আহিবিনে ঘূৰি

হিমাক্ষী বৰা

……….. সি কথাৰ মাজতে সুধিছিল এদিন,,,,
“স্কুলৰ কথা বোৰ মনত পৰেনে তোৰ,,তই যে চুৰকৈ চাইছিলি মোক,, “..
” ধেৎ,  কি যে আছিলো ন তেতিয়া,, একদম পাগলী,, “… মই কৈছিলো..

আন এদিন দুচকুত চকু থৈ সুধি পেলাইছিল সি,,,” “মই নোহোৱাকৈ সুখী হ’ব পাৰিবিনে,, পাৰিবিনে হাঁহি থাকিব,, ” । মৌন হৈ গৈছিলো হঠাতে.. । সচাঁই পাৰিনে সুখী হ’ব,,, পাৰিছোনে ,, এনেকৈ সুখী হোৱা যায়নে,, যায়নে এনেকৈ.. । আজিকালি বুকুখন বিষাই থাকে অনবৰতে,, উশাহ ল’বলৈ কষ্ট হয়,,, । তই চিন্তা নকৰিবি । তই আহিবি নহয় । আমি আকৌ স্কুললৈ যাম এনেকৈ,, মই চুৰকৈ চাম তোক,, তই কবি,, “কিতাপ খনলৈ চা বান্দৰী ।”

ক’ত হেৰাই গ’লি অ তই,, । গুচি আহ । বাদদে,, নালাগে বন্ধুকেৰে অনা স্বাধীনতা । আমাৰ গাৱৰ লৰা ছোৱালীহঁতক তই পঢ়াবি,, মই নাচ শিকাম,, আবেলি সকলো মিলি ফুলৰ খেতিত লাগিম,,, । স্বাধীনতা টো আমাৰ জন্মস্বত্ব । আজুৰি আনিব কেলৈ লাগিছে,,, ।
শুনচোন,,, আহিবিনে ঘূৰি ।………….

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close