আমিবোৰ কিয় পৰাধীন

দ্ৰোণালী তালুকদাৰ

আহি আহি আজি আমি স্বাধীন হোৱাৰ ৭১তম্ বৰ্ষত থিয় হৈছোহি। ৰাষ্ট্ৰ গঠন এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া, এদিনতে ইয়াৰ বিকাশ সম্ভৱ নহয়। ইয়াৰ বাবে হয়তো বহুযুগ, বহুকাল, বহুবছৰ অপেক্ষা কৰিব লগা হয়। কিন্তু ৰাষ্ট্ৰ এখনক গণতান্ত্ৰিক ভাবাদৰ্শেৰে দৰ্শিত কৰি তুলিবলৈ ৭১ বছৰ হয়তো বহুত দীঘলীয়া সময়। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতে লালকিল্লাৰ সুউচ্চ অট্টালিকাৰপৰা হয়তো এখন সুস্থ, নিকা, অগ্ৰগামী, বিভেদহীন, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে এক মুক্ত গণতন্ত্ৰৰ অগ্ৰগামী সোঁত দিঠকত পৰিণত হোৱাৰ সপোন দেখিছিল, সমতা আৰু ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খোৱা এখন নতুন ভাৰতৰ সপোন দেখিছিল, য’ত প্ৰকৃত ক্ষমতাৰ বাঘজৰী থাকিব প্ৰতিজন ভাৰতীয়ৰ হাতত। আমি হয়তো কেতিয়াও এই কথা চিন্তা কৰা নাছিলো যে আমাৰ মাজত থকা বিভিন্নতা, বাৰে-বৰণীয়া সত্তাৰ বিলুপ্ত সাধন কৰি আমি এখন দেশ গঢ়িম। গোটেই বিশ্বতে ভাৰতে যি ক্ষেত্ৰত সুদূৰ কালৰপৰাই ধ্বজাবাহকৰূপে পৰিগণিত হৈছে, সেয়া হ’ল—ই বিভিন্নতাৰ দেশ, বিভিন্নতাৰ মাজত একতা আমাৰ বৈশিষ্ট্য। সকলো ৰাজ্য, সকলো অঞ্চলৰ এক সুকীয়া মর্যাদা আছে, ভাষা আছে, সংস্কৃতি আছে। কিন্তু, তথাপি আমি এক ভাৰতীয়, ভাৰতবৰ্ষৰ হকে নিঃস্বাৰ্থভাৱে সেৱা কৰা আমাৰ কাম্য। স্বাধীনতাৰ যুদ্ধত প্ৰাণ আহুতি দিয়া কোটিজন বীৰ শ্বহীদে এক স্বাধীন ভাৰতবৰ্ষৰ সপোন দিঠকত পৰিণত কৰাৰ বাবেহে নিজৰ প্ৰাণকো তুচ্ছজ্ঞান কৰিছিল, নিজৰ পৰিচয়ৰ লগতে এক ভাৰতীয় হোৱাৰ আদৰ্শ দাঙি ধৰিছিল। বিখ্যাত ভাৰতীয় অৰ্থশাস্ত্ৰবিদ (Economics) অমৰ্ত্য সেনদেৱে কৈছে—‍‘‍‘The reach of Indian heterodoxy is remarkably extensive and ubiquitous.’’

স্বাধীনতা সংগ্ৰামত হাতে হাতে বন্দুক, পতাকা লৈ বুকু ডাঠ কৰি ওলাই অহা ডেকাচামে হয়তো নিজৰ স্বাৰ্থৰ কথা চিন্তা নকৰি আগুৱাই আহিছিল, কিয়নো সন্মুখত যে মাত্ৰ এটাই লক্ষ্য আছিল আৰু সেয়া আছিল তেজ দি হ’লেও তিনি বৰণীয়া পতাকাক মুক্ত আকাশৰ তলত উৰুওৱা, লক্ষ্য আছিল সাম্ৰাজ্যবাদৰ শোষণৰ পৰিৱৰ্তে এক গণতান্ত্ৰিক পদ্ধতিৰে পৰিচালিত হোৱা এক গণতান্ত্ৰিক ব্যৱস্থাৰ সৃষ্টি কৰা আৰু ইয়াৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা।

আমিবোৰে হয়তো কেতিয়াও কল্পনাই কৰিব পৰা নাছিলো যে নিজৰ নৈতিকতাবোধক ভৰিৰে মোহাৰি এনে এক বাস্তৱধৰ্মী ভাবাদৰ্শেকে দীক্ষিত হ’ম, যিয়ে পলে প্ৰতিপলে আমাক স্বাৰ্থপৰ হ’বলৈ উদ্বুদ্ধ কৰি তুলিব, প্ৰতি মুহূৰ্ততে প্ৰতিযোগিতাৰ লেকাম নোহোৱা ঘোঁৰাত দৌৰাব, যাৰ ফলত আমি হৈ পৰিম একো-একোটা তেজ-মঙহৰে পৰিপূৰ্ণ যন্ত্ৰ। গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলে কৈ গৈছে যে ৰাজনীতি হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া, যাৰদ্বাৰা জনগণে নিজৰ জীৱন ধাৰণ কৰাৰ সুযোগ পায় আৰু এই প্ৰক্ৰিয়াই অৱশেষত এখন ভাল সমাজ (good society)ৰ সৃষ্টি কৰাত সহায় কৰে। বৰ্তমান আমাৰ গণতন্ত্ৰত সকলোতকৈ ভয়াৱহ দিশটো হৈছে যে ইয়াত মূল্যবোধৰ প্ৰচুৰ স্খলন ঘটিছে। বিভিন্ন পদ্ধতিৰে মিছাক সঁচা বুলি প্ৰমাণিত কৰাৰ এক প্ৰবল মানসিকতাৰ গঢ় লৈ উঠিছে আৰু সকলোতকৈ পৰিতাপৰ কথা এয়ে যে এই ক্ষেত্ৰত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰপৰা বিপুল নকৰাত্মক সঁহাৰি পোৱা গৈছে। মানুহক বিপথে পৰিচালিত কৰা, বিভ্ৰান্তিৰ সৃষ্টি কৰা ইত্যাদি আজিৰ গণতন্ত্ৰত অতি ক্ষুদ্ৰতম বিষয়। বলপূৰ্বকভাৱে হ’লেও (নৰম ক্ষমতা আৰু চৰম ক্ষমতা) নিজৰ মতত হাতচাপৰি বজাবলৈ জনগণক বাধ্য কৰাইছো। বহুজনে হয়তো মানৱতাবাদী, পৰোপকাৰীত মুখা পিন্ধি ৰাইজৰ আস্থাভাজন হ’বলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে। কিন্তু এই সকলোবোৰ প্ৰত্যক্ষদৰ্শী হৈও আজি আমি মৌন। গণতন্ত্ৰৰ এই ভয়াৱহ দিশটোৰ কথা জানিও আমি মৌন। আজি আমাৰ মনত সেই জাতীয় চেতনা, নৈতিকতাৰ অভাৱ ঘটিছে। অহৰ্নিশে আমি কৈ অহা এখন স্বাধীন ভাৰত, সুস্থ চিন্তা, অধিকাৰ, সমতা, যদি সুচাৰুৰূপে গঢ় দি তুলিব পৰা নাযায়, তেন্তে গণতন্ত্ৰত ইয়াৰ প্ৰাসংগিকতা সমূলি শূন্য হৈ পৰিব। এতিয়া গণতন্ত্ৰ হৈ পৰিছে আমাৰ স্বাৰ্থপূৰণ এক অন্যতম আহিলা। কিন্তু স্বাধীন ভাৰতৰ স্বপ্ন আছিল গণতন্ত্ৰক ৰাইজৰ চৰকাৰৰূপে ৰাইজৰ পদূলিত, ৰাইজৰ অন্তৰত স্থাপন কৰা। আজি আমি কিয় পাহৰি গৈছো যে আমাৰ গণতন্ত্ৰ সহিষ্ণুতাৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰতিটো ধৰ্ম, জাতি, জনজাতিৰ সন্মিলিত প্ৰচেষ্টা এয়া। আমি কিয় পাহৰি গৈছো যে আনৰ প্ৰতি সহিষ্ণু হোৱা আমাৰ সংবিধানৰ এক অন্যতম আদৰ্শ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছে—‍‘‍‘Intolerance is itself a form of Violence and an obstacle to the growth of a true democratic spirit.’’ কথা কোৱা, চিন্তাধাৰাৰ অধিকাৰ আছে বুলিয়েই কিয় আমি প্ৰতিমুহূৰ্তে সংবিধানৰ দোহাই দি বাৰে বাৰে ইয়াক অপদস্ত কৰিছো? গণতন্ত্ৰৰ ঘাই খুঁটাডাল হৈছে আইনৰ শাসন। A.V.Dicey said, “Equality before the law or the equal subjection of all classes to the ordinary law of the land as administrated by the ordinary courts. No one is above the law, officials and citizens need to obey the same law.” কিন্তু আজিকালি গণতন্ত্ৰত আইনৰদ্বাৰা শাসন দূৰৈৰ কথা, বৰং শাসনাধিষ্ঠৰদ্বাৰা আইন পৰিচালিত কৰা হয়।

আজি স্বাধীনতাৰ ৭১ বছৰৰ পাছতো কিয় আমি সকলো ক্ষেত্ৰতে পৰাধীন? কিয় আমাৰ এনে অনুভৱ হয় যে আমি এতিয়াও পৰাধীনতাৰ শিকলিৰে বান্ধ খোৱা? কিয় আমাৰ মনবোৰ আজি মুক্ত নহয়? আমাৰ মনবোৰত লোভ, পাপ, স্বাৰ্থ, দুঃচিন্তা ইত্যাদি অণু-পৰমাণুবোৰৰ সঞ্চাৰ ঘটিছে। পৰোপকাৰিতা লক্ষ টকাত নিলাম হৈছে, এজনে আনজনৰ সফলতাত সুখী হোৱাৰ পৰিৱৰ্তে, তেওঁৰ ধৈৰ্য, একাগ্ৰতা, ইচ্ছাশক্তি, শিষ্টাচাৰসমূহ দুই নম্বৰী বুলি লাঞ্ছনা লগাইছো? কিয় তেওঁৰ সৎপৰিকল্পনা, সৎ আদৰ্শেৰে আগবাঢ়ি যোৱাৰ সৎ সাহসক দাৰে কাটি দুছেৱ কৰিবলৈ উদ্যত হৈছো? কিয় আমি একো- একোজন ৰচনাত্মক ভাবাদৰ্শেৰে পৰিপুষ্ট একো-একোজন নাগৰিক হোৱাত ব্যৰ্থ হৈছো? আৰু সেয়েহে আজি আমি নিজেই নিজৰ চকুত পৰাধীন, নিজেই পৰাধীনতাৰ কবৰ খান্দি, নিজক পুতি থোৱাৰ ব্যৱস্থা, আমি কৰি আছো আজি।

(কথাখিনি মোৰ একান্তই ব্যক্তিগত বিশ্লেষণ)

Related Articles

Close