আমেৰিকান সৈন্য

টোকাবহীৰ পৰাঃ-মহাবাহু

আমেৰিকান সৈন্যলৈ পঁচা আলু নিক্ষেপ কৰি প্ৰতিবাদ
দামাস্কাচ্, ২৫ অক্টোবৰ: সময়ৰ লগে লগে দ্ৰুত গতিত পৰিৱৰ্তন হৈছে বিভিন্ন সামৰিক মেৰুকৰণ। আমেৰিকান সৈন্য আৰু কুৰ্দ বিদ্ৰোহীসকলৰ মাজৰ সম্পৰ্কই তাৰে জীৱন্ত উদাহৰণ। এসময়ত দুয়ো বাহিনীৰ মাজত আছিল পৰম মিত্ৰতাৰ সম্পৰ্ক। কিন্তু আজি আমেৰিকাৰ সৈন্যবাহিনী কুৰ্দ গেৰিলাসকলৰ বাবে হৈ পৰিছে বিশ্বাসঘাতক। নহবই বা কিয়? ৱাশ্বিংটনৰ আহ্বানত ইছলামিক ষ্টেটৰ সৈতে হোৱা যুদ্ধত সবাতোকৈ বেছি ৰক্তক্ষৰণ হৈছে কুৰ্দ গেৰিলাসকলৰ। কিন্তু তুৰস্কৰ আগ্ৰাসনৰ সন্মুখত তেওঁলোকক অকলশৰীয়া কৰি চিৰিয়াৰ পৰা কাৰ্যত: বিদায় গ্ৰহণ কৰিছে আমেৰিকান সৈন্যবাহিনীয়ে। ফলত পিছুৱাই অহা আমেৰিকাৰ সৈন্যবাহিনীলৈ লক্ষ্য কৰি পঁচা আলু নিক্ষেপ কৰিয়েই মনৰ ক্ষোভ পাতল কৰিছে উত্তেজিত কুৰ্দ জনতাই। এই মাহৰ আৰম্ভণিতেই চিৰিয়াৰ পৰা আমেৰিকাৰ সৈন্যবাহিনী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। তাৰপিছতেই মিত্ৰশক্তি কুৰ্দ মিলিশ্বিয়া বা চিৰিয়ান ডেম’ক্ৰেটিক ফোৰ্চেছক কাৰ্য্ত: একেবাৰে অকলশৰীয়া কৰি কুৰ্দ অধ্যুষিত উত্তৰ-পূৱ চিৰিয়াৰ বিভিন্ন ঘাটিৰ পৰা আমেৰিকাৰ সৈন্যবাহিনী আতৰি আহিছে। সম্প্ৰতি এক ভিডিঅ’ প্ৰকাশ কৰিছে কুৰ্দি সংবাদ মাধ্যমে। দ্ৰুতভাবে চোছিয়েল মেডিয়াত ভাইৰেল হৈ পৰা সেই ভিডিঅ’ত দেখা গৈছে এক ঘটনা। তুৰস্ক-চিৰিয়া সীমান্তৰ কুৰ্দ-প্ৰধান কামিশ্বলি চহৰ ত্যাগ কৰী গুচি গৈছে এখনৰ পিছত অইন এখন আমেৰিকান সুসজ্জিত সামৰিক গাড়ী, আৰু পথৰ দাঁতিত থকা উত্তেজিত জনতাই পঁচা আলু, পঁচা কণী সেই গাড়ীবোৰলৈ নিক্ষেপ কৰিছে। বহুতেই চিঞৰিছে -‘ এন্দুৰৰ দৰে ময়দান ত্যাগ কৰি পলাল আমেৰিকা!’ প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে যুদ্ধক্ষেত্ৰত কুৰ্দসকলক একেবাৰে অকলশৰীয়া কৰি আতৰি যাবলৈ আমেৰিকাৰ সৈন্যবাহিনীৰো ইচ্ছা নাছিল, কিন্তু স্বয়ং ৰাষ্ট্ৰপতিৰ হুকুম! আনহাতে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব মাৰ্ক এচপাৰে কৈছে যে কুৰ্দসকলৰ অঞ্চলত থকা তেলৰ খনিবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ সৈন্যবাহিনীৰ কেইটামান ইউনিট ৰাখি থোৱাৰ কথা ভবা হৈছে।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!