আমি লজ্জিত ডিমাছা ভাইসকল

Ground Report by Zamser Ali

গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পাছতেই মাইবঙৰ গুলিচালনাত আহত, নিহতৰ খবৰ লবলৈ গলো। প্ৰায় চাৰি ঘন্টা সময় ট্রমাত থকা লোকসকলৰ সৈতে কটাই শোকাহত, ক্ষুব্ধ আৰু মৰ্মাহত! যি দেখিলো, যি বুজিলো সেয়া এক কথাত স্বৈৰাচাৰৰ চৰম পৰ্যায় চলিছে ৰাজ্যত।
যিজন জিলা উপায়ুক্তই 22 জানুৱাৰীৰ প্ৰতিবাদী সমদল হাফলঙৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতো এবাৰ নামি আহি স্মাৰক পত্ৰ এখন লবলৈ সৎসাহস গোটাব নোৱাৰিলে সেইজন উপায়ুক্তই পূৱা 5 বজাৰ পৰা শান্তিপূৰ্ণভাবে চলি থকা মাইবঙৰ ৰেল অৱৰোধ স্থলীত দিনৰ আঢ়ৈ বজাত উপস্থিত হৈ অৱৰোধ কাৰ্যসূচীক বেআইনী ঘোষণা নকৰাকৈ, লাঠিচালনা, কন্দুৱা গেছ, ৱাটাৰ কেনন, ব্লেংক ফায়াৰিং আদি প্রাথমিক পদক্ষেপ সমূহ গ্ৰহণ নকৰাকৈ পোনপটীয়াকৈ গুলিচালনাৰ নিৰ্দেশ দিয়াৰ অধিকাৰ ক’ৰ পৰা পালে?
গুলীবিদ্ধ সকলৰ বেছিভাগৰে গুলি মূৰ, পিঠি, বুকু আৰু পেটত লগাৰ পৰা স্পষ্ট আৰক্ষীয়ে উন্মত্ত জনতাক ছত্রভংগ দিয়াবলৈ নহয়, সুনিৰ্দিষ্ট লক্ষ্য হিচাপে লৈ আক্ৰমণ চলাইছিল। আহত আৰু নিহতৰ মাজত কেবাজনো নাবালক থকাৰ মাজতো বুজা যায় আৰক্ষীৰ নির্মমতাৰ অভিমুখ!
ডিমা হাচাও জিলাৰ বাসিন্দা তেনেই নগণ্য। ডিমাছা তথা জিলাখনত বসবাস কৰা অন্যান্য জনজাতীয় জনগোট সমূহ ক্ষুদ্ৰাতিক্ষুদ্ৰ সংখ্যালঘু! শিক্ষা দীক্ষাত তেনেই পিছপৰা। ভোগলিকভাৱে বিক্ষিপ্ত এলেকাত থকা বাবে তেওঁলোকৰ ভাষাগত সমস্যা চৰম। নিজৰ সমস্যাৰ কথা, যন্ত্ৰণাৰ কথা আন সকলৰ দৰে তুলি ধৰিব নোৱাৰে।
জিলাখনৰ মাখনভোগী শ্ৰেণীটো বিভিন্ন কাৰণত চৰকাৰৰ সৈতে সুসম্পর্ক ছিন্ন কৰাৰ বিৰোধী। এই ভয়াবহ প্ৰেক্ষাপটত বিভ্ৰান্ত, আক্ৰান্ত, ভীতসন্ত্রস্ত ডিমাচাসকলৰ, ডিমা হাচাও জিলাৰ বাসিন্দাসকল। কেবাজনো ডিমাছা ছাত্ৰ বন্ধুয়ে তুলিলে কেবাটাও গুৰুত্বপুৰ্ণ প্ৰশ্ন। এজনে ক’লে- নগাৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ গৈ অসম আৰক্ষী – অসম চৰকাৰৰ নির্মমতাৰ বলি হৈছো আমি। আমি নগাৰ অধীন হব নিবিচাৰো, অসমৰ লগত থাকিব বিচাৰি প্ৰতিবাদ কৰিবলৈ গৈছো। অথচ অসম চৰকাৰে, অসমৰ আৰক্ষীয়ে আমাক গুলীয়াই মাৰে! তেনেহলে আমি সুকীয়া ৰাজ্যৰ বাবে পণ লব লাগিব নেকি?
ডিমাছা সকলৰ ভাষিক সমস্যাৰ বাবে বহুতেই তেওঁলোকক আক্ৰমণকাৰী সজোৱা কার্যৰ প্ৰতিক্ৰিয়াত বিথিং থাওছেন নামৰ ছাত্ৰ এজনে ক’লে- ৰেল অৱৰোধৰ ফলত যাত্রীসকলৰ যাতে কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে আমি তেওঁলোকক বিদ্যালয় চৌহদ এখনত ৰাখি, পানী যোগানৰ পৰা ন্যূনতম সা-সুবিধাৰ ব্যৱস্থা কৰিছিলো। তাৰ পিছতো আমাক ৰেল যাত্রীক আক্ৰমণকাৰী বুলি কোৱা হৈছে। এয়া চৰম মিথ্যাচাৰ।
প্রত্যক্ষদর্শী ডেপালুৰ মতে পূৱা 8 বজাত আৰম্ভ হোৱা ৰেল অৱৰোধ দিনৰ 2.30 বজালৈ শান্তিপূৰ্ণ আছিল। 5 বজাত বেলি ডুব যোৱাৰ সময়। এনে স্থলত 4 বজাত সাজ লাগি অহাৰ আগতে অৱৰোধ শেষ হলহেঁতেন। তেনেস্থলত উপায়ুক্তৰ এই সক্ৰিয়তাৰ প্রয়োজন আছিল জানো? মই নিৰ্বাক।
মই নিৰ্বাক বাৰে বাৰে উঠি অহা এটা প্ৰশ্নত। প্ৰায় প্ৰত্যেকৰে মুখৰ এটাই প্ৰশ্ন – ডিমাচাসকল, ডিমা হাচাও জিলাৰ বাসিন্দা সকল আজি যি সংকটৰ সন্মুখীন হৈছে সেয়া আচলতে অসমৰ অস্তিত্বৰ সংকট। আমি অসমৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ প্ৰতিবাদ কৰিবলৈ গৈ অসমৰ চৰকাৰ, আৰক্ষীৰ আক্ৰমণৰ বলি হৈছো। অথচ আমাৰ কাষত থিয় দিবলৈ নাই অসমৰ কোনো দল সংগঠন। নাই অসমৰ জাগ্ৰত বিবেক!!

Related Articles

Close