আৰু কিমান হোৱালৈ বাট চাম আমি?

প্লাৱিতা বৰুৱা

২৪/০৩/২০১৮ তাৰিখে নিউজত দেখিলো এটাক মৰিগাৱঁত মহিলা এগৰাকী ধৰ্ষণ কৰি হত্যা কৰাৰ বাবে পুলিচে আটক কৰিছে। তাৰ আগদিনা বটদ্ৰৱাৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা কণমানিজনীৰ বাতৰিটো পালো। লগতে আন এটা খবৰ, বৰপেটাৰ এগৰাকী ৯ বছৰীয়া নাবালিকা কোনোবা এটা পশুৰ পাশৱিকতাৰ বলি। দুদিনমান আগতে হাইলাকাণ্ডিৰ ১৪ বছৰীয়া যুৱতী এগৰাকী এটা নৰ-পিশাচৰ পাশৱিক অত্যাচাৰৰ বলি হৈ কৰুণ মৃত্যুক আকোঁৱালি লোৱা কৰুণ দৃশ্য। যি সময়ত কণমানি কেইজনিয়ে জীৱনৰ সেউজীয়া বুটলি ফুৰিব লাগিছিল সেই সময়ত এটাৰ পিছত এটা এনেকুৱা খবৰে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। সেই একেদিনাই কামপুৰত স্বামীৰ সন্মুখতে এগৰাকী মহিলা ৮ টা অসুৰৰ কামনাৰ বলি হ’ব লগা হয়। তাৰ কেইদিনমান আগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ দিনাই সমাজ গঢ়ি পঞ্চাছ বছৰ গৰকা এগৰাকী শিক্ষয়িত্ৰীক দুটা নৰপিশাচে পাশৱিক অত্যাচাৰ কৰি হত্যা কৰা ঘটনাইও সমগ্ৰ ৰাজ্যক জোকাৰি গৈছিল। এনেহেন বৰ্বৰ ঘটনাবোৰৰ ঢৌ মাৰ নৌযাওঁতেই নিতৌ নতুন নতুন এনে বাতৰিয়ে বাতৰিকাকতবোৰ ভৰাই পেলোৱা দেখি মনত এতিয়া এটাই প্ৰশ্ন উদ্ভাসিত হয়, “আৰু কিমান হোৱালৈ বাট চাম আমি?”
দিল্লীৰ ‘নিৰ্ভয়া কাণ্ড’ হওঁতে দীঘলীপুখুৰীপাৰত মম জ্বলাই কৰা প্ৰতিবাদ কি অকল আনক অনুসৰণ কৰিবলৈহে কৰিছিলো নেকি আমি? সেই প্ৰতিবাদৰ কিবা ফল প্ৰতিফলিত হৈছে জানো? এনে জঘণ‍্য ঘটনাবোৰৰ দায়ীক কঠোৰ শাস্তিৰ দাবীত ৰাজপথ উত্তাল নহ’লে কি অপৰাধীক লগে লগে কঠোৰ শাস্তি দিব লগা কথাটোৰ গুৰুত্ব কমি আহে নেকি? নে আমি আমাৰ ভাৰতীয় আইন এনেকুৱাই বুলি কেৱল হুমুনিয়াহ কাঢ়িয়ে থাকিম? কিছুবছৰৰ আগতে মণিপুৰত এগৰাকী মহিলাক সেনাৰ জোৱানে ধৰ্ষণ কৰি হত্যা কৰোতে হত্যাকাৰীক উচিত শাস্তি দিয়াবলৈ মণিপুৰৰ ভালেসংখ্যক মহিলাই উলংগ হৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰা ঘটনাই সমগ্ৰ দেশত তোলপাৰ লগাইছিল। কেইদিনমান আগত অৰুণাচলত এটা ধৰ্ষণকাৰীক ৰাইজে এনে শাস্তি দিছিল যে আৰু দহটাই এনে কাম কৰাৰ আগত এবাৰ হ’লেও ভাবিব। আমাৰ সৰহসংখ্যকৰ কিয় এটাৰ পিছত এটা নোম সিয়ঁৰি যোৱা ঘটনা দেখিও নোম এডালো লৰা নাই? আমাৰ মৌনতাই এনেধৰণৰ নৰপিশাচবোৰক উৎসাহ দিয়া নাই নে? সিহঁতৰ কৰ্মৰ জঘন্যতা চাই এতিয়ালৈকে কঠোৰতকৈও কঠোৰ শাস্তি হৈ যাব লাগিছিলচোন। কিন্তু দুদিনমান চিঞৰ বাখৰৰ পিছত হত্যাকাৰীৰ কি পৰিণাম হ’ল কোনোবাই খবৰ ৰাখেনে? ধৰ্ষণকাণ্ডবোৰক মছলা সানি সানি মেডিয়াই বাৰে বাৰে দেখুৱাই থকাতকৈ অপৰাধীৰ শাস্তিবোৰৰ কথা বেছিকৈ দেখুৱালে কিছু অসভ্যই অলপ হ’লেও ছাগে ভয় খালে হয়। আমাৰ শামুকীয়া গতিৰ আইনী ব্যৱস্থাটো সাল-সলনি কৰিবলৈ আমিবোৰেই যদি নালাগো, কেতিয়াবা যে আইন সলনি হ’ব, অপৰাধীয়ে উচিত শাস্তি পাব, আমি আশা কৰিব পাৰিম নে?
আমি বিতৰ্ক কৰাত ইমানেই মচগুল যে আচল সমস্যাবোৰে অসমতে অসমীয়াৰ অস্তিত্ব নোহোৱা কৰিব গৈ আছে ভাবিবলৈ আহৰিয়ে নোপোৱা হ’লো। আমাৰ সংস্কৃতি ৰক্ষকসকলে মহিলাই চাদৰ-মেখেলা পিন্ধিব’ নে চুৰিদাৰ ; জুবিনে অসমীয়া গাব নে হিন্দী এইবোৰ গাই বাই থাকোতে অসমখন ৰসাতলে গৈ নিঃশেষ হ’বলৈ যে গৈ আছে! কাৰো কিয় কাণসাৰ নাই? আমাৰ অসমীয়াৰ গাত থকা লাচিতৰ তেজ, মহাপুৰুষজনাৰ আদৰ্শ আজি ক’ত গ’ল? কেৱল টিভিত ডাঙৰ ডাঙৰ ভাষণেৰে কৰা  টক শ্ব, ফেচবুক, ত্বিটাৰত ষ্টেটাচ আপডেট আৰু চাহমেলত কৰা চৰ্চাতেই সীমিত নেকি আমাৰ কৰণীয় ? যোৱা দুই-তিনি দশকযোৰি কেৱল আমাৰ মানুহ সজাগ হ’বলৈ হ’ল বুলি কৈ থকা কথাষাৰতেই দায়িত্ব শেষ নেকি আমাৰ বুদ্ধিজীৱিসকলৰ? নিতৌ এনেকুৱা ঘটনা চকুৰ আগত ঘটি থকাৰ স্বত্তেও কেৱল গৰিহণা হে দিব নেকি আমাৰ নেতাসকলে?  সকলো কথাতেই ‘মৰেল পলিচিং’ কৰা আমাৰ সমাজখন এইবোৰত ইমান নিশ্চুপ কিয়? নিউজ চেনেল কেইটাৰ কাম কি অকল এনে ঘটনাবোৰ ৰহন সানি সানি দেখুৱাই থকা নেকি? অসমৰ  মাটিত থাকি বিকৃত মানসিকতাৰ বীজ সিঁচি আমাৰ  মহিলাসকলৰ ঘৰৰ পৰা ওলাবলৈ ভয় লগা অৱস্থা কৰা, মহামাৰীৰ দৰে বিয়পা এনেধৰণৰ বীজাণুবোৰ কেতিয়ালৈ পোহপাল দি থাকিম আমি? অপৰাধীক কঠোৰতকৈও কঠোৰ শাস্তি দি এনে জানোৱাৰবোৰক কেতিয়াবা শিক্ষা দিয়া হ’বনে যাতে আৰু কোনো দুৰ্ভগীয়া নাৰীয়ে নিজৰ মাতৃভূমিতে এনেকৈ প্ৰাণ দিব লগা নহয়? আমি অলপ সজাগ হ’লে প্ৰশাসনে এনে অপৰাধীবোৰক অলপো সময় অপব্যয় নকৰাকৈ লগে লগেই শাস্তি দিবলৈ বাধ্য নহ’বনে বাৰু? সচাঁকৈ, আৰু কিমান হোৱালৈ বাট চাম আমি?
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close