আলহী – পিনাকপানি বৰুৱা

দেওবাৰৰ ৰাতিপুৱা। চৌদিশে চিৰপৰিচিত এক শান্তিময় পৰিবেশ বিৰাজমান। পথতো গাড়ী-ঘোৰা কম, কম দৌৰাদৌৰিকৈ আগবঢ়া মানুহৰ শাৰীবোৰো। মৰ্ণি ৱাকৰ অভ্যাস নথকা সকলৰ ন মান বজাতহে ৰাতিপুৱা হৈছিল, মূখত চাৰে ন বজাত ব্ৰাচ দাল লৈ পেপাৰখন মেলা ভাৰ্গব মহন্তৰ দৰে। জেংচুবুৰীৰ পথাৰখনৰ মাজৰ একমাত্ৰ ঘৰটোৰ বাৰান্দাত বহি মহন্ত তেতিয়া ব্যস্ত পেপাৰখনৰ হেডলাইনকেইটাত চকু ফুৰোৱাত। হঠাৎ এটা খবৰৰ ওপৰত চকু পৰি ব্ৰাচদাল থমকি ৰ’ল মহন্তৰ হাতত

‘তেজপুৰ পগলা ফাটেকৰ পৰা এহাল পাগলৰ পলায়ন, বিপদজ্জনক পাগলহালৰ পৰা সাৱধান হৈ থাকিবলৈ ৰাইজক কৰ্তৃপক্ষৰ আহ্বান।’

মহন্তই কিবা এটা ৰস পাই পঢ়ি গৈছিল বাতৰিটো – আজি সাত বছৰ পূৰ্বে ধৰি আনি পগলা ফাটেকত ভৰোৱা এই পাগল হাল সাধাৰণ পাগলৰ দৰে নাছিল। দেখাই শুনাই সম্পূৰ্ণ সুস্থ যেন লগা এই মানুহহালে বিচাৰি ফুৰে অকলশৰীয়া মানুহৰ ঘৰ য’ত থাকে কেৱল এটা বা দুটা মানুহ।সেই ঘৰবোৰত কৌশলেৰে প্ৰবেশ কৰি সিঁহতে প্ৰথমে বন্দী বনাই ঘৰৰ বাসিন্দাক। সেই কামত সফল হ’লেই সিহঁত ঘৰটোত থাকিবলৈ লয় একদম নিজৰ ঘৰত থকাৰ দৰে। বাহিৰা মানুহৰ সন্দেহৰ চকু সেই দিশত নপৰালৈকে তাতে থাকে সিঁহত আৰু অলপমান বিপদ যেন দেখিলেই পূনৰ বিচাৰিব আৰম্ভ কৰে সদৃশ এক ঘৰ।

‘হেৰা, এইটো কি উলাইছে চোৱাহি বাতৰিৰ চোৱাহি’-ব্ৰাচদাল মূখৰ পৰা উলিয়াই মহন্তই ভিতৰত থকা ঘৈণীয়েকক চিঞৰিলে।

হাতত ঝাড়ু এটা লৈ ওলাই আহিল মানুহজনী,

‘কিয় চিঞৰি আছে?’-ৰুদ্ৰ মূৰ্তি ধৰি ওলাই আহিছিল শ্ৰীমতী মহন্ত। ‘দেখা নাই ঘৰটো কিমান ইমান লেতেৰা হৈ আছে, ইফাল ধূলি-সিফালে জাবৰ। পাকঘৰৰ ৱাল কেইখনটো চাবই নোৱাৰি। নিজেতো বিচনা ত্যাগ কৰাৰ নামেই ল’ব নুখুজে আৰু উঠিও বহি বহি মোকে চিঞৰি থাকিব মানে।’

‘উফ ৰাম, ইমান খঙ কিয় ৰাতিপুৱাই ৰাতিপুৱাই?’

‘ৰাতিপুৱা আপোনাৰ বাবে হৈছে, বাকী পৃথিবীৰ বাবে দুপৰীয়া হ’ল এতিয়া। পিছে চিঞৰিছিলে কিয়?’

‘এইটো চোৱা।’-বাতৰিখন দেখুৱাই মহন্তই কলে।

শ্ৰীমতীয়ে হেডলাইনটো পঢ়িয়েই মূখখন বেকা কৰি দিলে,

‘এহ: আজিকালি বাতৰিবোৰ কিবা সাধু কথাৰ কিতাপৰ দৰেহে হ’ল। মছলা সানি সানি সাধাৰণ কথা এটাকে কিবা বনাই পেলাই। তুমিয়ে পঢ়ি থাকা, সময়ৰ অভাব নোহোৱা মানুহ।’-বুলি পিছ মূহুৰ্ততে মানুহজনী অন্তৰ্ধ্যান হ’ল মহন্তৰ কাষৰ পৰা।

বাতৰিখন সামৰি মহন্তই বেচিনৰ কাষ চাপিল মূখৰ বগা বগা ফেনবোৰ পেলাই মূখ চফা কৰিবলৈ। ধুই মেলি চাহ কাপ খাবলৈ পাকঘৰৰ চকীখনত বহিবলৈ লওতেই পিছে বাজি উঠা কলিং বেলটোয়ে তেঁওক পূনৰ এবাৰ বাহিৰলৈ ওলাই আহিবলৈ বাধ্য কৰিলে।

‘কাক বিচাৰিছে?’-বাহিৰত ঠিয় হৈ থকা মানুহহালক মহন্তই সুধিলে।

‘আমি মানে দুৰ্গা পুজাৰ চান্দা তুলিব আহিছিলো, কাকজানৰ পুজা মন্দিৰটোতে প্ৰতি বছৰে পাতো যে।’-মানুহগৰাকীয়ে দুখোজমান আগুৱাই আহি ক’লে।

‘হয়নেকি, আহকচোন বাৰু বহকহি।’

দুয়োকে বাট দেখুৱাই মহন্তই লৈ আনিছিল ঘৰটোৰ প্ৰথম কোঠাটোলৈকে।

‘বহকচোন।’-মহন্তই চোফাখন দেখুৱাই দি ক’লে, ‘আপোনালোকক পিছে এই অঞ্চলৰৰে নে?’

‘হয় হয়, ইয়াৰ পৰা দুই কিলমিটাৰ মান আতৰত পুৰণি ডাকঘৰটোৰ পৰা অলপ আগত থকা বাঁহনিখনৰ ওচৰতে আমাৰ ঘৰ।’-চান্দাৰ বহীখন লৈ থকা মানুহজনে কলে

‘আৰু আপুনি?’-মানুহজনীৰ দিশত চাই মহন্তই সুধিলে।

‘আমি দুয়ো হাচবেণ্ড ৱাইফেই হয়। একেলগেই থাকো বাঁহনিখনৰ ওচৰৰ সেই ঘৰটোত।’

‘অহ হ’ চৰি দেই, মই ভবাই নাছিলো।’-মহন্তই হাঁহি হাঁহি কৈ গ’ল, ‘পিছে বাঁহনিখনৰ মাজৰ ঘৰ মানে সেই ৰঙা টিংপাত লগোৱা ঘৰটো নেকি বাৰ? বৰ ঠেক বাট এটাৰে যে যোমাই যাব লাগে মেইন ৰাষ্টাটোৰ পৰা। মই মানে বেলেগ এঘৰলৈ যাওতে ভুলতে এবাৰ সোমাই গৈছিলো সেই সৰু বাটটোৰে।’

‘হয় হয় সেই ঘৰটোতে আছো বৰ্তমানলৈকে আমি।পিছে বৰ সোমোৱা ঘৰটো, কিবা ভুত বাঙলা সদৃশ। সেয়ে নতুন ঘৰ এটাও বিচাৰি নথকা নহয়।’

‘অ। পিছে ভাল ঘৰ এটা বিচাৰি ফুৰাটো আজিৰ দিনত বৰ সহজ কথা নহয়।’-মহন্তই কলে।

‘তাকেহে’’

মহন্ত ঠিয় হ’ল বহাৰ পৰা,

‘আপোনালোক পিছে বহকচোন, মই পাৰ্চটো আনো আৰু এওক চাহ দুকাপো বনাব কও’

‘চাহ নেখাও দিয়ক, পানীকে দুগিলাচ দিয়ক।’

‘হয়নেকি, ৰ’ব কও তেন্তে এওক।’-বুলি মহন্ত সোমাই গ’ল ভিতৰলৈ।

মহন্ত ভিতৰলৈ সোমাই যোৱাৰ পিছত ইফালে সিফালে চাই বহি থকা মানুহহালৰ প্ৰায় একেলগে চকু পৰিল সন্মুখৰ টেবুলতে পৰি থকা বাতৰিকাকতখনৰ সেই বিশেষ বাতৰিটোৰ ওপৰত। লগে লগে মানুহজনে বাতৰিখন দাঙি পঢ়িব ধৰিলে।

পাৰ্চটো লৈ ওলাই আহোতে বেছি সময় নালাগিল মহন্তৰ, পিছে পিছে তেঁওৰ পত্নীও ওলাই আহিল হাতত কমলা ৰঙৰ চৰ্বত দুগিলাচ লৈ,

‘কেৱল পানীনো কি দিম, চৰবত দুগিলাচকে লৈ আনিলো।’

‘হে: হে:। ভালেই কৰিলে দিয়ক, অক্টোবৰ পালেহি যদিও গৰমটো যোৱাই নাই নহয়।’- বহি থকা মানুহগৰাকীয়ে কলে।

‘মই পিছে আপোনালোক্কৰ বাথৰুমটো অলপ ব্যবহাৰ কৰিব পাৰিম নেকি বাৰু?’-কাষতে বহা মানুহজনে মহন্তকে উদ্দেশ্যি সুধিলে।

‘নিশ্চয়, এইফালেদি গৈ বাওফালৰ কোঠাটো। দেখা পাবই।’-বুলি কৈ মহন্তই পাৰ্চটো খুলিলে নিজৰ, ‘পিছে ৰাইজৰ পৰা কিমানকৈ তুলিছে?’-মানুহজনক যাবলৈ বাট এৰি মানুহগৰাকীক সুধিলে মহন্তই।

‘পাঁচশ বা এক হাজাৰকৈয়ে দিছে আৰু, আপোনালোকেও তাতকৈ কম নিদিয়ে বুলি আশা কৰিছো।’-মানুহগৰাকীয়ে চৰবতৰ গিলাচটোত চুমুক দি কলে।

‘হে: হে:, পাঁচশ এহেজাৰ আজিকালি সৰুসুৰা টকাৰ দৰেই হ’লহে।’-বুলি কৈ মহন্তই পাঁচশ টকা এটা ওলিয়াই মানুহগৰাকীক দিলে।

তেনেতে অলপ খৰধৰ কৰাৰ দৰে হৈ বাথৰুমলৈ যোৱা মানুহজন ওলাই আহিল, চেহেৰাত তেঁওৰ চিন্তাৰ ভাব।

‘মোক গামোচা এখন দিবনেকি বাৰু?’-মহন্তক ক’লে। মহন্তই শ্ৰীমতী পিছফালেই ৰৈ আছিল বুলি ভাবিছিল যদিও গিলাচ কেইটা দি তেঁও ইতিমধ্যেই সোমাই গৈছিল ভিতৰলৈ।

‘ৰ’ব আনিছো।’-মহন্ত সোমাই গৈছিল ভিতৰলৈ মানুহহালক তাতে এৰি।

মানুহগৰাকীয়ে চিন্তিত যেন লগা মানুহজনক সুধিল, ‘কি হ’ল তুমাৰ?’

‘ব’লা ইয়াৰ পৰা সোনকালে।’

‘কি হ’ল? কিয় ইমান খৰখেদা কৰিছা?’

‘মই বাথৰুম বুলি ভুলতে অন্য এটা কোঠাত সোমাই গৈছিলো। তাতে কি দেখিলো জানা?’

‘কি?’

‘অন্য এহাল মানুহক মুখ হাত বান্ধি পেলাই থোৱা আছে মাটিত, মোৰ মতে সেই হালহে এইঘৰৰ আচল গৰাকী।’

‘তেন্তে এওলোক?’

মানুহজনে বাতৰি কাকতখনৰ দিশত আঙুলি টোৱালে।

লগে লগে মানুহজনী ঠিয় হ’ল বহাৰ পৰা নিজৰ হাতত থকা ৰচীদৰ বহীখন বেগটোত ভৰাই। পিছে দুয়ো দুৱাৰখনৰ কাষ চপাৰ পূৰ্বেই মহন্ত ওলাই আহিল হাতত গামোচা এখন লৈ,

‘আৰে ক’তে যায়? গামোচাখন?’

একো উত্তৰ বিচাৰি নাপাই মানুহজনে গামোচাখন লৈ মূখখনকে মোহাৰিলে।

‘মোক ৰচীদ এখনো দিয়া হ’লে ভাল পালো হয়।’

‘অ, অ। দিছো ৰ’ব, পাহৰিয়ে গৈছিলো।’-ভয়ে ভয়ে মানুহজনীয়ে পূনৰ বেগটো খুলিলে।

‘হে: হে:’-মহন্তৰ মূখত কুটিল হাঁহি।

আনহাতে ৰচীদৰ ওপৰত ‘পাঁচশ টকা মাত্ৰ’ বাক্যটি সম্পূৰ্ণ কৰাৰ পূৰ্বেই মানুহজনীৰ হাতখন কপিব ধৰিছিল, লগে লগে কপিছিল তেঁওৰ অম্পূৰ্ণ দেহ।

‘কি হৈছে তোমাৰ?’-গামোচা এৰি মানুহজনে সাৱটি ধৰিছিল বাগৰি পৰা মানুহজনীক। পিছে চৰ্বতত মিহলোৱা বিষে চকু মোদাই দিছিল তেঁওৰ সংগীৰ। ক্ষোভত মানুহজনে পিছফালে ঘুৰিব খুজোতেই তেঁওৰ মূৰত পৰিছিল এক প্ৰচণ্ড প্ৰহাৰ। হাতত ৰদ এদাল লৈ থকা মহন্তৰ মূখৰ কুটিল হাঁহিটো আৰু জিলিকি উঠিছিল। অতি আনন্দৰে তেঁও মানুহজনীৰ পাৰ্চটো খুলিছিল আৰু উলিয়াই আনিছিল তেঁওলোকৰ ঘৰৰ চাবি তথা তাত থকা সমগ্ৰ টকা।

‘হেৰা, তুমি ঘৰ চাফা কৰা বাদ দিয়া। নতুন ঘৰ পাই গ’লো।’-ভিতৰৰ ফালে চাই মহন্তই চিঞৰিলে।

‘তুমি ৰঙা টিনপাতৰ ঘৰৰ কথা সুধোতেই মই বাদ দিছিলো চাফাই কাম।’-শ্ৰীমতী মহন্তৰ মূখতো একেই অদ্ভুত হাঁহি। দুয়ো মানুহহালক টানি লৈ আনিছিল পূৰ্বৰ গৰাকীহালক বান্ধি থোৱা কোঠাটোলৈকে, মহন্তৰ হাতত দীঘল দুদাল ৰচী।

Related Articles

error: Content is copy right protected !!
Close