানিও বাংলাদেশ,পাকিস্তান অথবা যিকোনো দেশৰ কোনোবা হিন্দুৰ খ্যাতিক লৈ গৌৰৱ নকৰে। কিন্তু আৰ এছ এছ-বিজেপিয়ে কৰে,মাত্ৰ হিন্দু হ’লেই হ’ল।তেন্তে তেওঁলোক দেশপ্ৰেমিক হ’ল কেনেকৈ? ধৰ্ম দ্বাৰা দেশপ্ৰেম নিৰ্ণয় হয় নেকি? বিশ্বত তেনে দেশ আছে নেকি? বোপাইহঁতে আকৌ বেলেগক ৰাষ্ট্ৰদ্রোহী আখ্যা দিয়ে! ১৯৯৬ চনৰ বিজেপি মেনিফেষ্টোত কৈছিল,”বিজেপি এক ৰাষ্ট্ৰ,এক জনগণ,একক সংস্কৃতিৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধ-আমাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী(মানে দেশপ্ৰেম?) মাত্ৰ ভৌগোলিক পৰিসীমা বা ৰাজনৈতিক পৰিচয়তে সীমাবদ্ধ নহয়,বৰং ই হিন্দু ধৰ্ম আৰ্হিত হিন্দুত্ব সংস্কৃতিৰ দ্বাৰাহে সংজ্ঞাবদ্ধ।” ইয়াৰ পৰাই তেওঁলোকৰ অগণতান্ত্ৰিক চৰিত্ৰ ওলাই নপৰেনে? আধুনিক ভাৰতীয় সংবিধান আৰু জাতীয়নিষ্ঠাৰ ধাৰণা ব্ৰিটিছৰ বিৰুদ্ধে কৰা বৃহৎ স্বাধীনতা আন্দোলনৰ ভিত্তিতে নতুনকৈ প্ৰতিষ্ঠিত নহয় জানো? যি সময়ত দেশৰ সমগ্ৰ জনগণ ব্ৰিটিছৰ বিৰুদ্ধে সৰ্বশক্তিৰে মাৰবান্ধি ঠিয় দিছিল,কিন্তু আৰ এছ এছ নামৰ বস্তুটো তেতিয়া বহু সময়ত স্বাধীনতা আন্দোলনৰ পৰা আঁতৰি থাকি ব্ৰিটিছৰ হৈ দালালি কৰাতহে ব্যস্ত আছিল। তেতিয়া ১৯৩০চন,দেশযোৰা মহাত্মা গান্ধীৰ নেতৃত্বত লোণ পদযাত্ৰাৰ যোগেদি ‘সত্যাগ্ৰহ’ আন্দোলন আৰম্ভ হৈছিল, আৰ এছ এছৰ পিতা কে বি হেডগেৱাৰে নিৰ্দেশ দিলে যে তেওঁলোকৰ কোনো কেডাৰে যাতে এই কায্যসূচীত অংশগ্ৰহণ নকৰে। সেই কথা খোদ আৰ এছ এছৰ দ্বাৰা প্রকাশিত হেডগেয়ৱাৰৰ আত্মজীৱনীতে উল্লেখ আছে। ১৯৪২ চন,দেশত ভাৰত ত্যাগ আন্দোলনৰ ভৰপূৰ সময়,আৰ এছ এছৰ নেতৃত্বই গৈ ব্ৰিটিছৰ গৃহ দপ্তৰৰ সচিবক লগ কৰি প্ৰতিশ্ৰুতি দিলে যে তেওঁলোকে বৃহৎ সংখ্যাত আভ্যন্তৰীণ সুৰক্ষা বাবে ব্ৰিটিছৰ হৈ চকীদাৰী কৰিব।এই কথা এ জি নুৰানী এ(A G Noorani)নিজৰ গ্ৰন্থ ‘The RSS :A Menace to India’ত উল্লেখ কৰিছে। একেই ১৯৪২ চনতে দেশত অনাহাৰৰ বাবে খোদ বেংগলতে ৩০ লাখ লোকৰ মৃত্যু হৈছিল,সেইবছৰে জুন মাহত আৰ এছ এছৰ প্ৰধান গোৱালকাৰে ক’লে,”যদি আমি জানোৱে ডাঙৰ মাছে সৰু মাছক খাই,ইয়াৰ পিছতো ডাঙৰ মাছক দোষাৰোপ কৰাটো চিধাচিধি পাগলামিহে।প্ৰকৃতিৰ নিয়ম ভালেই হওঁক বা বেয়াই হওঁক, সি সদায় সত্য।গতিকে এনে পৰিস্থিতিত ব্ৰিটিছক দোষাৰোপ কৰিলেই পৰিৱেশ সলনি হয় নাযায়।” ইয়াৰ পিছতো আপোনাক আৰ এছ এছৰ আৰু কিবা ভণ্ডামি লাগে নেকি? আৰ এছ এছৰ সদস্য নাথুৰাম গডছে গান্ধীক হত্যা কৰা আগে আগে আৰ এছ এছৰ সদস্যক নেতৃত্বই পবিত্ৰ শুক্ৰবাৰৰ ‘ভাল খবৰ’ শুনিবলৈ  ৰেডিঅ’ খুলি ৰাখিবলৈ নিৰ্দেশ দিছিল। এই কথা সেই সময়ৰ গান্ধীৰ ব্যক্তিগত সচিব প্যাৰীলাল নায়ণৰ নিজস্ব টোকাবহীৰ কথা উদ্ধৃতি দি নুৰাণী ডাঙৰীয়াই গ্ৰন্থত লিখিছে। সেই সময়তে গান্ধীক হত্যা কৰা পিছত বিবেক দংশনত ভুগি আৰ এছ এছ ত্যাগ কৰা চৰ্দাৰ পেটেল নামৰ যুৱকজনে গান্ধীৰ মৃত্যু পিছত আনন্দ কৰি  আৰ এছ এছৰ ভিতৰচোৱাত মিঠাই বিতৰণ কৰা হৈছিল বুলি স্বীকাৰ কৰিছিল। গতিকে এনে এটা ভণ্ড বস্তু আৰ এছ এছ আৰু ইয়াৰ পুত্ৰ বিজেপিক সমাজৰ পৰা নিৰ্মূল নকৰিলে যে দেশ ভয়ানক ভৱিষ্যতৰ দিশে আগবাঢ়িব,তাত সন্দেহ নাই।

Related Articles

Close