আয় বৃদ্ধি কৰিবলৈ ৰাজসাহায্য প্ৰত্যাহাৰৰ পৰিকল্পনা ৰে’ল বিভাগৰ  

মহাবাহু

নতুন দিল্লী : ৰে’লত যাত্ৰীৰ ভাৰা অচিৰেই বৃদ্ধি হোৱাৰ পথত। জুলাই মাহত পূৰ্ণাংগ বাজেট অধিৱেশনৰ সময়ত যিখন ৰে’ল বাজেট দাখিল কৰা হ’ব, সেইমৰ্মে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৰে’লভাৰা বৃদ্ধিৰ প্ৰস্তাৱ দিব বুলি ইংগিত পোৱা গৈছে। কিন্তু পোনপটীয়াকৈ ভাৰা বৃদ্ধি নকৰি পৰ্যায়ক্ৰমে ৰে’লৰ টিকটৰ ক্ষেত্ৰত থকা ৰাজসাহায্য প্ৰত্যাহাৰো কৰিব পাৰে ৰে’ল বিভাগে। ২০১৬-১৭ চনৰ যাত্ৰীভাৰা বাবদ ৰে’লবিভাগে আয় কৰিছিল ৪৭০০০ কোটি টকা। ইয়াৰ পিছত প্ৰতি বছৰৰ হিচাপ মতে প্ৰায় ৩০০০ কোটি টকাকৈ আয় হৈছে ৰে’ল বিভাগৰ।

ৰে’ল বিভাগে মূলতঃ দুটা ক্ষেত্ৰৰপৰা আয় কৰে। (এক) যাত্ৰীভাৰা আৰু (দুই) পণ্য পৰিৱহণ। তদুপৰি আয় বৃদ্ধি কৰিবলৈ ‍‘কেটাৰিং’, পৰ্যটন আৰু বিজ্ঞাপন আদিৰ ওপৰতো জোৰ দিয়া হৈছে। ৰে’লৰ বাৰ্ষিক প্ৰতিৱেদন-২০১৮ মৰ্মে কোৱা হৈছিল যে যাত্ৰীভাৰা বাবদ যি আয় হয়, তাতোকৈ বেছি টকা ৰে’ল বিভাগে ‍‘ভৰ্তুকি’ বা ৰাজসাহায্য হিচাপে ব্যয় কৰে। বিত্ত মন্ত্ৰালয়ৰ এক সমীক্ষাত প্ৰকাশ হৈছিল যে এটা তৃতীয় শ্ৰেণী তথা ‍‘লোকেল ট্ৰেইন’ৰ এটা টিকটত, প্ৰতি টকাত ৪৭ পইচাকৈ ৰাজসাহায্য দিবলগীয়া হয়। এনে ‍‘ভৰ্তুকি’ যদি বন্ধ হয়, তেনে ক্ষেত্ৰত ৰে’ল বিভাগৰ আয় ৯০বৃদ্ধি পাব বুলি নীতি আয়োগে ব্যক্ত কৰিছে।

কিন্তু এই পৰ্যন্ত বিত্ত মন্ত্ৰালয় আৰু ৰে’ল মন্ত্ৰালয়ে যৌথভাৱে যি সিদ্ধান্ত লৈছে, সেইমৰ্মে পোনপটীয়াকৈ ‍‘ভৰ্তুকি’ প্ৰত্যাহাৰ নকৰি ৰন্ধন গেছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা পদ্ধতিও গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ, ৰাজসাহায্য গ্ৰহণ নকৰি টিকট ক্ৰয় কৰিবলৈ আৱেদন জনাব পাৰে; যিহেতু কেন্দ্ৰৰ অনুৰোধ মৰ্মে ভাৰতৰ প্ৰায় ডেৰ কোটি মানুহে ৰাজসাহায্যবিহীন ৰন্ধন গেছ ক্ৰয় কৰি আছে। এই ধৰণৰ নীতি অৱলম্বন কৰিবলৈ নীতি আয়োগে পৰামৰ্শ আগবঢ়াইছে। ইতিমধ্যে ৰে’ল মন্ত্ৰালয়ৰ এনে চিন্তা-ভাবনাযুক্ত ফাইল প্ৰধানমন্ত্ৰীৰ কার্যালয়ত জমা হৈছে। ইয়াৰ লগতে ৰে’ল বিভাগক ব্যক্তিগতকৰণৰ কৰাৰ বিষয়েও চিন্তা-চৰ্চা কৰা হৈছে। ‍‘আই-আৰ-চি-টি-চি’য়ে ব্যক্তিগত সংস্থাক এনে কৰ্মত নিয়োজিত কৰিব। একেই পদ্ধতি পৰ্যায়ক্ৰমে পণ্য সৰবৰাহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

শতাব্দী, দুৰন্ত, ৰাজধানী এক্সপ্ৰেছৰ দৰে গাড়ীবোৰৰ টিকটত ৰাজসাহায্য প্ৰদান কৰা নহয়। সম্প্ৰতি এই গাড়ীবোৰক ব্যক্তিগতকৰণ কৰিবলৈ নিবিদা আহ্বানৰ যো-জা চলিছে। ইতিপূৰ্বেও এনে যো-জা চলিছিল যদিও অন্তৰায় আছিল বিভিন্ন ৰাজনৈতিক দলৰ বাধা। কিন্তু এতিয়া সেই বাধা নাই, বিজেপিৰ চৰকাৰে এতিয়া কাকো কেৰেপ কৰিব নালাগে।

Related Articles

Close